জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৭০/২০২২
*গোলাঘাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ বনৰক্ষীসকলৰ বাবে তিনিদিনীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ*
গোলাঘাট, ১১ জানুৱাৰী : গোলাঘাট জিলাৰ কহঁৰাত থকা কাজিৰঙা সন্মিলন কেন্দ্ৰত আজিৰেপৰা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, গোলাঘাটৰ উদ্যোগত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ বনৰক্ষীসকলৰ বাবে সন্ধান আৰু উদ্ধাৰ অভিযান তথা দুৰ্যোগৰ সময়ত জীৱ-জন্তুৰ সুৰক্ষা আৰু যতন সম্পৰ্কীয় তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে । আজি অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া পল্লৱী গগৈয়ে উদ্বোধন কৰা এই প্ৰশিক্ষণত পূব অসম বন্যপ্ৰাণী মণ্ডল, বোকাখাতৰ মাণ্ডলিক বন বিষয়া ৰমেশ কুমাৰ গগৈয়ে অংশগ্ৰহণ কৰে । প্ৰশিক্ষণ কাৰ্যসূচীত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰা সমল ব্যক্তি হিচাপে প্ৰকল্প বিষয়া ড° কৃপালজ্যোতি মজুমদাৰ আৰু কিশোৰ দত্ত, ১ নং এন ডি আৰ এফ, গুৱাহাটীৰ পৰিদৰ্শক পৃথ্বী সিং আৰু তেওঁৰ দলে অংশগ্ৰহণ কৰে । উদ্বোধনী অনুষ্ঠানত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া আৰু ক্ষেত্ৰ বিষয়াসকলো উপস্থিত আছিল । আজিৰ প্ৰশিক্ষণত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মুঠ ৪৮ গৰাকী বনৰক্ষী আৰু বিষয়াই অংশগ্ৰহণ কৰে । এই তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সময়ছোৱাত অংশগ্ৰহণকাৰীসকলক প্ৰাথমিক চিকিৎসাৰ মৌলিক জ্ঞান , উদ্ধাৰ কৌশল, তৎকালীনভাৱে ল'ব পৰা পদ্ধতি, যোগাযোগ, দুৰ্যোগৰ সময়ত জীৱ-জন্তুৰ যত্ন আৰু সুৰক্ষা আৰু নাৱেৰে চলোৱা অভিযানৰ মৌলিক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA