জনসংযোগ গোলাঘাট
*গোলাঘাটত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন*
গোলাঘাট, ১০ জুলাই ২০২৩ : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় । উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত লোকনিৰ্মাণ (পথ), লোকনিৰ্মাণ (গৃহ), ভূমি সংৰক্ষণ, জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী আৰু জলসিঞ্চন বিভাগ, এ পি ডি চি এল, নাবাৰ্ডৰ অধীনৰ বিভিন্ন আঁচনি, কৃষি বিভাগৰ অভিযান্ত্ৰিক শাখা আৰু নগৰীয়া পানী আৰু পয়ঃপ্ৰণালী বোৰ্ডৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয়। বৈঠকত উপায়ুক্তগৰাকীয়ে নাবাৰ্ডৰ অধীনত বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে । তেওঁ প্ৰতিটো বিভাগ আৰু সংশ্লিষ্ট বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত আঁচনি ৰূপায়নকে ধৰি কাম-কাজসমূহ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে যাতে জনসাধাৰণে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় । উপায়ুক্তগৰাকীয়ে লোকনিৰ্মাণ (পথ) আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে প্ৰতিটো বিভাগকে পাৰস্পৰিক সমন্বয় আৰু সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায় যাতে দুয়োটা বিভাগৰ আঁচনি ৰূপায়নৰ সময়ত জনসাধাৰণ সমস্যাৰ সন্মুখীন নহয়। এ পি ডি চি এলৰ কাম-কাজৰ পৰ্যালোচনাকালত উপায়ুক্তগৰাকীক অৱগত কৰোৱা হয় যে নতুনকৈ ১০ টা উপ-কেন্দ্ৰ স্থাপনৰ কাম অব্যাহত আছে। ইয়াৰ ফলত বিদ্যুৎ যোগান ব্যৱস্থা আৰু অধিক উন্নত হ'ব। লোকনিৰ্মাণ (ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগক নুমলীগড়ৰ পৰা কাজিৰঙালৈকে পথচোৱাত মুকলি হৈ থকা পথৰ দাঁতিৰ ডাঙৰ গাঁতসমূহত বেৰা দিয়াৰ ব্যৱস্থা কৰাৰ লগতে পথৰ খলা-বমাসমূহৰ মেৰামতি তথা উপযুক্ত ৰিফ্লেক্টৰৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে যাতে সম্ভাব্য দুৰ্ঘটনা ৰোধ কৰিব পৰা যায়। উপায়ুক্তগৰাকীয়ে গোলাঘাট চিকিৎসা মহাবিদ্যালয়, সংহত উপায়ুক্তৰ কাৰ্যালয়, লাভলীনা ষ্টেডিয়াম আৰু নৰাগাঁৱৰ ষ্টেডিয়ামকে ধৰি আন্তঃগাঁথনিমূলক আৰু খহনীয়া প্ৰতিৰোধী প্ৰকল্প আদিৰ ৰূপায়ন খৰতকীয়া কৰিবলৈ লোকনিৰ্মাণ বিভাগ আৰু জলসম্পদ বিভাগৰ লগতে সংশ্লিষ্ট প্ৰতিটো বিভাগক নিৰ্দেশ দিয়ে। সভাত তেওঁ প্ৰতিটো বিভাগৰ নিৰ্মাণৰত আঁচনিসমূহৰ বিষয়ে বিতংভাৱে বুজ লয়। তেওঁ বিশেষকৈ শিক্ষা বিভাগৰ আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ ক্ষিপ্ৰ ৰূপায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, সুজাতা গগৈ, ৱাছবিৰ সুভানী আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA