Monday, 27 February 2023

নগাঁৱত দিনজোৰা কাৰ্যসূচীৰে অহা ৭ ৰ্মাচ ২০২৩ অনুষ্ঠিত হব মা আৰু প্ৰকৃতি কেন্দ্ৰীয় অধিবেশন।

নগাঁৱত দিনজোৰা কাৰ্যসূচীৰে অহা ৭ ৰ্মাচ ২০২৩ অনুষ্ঠিত হব মা আৰু প্ৰকৃতি কেন্দ্ৰীয় অধিবেশন। 

নগাঁও 27 ফেব্রুৱাৰী ২০২৩ঃ  সামাজিক অনুষ্ঠান মা আৰু প্ৰকৃতি ( MOTHER AND NATURE) নগাঁৱত কেন্দ্ৰীয় অধিবেশনৰ উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে ৭ মাৰ্চ ২০২৩ মঙ্গল বাৰে অনুষ্ঠিত হব ডাকৰঘাট বাপুজী এল পি স্কুল বিদ্যালয়ৰ প্ৰাংঙ্গনত। মা আৰু প্ৰকৃতি  কেন্দ্রীয়  উপসভাপতি ড° কেশৱ বৰা  প্ৰকাশ কৰা মতে পূৱা ৯ বজাত পতাকা উত্তোলন। উত্তোলক : প্ৰতিষ্ঠাপক সভাপতি: শ্ৰীযুত মাধৱ গগৈ। পূৱা ১০ বজাত বন্তি প্ৰজ্বলন। প্ৰজলক: ড° কেশৱ বৰা সভাপতি মা আৰু প্ৰকৃতিৰ নগাঁও জিলাৰ সমিতি। পূৱা ১১ বজাত: লঘু আহাৰ বিতৰণ। পূৱা ১১ -৩০ বজাত: প্ৰতিযোগিতা আৰু সামাজিক সাংস্কৃতিক অনুষ্ঠান। দুপৰীয়া ১২ বজাত: প্ৰতিনিধি নাম ভৰ্তিকৰণ। দিনৰ ১ বজাত: আহাৰ আপ্যায়ন। বিয়লি ২ বজাত: মুকলি সভাত সভাপতিত্ব কৰিব - শ্ৰীযুত মাধৱ গগৈ । সভা আত ধৰিব ড° কেশৱ বৰা। এটি বৰগীত পৰিবেশন, পৰিবেশনৰ  অন্তত কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ ভাষণ-- মা আৰু প্ৰকৃতিৰ সমাজ গঠনত ভূমিকা। কেন্দ্ৰীয় কমিটিৰ বিষয় ববীয়া সকলৰ চিনাকি আৰু আদৰণি অনুষ্ঠান । বিশিষ্ট অতিথি সকলৰ ভাষণ।  নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া সকলৰ নাম ঘোষণা আৰু চিনাকি পৰ্ব। সমজুৱা একেষাৰ। জাতীয় সংগীতৰে সভাৰ কাৰ্য্যসূচী সামৰণি। 

NORTHEAST NEWS INDIA

*কাজিৰঙাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আয়ুষ মন্ত্ৰালয়ৰ প্ৰথম 'চিন্তন শিবিৰ' মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ**যুৱ গৱেষক আৰু বিজ্ঞানীসকলক প্ৰমাণভিত্তিক বৈজ্ঞানিক গৱেষণাৰ ওপৰত কাম কৰিবলৈ আহ্বান**আয়ুষ ব্যৱস্থাৰ চিকিৎসা পদ্ধতিৰ লাভালাভ আৰু গৱেষণাৰ বিষয়ে থলুৱা ভাষাত ব্যাখ্যা কৰাৰ ওপৰত গুৰুত্ব আৰোপ শ্ৰী সোণোৱালৰ*

*কাজিৰঙাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আয়ুষ মন্ত্ৰালয়ৰ প্ৰথম 'চিন্তন শিবিৰ' মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ*

*যুৱ গৱেষক আৰু বিজ্ঞানীসকলক প্ৰমাণভিত্তিক বৈজ্ঞানিক গৱেষণাৰ ওপৰত কাম কৰিবলৈ আহ্বান*

*আয়ুষ ব্যৱস্থাৰ চিকিৎসা পদ্ধতিৰ লাভালাভ আৰু গৱেষণাৰ বিষয়ে থলুৱা ভাষাত ব্যাখ্যা কৰাৰ ওপৰত গুৰুত্ব আৰোপ শ্ৰী সোণোৱালৰ*

কাজিৰঙা, ২৭ ফেব্ৰুৱাৰী ২০২৩ঃ কেন্দ্ৰীয় আয়ুষ আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰথম 'চিন্তন শিবিৰ'ৰ শুভাৰম্ভ কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আয়ুষ খণ্ডৰ ব্যাপক সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি যুৱ গৱেষক আৰু বিজ্ঞানীসকলক প্ৰমাণভিত্তিক বৈজ্ঞানিক গৱেষণাৰ ওপৰত কাম কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে আয়ুষ ব্যৱস্থাৰ চিকিৎসা পদ্ধতিৰ লাভালাভ আৰু গৱেষণাৰ বিষয়ে থলুৱা ভাষাত ব্যাখ্যা কৰিবলৈ গৱেষকসকলৰ প্ৰতি আহ্বান জনায় যাতে বৃহৎসংখ্যক জনসাধাৰণে এই বিষয়ে অৱগত হ'ব পাৰে । 

শ্ৰী সোণোৱালে লগতে কয় যে এক পৃথিৱী, এটা পৰিয়াল, এটা ভৱিষ্যতৰ লক্ষ্য সাধনৰ ক্ষেত্ৰত আয়ুষ অতি গুৰুত্বপূৰ্ণ । প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাই বিশ্বব্যাপী বিশেষ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি তেওঁ উল্লেখ কৰে । 

অনুষ্ঠানত আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডঃ মহেন্দ্ৰ মুঞ্জাপাৰা, আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কটেছা, আয়ুষ মন্ত্ৰালয়ৰ বিশেষ সচিব প্ৰমোদ কুমাৰ পাঠক, আয়ুষ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল, বিশিষ্ট বক্তা, বিশেষজ্ঞ আৰু ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । 

আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডঃ মহেন্দ্ৰ মুঞ্জাপাৰাই আয়ুষত ডিজিটেল স্বাস্থ্য আৰু প্ৰযুক্তি সম্পৰ্কীয় প্ৰথমখন অধিৱেশনত অংশ লয় । তেওঁ কয় যে এতিয়া সমগ্ৰ বিশ্বই আয়ুষৰ শক্তিক অনুধাৱন কৰিছে । ডিজিটেল স্বাস্থ্য, আয়ুষ গ্ৰীড, উন্নত ডিজিটেল আৰু কাৰিকৰী প্ৰযুক্তিৰ সহায়ত আয়ুষৰ শক্তিক প্ৰাথমিক স্বাস্থ্যৰ যতনৰ পৰা বিশেষ স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত কৰিব পাৰি বুলি তেওঁ কয় । 

দুয়োগৰাকী মন্ত্ৰীৰ লগতে বিষয়ববীয়াসকলে অনুষ্ঠানৰ অংশৰূপে নতুন দিল্লীৰ মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ ঈশ্বৰ ভিঃ বাছাভাৰাদ্দিৰ উদ্যোগত আয়োজন কৰা যোগাভ্যাসত অংশ লয় । 

প্ৰথম দিনাৰ প্ৰথম অধিবেশনত আয়ুষত ডিজিটেল স্বাস্থ্য আৰু প্ৰযুক্তি, দ্বিতীয় অধিবেশনত আয়ুষ গৱেষণা; ভৱিষ্যতৰ কৌশল, প্ৰত্যাহ্বান আৰু আগুৱাই যোৱাৰ পথ আৰু তৃতীয় অধিবেশনত আয়ুষ শিক্ষা: ভৱিষ্যতৰ পদক্ষেপ, সামৰ্থ্য বৃদ্ধি, নিয়োগ সৃষ্টি আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয় । 
 
কাইলৈ দ্বিতীয় দিনা আয়ুষ ঔষধ উদ্যোগ, সেৱা আৰু আয়ুষৰ সামগ্ৰীৰ মান উন্নীতকৰণৰ ক্ষেত্ৰত বৰ্তমানৰ প্ৰত্যাহ্বান আৰু ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত অধিবেশন অনুষ্ঠিত হ’ব । পঞ্চম অধিবেশনত জনস্বাস্থ্য, প্ৰত্যাহ্বান আৰু ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হ’ব আৰু ভৱিষ্যতৰ ৰূপৰেখা অংকন তথা প্ৰতিবেদন উপস্থাপন কৰা হ'ব । 

আয়ুষ প্ৰতিষ্ঠানসমূহৰ উন্নীতকৰণৰ বাবে আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ সৰ্বাধিক ব্যৱহাৰেৰে ইয়াৰ ৰূপৰেখা যুগুত কৰা আৰু নতুন শিক্ষা নীতিৰ সৈতে আয়ুষৰ সমন্বয় সাধনৰ অৰ্থে পথৰ সন্ধান আৰু আয়ুষৰ সুবিধাসমূহ  গ্ৰহণ কৰিব পৰাকৈ বৰ্তমানৰ সেৱাসমূহৰ উন্নয়নৰ সম্ভাৱনাসমূহ চিনাক্ত কৰাই এই দুদিনীয়া চিন্তন বৈঠকৰ উদ্দেশ্য ।

NORTHEAST NEWS INDIA

Saturday, 25 February 2023

কৃষক ৰাইজৰ জ্ঞাতাৰ্থে

কৃষক ৰাইজৰ জ্ঞাতাৰ্থে

 ২৫ ফেব্রুৱাৰী,২০২৩ঃ সমগ্ৰ দেশৰ লগতে অসমৰো সমূহ জিলাৰ প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি (পি এম কিষান) আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলৰ ভিতৰৰ বুজন সংখ্যক কৃষকলৈ ১৩ নং কিস্তিৰ অনুদান “Live Webcast ”  অনুষ্ঠানৰ জৰিয়তে অহা ২৭ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে বিয়লি ৩ বজাত প্ৰদান কৰা হ’ব৷ 

মন কৰিব : ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰ্ণাটকৰ বেলগাভীৰ পৰা আনুষ্ঠানিকভাৱে হিতাধিকাৰী কৃষকৰ মাজত অনুদান বিতৰণ কৰিবলগীয়া এই কাৰ্যসূচী উপলক্ষে অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হ’ব লগীয়া “Live Webcast” অনুষ্ঠানত হিতাধিকাৰী কৃষক ৰাইজে অংশগ্ৰহণ কৰিবলৈ তলত উল্লেখ কৰা লিংকৰ জৰিয়তে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত পঞ্জীয়ন কৰিব পাৰিব -

https://pmevents.ncog.gov.in/registration/index/107

পঞ্জীয়ন প্ৰক্ৰিয়াত কোনো অসুবিধাৰ সন্মুখীন হ'লে সংশ্লিষ্ট জিলাৰ কৃষি উন্নয়ন বিষয়া/কৃষি সম্প্ৰসাৰণ সহায়ক/মিডিয়া বিশেষজ্ঞ/এপাৰ্ট-আত্মাৰ অধীনৰ এ টি এম আৰু বি টি এম সকলৰ সৈতে যোগাযোগ কৰক৷

NORTHEAST NEWS INDIA

Friday, 24 February 2023

*গোলাঘাটত কৃষক মেলা ২০২৩ ৰ সফল সামৰণি*

*গোলাঘাটত কৃষক মেলা ২০২৩ ৰ সফল সামৰণি*

শ্ৰেষ্ঠ বিপনীৰ বঁটা লাভ কৰে জিলা ৰেচম বিভাগে


২৪ ফেব্ৰুৱাৰী,২০২৩ গোলাঘাট:

কালিৰে পৰা গোলাঘাট জিলা পুথিভঁৰালৰ সন্মুখত  জিলা কৃষি বিভাগৰ উদ্যোগত আৰু  কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA) ৰ সহযোগত আয়োজন কৰা কৃষক মেলা ২০২৩ৰ  সফল সামৰণি পৰে। দুদিনিয়াকৈ অনুষ্ঠিত হোৱা কৃষক মেলা খনত যথেষ্ট ৰাইজৰ ভিৰ পৰিলক্ষিত হোৱা দেখা পোৱা যায়। আজিৰ দ্বিতীয় দিনাৰ পুৱা  গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত সংগীতা বৰঠাকুৰে  আজিৰ কৃষি ক্ৰেটা বিক্ৰেতা সমাৰোহ খন শুভ উদ্ধোধন কৰে। তেওঁ নিজৰ বক্তব্যত বেণ্ডৰ মানদণ্ড, জৈৱিক কৃষিৰ ওপৰত গুৰুত্ব,কৃষিৰ জৰিয়তে সংস্থাপন, দ্বৈত কৃষি, অসমৰ চন পৰি থকা মাটি সমূহত খেতি সম্পৰ্কত ৰাইজৰ আগত বক্তব্য প্ৰদান কৰে। তদুপৰি কৃষক ৰাইজক উদ্দেশ্য কৰি কয় যে কৃষি জাগৰণ সৃষ্টি কৰাটো অতি গুৰুত্ব পূৰ্ণ। গোলাঘাট জিলাৰ পৰাই কৃষি জাগৰণ আৰম্ভ কৰাৰ পোষকতা কৰে ।তদুপৰি কৃষক সকলে যাতে ফছলৰ উচিত মূল্য, বজাৰ সংযোগৰ ওপৰত গুৰুত্ব পূৰ্ণ বক্তব্য প্ৰদান কৰে।

গোলাঘাট জিলাৰ প্ৰগতিশীল খেতিয়ক তংক বৰাই কৃষক বিদ্ৰোহ, শীতলীকৰণ ভৱনৰ প্ৰয়োজনীয়তা আদি বিষয় সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। মহকুমা কৃষি বিষয়া ৰঞ্জন বৰুৱাই আত ধৰা ক্ৰেটা বিক্ৰেতা সমাৰোহ খনত প্ৰায় অৰ্ধ শতাধিক কৃষকে অংশগ্ৰহন কৰে। 

ইয়াৰ পাছত অনুষ্ঠিত হোৱা মুকলি সভাত জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই সভাপতিত্ব কৰে। উক্ত সভাত কৃষি মেলা খনত অংশগ্ৰহন কৰা বিপনী সমূহক বঁটা প্ৰদান কৰে। তদুপৰি কৃষক মেলা খনৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা সমূহৰ বঁটা প্ৰদান কৰে। শ্ৰেষ্ঠ বিপনী লাভ কৰে ৰেচম বিভাগ বিভাগে। দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ বিপনী বঁটা লাভ কৰে ক্ৰমে আত্মাৰ কাকডোঙা উন্নয়ন খণ্ড আৰু আত্মাৰপদুমনি উন্নয়ন খণ্ড দলে। সংসধিত কৃষি উৎপাদন শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে মুনমী শইকীয়া গগৈয়ে।দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে মনুৱাৰা বেগম আৰু সঞ্জীৱ গগৈয়ে। কেঁচা কৃষি উৎপাদন শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে  দিচৈ ভেলী কৃষক উৎপাদন কোম্পানীয়ে। দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে ৰাতুল হাজৰিকা আৰু কোখেশ্বৰ শইকীয়াই। গোলাঘাট জিলাৰ আত্মাৰ ডেপুটী প্ৰকল্প সঞ্চালক তপন মহন্তই আঁত ধৰা মুকলি সভা খনত সলাগৰ শৰাই আগবঢ়াই মহকুমা কৃষি বিষয়া ৰঞ্জন বৰুৱাই।  

ঊল্লেখযোগ্য যে কৃষক মেলা খনত কৃষকসকলৰ সুবিধাৰ বাবে ২০ খনতকৈও অধিক প্ৰদৰ্শনী দোকানৰ ব্যৱস্থা কৰা হৈছিল আৰু জিলা খনৰ বিভিন্ন অঞ্চলৰ প্ৰায় ১৫০০ কৃষক আৰু গোলাঘাট নগৰবাসীয়েও দুদিনৰ ভিতৰত অংশগ্ৰহন কৰে। ঊল্লেখ যে সামগ্ৰিকভাৱে অংশগ্ৰহণকাৰী কৃষকসকলে এই প্ৰচেষ্টাৰ প্ৰশংসা কৰে আৰু অনুভৱ কৰে যে এনে  কৃষক মেলাবোৰে কৃষকসকলক বহনক্ষম ভাৱে কৃষকৰ উপাৰ্জন বৃদ্ধিৰ সহায় প্ৰদান কৰে।

NORTHEAST NEWS INDIA

Thursday, 23 February 2023

*ই-ৰিক্সা চালকসকলক অহা ১০ মাৰ্চৰ ভিতৰত ২০২৩-২৪ বৰ্ষৰ যানবাহন কৰ আৰু যাৱতীয় নথি পত্ৰসমূহৰ নবীকৰণ কৰাবলৈ আহ্বান*

*ই-ৰিক্সা চালকসকলক অহা ১০ মাৰ্চৰ ভিতৰত ২০২৩-২৪ বৰ্ষৰ যানবাহন কৰ আৰু যাৱতীয় নথি পত্ৰসমূহৰ নবীকৰণ কৰাবলৈ আহ্বান*

 ২৩ ফ্ৰেব্ৰুৱাৰী,২০২৩ গোলাঘাটঃ
গোলাঘাট জিলাবাসী ই-ৰিক্সা চালকসকলক অহা ১০ মাৰ্চৰ ভিতৰত ২০২৩-২৪ বৰ্ষৰ যানবাহন কৰ আৰু যাৱতীয় নথি পত্ৰসমূহৰ নবীকৰণ কৰাবলৈ আহ্বান জনোৱা হৈছে ।  জিলা পৰিবহণ বিষয়াই যানবাহন কৰ আদায় নিদিয়া আৰু যাৱতীয় নথি পত্ৰৰ ম্যাদ উকলি যোৱা ই-ৰিক্সা চালকে নিৰ্ধাৰিত সময় অতিক্ৰম কৰিলে জৰিমনা ভৰিব লগা হ'ব পাৰে বুলি স্পষ্ট কৰি দিছে । সেয়ে ই-ৰিক্সা চালকসকললৈ অনুৰোধ - যানবাহন কৰ আদায় দিয়াৰ লগতে নথি পত্ৰসমূহ নবীকৰণ কৰি পৰিবহণ বিভাগক সহযোগ কৰক । 
NORTHEAST NEWS INDIA

*কলিয়াপানী গাঁও পঞ্চায়তত তৈল খেজুৰ খেতি সম্পৰ্কত প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত*

*কলিয়াপানী গাঁও পঞ্চায়তত তৈল খেজুৰ খেতি সম্পৰ্কত প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত*

২৩ ফেব্ৰুৱাৰী,২০২৩ গোলাঘাট:

গোলাঘাট জিলাৰ কলিয়াপানী গাঁও পঞ্চায়তত আজি তৈল খেজুৰ খেতি সম্পৰ্কত এখন কৃষক প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত হয়। আজিৰ এই প্ৰশিক্ষন কাৰ্য্যসূচীত সমল ব্যক্তি হিচাপে কৃষক সকলক তৈল পাম কৃষিৰ সুবিধা,আয়ৰ নতুন আহিলা,কেন্দ্ৰীয় ও ৰাজ্য চৰকাৰৰ এই খেতি সন্দৰ্ভত সুবিধা আদি বিষয়ত প্ৰশিক্ষক প্ৰাপ্তি গগৈয়ে কৃষক ৰাইজৰ উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। 

গোলাঘাট কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া ভাস্কৰ ফুকনে ভাৰত বৰ্ষত তৈল খেজুৰৰ গুৰুত্ব, খেতি কৰা সন্দৰ্ভত চৰকাৰে  কৃষকক প্ৰদান কৰা বিশেষ সুবিধা সাহায্য সমূহ, তৈল খেজুৰৰ উৎপাদন তথা উদ্যোগত প্ৰতক্ষ পৰোক্ষ নিয়োগ, কাৰিকৰী পৰামৰ্শ , তৈল খেজুৰ খেতিৰ সৈতে অন্য ফচল খেতি সন্দৰ্ভত কৃষক সকলৰ সৈতে মত বিনিম়য় কৰে। গোলাঘাট জিলা কৃষি বিভাগৰ হৈ কাৰ্য্যসূচী বিষয়া ড: অমৰজীত শইকীয়া আৰু সংবাদ বিশেষজ্ঞ
ভাৰ্গৱ শইকীয়াও আজিৰ এই কৰ্মশালা খনত অংশগ্ৰহন কৰে। 

উল্লেখযোগ্য যে আজিৰ এই প্ৰশিক্ষন কাৰ্যসূচীত কলিয়াপানী গাঁও পঞ্চায়তৰ সভাপতি ধৰ্মেশ্বৰ দাস, ভাৰতীয় জনতা পাৰ্টীৰ আঠগাওঁ মণ্ডলৰ সাধাৰণ সম্পাদক হেমেন গগৈ উপস্থিত থাকে। আজিৰ এই তৈল খেজুৰ খেতিৰ প্ৰশিক্ষন কাৰ্যসূচীত প্ৰায়  শতাধিক প্ৰগতিশীল কৃষক উপস্থিত থাকে।
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...