*গোলাঘাটত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ৰ শুভ উদ্বোধনী কৰে*
গোলাঘাট, ৭ আগষ্ট, ২০২৩ঃ আজি গোলাঘাট জিলাৰ বোকাখাট পানবাৰী অঞ্চলত নৱম ৰাষ্ট্ৰীয় হস্ততাত দিৱসৰ উদযাপন স্থলীত মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ৰ ৰাজ্যিক উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে মাননীয় স্বাস্থ্যমন্ত্ৰী উপস্থিত থাকে।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰী মহোদয়ে বৰজুৰি স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত পানবাৰী অঞ্চলৰ টানিষ কৰ্মকাৰ নামৰ এটি ১৮ মহীয়া শিশুক পলিও টোপাল খুৱাই অনুষ্ঠানটোৰ আৰম্ভণি কৰে।
মিছন ইন্দ্ৰধনুষ ৫.০ অন্তৰ্গত তিনিটা পৰ্যায়ত টীকাকৰণ কাৰ্যসূচী অনুষ্ঠিত হব - ৭ আগষ্টৰ পৰা ১২ আগষ্ট, ২০২৩, ১১ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰ ২০২৩ আৰু ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰ, ২০২৩ লৈ।
প্ৰথম পৰ্যায়ত গোলাঘাট জিলাত ০-১ বছৰ বয়সৰ ৬৯১ শিশু, ১-২ বছৰ বয়সৰ ১৩০৪ শিশু, ২-৫ বছৰ বয়সৰ ৯৪০ আৰু ৬৬৫ গৰ্ভৱতী মহিলা অন্তৰ্ভুক্ত হব।
সম্পূৰ্ণ জিলাখনত মুঠ ২৬১তা টীকাকৰন চাইটৰ নক্সা তৈয়াৰ কৰা হৈছে আৰু ২৫ টা ভ্ৰাম্যমান টীকাকৰণ গোট গঠন কৰা হৈছে।
মিছন ইন্দ্ৰধনুষ ৫.০ সম্পূৰ্ণ টিকাকৰণ অভিযানৰ জৰিয়তে শিশুসকলৰ আধৰুৱা টিকাকৰণ সম্পূৰ্ণ কৰাৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ৫ বছৰ বয়সপৰ্যন্ত প্ৰতিটো শিশুৰ টিকাকৰণ আৰু গৰ্ভৱতী মহিলাৰ টীকা কৰন সুনিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০।
উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য বিভাগৰ (পৰিয়াল কল্যাণ) সঞ্চালক শ্ৰীযুত কমলজিত তালুকদাৰ, জিলা উপায়ুক্ত, ডা: পি. উদয় প্ৰৱীন, যুটীয়া স্বাস্থ্য সেৱা সাঞ্চালক (UIP) ডা: সবিতা দাস, জেষ্ঠ চিকিৎসা বিষয়া ডা: ৰফিকুল হোছেইন, অতিৰিক্ত জিলা উপযুক্ত (স্বাস্থ্য বিভাগ), চৈয়দ ৱাচবীৰ সুভানি, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, গোলাঘাট, ডা: অনুৰাধা বৰুৱা, অতিৰিক্ত মুখ্য চিকিৎসক আৰু স্বাস্থ্য বিষয়া, গোলাঘাট, ডা: জেষ্মিন বেগম, জিলা প্ৰতিষেধক বিষয়া ডা: কবিতা উজিৰ, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: অজিৎ কাকতিকে আদি কৰি এনএইহ এমৰ জিলা আৰু ব্লকৰ বিষয়া - কৰ্মচাৰী, আশা কৰ্মী আদি উপস্থিত থাকে।
NORTHEAST NEWS INDIA