Monday, 27 March 2023

*গোলাঘাটত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি আৰু আৰক্ষীৰ কাম-কাজৰ পৰ্যালোচনা ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ**দুৰ্বলতা বিচাৰি থাকিলে সফলতা নাহে, ইতিবাচক আৰু ভাল কামৰ বাবে স্বীকৃতি আৰু উচিত প্ৰশংসাইহে কৰ্মসংস্কৃতি উন্নত কৰিব : কাটাৰিয়া**থানাসমূহৰ মাজত গ্রেডিং ব্যৱস্থা আৰম্ভ কৰাৰ পোষকতা ৰাজ্যপালৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং -৩৯৫/২০২৩

*গোলাঘাটত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি আৰু আৰক্ষীৰ কাম-কাজৰ পৰ্যালোচনা ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ*

*দুৰ্বলতা বিচাৰি থাকিলে সফলতা নাহে, ইতিবাচক আৰু ভাল কামৰ বাবে স্বীকৃতি আৰু উচিত প্ৰশংসাইহে কৰ্মসংস্কৃতি উন্নত কৰিব : কাটাৰিয়া*

*থানাসমূহৰ মাজত গ্রেডিং ব্যৱস্থা আৰম্ভ কৰাৰ পোষকতা ৰাজ্যপালৰ*

গোলাঘাট, ২৭ মাৰ্চ : অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত মিলিত হয় । উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে পাৱাৰপইন্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে ৰাজ্যপালগৰাকীৰ আগত জিলাখনৰ বিষয়ে এটা চমু আভাষ দাঙি ধৰাৰ লগতে জিলাখনত ৰূপায়িত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজ তথা অগ্ৰগতি সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায় । তেওঁ স্বাস্থ্য, কৃষি, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, সমাজ কল্যাণ বিভাগ, লোকনিৰ্মাণ (পথ) আৰু লোকনিৰ্মাণ (গৃহ) বিভাগ আৰু গোলাঘাট আৰক্ষীৰ কাম-কাজৰ বিষয়ে সবিশেষ বুজ লয় ।

কৃষি বিভাগৰ পৰ্যালোচনা কৰি তেওঁ পি এম কিষাণ আঁচনিক অগ্ৰাধিকাৰ হিচাপে লৈ ইয়াৰ অধীনত যাতে কোনো যোগ্য হিতাধিকাৰী বঞ্চিত নহয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । ৰাজ্যপালগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু অসম মিলেট মিছনৰো অগ্ৰগতিৰ বুজ লয় । তেওঁ গোলাঘাট জিলাত বিদ্যালয় বহিৰ্ভূত ল'ৰা-ছোৱালীৰ বিষয়ে সবিশেষ বুজ লোৱাৰ লগতে চাহ বাগিচাসমূহত শিক্ষাৰ মান উন্নত কৰা তথা অধিক ল'ৰা-ছোৱালীক সামৰি ল'ব পৰাকৈ পৰ্যাপ্ত বিদ্যালয় স্থাপনৰ বিষয়টোতো গুৰুত্ব আৰোপ কৰে । আনহাতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এম জি এনৰেগাৰ অধীনত জব কাৰ্ড প্ৰদান, অমৃত সৰোবৰ প্ৰকল্পৰ অগ্ৰগতি, স্বচ্ছ ভাৰত অভিযান-গ্ৰামীণ আদিৰ ৰূপায়ন সন্দৰ্ভত তেওঁ পৰ্যালোচনা কৰে । স্বাস্থ্য বিভাগৰ পৰ্যালোচনা কৰি ৰাজ্যপালগৰাকীয়ে গোলাঘাট জিলাত ১০০ শতাংশ যক্ষ্মা ৰোগীৰ 'এডপচন' সম্পূৰ্ণ হোৱা বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে জননী সুৰক্ষা যোজনাৰ দ্বাৰা মাতৃসকল লাভান্বিত হৈছেনে নাই এই বিষয়ে বিতংভাবে বুজ লয় । তেওঁ চাহ বাগিচাৰ মহিলাসকলক স্বাস্থ্য আঁচনিসমূহৰ দ্বাৰা সামৰি লোৱাটো সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ জল জীৱন অভিযান সন্দৰ্ভত তেওঁ সকলো হিতাধিকাৰীয়ে পানী পাইছেনে নাই তাৰ উপযুক্ত নিৰীক্ষণৰ ওপৰতহে আঁচনিখনৰ প্ৰকৃত সাফল্য নিৰ্ভৰ কৰিব বুলি মত প্ৰকাশ কৰে । তেওঁ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ধান ক্ৰয় আৰু খাদ্য সুৰক্ষা আইনৰ অধীনত দুখীয়া পৰিয়ালক চাউল যোগান, সমাজ কল্যাণ বিভাগৰ অধীনৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ স্থিতি, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বৰ্তমানৰ স্থিতি আদিৰো বুজ লয় ।

আনহাতে আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে আৰক্ষী প্ৰশাসনৰ কাম-কাজৰ বিষয়ে পাৱাৰপইন্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে ব্যাখ্যা আগবঢ়ায় । ৰাজ্যপালগৰাকীয়ে জিলাখনত অপৰাধজনিত ঘটনাৰ হাৰ কম হোৱাৰ বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সমগ্ৰ দেশতেই ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে । তেওঁ আৰক্ষী থানাসমূহৰ মাজত গ্ৰেডিং ব্যৱস্থা আৰম্ভ কৰাৰ পোষকতা কৰে যাতে প্ৰতিযোগিতাৰ পৰিৱেশ বৃদ্ধি পায় আৰু কাম কৰাৰ বাবে আৰক্ষীৰ মাজত উৎসাহ আৰু সামৰ্থ্য বৃদ্ধি পায় । তেওঁ চাইবাৰ অপৰাধ আৰু সীমান্ত অঞ্চলসমূহৰ পৰিস্থিতিৰো বুজ লয় । তেওঁ কয় যে দুৰ্বলতা বিচাৰি থাকিলে সফলতা নাহে, ইতিবাচক আৰু ভাল কামৰ বাবে স্বীকৃতি আৰু উচিত প্ৰশংসাইহে কৰ্মসংস্কৃতি উন্নত কৰিব আৰু অধিক ভাল কাম কৰিবলৈ উৎসাহিত কৰিব । কষ্ট কৰিলে ফল ভাল পাবই বুলি উল্লেখ কৰি তেওঁ কয় যে ভাল কামে মনত যি সন্তুষ্টি দিয়ে সেয়া আন একোৱে দিব নোৱাৰে । তেওঁ সকলোকে ঐক্যবদ্ধভাৱে ভাল কামেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় । 

আজিৰ অনুষ্ঠানতে জিলা যক্ষ্মা বিষয়া ডাঃ সুনিতা এক্কাই ৰাজ্যপালগৰাকীৰ হাতৰ পৰা বিভিন্ন দাতাই যক্ষ্মা ৰোগীৰ বাবে আগবঢ়োৱা পুষ্টিকৰ খাদ্যৰ টোপোলা গ্ৰহণ কৰে । লগতে বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই জিলা শিক্ষা বিভাগলৈ বিভিন্ন দাতাই আগবঢ়োৱা টেলিভিছন ছেট ৰাজ্যপালগৰাকীৰ হাতৰ পৰা  গ্ৰহণ কৰে । সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, বোকাখাত মহকুমাৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা আৰু জিলা প্ৰশাসনৰ বিষয়া তথা বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল । ইয়াৰ পূৰ্বে ৰাজ্যপালগৰাকীয়ে নুমলীগড় শোধনাগাৰ তথা ইয়াৰ নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰি প্ৰকল্পটোৰ কাম-কাজৰ বিষয়ে বুজ লয় । 

*জনসংযোগ, গোলাঘাট*
*NORTHEAST NEWS INDIA*

Sunday, 26 March 2023

Press Release

*অভিলেখ সৃষ্টিৰ লক্ষ্যৰে গুৱাহাটীৰ সৰুসজাইত ১০ হাজাৰৰো অধিক বিহুৱা-নাচনীৰ বিহু প্ৰদৰ্শনীঃ গোলাঘাট জিলাত ২৭ মাৰ্চৰ পৰা প্ৰশিক্ষণ শিবিৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং -৩৯৪/২০২৩

*অভিলেখ সৃষ্টিৰ লক্ষ্যৰে গুৱাহাটীৰ সৰুসজাইত ১০ হাজাৰৰো অধিক বিহুৱা-নাচনীৰ বিহু প্ৰদৰ্শনীঃ গোলাঘাট জিলাত ২৭ মাৰ্চৰ পৰা প্ৰশিক্ষণ শিবিৰ*

গোলাঘাট, ২৬ মাৰ্চ : দহ হাজাৰৰো অধিক ঢুলীয়া-নাচনীৰে অসমৰ বিহু নৃত্যই বিশ্ব অভিলেখ গঢ়ি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিব পৰাকৈ একেটা স্থানতে বিহুনাচ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত গোলাঘাট জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ সেই অনুসৰি গোলাঘাট জিলাত ইতিমধ্যে বাছনি তথা পঞ্জীয়ন হোৱা এহেজাৰ শিল্পীৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত ২৭ মাৰ্চৰ পৰা জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিত প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে । প্ৰশিক্ষণৰ বাবে কাইলৈ পুৱা ৯.৩০ বজাত সংশ্লিষ্ট প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হ'বলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে । সেই অনুসৰি গোলাঘাট সমষ্টিৰ বাবে গোলাঘাট নগৰত থকা জেনেৰেল ফিল্ড অৰ্থাৎ সমন্বয় ক্ষেত্ৰ, বোকাখাত সমষ্টিৰ বাবে বোকাখাত জেনেৰেল ফিল্ড, দেৰগাঁও সমষ্টিৰ বাবে দেৰগাঁৱৰ স্মৃতি পথাৰ, সৰুপথাৰ সমষ্টিৰ বাবে সৰুপথাৰ জেনেৰেল ফিল্ড আৰু খুমটাই সমষ্টিৰ বাবে বগৰীজুৰিত থকা স্পৰ্টছ ক্লাব প্লে'গ্ৰাউণ্ডত প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ'ব । আটাইকেইটা শিবিৰ পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ'ব । প্ৰশিক্ষণৰ অন্তত তেওঁলোকে গুৱাহাটীত পাঁচদিনীয়া অনুশীলনৰ অন্তত সৰুসজাই ষ্টেডিয়ামত ১৪ এপ্ৰিল, ২০২৩ তাৰিখে বিহুৰ মুল প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব পাৰিব ৷

*জনসংযোগ, গোলাঘাট*
*NORTHEAST NEWS INDIA*

Wednesday, 22 March 2023

*গোলাঘাট জি পি এছ এছৰ অনুজ্ঞাপত্ৰ প্ৰত্যাহাৰৰ নিৰ্দেশ বাতিল*

জনসংযোগ, গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং ৩৯৮/২০২৩

*গোলাঘাট জি পি এছ এছৰ অনুজ্ঞাপত্ৰ প্ৰত্যাহাৰৰ নিৰ্দেশ বাতিল*

গোলাঘাট, ২২মাৰ্চ : গোলাঘাট জিলা প্ৰশাসনে গাঁও পঞ্চায়ত পৰ্যায়ৰ সমবায় সমিতি, মেচাৰ্চ গোলাঘাট জি পি এছ এছৰ ছাব-হ'লছেল আৰু খুচুৰা উভয় অনুজ্ঞাপত্ৰ প্ৰত্যাহাৰৰ নিৰ্দেশ বাতিল কৰিছে আৰু অহা মে' মাহৰ পৰা পুনৰ অনুজ্ঞাপত্ৰ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিছে । জিলা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তই জাৰি কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে তদন্তকাৰী বিষয়া আৰু বিভাগৰ পৰিদৰ্শক বিনায়ম কৃষ্ণই দিয়া প্ৰতিবেদন আৰু পৰামৰ্শাৱলী তথা সমবায় সমিতিখনৰ নৱনিৰ্বাচিত অধ্যক্ষ আৰু সচিবে দাখিল কৰা আবেদন, শপতনামা, নৱনিৰ্বাচিত সঞ্চালকমণ্ডলী আৰু এই গোচৰৰ সৈতে জড়িত বিভিন্ন দিশ পৰ্যবেক্ষণৰ অন্তত এই নিৰ্দেশ জাৰি কৰা হৈছে । নৱনিৰ্বাচিত সঞ্চালকমণ্ডলীয়ে দায়িত্বভাৰ লোৱাৰ লগতে সমিতিখনত এগৰাকী চৰকাৰী সচিব নিযুক্তি দিয়াৰ পিছতেই গোলাঘাট জিলাৰ উপায়ুক্তই পূৰ্বৰ অনুজ্ঞাপত্ৰ প্ৰত্যাহাৰৰ নিৰ্দেশ বাতিল কৰে । সচিবগৰাকীক ছাব-হ'লছেল আৰু খুচুৰা উভয় শাখাতে পাৰ্মিট বুক, মজুতকৰণ আৰু বিক্ৰীৰ পঞ্জীয়ন বহী প্ৰস্তুত কৰি মে' মাহৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ চাউল মজুতকৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে ।   মে' মাহৰ পৰা পৰৱৰ্তী তিনি মাহৰ বাবে সমিতিখনক পৰীক্ষামূলকভাবে কাম-কাজ চলোৱাৰ নিৰ্দেশ দিয়া হৈছে । এই সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰী আইন ১৯৫৫ ৰ কোনো দফা উলংঘা কৰিলে সমবায় সমিতিখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

*গোলাঘাটত পোষণ “পখোৱাৰা”ৰ শুভাৰম্ভ*

জনসংযোগ, গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং ৩৯৭/২০২৩

*গোলাঘাটত পোষণ “পখোৱাৰা”ৰ শুভাৰম্ভ*

গোলাঘাট, ২২মাৰ্চ : গোলাঘাটৰ অলংকাৰ বিবাহ ভৱনত আজি গোলাঘাট জিলা সমাজ কল্যাণ বিভাগৰ সৌজন্যত আয়োজিত এক অনুষ্ঠানত জিলা পৰ্যায়ৰ পোষণ “পখোৱাৰা” উদযাপনৰ শুভাৰম্ভ কৰা হয় । ইয়াৰ সৈতে সংগতি ৰাখি গোলাঘাট নগৰৰ মাজেৰে এটা সজাগতা সমদলো উলিওৱা হয় । এই বিশেষ অভিযানৰ জৰিয়তে পৰিপুষ্টিগত সুস্থতাৰ বাবে শ্ৰীঅন্ন (মিলেট)ৰ প্ৰসাৰ আৰু জনপ্ৰিয়কৰণ, ৰাজ্যজুৰি সুস্থ শিশু প্ৰতিযোগিতাৰ আয়োজন আৰু সক্ষম অংগনৱাড়ী কেন্দ্ৰৰ জনপ্ৰিয়কৰণ ইত্যাদিৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া গৌৰিপ্ৰীয়া দেউৰীয়ে আদৰণি ভাষণ দিয়ে । অনুষ্ঠানত অংশ লৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ মৃদুস্মিতা বৰঠাকুৰে পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ জৰিয়তে মিলেটৰ বিভিন্ন পৰিপুষ্টিজনিত উপকাৰিতাৰ বিষয়ে বাখ্যা কৰি মিলেটক দৈনিক আহাৰৰ এক অৱিচ্ছেদ্য অংগলৈ ৰূপান্তৰিত কৰাৰ বাবে উপযুক্ত সজাগতা সৃষ্টিৰ বাবে আহ্বান জনায় । তেওঁ মিলেটৰ পৰা প্ৰস্তুত কৰিব পৰা খাদ্যসামগ্ৰীৰ বিষয়েও বিতং বৰ্ণনা আগবঢ়ায় । সভাত অসম মিলেট মিছনৰ অধীনত অসম চৰকাৰে বাছনি কৰা গোলাঘাট জিলাৰ ২৫ গৰাকী প্ৰগতিশীল কৃষকৰ অন্যতম সিদ্ধাৰ্থ শৰ্মাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে । তেওঁ নিজৰ ভাষণত মিলেটৰ উপকাৰিতা আৰু এছিয়া মহাদেশত ইয়াৰ ব্যাপক উপলব্ধতাৰ বিষয়ে বক্তব্য আগবঢ়ায় । ছুপাৰভাইজৰ বাণী বৰাই আঁত ধৰা অনুষ্ঠানটোত পোষণ অভিযানৰ জিলা সমন্বয়ক প্ৰিয়মজিত দুৱৰাই শলাগৰ শৰাই আগবঢ়ায় । অনুষ্ঠানত শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, ব্লক পৰ্যায়ৰ পোষণৰ বিষয়া কৰ্মচাৰী, ছুপাৰভাইজৰসকল, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ বিষয়া কৰ্মচাৰী, অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকল উপস্থিত আছিল ।

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

সমগ্র বিশ্বৰ মানৱ জাতিলৈ আহ্বান।

।।জয় মা আৰু প্ৰকৃতি।।

সমগ্র বিশ্বৰ মানৱ জাতিলৈ আহ্বান। 
সেই বিশ্বৰ মানৱ, সমগ্র জীৱকোল তেতিয়াহে সুখ শান্তিৰে জীৱন নিৰ্বাহ কৰিৱ পাৰিব, যেতিয়া মা আৰু প্ৰকৃতি সুস্থ হৈ থাকিৱ। 
বিশ্বৰ সকলো মানৱ জাতিৰ নিজৰ নিজৰ আৰাধ্য দেৱতা, তেতিয়াহে আপোনালোকৰ ওপৰত সন্তুষ্ট হব, কৃপা দৃষ্টি ৰাখিব।যেতিয়া বিশ্বৰ সকলো মানৱ জাতিয়ে মা আৰু প্ৰকৃতিক শ্ৰদ্ধা ভক্তি কৰিব। মা আৰু প্ৰকৃতি ৰ অনিষ্ট হোৱা কাম কৰা বন্ধ কৰিব।
সমগ্র বিশ্বৰ মানৱ জাতিলৈ বিশেষ আহ্বান আহক সময় থাকোতে মা আৰু প্ৰকৃতি ৰ চৰনত সেৱা লওঁক , নিজকে ধন্য কৰাওঁক। এই পৃথিবীত সুষ্ঠৰে জীবন যাপন কৰক।। 
ধন্যবাদেৰে।। 

সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
প্ৰতিষ্ঠাপক। 
Email - mother.and.nature2021@gmail.com

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...