*গোলাঘাট জিলাতো চাৰিটা বিধানসভা সমষ্টিত কাইলৈৰ পৰা ১০ দিনীয়াকৈ "গ্ৰীষ্মকালীন বন্ধ কৰ্মশালা" অনুষ্ঠিত*
গোলাঘাট, ১৪ জুলাই, ২০২৩ঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ নিৰ্দেশক্ৰমে গোলাঘাট জিলাতো চাৰিটা বিধানসভা সমষ্টিত কাইলৈৰ পৰা ১০ দিনীয়াকৈ "গ্ৰীষ্মকালীন বন্ধ কৰ্মশালা" অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আজি এই সন্দৰ্ভত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত সুজাতা গগৈৰ সভাপতিত্বত জিলা সাংস্কৃতিক উন্নয়ন বিষয়া কৃষ্ণাৰ্পিতা বৰুৱাৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়।
সেই অনুসৰি গোলাঘাট জিলাৰ গোলাঘাট, খুমটাই, বোকাখাত আৰু সৰুপথাৰ সমষ্টিত দুখনকৈ কৰ্মশালাৰ আয়োজন কৰা হৈছে। গোলাঘাটৰ কলেজ তিনিআলিৰ এভাৰগ্ৰীণ ড্ৰামা এণ্ড ফিল্ম এডুকেশ্যন চেন্টাৰত শিশুৰ ওমলা চৰাৰ উদ্যোগত নাটকৰ কৰ্মশালা অনুষ্ঠিত হ'ব। আনহাতে কাচমাৰী হাইস্কুলত উই ফ'ৰ ইউৰ উদ্যোগত বিহু আৰু পৰম্পৰাগত লোক নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হ'ব। আনহাতে, খুমটাই সমষ্টিত মিছামৰাৰ খনিকৰ মাধৱদেৱ প্ৰাংগনত কুঁহিপাত সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত নৃত্য আৰু পৰম্পৰাগত নৃত্য কৰ্মশালা অনুষ্ঠিত হ'ব। সমষ্টিটোৰ বনগাঁও শিৱ মন্দিৰত মুৰাৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত গায়ন বায়নৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। বোকাখাত সমষ্টিত বংকোৱাল চিত্ৰকলা বিদ্যালয়ত শিপাভূমি নাট্যগোষ্ঠীৰ উদ্যোগত সত্ৰীয়া নৃত্য আৰু পৰম্পৰাগত লোক নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হ'ব। সমষ্টিটোৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একেটা নাট্য গোষ্ঠীৰ উদ্যোগত সত্ৰীয়া নৃত্য আৰু কবিতা আবৃত্তি কৰ্মশালা অনুষ্ঠিত হ'ব। সৰুপথাৰ সমষ্টিৰ ৰামধেনু, সৰুপথাৰত আৰ্থসামাজিক পৰিৱেশ উন্নয়ন সন্থাৰ উদ্যোগত মুকা অভিনয় কৰ্মশালা আৰু বৰপথাৰ ৰাজহুৱা ভৱনত কাব্য কানন বৰপথাৰৰ উদ্যোগত কবিতা আবৃত্তিৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাসমূহত ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। কৰ্মশালাৰ অন্তত সকলোকে প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব।
NORTHEAST NEWS INDIA