Sunday, 23 October 2022
Golaghat Breaking News
Golaghat Breaking News
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ৩৫৬/২০২২
*দীপাৱলী আৰু চট্ পূজা উপলক্ষে গোলাঘাট জিলাত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি*
গোলাঘাট, ২৩ অক্টোবৰঃ গোলাঘাট জিলা প্ৰশাসনে অহা ২৪ আৰু ২৫ অক্টোবৰৰ দীপাৱলী আৰু ৩০ অক্টোবৰত হ'বলগীয়া চট্ পূজা সুচাৰুৰূপে আৰু প্ৰদূষণমুক্তভাবে উদযাপন কৰাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত সমগ্ৰ জিলাতে কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে । উচ্চতম ন্যায়ালয়ে ২০০৫ চনৰ ১৮ জুলাইত দিয়া ৰায় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ নিৰ্দেশনাসমূহৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই এই নিৰ্দেশ জাৰি কৰিছে । সেই অনুসৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ শব্দ প্ৰদূষণ সৃষ্টিকাৰী আটচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । শব্দ প্ৰাবল্য ১২৫ ডেচিবেল (এ আই) অথবা ১৪৫ ডেচিবেল (চি) ৰ মাত্ৰা অতিক্ৰম কৰা কোনো আটচবাজী প্ৰস্তুত, বিক্ৰী অথবা ব্যৱহাৰ কৰিব নোৱাৰিব । চিকিৎসালয়, শিক্ষানুষ্ঠান, আদালত, চৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থান, পেট্ৰল পাম্প, পেট্ৰ'লিয়ামজাত সামগ্ৰী মজুত কৰি ৰখা ঠাই, ৰন্ধন গেছ মজুত কৰি ৰখা স্থান, পাৱাৰ হাউচ আৰু অন্য স্পৰ্শকাতৰ স্থানৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আটচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । অনুজ্ঞাপত্ৰ নোহোৱাকৈ অথবা অধিসূচিত নোহোৱা কোনো স্থানত আটচবাজী বিক্ৰী কৰিব নোৱাৰিব । ৰাজহুৱা পথ, পদপথ অথবা অন্য কোনো পথত আটচবাজী ব্যৱহাৰ কৰিব নোৱাৰিব । পদপথ অথবা যান-যঁত হৈ থকা অঞ্চললৈ লক্ষ্য কৰি আটচবাজী দলিওৱাটো নিষিদ্ধ কৰা হৈছে । নিশা ১০ বজাৰ পিছত লাউড স্পিকাৰ অথবা মাইকৰ ব্যৱহাৰ কৰিব নোৱাৰিব । তদুপৰি যিকোনো ধৰৰণ সম্ভাব্য সমাজ-বিৰোধী কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে মহিলা, ১৫ বছৰ বয়সৰ তলৰ শিশু, কিশোৰ-কিশোৰী, ৬০ বছৰৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক, চৰকাৰী চাকৰিয়াল আৰু কৰ্তব্যৰত নিৰাপত্তাৰক্ষীৰ বাহিৰে দুচকীয়া বাহনত দুজন উঠাটো নিষিদ্ধ কৰা হৈছে ।
*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA
Saturday, 22 October 2022
Friday, 21 October 2022
*গোলাঘাট জিলাৰ গুলোংতেমেৰা গাঁও পঞ্চায়তৰ মাজ চাপৰি পানীযোগান আঁচনি উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ**অসমত গুনোৎসৱৰ আৰ্হিত হ'ব জলোৎসৱ, চৰকাৰী বিষয়াই কৰিব আঁচনি পৰিদৰ্শন আৰু মূল্যায়ন, ঘৰে-ঘৰে পানীৰ গুণাগুণ আৰু আঁচনি ৰূপায়ন সন্দৰ্ভত হ'ব সমীক্ষা**দেশী-বিদেশী পৰ্যটকসকলৰ আগত অসমৰ নঞাৰ্থক ছবি প্ৰতিফলিত হোৱা কাম কৰাৰ পৰা বিৰত থাকক : বৰুৱা*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ৩৫৫/২০২২
*গোলাঘাট জিলাৰ গুলোংতেমেৰা গাঁও পঞ্চায়তৰ মাজ চাপৰি পানীযোগান আঁচনি উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ*
*অসমত গুনোৎসৱৰ আৰ্হিত হ'ব জলোৎসৱ, চৰকাৰী বিষয়াই কৰিব আঁচনি পৰিদৰ্শন আৰু মূল্যায়ন, ঘৰে-ঘৰে পানীৰ গুণাগুণ আৰু আঁচনি ৰূপায়ন সন্দৰ্ভত হ'ব সমীক্ষা*
গোলাঘাট, ২১ অক্টোবৰঃ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি কৃষি, পশু পালন আৰু পশু চিকিৎসা ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট জিলাৰ বোকাখাত সংমণ্ডলৰ অধীনৰ দেৰগাঁও উপ-সংমণ্ডলৰ গুলোংতেমেৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজ চাপৰি পানীযোগান আঁচনিখন উদ্বোধন কৰে । এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগৰ দ্বাৰা এতিয়ালৈকে ৰাজ্যখনৰ ২৫ লাখ লোকৰ ঘৰলৈ নলযোগে বিশুদ্ধ পানী যোগান ধৰা হৈছে । ৰাইজৰ সহযোগতহে এই পানী যোগান আঁচনিসমূহৰ সফল ৰূপায়ন সম্ভৱ বুলি উল্লেখ কৰি তেওঁ জনসাধাৰনক এই আঁচনিসমূহক নিজৰ আঁচনি জ্ঞান কৰি চোৱা-চিতা কৰিবলৈ আহ্বান জনায় । জলমিত্ৰসকলে সন্মুখীন হৈ অহা সমস্যাসমূহৰ সমাধানৰ বাবে চৰকাৰে চিন্তা-চৰ্চা কৰিছে বুলি উল্লেখ কৰি আঁচনিসমূহ দীৰ্ঘস্থায়ী কৰাৰ বাবে উপভোক্তা সমিতিসমূহ অৰ্থাৎ ৰাইজৰ অংশীদাৰিত্ব নিতান্তই প্ৰয়োজন বুলি তেওঁ কয় । তেওঁ কয় যে গুনোৎসৱৰ আৰ্হিত অচিৰেই জলোৎসৱ আৰম্ভ কৰা হ'ব । জলোৎসোৱ কাৰ্যসূচীৰ অধীনত চৰকাৰী বিষয়াসকলে প্ৰতিখন পানী যোগান আঁচনি পৰিদৰ্শন কৰি আঁচনিসমূহৰ ৰূপায়ন সন্দৰ্ভত মূল্যায়ন কৰিব । লগতে আত্মসহায়ক গোটৰ মহিলাসকলে ঘৰে ঘৰে গৈ জল জীৱন আঁচনিৰ অধীনত সকলোৱে পানী লাভ কৰিছেনে নাই সেয়া সুনিশ্চিত কৰাৰ লগতে পানীৰ গুণাগুণ পৰীক্ষাৰ ব্যৱস্থা কৰিব । তেওঁ কয় যে দূষিত পানী সেৱন কৰাৰ ফলতেই সৰ্বাধিক ৰোগৰ সংক্ৰমণ হোৱা দেখা যায় । সেয়ে বিশুদ্ধ পানী আৰু প্ৰাকৃতিক উৎসসমূহৰ পৰা পোৱা সহজলভ্য পানীৰ মাজৰ পাৰ্থক্য অনুধাৱন কৰি পানীৰ অপব্যৱহাৰ নকৰিবলৈ মন্ত্ৰীগৰাকীয়ে ৰাইজৰ প্ৰতি আহ্বান জনায় । আনহাতে পৰ্যটন বিভাগৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনলৈ আগমন ঘটা দেশী-বিদেশী পৰ্যটকসকলৰ আগত যাতে অসমৰ ছবিখন কোনো কাৰণতে নঞাৰ্থক ৰূপত প্ৰতিফলিত নহয় তাৰ বাবে সকলোকে সচেতন হ'বলৈ আহ্বান জনায় । সামগ্ৰিকভাৱে ৰাজ্যখনৰ পৰ্যটন খণ্ড আৰু কাজিৰঙাৰ কাষৰীয়া অঞ্চলসমূহত গ্ৰাম্য পৰ্যটনৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ পৰ্যটকসকলৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে কাজিৰঙাৰ জীপ ছাফাৰি ব্যৱস্থা অধিক উন্নত কৰাৰ বাবে ৰাজসাহায্য মূল্যত নতুন জীপ আগবঢ়োৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব । তদুপৰি কেইমাহমানৰ ভিতৰতে টুৰিষ্ট গাইডসকলক উন্নত মানৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি তেওঁ কয় ।
অনুষ্ঠানত দিয়া ভাষণত কৃষি মন্ত্ৰী অতুল বৰাই পানী যোগান আঁচনি সমূহক চৰকাৰৰ আঁচনি বুলি নাভাবি নিজৰ সম্পদ হিচাপে জ্ঞান কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । লগতে ৰাইজক আঁচনিসমূহ নিজে চোৱা-চিতা কৰিবলৈ কয় ।
উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আদৰণি ভাষণ দিয়া অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তা বিজিত দত্তই শলাগৰ শৰাই আগবঢ়ায় । অনুষ্ঠানত জিলা পৰিষদৰ সভানেত্ৰী হেলিনা পেগু দলে, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, আঞ্চলিক পঞ্চায়তৰ সদস্য ববিতা পেগু, গুলোংতেমেৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী জয়ন্তী লয়িং, জিলা বিজেপিৰ সভাপতি দেবপ্ৰদীপ বৰা আৰু ভালেসংখ্যক ৰাইজ উপস্থিত আছিল ।
উল্লেখযোগ্য যে ২০২২-২৩ বৰ্ষৰ জল জীৱন অভিযানৰ অধীনত ১২৯.৯৪ লাখ টকা ব্যয়সাপেক্ষে ৰূপায়ন কৰা এই আঁচনিৰ দ্বাৰা গুলোংতেমেৰা গাঁও পঞ্চায়তৰ অধীনৰ ১৫৫ ঘৰ লোক উপকৃত হ'ব ।
*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA
Thursday, 20 October 2022
এটি বিশেষ আহ্বান সকলো মানৱ জাতিলৈ।
*মা আৰু প্ৰকৃতি*
এটি বিশেষ আহ্বান সকলো মানৱ জাতিলৈ।
আগন্তুক আহি থকা দীপান্বিতা , দিপাৱলীৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন জনাইছো।
আহক আমি সকলোৱে প্ৰাকৃতিক পৰিৱেশ প্ৰদূষণ দুষিত হোৱা যি কোনো সামগ্রী বৰ্জন কৰো।
দীপান্বিতা , দিপাৱলী আমি সকলোৱে অকল মাটিৰ চাকি জলাই উৎসৱ পালন কৰো আৰু শব্দ প্ৰদূষণৰ পৰা দুৰত থাকো, আৰু প্ৰকৃতি, পৰিৱেশ, প্ৰদূষণৰ পৰা ৰক্ষা কৰো।।
আহঁক আমি সকলোৱে এই নতুন চিন্তা ধাৰাক আদৰি লওঁ।।
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ।
Wednesday, 19 October 2022
Tuesday, 18 October 2022
আপুনি TB MuktBharat বাস্তৱত পৰিণত কৰাত অৰিহণা যোগাব পাৰে। নি-ক্ষয় মিত্ৰ হ'বলৈ নিম্নলিখিত লিংকত ক্লিক কৰক
আপুনি TB MuktBharat বাস্তৱত পৰিণত কৰাত অৰিহণা যোগাব পাৰে। নি-ক্ষয় মিত্ৰ হ'বলৈ নিম্নলিখিত লিংকত ক্লিক কৰক:
communitysupport.nikshay.in
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...