Thursday, 9 February 2023

*গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩

*গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ*

গোলাঘাট, ৯ ফেব্ৰুৱাৰী : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়ববীয়া আৰু অন্যান্য সংস্থাৰ সৈতে জিলাখনৰ ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয় । সভাত উপায়ুক্তগৰাকীয়ে জিলাখনৰ ধান ক্ৰয় কেন্দ্ৰসমূহৰ অৱস্থা আৰু ইয়াৰ মজুতকৰণ ক্ষমতাৰ বুজ লয় আৰু ক্ৰয় প্ৰক্ৰিয়া বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে । সভাত ভাৰতীয় খাদ্য নিগমৰ অধীনত অতিৰিক্ত গুদাম স্থাপন, দুমাহৰ বাবে চাউল আগতীয়াকৈ সংগ্ৰহ কৰা, ভাৰতীয় খাদ্য নিগমে সন্মুখীন হোৱা শ্ৰমিকৰ সমস্যা, ধানৰ নমুনাৰ সঠিক পৰীক্ষণ, পৰীক্ষাৰ পিছত প্ৰত্যাখ্যানৰ ভিত্তি সঠিকভাৱে পৰীক্ষা কৰা আদি বিভিন্ন বিষয় লৈ আলোচনা কৰা হয় । উপায়ুক্তগৰাকীয়ে বিভাগটোৰ বিষয়াসকলক বিভিন্ন সমবায় সমিতিৰ অধীনৰ গুদামসমূহত কিমান খালী ঠাই আছে এই বিষয়ে পুনৰীক্ষন কৰিবলৈ নিৰ্দেশ দিয়ে যাতে আগতীয়াকৈ সংগ্ৰহ কৰা চাউলসমূহ সেই ঠাইত কোনো অসুবিধা নোহোৱাকৈ মজুত কৰিব পৰা যায় । সভাত অতিৰিক্ত উপায়ুক্ত চুলতানা আখতাৰা আহমেদ, যোগান বিভাগৰ উপ-সঞ্চালক আদিত্য দোলাকাষৰীয়া, যোগান পৰিদৰ্শক বিনায়ম কৃষ্ণ, মাণ্ডলিক প্ৰবন্ধক, ক্ৰয় প্ৰবন্ধক, মিলৰ স্বত্বাধিকাৰীসকল, ক্ৰয় কেন্দ্ৰৰ প্ৰবন্ধক আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Wednesday, 8 February 2023

*গৃহ জিলাত কেপ্টেইন জিন্টু গগৈ বীৰ চক্ৰ ফুটবল প্ৰতিযোগিতাৰ বিজয় ট্ৰফি, ১৫ ফেব্ৰুৱাৰীত দুলীয়াজানত আৰম্ভ হ'ব প্ৰতিযোগিতা*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৩/২০২৩

*গৃহ জিলাত কেপ্টেইন জিন্টু গগৈ বীৰ চক্ৰ ফুটবল প্ৰতিযোগিতাৰ বিজয় ট্ৰফি, ১৫ ফেব্ৰুৱাৰীত দুলীয়াজানত আৰম্ভ হ'ব প্ৰতিযোগিতা*
গোলাঘাট, ৮ ফেব্ৰুৱাৰী : অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত থকা যুৱ ক্ৰীড়া প্ৰতিভাসমূহক উলিয়াই অনা আৰু তেওঁলোকৰ মাজত ক্ৰীড়া সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত আয়োজন কৰা অষ্টাদশ সংস্কৰণৰ কেপ্টেইন জিন্টু গগৈ বীৰ চক্ৰ ফুটবল প্ৰতিযোগিতাৰ বিজয় ট্ৰফি আজি সেনাবাহিনীৰ জয়পুৰ বেটেলিয়নৰ উদ্যোগত বীৰ শ্বহীদগৰাকীৰ গৃহ জিলা গোলাঘাটৰ খুমটাইলৈ অনা হয় । উল্লেখ্য যে শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আৰু নৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৃষ্ট কৰাৰ লক্ষ্যৰে ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত এই বিজয় ট্ৰফি লৈ ৰাজ্যৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰা হৈছে । এই উপলক্ষে গোলাঘাটৰ খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সেনাবাহিনীৰ উদ্যোগত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয় । অনুষ্ঠানত কেপ্টেইন জিন্টু গগৈৰ পিতৃ অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়া ঠগীৰাম গগৈ আৰু মাতৃ দুলুপ্ৰভা গগৈ, অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ মুখ্য অতিথিৰূপে উপস্থিত আছিল । অনুষ্ঠানৰ অংশৰূপে সেনাবাহিনীৰ বেণ্ড প্ৰদৰ্শন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠান, দেশপ্ৰেমমূলক নৃত্য আদি পৰিৱেশন কৰা হয় । আজিৰ অনুষ্ঠানত ভাৰতীয় সেনাবাহিনীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া, শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত আছিল । উল্লেখযোগ্য যে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ দুলীয়াজানৰ নেহৰু ময়দানত কেপ্টেইন জিন্টু গগৈ বীৰ চক্ৰ ফুটবল প্ৰতিযোগিতাৰ অষ্টাদশ সংস্কৰণ আৰম্ভ হ'ব । দুলীয়াজানৰ উপৰি তিনিচুকীয়া, ডিব্ৰুগড় আৰু ডিগবৈতো প্ৰতিযোগিতাৰ খেলসমূহ অনুষ্ঠিত হ'ব । প্ৰতিযোগিতাত ৮ খন ৰাজ্যৰ ২৪ টা দলে অংশগ্ৰহণ কৰিব । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

গোলাঘাটত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮২/২০২৩

*গোলাঘাটত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন*

গোলাঘাট, ৮ ফেব্ৰুৱাৰী : গোলাঘাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় । উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকৰ প্ৰথম ভাগত ৰেচম, হস্ততাঁত আৰু বস্ত্ৰশিল্প, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, কৰ, পৰিবহণ, ভূমি সংৰক্ষণ, বন, মীন, পশুচিকিৎসা, পৰ্যটন, নগৰ আৰু গাঁও পৰিকল্পনা, জলসম্পদ, শিক্ষা, শ্ৰমিক কল্যাণ আদি বিভাগৰ লগতে কেইবাখনো বৰ্ডৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয় । বৈঠকত উপায়ুক্তগৰাকীয়ে সমবায়, দুগ্ধ উন্নয়ন, পৌৰ প্ৰশাসন, খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড, হাউচিং বর্ড, নগৰীয়া পানী আৰু পয় প্ৰণালী বৰ্ড, অসম গেছ কোম্পানী আৰু নাবাৰ্ডৰ অধীনৰ কাম-কাজ আৰু বিভিন্ন আঁচনিৰ ৰূপায়ন সন্দৰ্ভত আলোচনা কৰে । তেওঁ প্ৰতিটো বিভাগ আৰু সংশ্লিষ্ট বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত আঁচনি ৰূপায়নকে ধৰি কাম-কাজসমূহ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে যাতে জনসাধাৰণে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় । বৈঠকৰ দ্বিতীয় ভাগত উপায়ুক্তগৰাকীয়ে লোকনিৰ্মাণ (পথ) লোকনিৰ্মাণ (গৃহ), ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম, অসম শক্তি বিতৰণ কোম্পানী আৰু জলসিঞ্চন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । তেওঁ বিভাগসমূহক পথ, দলং, খহনীয়া প্ৰতিৰোধী প্ৰকল্প আদিৰ ৰূপায়ন খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে আৰু নিৰ্মাণৰত আঁচনিসমূহৰ বিষয়ে বিতংভাৱে বুজ লয় । বৈঠকত জিলা উন্নয়ন আয়ুক্ত অর্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিন্সেংফা বৰুৱা আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Sunday, 5 February 2023

