Saturday, 8 April 2023

*স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনা কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন বাহ্যিক মূল্যায়নকাৰী শ্ৰী কৈলাশ কাৰ্তিক এনৰ*

*স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনা কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন বাহ্যিক মূল্যায়নকাৰী শ্ৰী কৈলাশ কাৰ্তিক এনৰ*


 গোলাঘাট ০৮ এপ্রিল,২০২৩ঃ স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনটোত শ্ৰী কৈলাশ কাৰ্তিক এণ, আই এ এছ, সচিব, জনস্বাস্থ্য কাৰিকৰী বিভাগ, মিশ্যন ডাইৰেক্টৰ, স্বচ্ছ ভাৰত অভিযান ( গ্ৰামীণ), মিশ্যন ডাইৰেক্টৰ ( ভাৰপ্ৰাপ্ত), জল জীৱন মিশ্যন, পৰিচালক, নীৰ নিৰ্মল পৰিযোজনায়ে কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি আন্তঃগাথনি, মানৱ সম্পদৰ উপলব্ধতা, বহি: বিভাগ, ঔষধ ভাণ্ডাৰ, ঔষধৰ উপলব্ধতা, প্ৰসৱৰ বাবে উপলব্ধ সুবিধা সমূহ আদিৰ বুজ লয়।

স্বাস্থ্য সেৱা উৎসৱৰ স্মৃতি হিচাপে আজিৰ বাহ্যিক মূল্যায়নৰ দিনটোত কমাৰবন্ধা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শ্ৰী কৈলাশ কাৰ্তিক এনে এজোপা গছপুলি ৰোপনেৰে স্বাস্থ্য কেন্দ্ৰলৈ প্ৰবেশ কৰে।


তেখেতে স্বাস্থ্যকৰ্মী, আশা আৰু  আশা ছুপাৰভাইজৰ সকলৰ লগত আলোচনাত সন্মিলিত হৈ গৰ্ভৱতী মহিলা, প্ৰসূতি মহিলা আৰু শিশু সকলে পোৱা সুবিধা সমূহৰ বুজ লয়। এনিমীয়াত ভোগা মহিলাৰ বাবে স্বাস্থ্য কেন্দ্ৰটোৱে ব্লাড ট্ৰান্ছফ্যুজনৰ ব্যৱস্থাৰে এনিমিয়া ৰোধ কৰাৰ ব্যবস্থা লৈছে। চাহ বাগিছাৰ অঞ্চলত পুষ্টিহীনতাত ভোগা লোকৰ সংখ্যা টো অধিক। পুষ্টিহীনতাত ভুগি থকা গৰ্ভৱতি মহিলা সকলে জটিল গৰ্ভাৱস্থাত ভোগে যিয়ে মাতৃ মৃত্যু হাৰ বৃদ্ধি কৰাত যোগদান দিয়ে। পুষ্টিহীনতাত ভোগা গৰ্ভৱতী মহিলা এগৰাকীয়ে এটি ৰুগীয়া বা পুষ্টিহীন সন্তান জন্ম দিয়ে।

উল্লেখ্য যে কমাৰবন্ধা আলি খণ্ড টো গোলাঘাট জিলাৰ সবাতোকৈ বৃহৎ স্বাস্থ্য খণ্ড আৰু ইয়াৰ বাবে এই স্বাস্থ্য কেন্দ্ৰটোত বহি: বিভাগত ৰোগীৰ ভাৰ টো বেছি। কমাৰবন্ধা আলি স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ২৬ খন চাহ বাগান আছে।

বাহ্যিক মূল্যায়নৰ দিশ সমূহ  বিচাৰ কৰাৰ ক্ষেত্ৰত শ্ৰী কৈলাশ কাৰ্তিক এনে চিকিৎসালয়খনৰ চাফ - চিকুনতা, নলা - নৰ্দমাৰ ব্যবস্থা, ৰোগীৰ চিকিৎসা সেৱাৰ প্ৰতি প্ৰতিক্ৰিয়া আদিৰ বুজ লয়। তেখেতে প্রসব কক্ষ,পৰীক্ষাগাৰ, প্ৰতিষেধক কক্ষ আৰু স্বাস্থ্য কেন্দ্ৰৰ পৰিসীমা পৰিদৰ্শন কৰাৰ লগতে বৰ্জ্য ব্যৱস্থাপনাৰ বুজ লয়। তেখেতে বিশুদ্ধ খোৱা পানীৰ ওপৰত গুৰুত্ব প্ৰদান কৰি স্বাস্থ্য কৰ্মী সকলক ৰাইজৰ মাজত ইয়াৰ সজাগতা বৃদ্ধিৰ বাবে কাৰ্যসূচী হাতত লোৱাৰ আহ্বান কৰে। তেখেতে উল্লেখ কৰে যে বিশুদ্ধ খোৱা পানীৰ জৰিয়তে ডাইৰীয়া ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব।

স্বাস্থ্য সেৱা উৎসৱৰ দ্বাৰা ৬, এপ্ৰিল, ২০২৩ তাৰিখৰ পৰা ৮ এপ্ৰিল, ২০২৩ পৰ্যন্ত অসমৰ ১২৫২ চৰকাৰী চিকিৎসালয় সমূহৰ মূল্যায়ন কৰা হব।

গোলাঘাট জিলাত স্বাস্থ্য সেৱা উৎসৱৰ অন্তৰ্গত মুঠ ৫০ খন চিকিৎসালয়ৰ ভিতৰত প্ৰথম দিনটোত ১৯ খন, দ্বিতীয় দিনা ১১ খন আৰু তৃতীয় দিনটোত ১৩ খন চিকিৎসালয়ত বাহ্যিক মান নিৰ্ধাৰন ( external assessment) সম্পূৰ্ণ হৈছে। 

স্বাস্থ্য সেৱা উৎসৱৰ জৰিয়তে চৰকাৰী চিকিৎসালয় সমূহৰ সামগ্ৰিক উন্নতিকৰন, আন্তঃগাথঁনিৰ মানদণ্ডৰ বিকাশ আৰু গুণগত স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ উদ্দেশ্য আগত ৰাখি চিকিৎসালয় সমূহৰ মূল্যায়নৰ ব্যবস্থা হাতত লোৱা হৈছে।

NORTHEAST NEWS INDIA

Friday, 7 April 2023

*স্বাস্থ্য সেৱা উৎসৱৰ দ্বিতীয় দিনা শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত বাহ্যিক মূল্যায়নকাৰী ৰূপত মাননীয়া মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ মহোদয়া*

*স্বাস্থ্য সেৱা উৎসৱৰ দ্বিতীয় দিনা শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত বাহ্যিক মূল্যায়নকাৰী ৰূপত মাননীয়া মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ মহোদয়া*

 গোলাঘাট ০৭ এপ্রিল,২০২৩ঃ স্বাস্থ্য সেৱা উৎসৱৰ দ্বিতীয় দিনটোত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিলে অসম চৰকাৰৰ বিত্তীয় বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ মহোদয়ায়ে।

বাহ্যিক মূল্যায়নৰ দিশ সমূহ evaluation ৰ ক্ষেত্ৰত মন্ত্ৰী মহোদয়ায়ে চিকিৎসালয়খনৰ চাফ - চিকুনতা, ড্ৰেয়নেজ, বহি: ৰোগ বিভাগ, ঔষধৰ উপলব্ধতা, ৰোগীৰ চিকিৎসা সেৱাৰ প্ৰতি প্ৰতিক্ৰিয়া আদিৰ বুজ লয়।

মাননীয়া মন্ত্ৰী মহোদয়ায়ে চিকিৎসালয়ৰ চিকিৎসক সকলৰ লগত বৈঠকত স্বাস্থ্য সেৱা উৎসৱৰ উদেশ্য টো চলাই ৰখাৰ নিৰ্দেশনা প্ৰদান কৰে।

স্বাস্থ্য সেৱা উৎসৱৰ দ্বাৰা ৬, এপ্ৰিল, ২০২৩ তাৰিখৰ পৰা ৮ এপ্ৰিল, ২০২৩ পৰ্যন্ত ১২৫২ চৰকাৰী চিকিৎসালয় সমূহৰ মূল্যায়ন কৰা হব।


গোলাঘাট জিলাত স্বাস্থ্য সেৱা উৎসৱৰ অন্তৰ্গত মুঠ ৫০ খন চিকিৎসালয়ৰ ভিতৰত দ্বিতীয় দিনা ১৮ খন চিকিৎসালয়ত বাহ্যিক মান নিৰ্ধাৰন কৰা হয়।


স্বাস্থ্য সেৱা উৎসৱৰ জৰিয়তে চৰকাৰী চিকিৎসালয় সমূহৰ সামগ্ৰিক উন্নতিকৰন, আন্তঃগাথঁনিৰ মানদণ্ডৰ বিকাশ আৰু গুণগত স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ উদ্দেশ্য আগত ৰাখি চিকিৎসালয় সমূহৰ মূল্যায়নৰ ব্যবস্থা হাতত লোৱা হৈছে।

NORTHEAST NEWS INDIA

*কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয় আৰু অসম চৰকাৰৰ বন বিভাগে আয়োজন কৰা গজ উৎসৱ - ২০২৩ উদ্বোধন*

*কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয় আৰু অসম চৰকাৰৰ বন বিভাগে আয়োজন কৰা গজ উৎসৱ - ২০২৩ উদ্বোধন*

গোলাঘাট ০৭ এপ্রিল,২০২৩ঃ ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে আজি গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হাইস্কুল খেলপথাৰত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয় আৰু অসম চৰকাৰৰ বন বিভাগে আয়োজন কৰা গজ উৎসৱ - ২০২৩ উদ্বোধন কৰে । অনুষ্ঠানত অসমৰ মাননীয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই প্ৰজেক্ট এলিফেণ্টৰ অধীনত তিনিখন গ্ৰন্থ আৰু পুস্তিকা উন্মোচন কৰি ৰাষ্ট্ৰপতিগৰাকীৰ হাতত ইয়াৰ প্ৰথম কপি প্ৰদান কৰে । অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰী ভূপেন্দৰ যাদৱ, পৰিৱেশ আৰু বন বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে, কৃষি মন্ত্ৰী অতুল বৰা, বিত্ত মন্ত্ৰী অজন্তা নেওগ, বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অসম চৰকাৰৰ মুখ্য সচিব পবন বৰঠাকুৰ, বন সঞ্চালক প্ৰধান আৰু কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয়ৰ বিশেষ সচিব চি পি গোৱেল, সাংসদ, বিধায়ক আৰু বন বিভাগ আৰু প্ৰশাসনৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া তথা ভালেসংখ্যক লোক উপস্থিত আছিল । উল্লেখযোগ্য যে হাতীৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে ভাৰত চৰকাৰে ১৯৯১-৯২ চনত প্ৰজেক্ট এলিফেণ্ট আৰম্ভ কৰিছিল।

NORTHEAST NEWS INDIA

Thursday, 6 April 2023

*সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাটো স্বাস্থ্য সেৱা উৎসৱৰ শুভ আৰম্ভণি*

*স্বাস্থ্য সেৱা উৎসৱ*

*সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাটো স্বাস্থ্য সেৱা উৎসৱৰ শুভ আৰম্ভণি*


অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে দেশৰ ভিতৰত প্ৰথম বাৰৰ বাবে ৰূপায়িত কৰা স্বাস্থ্য সেৱা উৎসৱ  আজিৰে পৰা ৮ এপ্ৰিল, ২০২৩ পৰ্যন্ত অনুষ্ঠিত হব।

গোলাঘাট জিলাত আজি মাননীয় স্বাস্থ্য মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত মহোদয় আৰু মাননীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা মহোদয়ে স্বাস্থ্য সেৱা উৎসৱৰ আনুষ্ঠানিক উদ্বোধন কহৰা স্থিত শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত কৰে।

উদ্ধোধন অনুষ্ঠানৰ পিছতেই মাননীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে বাহ্যিক মূল্যায়নকাৰি ৰূপে চিকিৎসালয় খন পৰিদৰ্শন কৰি ঔষধ, কাম কাজ, ষ্টাফ কোৱাৰ্টাৰ, চিকিৎসালয় খনত উপলভ্য সুবিধা সমূহ আদিৰ বুজ লয়। 

গোলাঘাট জিলাত ৬ এপ্ৰিল, ২০২৩ তাৰিখৰ দিনা মুঠ ১৯ খন স্বাস্থ্য কেন্দ্ৰ সমূহৰ বাহ্যিক মান নিৰ্ধাৰন কৰে ৯ গৰাকী বাহ্যিক মান নিৰ্ধাৰনকাৰি সকলে।

স্বাস্থ্য সেৱা উৎসৱৰ জৰিয়তে চৰকাৰী চিকিৎসালয় সমূহৰ সামগ্ৰিক উন্নতিকৰন আৰু গুণগত স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ উদ্দেশ্য আগত ৰাখি চিকিৎসালয় সমূহৰ মূল্যায়নৰ ব্যবস্থা হাতত লোৱা হৈছে।

সমগ্ৰ অসমৰ ১২৫২ খন চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱৰ আজি আৰম্ভণি হয়।
*NORTHEAST NEWS INDIA

Wednesday, 29 March 2023

*গোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন**হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলাই অথবা আৰোহী হিচাপে শিক্ষানুষ্ঠানৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব কোনো শিক্ষাৰ্থী**সুৰাপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ নিৰ্দেশ উপায়ুক্তৰ*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৯৭/২০২৩

 *গোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন*

*হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলাই অথবা আৰোহী হিচাপে শিক্ষানুষ্ঠানৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব কোনো শিক্ষাৰ্থী*

*সুৰাপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ নিৰ্দেশ উপায়ুক্তৰ*

গোলাঘাট, ২৯ মাৰ্চ : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় । উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলাখনত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ল'বলগীয়া সজাগতামূলক ব্যৱস্থা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় । সভাত জিলা পৰিবহণ বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী আৰু যোৱা কেইটামান বছৰত গোলাঘাট জিলাত সংঘটিত পথ দুৰ্ঘটনাৰ এটা তুলনামুলক ব্যাখ্যা পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাবে বৰ্ণনা কৰে । তেওঁ জানিবলৈ দিয়ে যে চলিত বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ২৯ টা পথ দুৰ্ঘটনাত ২৩ জন লোকৰ মৃত্যু হৈছে । বিগত বৰ্ষত এই একে সময়চোৱাত ৩৬ টা দুৰ্ঘটনাত ২২ জন লোকৰ মৃত্যু হৈছিল । আনহাতে ২০২১ চনত ২১৯ টা পথ দুৰ্ঘটনাত ১১৭জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০২২ চনত ২০৯ টা পথ দুৰ্ঘটনাত ১২২জন লোকৰ প্ৰাণহানি হয় । বৈঠকত উপায়ুক্তগৰাকীয়ে পথ দুৰ্ঘটনাৰ হাৰ হ্ৰাস পাইছে যদিও দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে । তেওঁ পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ সুৰাপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে সপ্তাহত দুই/তিনিবাৰ ব্যাপক অভিযান চলাবলৈ আৰক্ষী আৰু জিলা পৰিবহন বিষয়াক নিৰ্দেশ দিয়ে । লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত মাত্ৰাতকৈ উচ্চ গতিত গাড়ী চলোৱা চালকৰ বিৰুদ্ধে জৰিমনা বিহিবলৈয়ো নিৰ্দেশ দিয়ে । নিৰ্ধাৰিত মাত্ৰাতকৈ অধিক গতিত বাহন চলালে লঘু বাহনৰ ক্ষেত্ৰত দুহেজাৰ টকা আৰু গধুৰ যানবাহনৰ ক্ষেত্ৰত চাৰি হাজাৰ টকা জৰিমনা বিহা হ'ব বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত চাইনবোৰ্ড লগাবলৈও তেওঁ নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে পথ সুৰক্ষা সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কোনো শিক্ষাৰ্থীয়ে যাতে হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলাই অথবা আৰোহী হিচাপে শিক্ষানুষ্ঠানৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিবলৈ অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকাক নিৰ্দেশ দিয়ে । সভাত অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা আৰু গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰীৰ প্ৰতিনিধি তথা বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক নুৰুল চুলতানেও পথ দুৰ্ঘটনা ৰোধ কৰা সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায় । 

সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক, ৰাষ্ট্ৰীয় ঘাইপথ, লোকনিৰ্মাণ (পথ), দুৰ্যোগ ব্যৱস্থাপনা, আবকাৰী, আৰক্ষী, যানবাহন আৰক্ষী, জনসংযোগ আৰু কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

*গোলাঘাটত আশা অভিৱৰ্তন-২০২৩ সম্পন্ন**আশা কৰ্মীসকলৰ অভাৱ-অভিযোগ, সমস্যাৰ বুজ ল'লে উপায়ুক্তই**প্ৰতি মাহে ১০ গৰাকী শ্ৰেষ্ঠ আশা কৰ্মী আৰু ছুপাৰভাইজৰক বিশেষভাৱে পুৰস্কৃত কৰা হ'ব : উপায়ুক্ত*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৯৬/২০২৩

*গোলাঘাটত আশা অভিৱৰ্তন-২০২৩ সম্পন্ন*

*আশা কৰ্মীসকলৰ অভাৱ-অভিযোগ, সমস্যাৰ বুজ ল'লে উপায়ুক্তই*

*প্ৰতি মাহে ১০ গৰাকী শ্ৰেষ্ঠ আশা কৰ্মী আৰু ছুপাৰভাইজৰক বিশেষভাৱে পুৰস্কৃত কৰা হ'ব : উপায়ুক্ত*

গোলাঘাট, ২৯ মাৰ্চ : গোলাঘাটৰ বিৰাংগণা সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আজি গোলাঘাট জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আশা অভিৱৰ্তন-২০২৩ অনুষ্ঠিত হয় । এই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত উপায়ুক্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা আশা কৰ্মী আৰু আশা ছুপাৰভাইজৰসকল, চিকিৎসক, স্বাস্থ্যকৰ্মী আদিয়ে অংশগ্ৰহন কৰে । অনুষ্ঠানত দিয়া ভাষণত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে কয় যে স্বাস্থ্য খণ্ডলৈ অহা বিভিন্ন প্ৰত্যাহ্বানৰ সময়ত আশা কৰ্মীসকলে প্ৰদৰ্শন কৰা নিষ্ঠা আৰু একাগ্ৰতা প্ৰশংসাৰ উৰ্ধত । আশা কৰ্মীসকলৰ বিভিন্ন অভাৱ-অভিযোগ আৰু সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে উপায়ুক্তগৰাকীয়ে তেওঁলোকৰ সৈতে এটা মত বিনিময় কাৰ্যসূচীতো অংশগ্ৰহণ কৰে । আশা কৰ্মীসকলৰ আশা-আকাংক্ষাৰ বুজ লৈ তেওঁ চিকিৎসালয়ৰ বহিঃৰোগী শাখা (OPD) ত আশা কৰ্মীসকলৰ বাবে মাচুল বিনামূলীয়া কৰাৰ লগতে ৰোগীৰ কক্ষ (Sickroom)ৰ বাবে দিবলগীয়া মাচুল ৰেহাই দিয়াৰ কথা ঘোষণা কৰে । তেওঁ লগতে এপ্ৰিল মাহৰ পৰা প্ৰতি মাহে নিজৰ কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ৭ গৰাকী শ্ৰেষ্ঠ আশা কৰ্মী আৰু ৩ গৰাকী শ্ৰেষ্ঠ আশা ছুপাৰভাইজৰক বিশেষভাৱে পুৰস্কৃত কৰা হ'ব বুলিও ঘোষণা কৰে । 

অনুষ্ঠানত দিয়া ভাষণত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) কুলদীপ হাজৰিকাই গোলাঘাট জিলাৰ প্ৰতিগৰাকী স্বাস্থ্যকৰ্মীয়ে অতি নিষ্ঠা আৰু দায়বদ্ধতাৰে কৰ্তব্য পালন কৰিছে বুলি উল্লেখ কৰে । অনুষ্ঠানত আদৰণি ভাষণ দি গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ ৰঞ্জিত ভূঞাই আশা কৰ্মীসকলে চিকিৎসক আৰু ৰোগীৰ মাজত তৃণমূল পৰ্য্যায়ত যোগসুত্ৰ স্থাপনত লোৱা ভূমিকাৰ শলাগ লয় । 

আজিৰ কাৰ্যসূচীৰ অংশৰূপে জিলাখনৰ আশা কৰ্মী আৰু ছুপাৰভাইজৰসকলক তেওঁলোকে আগবঢ়াই থকা সেৱাৰ বাবে আনুষ্ঠানিকভাৱে মানপত্ৰ প্ৰদান কৰা হয় । লগতে বোকাখাত, মৰঙী, মিছামৰা, সৰুপথাৰ, চাৰিঙীয়া, কমাৰবন্ধা আলী আৰু গোলাঘাট নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ ১৯ গৰাকী শ্ৰেষ্ঠ আশা কৰ্মী আৰু ছগৰাকী শ্ৰেষ্ঠ আশা ছুপাৰভাইজৰক পুৰস্কৃত কৰা হয় । অনুষ্ঠানৰ আৰম্ভণিতে বিগত বর্ষত অকালতে প্ৰাণ হেৰুওৱা আশা কৰ্মীসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় । কাৰ্যসূচীৰ অংশৰূপে বিশিষ্ট শিল্পী অণুধৃতি মহন্তই বেহেলা বাদনেৰে সকলোকে আপ্লুত কৰে । বিভিন্ন ঠাইৰ পৰা অহা আশা কৰ্মীসকলে সমবেত সংগীত, দিহা নাম, বিহু, গীত-মাত আদি পৰিৱেশন কৰে । 

অনুষ্ঠানত সহকাৰী আয়ুক্ত অন্বেষা ঠাকুৰ, গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ প্ৰাক্তন যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ জেচমিন বেগম, জ্যেষ্ঠ চিকিৎসক ডাঃ ৰঞ্জিত হাজৰিকা, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভৰত ফুকন, সমাজ সেৱিকা ৰূপা শইকীয়া, ডি পি এম অনুষ্কা বৰা, ডি চি এম জেচমিন ৰহমান, ডি এম ই পূৰ্বালী হাজৰিকা আৰু জিলা আৰু খণ্ড কাৰ্যসূচী পৰিচালনা গোটৰ সদস্যসকল উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

Monday, 27 March 2023

*গোলাঘাটত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি আৰু আৰক্ষীৰ কাম-কাজৰ পৰ্যালোচনা ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ**দুৰ্বলতা বিচাৰি থাকিলে সফলতা নাহে, ইতিবাচক আৰু ভাল কামৰ বাবে স্বীকৃতি আৰু উচিত প্ৰশংসাইহে কৰ্মসংস্কৃতি উন্নত কৰিব : কাটাৰিয়া**থানাসমূহৰ মাজত গ্রেডিং ব্যৱস্থা আৰম্ভ কৰাৰ পোষকতা ৰাজ্যপালৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং -৩৯৫/২০২৩

*গোলাঘাটত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি আৰু আৰক্ষীৰ কাম-কাজৰ পৰ্যালোচনা ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ*

*দুৰ্বলতা বিচাৰি থাকিলে সফলতা নাহে, ইতিবাচক আৰু ভাল কামৰ বাবে স্বীকৃতি আৰু উচিত প্ৰশংসাইহে কৰ্মসংস্কৃতি উন্নত কৰিব : কাটাৰিয়া*

*থানাসমূহৰ মাজত গ্রেডিং ব্যৱস্থা আৰম্ভ কৰাৰ পোষকতা ৰাজ্যপালৰ*

গোলাঘাট, ২৭ মাৰ্চ : অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত মিলিত হয় । উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে পাৱাৰপইন্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে ৰাজ্যপালগৰাকীৰ আগত জিলাখনৰ বিষয়ে এটা চমু আভাষ দাঙি ধৰাৰ লগতে জিলাখনত ৰূপায়িত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজ তথা অগ্ৰগতি সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায় । তেওঁ স্বাস্থ্য, কৃষি, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, সমাজ কল্যাণ বিভাগ, লোকনিৰ্মাণ (পথ) আৰু লোকনিৰ্মাণ (গৃহ) বিভাগ আৰু গোলাঘাট আৰক্ষীৰ কাম-কাজৰ বিষয়ে সবিশেষ বুজ লয় ।

কৃষি বিভাগৰ পৰ্যালোচনা কৰি তেওঁ পি এম কিষাণ আঁচনিক অগ্ৰাধিকাৰ হিচাপে লৈ ইয়াৰ অধীনত যাতে কোনো যোগ্য হিতাধিকাৰী বঞ্চিত নহয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । ৰাজ্যপালগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু অসম মিলেট মিছনৰো অগ্ৰগতিৰ বুজ লয় । তেওঁ গোলাঘাট জিলাত বিদ্যালয় বহিৰ্ভূত ল'ৰা-ছোৱালীৰ বিষয়ে সবিশেষ বুজ লোৱাৰ লগতে চাহ বাগিচাসমূহত শিক্ষাৰ মান উন্নত কৰা তথা অধিক ল'ৰা-ছোৱালীক সামৰি ল'ব পৰাকৈ পৰ্যাপ্ত বিদ্যালয় স্থাপনৰ বিষয়টোতো গুৰুত্ব আৰোপ কৰে । আনহাতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এম জি এনৰেগাৰ অধীনত জব কাৰ্ড প্ৰদান, অমৃত সৰোবৰ প্ৰকল্পৰ অগ্ৰগতি, স্বচ্ছ ভাৰত অভিযান-গ্ৰামীণ আদিৰ ৰূপায়ন সন্দৰ্ভত তেওঁ পৰ্যালোচনা কৰে । স্বাস্থ্য বিভাগৰ পৰ্যালোচনা কৰি ৰাজ্যপালগৰাকীয়ে গোলাঘাট জিলাত ১০০ শতাংশ যক্ষ্মা ৰোগীৰ 'এডপচন' সম্পূৰ্ণ হোৱা বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে জননী সুৰক্ষা যোজনাৰ দ্বাৰা মাতৃসকল লাভান্বিত হৈছেনে নাই এই বিষয়ে বিতংভাবে বুজ লয় । তেওঁ চাহ বাগিচাৰ মহিলাসকলক স্বাস্থ্য আঁচনিসমূহৰ দ্বাৰা সামৰি লোৱাটো সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ জল জীৱন অভিযান সন্দৰ্ভত তেওঁ সকলো হিতাধিকাৰীয়ে পানী পাইছেনে নাই তাৰ উপযুক্ত নিৰীক্ষণৰ ওপৰতহে আঁচনিখনৰ প্ৰকৃত সাফল্য নিৰ্ভৰ কৰিব বুলি মত প্ৰকাশ কৰে । তেওঁ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ধান ক্ৰয় আৰু খাদ্য সুৰক্ষা আইনৰ অধীনত দুখীয়া পৰিয়ালক চাউল যোগান, সমাজ কল্যাণ বিভাগৰ অধীনৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ স্থিতি, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বৰ্তমানৰ স্থিতি আদিৰো বুজ লয় ।

আনহাতে আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে আৰক্ষী প্ৰশাসনৰ কাম-কাজৰ বিষয়ে পাৱাৰপইন্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে ব্যাখ্যা আগবঢ়ায় । ৰাজ্যপালগৰাকীয়ে জিলাখনত অপৰাধজনিত ঘটনাৰ হাৰ কম হোৱাৰ বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সমগ্ৰ দেশতেই ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে । তেওঁ আৰক্ষী থানাসমূহৰ মাজত গ্ৰেডিং ব্যৱস্থা আৰম্ভ কৰাৰ পোষকতা কৰে যাতে প্ৰতিযোগিতাৰ পৰিৱেশ বৃদ্ধি পায় আৰু কাম কৰাৰ বাবে আৰক্ষীৰ মাজত উৎসাহ আৰু সামৰ্থ্য বৃদ্ধি পায় । তেওঁ চাইবাৰ অপৰাধ আৰু সীমান্ত অঞ্চলসমূহৰ পৰিস্থিতিৰো বুজ লয় । তেওঁ কয় যে দুৰ্বলতা বিচাৰি থাকিলে সফলতা নাহে, ইতিবাচক আৰু ভাল কামৰ বাবে স্বীকৃতি আৰু উচিত প্ৰশংসাইহে কৰ্মসংস্কৃতি উন্নত কৰিব আৰু অধিক ভাল কাম কৰিবলৈ উৎসাহিত কৰিব । কষ্ট কৰিলে ফল ভাল পাবই বুলি উল্লেখ কৰি তেওঁ কয় যে ভাল কামে মনত যি সন্তুষ্টি দিয়ে সেয়া আন একোৱে দিব নোৱাৰে । তেওঁ সকলোকে ঐক্যবদ্ধভাৱে ভাল কামেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় । 

আজিৰ অনুষ্ঠানতে জিলা যক্ষ্মা বিষয়া ডাঃ সুনিতা এক্কাই ৰাজ্যপালগৰাকীৰ হাতৰ পৰা বিভিন্ন দাতাই যক্ষ্মা ৰোগীৰ বাবে আগবঢ়োৱা পুষ্টিকৰ খাদ্যৰ টোপোলা গ্ৰহণ কৰে । লগতে বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই জিলা শিক্ষা বিভাগলৈ বিভিন্ন দাতাই আগবঢ়োৱা টেলিভিছন ছেট ৰাজ্যপালগৰাকীৰ হাতৰ পৰা  গ্ৰহণ কৰে । সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, বোকাখাত মহকুমাৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা আৰু জিলা প্ৰশাসনৰ বিষয়া তথা বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল । ইয়াৰ পূৰ্বে ৰাজ্যপালগৰাকীয়ে নুমলীগড় শোধনাগাৰ তথা ইয়াৰ নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰি প্ৰকল্পটোৰ কাম-কাজৰ বিষয়ে বুজ লয় । 

*জনসংযোগ, গোলাঘাট*
*NORTHEAST NEWS INDIA*

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...