Saturday, 29 October 2022
Friday, 28 October 2022
*মা আৰু প্ৰকৃতিৰ কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি*
*মা আৰু প্ৰকৃতিৰ কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি*
নগাঁও ২৮ অক্টোবৰ, ২০২২ঃ
নগাঁৱত মা আৰু প্ৰকৃতিৰ কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি_____ মা আৰু প্ৰকৃতিৰ মানৱ সেৱা আৰু ভাতৃতব বন্ধনৰ ভেটি সুদৃঢ় কৰা উদ্দেশ্যে গোলাঘাটত প্ৰতিষ্ঠা হোৱা মানৱ সেৱাৰ শ্ৰেষ্ঠ সামাজিক অনুষ্ঠান য'ত পৰিয়ালৰ মহান চিন্তা ধাৰা সকলোৱে মিলি কৰা নতুন প্ৰজন্মক সু পথে আগবঢ়াই নিয়া হ'ব সমাজৰ কু সংস্কাৰ আতঁৰাই সু সংস্কাৰ লৈ পৰিবৰ্তন কৰিব লাগিব লগতে এখন সুন্দৰ সমাজ পাবলৈ আমাৰ নীতি নিয়ম সু পৰিপক্ক ভাৱে কৰিব লাগিব। মা আৰু প্ৰকৃতিৰ যি বিশাল ধাৰা অক্ষুণ্ণ ৰখাৰ আন এক উদ্দেশ্যে অসমৰ প্ৰাথমিক আঞ্চলিক শাখাৰ পৰা জিলাৰ শাখা লৈকে একগোট কৰি নগাঁৱত অথৱা হোজাইত অহা জানুৱাৰীত এদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় অধিবেশনৰ আয়োজন কৰা হৈছে। উক্ত অধিৱেশনলৈ অসমৰ সকলো ৰাইজক আমন্ত্ৰণ জনোৱা উপৰিও অধিবেশন খন সফল কৰি তুলিবলৈ সকলো ধৰনৰ সহায় সহযোগিতা বিচাৰি এক প্ৰেছ বিবৃতি যোগে মা আৰু প্ৰকৃতিৰ প্ৰতিষ্ঠাপক মাধৱ গগৈ ডাঙৰীয়া আৰু উপ-সভাপতি কেশৱ বৰাই বিশেষ ভাৱে আহ্বান জনাইছে। আপোনালোকৰ বহু মূলীয়া পৰামৰ্শ বিচাৰি ফোন নম্বৰ ৯৮৫৪৪০৭৮০৪ নম্বৰত যোগাযোগ কৰিব পাৰিব। অথৱা গাঁও ডাকঘৰ বিহৰী গাঁও ননৈ জিলা নগাঁও এই ঠিকনাত নিজৰ এলেকাৰ প্ৰাথমিক আঞ্চলিক সমিতি গঠন কৰিব পাৰিব লগতে বিশজন প্ৰতিনিধি নাম কেশৱ বৰাৰ হাতত জমা দিবৰ বাবে অনুৰোধ জনোৱা হ'ল।
NORTHEAST NEWS INDIA
Thursday, 27 October 2022
Monday, 24 October 2022
*কেশৱ বৰালৈ মহাত্মা গান্ধী শান্তি সেৱা ৰাষ্ট্ৰীয় বঁটা*
*কেশৱ বৰালৈ মহাত্মা গান্ধী শান্তি সেৱা ৰাষ্ট্ৰীয় বঁটা*
২৪ অক্টোবৰ,২০২২ঃ
কেশৱ বৰালৈ মহাত্মা গান্ধী শান্তি সেৱা ৰাষ্ট্ৰীয় বঁটা ______বিগত ৩২ টা বছৰ ধৰি সাহিত্য সংস্কৃতি শিক্ষা পৰিবেশ ক্ষেত্ৰখনৰ সৈতে জড়িত নগাঁৱৰ বিশিষ্ট উদ্যোগী সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট লেখক সমাজ সেৱক ৰূপেও বিশেষ ভাৱে পৰিচিত তথা গুৱাহাটীৰ শান্তি সাধনা আশ্ৰমৰ একান্ত সেৱক কেশৱ বৰাক অলপতে মহাৰাষ্ট্ৰ আৰু বিশাখাপটৰনম ত গান্ধী জয়ন্তী উপলক্ষে নৱৰাত্ৰি আৰু ভাৰতৰ স্বাধীনতা ৭৫ তম অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অসমৰ নগাঁৱৰ লেখক কৃতী শিক্ষক কেশৱ বৰাক মহাত্মা গান্ধীৰ শান্তি সেৱা ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। ইয়াৰ উপৰিও চিননাৰাও ওৱেলফেৱাৰ সমাজেও বিশাখাপটনমত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে। এই বঁটা প্ৰাপ্তিৰ বাবে তেওঁক নগাঁৱৰ পাথৰি আৰু পশ্চিম ননৈ আঞ্চলিক বাৰগঞা ৰাইজে সম্বৰ্ধনা জনায়।
NORTHEAST NEWS INDIA
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...