असम के साहित्य और सामाजिक कार्यकर्ता केशव चंद्र बोरा ने, स्थान: होटल गुणवत्ता इन सबरी ग्रैंड चेन्नई मे आयोजन, दक्षिण पश्चिमी अमेरिकी विश्वविद्यालय से एचवाई डॉक्टरेट डिग्री प्रमाण पत्र और सनमन प्राप्त किया

05 February 2023 : आज असम के  साहित्य और सामाजिक कार्यकर्ता केशव चंद्र बोरा ने, स्थान: होटल गुणवत्ता इन सबरी ग्रैंड चेन्नई मे आयोजन, दक्षिण पश्चिमी अमेरिकी विश्वविद्यालय से एचवाई डॉक्टरेट डिग्री प्रमाण पत्र और  सनमन प्राप्त किया है। पुरस्कार विजेता बैठक का आयोजन चेन्नई में ग्लोबल अचीवर काउंसिल द्वारा किया गया। डॉ. केशव चंद्र बोरा को महाराष्ट्र विन ट्रस्ट की ओर से सम्मान राष्ट्र प्रतिभा गौरव पुरस्कार भी मिल चुका है।

NORTHEAST NEWS INDIA

Saturday, 4 February 2023

Welcome

*গঁড়ৰ মুকলি বিচৰণ : পদুমনি-দেৰগাঁও অঞ্চলত প্ৰশাসনৰ নিষেধাজ্ঞা*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮১/২০২৩

*গঁড়ৰ মুকলি বিচৰণ : পদুমনি-দেৰগাঁও অঞ্চলত প্ৰশাসনৰ নিষেধাজ্ঞা*
গোলাঘাট, ৪ ফেব্ৰুৱাৰী : গোলাঘাট জিলাৰ পদুমনি-দেৰগাঁও অঞ্চলত এটা গঁড়ৰ মুকলি বিচৰণ সন্দৰ্ভত গোলাঘাটৰ মাণ্ডলিক বন বিষয়াৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত তথা অঞ্চলটোত হোৱা জন সমাগমৰ পৰিপ্ৰেক্ষিতত বন বিভাগে গঁড়টো আঁতৰাই পঠোৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা আৰু জনসাধাৰণৰ জীৱনৰ প্ৰতি আহিব পৰা ভাবুকি আৰু সুৰক্ষাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । এই নিৰ্দেশনা অনুসৰি পদুমনি-দেৰগাঁও অঞ্চল আৰু বন বিভাগে অভিযান চলাই থকা এলেকাসমূহত তিনিজনতকৈ অধিক লোকৰ সমাগম নিষিদ্ধ কৰা হৈছে । লগতে  সন্ধিয়া ৫.৩০ বজাৰ পৰা পুৱা ৫.৩০ বজালৈ অঞ্চলটোত মানুহৰ চলা-ফুৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে । জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ এইসমূহ নিষেধাজ্ঞা জাৰি কৰা হৈছে । গঁড়টো বনাঞ্চললৈ আঁতৰি নোযোৱালৈকে এই নিৰ্দেশ বাহাল থাকিব ।  

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Friday, 3 February 2023

Deputy Commissioner, Golaghat today visited Merapani Community Health Centre

Deputy Commissioner, Golaghat today visited Merapani Community Health Centre

Golaghat 03 Feb 2023 : Dr P Uday Praveen, IAS, Deputy Commissioner, Golaghat today visited Merapani Community Health Centre and took stock of the functioning of the hospital. During the visit the Deputy Commissioner inspected labor room of the health facility and held a discussion with the doctors and health workers regarding health and medical services and facilities being provided to the patients. During his visit he was informed about various issues like shortage of Doctors and ambulance, upgradation of the hospital etc. Since the hospital is located near the Assam-Nagaland border hence he put emphasis on the provision of adeqaute health facilities and amenities. He also interacted with the patients and addressed their problems. The deputy commissioner also visited the family of a maternal death and reviewed the causes of her death. He also took stock of the family whether they are being benefitted from govt schemes implemented by various departments. During his visit he was accompanied by Dr Arun Chandra Mahanta, Joint Director, Health, SDMHO, KB Ali, DPM, NHM and officials from health department and other departments.

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...