Thursday, 13 October 2022

*গোলাঘাট জিলাৰ তিনিটা ৰাজহ চক্ৰত বান সতৰ্কতা সম্পৰ্কীয় বাটৰ নাট কাৰ্যসূচী মুকলি*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ৩৫৪/২০২২

*গোলাঘাট জিলাৰ তিনিটা ৰাজহ চক্ৰত বান সতৰ্কতা সম্পৰ্কীয় বাটৰ নাট কাৰ্যসূচী মুকলি*
গোলাঘাট, ১২ অক্টোবৰঃ আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন দিৱস উপলক্ষে আজি গোলাঘাট জিলাৰ খুমটাই, বোকাখাত আৰু দেৰগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ উদ্যোগত বান সতৰ্কতা সম্পৰ্কীয় সজাগতামূলক বাটৰ নাট কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় । এই কাৰ্যসূচীৰ অংশৰূপে আজি খুমটাই চাৰিআলিত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয় । এই উপলক্ষে খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত খুমটাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তনভিৰ ইউচুফ আহমেদ, সমাজ সেৱক তথা অৱসৰপ্ৰাপ্ত বায়ুসেনা  বিষয়া ঠগীৰাম গগৈ, দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰ বিষয়া, গাঁওপ্ৰধান আৰু প্ৰতিৰোধী বন্ধু স্বেচ্ছাসেৱীসকল আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ কৰ্মচাৰীসকলে অংশ লয় । এই কাৰ্যসূচীৰ অংশৰূপে খুমটাই আৰু বোকাখাত ৰাজহ চক্ৰৰ অধীনত ছচিয়েল ডেভেলপমেণ্ট ফ'ৰাম নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত বান অধ্যুষিত গাঁওসমূহত বান সতৰ্কতা সম্পৰ্কীয় ১০ খনকৈ বাটৰ নাট প্ৰদৰ্শন কৰা হ'ব । আনহাতে দেৰগাঁৱত জে পি প্ৰডাকচন টীমৰ উদ্যোগত দেৰগাঁৱৰ বান অধ্যুষিত এলেকাত ১০ খন বাটৰ নাট প্ৰদৰ্শন কৰা হ'ব । দেৰগাঁৱত আজি অনুষ্ঠিত বাটৰ নাট কাৰ্যসূচীত চক্ৰ বিষয়া চিৰঞ্জীত দাস, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প প্ৰবন্ধক ৰণী ৰাজকুমাৰ, দেৰগাঁও পৌৰ সভাৰ অধ্যক্ষ আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলে অংশ লয় । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Wednesday, 12 October 2022

*গোলাঘাটত অসম বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিৰ পৰ্যালোচনা সভা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ৩৫৩/২০২২

*গোলাঘাটত অসম বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিৰ পৰ্যালোচনা সভা*

গোলাঘাট, ১২ অক্টোবৰঃ অসম বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিয়ে আজি গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত জিলাখনৰ গুৰুত্বপূৰ্ণ উন্নয়নী বিভাগসমূহৰ সৈতে এখন পৰ্য্যালোচনা সভাত মিলিত হয়। এই পৰ্য্যালোচনা সভাত সমিতিখনে বিভাগসমূহৰ অধীনত জিলাখনত ৰূপায়ন হৈ থকা  আচঁনিসমূহৰ কাম-কাজ আৰু অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে, আজি দিনজোৰা কাৰ্য্যসূচীৰে গোলাঘাট জিলাত উপস্থিত হোৱা এই সমিতিখনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ আদি কেইবাটাও বিভাগৰ দ্বাৰা ৰূপায়ন হৈ থকা কেইবাখনো আচঁনি পৰিদৰ্শন কৰে। দলটোৱে জলসম্পদ, লোকনিৰ্মাণ, পঞ্চায়ত ও গ্ৰামোন্নয়ন, সমাজ কল্যাণ, জলসিঞ্চন, জনস্বাস্থ্য কাৰিকৰী, পৰিৱেশ আৰু বন, কৃষি, শিক্ষা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, খাদ্য আৰু অসামৰিক যোগান, স্বাস্থ্য, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভিন্ন বিভাগৰ পৰ্যালোচনা কৰে । আজিৰ পৰ্য্যালোচনা সভাত অসম বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিখনে প্ৰতিটো বিভাগকে নিষ্ঠাসহকাৰে তথা কামৰ মানৰ সৈতে কোনো আপোচ নকৰাকৈ আচঁনিসমূহ ৰূপায়ন কৰিবলৈ আহ্বান জনায়। সভাত অসম বিধানসভাৰ ৰাজহুৱা হিচাপৰক্ষী সমিতিৰ সভাপতি বিধায়ক ৱাজেদ আলি চৌধুৰী তথা সমিতিৰ সদস্য ক্ৰমে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিধায়ক বসন্ত দাস, বিধায়ক হাফিজ বচিৰ আহমেদ, বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, বিধায়ক উৎপল বৰা, বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ, বিধায়ক কৰিম উদ্দিন বৰভূঞা, বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, বিধায়ক চক্ৰধৰ গগৈ, বিধায়ক কৌশিক ৰায় সমন্বিতে সচিব অনুসুৱা দত্ত বৰুৱা, অতিৰিক্ত সচিব ক্ৰমে মুনিন্দ্ৰ শৰ্মা, তেজ প্ৰসাদ ভূষাল, দেৱ কুমাৰ কলিতা, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু বিভিন্ন বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 11/10/2022.

Assam COVID-19🦠😷 Details
 11/10/2022.

Welcome

Tuesday, 11 October 2022

Assam COVID-19🦠😷 Details 10/10/2022.

Assam COVID-19🦠😷 Details
 10/10/2022.

*মুখ্য সচিব পৱন বৰঠাকুৰৰ গোলাঘাট জিলাৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা**বিভাগসমূহক পৰস্পৰৰ মাজত সমন্বয় ৰক্ষা কৰি কাম কৰাৰ নিৰ্দেশ**জটিলতাসমূহক সুযোগলৈ ৰূপান্তৰ কৰক : বিষয়াসকলৰ প্ৰতি আহ্বান বৰঠাকুৰৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ৩৫২/২০২২

*মুখ্য সচিব পৱন বৰঠাকুৰৰ গোলাঘাট জিলাৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা*

*বিভাগসমূহক পৰস্পৰৰ মাজত সমন্বয় ৰক্ষা কৰি কাম কৰাৰ নিৰ্দেশ*

*জটিলতাসমূহক সুযোগলৈ ৰূপান্তৰ কৰক : বিষয়াসকলৰ প্ৰতি আহ্বান বৰঠাকুৰৰ*

গোলাঘাট, ১১ অক্টোবৰঃ অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে আজি গোলাঘাট আৱৰ্ত ভৱনৰ সভাকক্ষত গোলাঘাট জিলাৰ কেইবাটাও বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । তেওঁ বিভিন্ন বিভাগৰ অধীনত ৰূপায়ন হৈ থকা আঁচনিসমূহৰ অগ্ৰগতি, আঁচনি ৰূপায়নৰ ক্ষেত্ৰত সন্মূখীন হোৱা সমস্যা আৰু এই বিষয়সমুহৰ আশু সমাধানসূত্ৰ উলিওৱাৰ ক্ষেত্ৰত ল'ব পৰা ব্যৱস্থা সন্দৰ্ভত বিতংভাবে আলোচনা কৰে । মুখ্য সচিবগৰাকীয়ে প্ৰতিটো বিভাগকে পৰস্পৰৰ মাজত প্ৰয়োজনীয় সমন্বয় ৰক্ষা কৰি আঁচনিসমূহৰ সফল ৰূপায়ন সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । এইক্ষেত্ৰত তেওঁ ৰাইজৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশেষকৈ চাহ বাগিচা এলেকাসমূহত ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত নামভৰ্তিৰ হাৰ বৃদ্ধি কৰা আৰু পৰিপুষ্টি সুনিশ্চিত কৰা আদি বিষয়সমূহক লৈ বিতংভাবে আলোচনা কৰা হয় । মুখ্য সচিবগৰাকীয়ে বিশেষভাৱে চাহ বাগিচা অঞ্চলসমূহত ঘৰে-ঘৰে গৈ অভিভাৱকসকলক ল'ৰা-ছোৱালীক বিদ্যালয়লৈ পঠিয়াবলৈ সৈমান কৰোৱাৰ বাবে প্ৰয়াস চলোৱাৰ নিৰ্দেশ দিয়ে । তেওঁ পৰস্পৰ সম্পৰ্ক থকা বিভাগসমূহ যেনে শিক্ষা, শ্ৰমিক কল্যাণ, সমাজ কল্যাণ বিভাগ, স্বাস্থ্য বিভাগ আদিক একত্ৰিত হৈ দল হিচাপে ক্ষেত্ৰ পৰিদৰ্শন আৰু সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে শিক্ষা আৰু স্বাস্থ্য খণ্ড এখন সমাজৰ মূল স্তম্ভ । এই দুটা খণ্ডৰ উন্নয়ন সাধন কৰিব নোৱাৰিলে বহু ক্ষেত্ৰত এখন জিলা তথা ৰাজ্য পিছ পৰি যায় । তেওঁ শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । মুখ্য সচিব গৰাকীয়ে শিশু শ্ৰমিক নোহোৱা কৰাৰ বাবে ব্যাপক নিৰীক্ষণ অভিযান চলাবলৈও সহকাৰী শ্ৰম আয়ুক্তক নিৰ্দেশ দিয়ে । তেওঁ কৃষি বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, সমাজ কল্যাণ বিভাগ, পৰিবহণ, মীন, শক্তি, হস্ততাঁত আৰু বস্ত্ৰ শিল্প আৰু বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । বন বিভাগৰ বিভিন্ন বিষয় পৰ্যালোচনা কৰি তেওঁ হাতী-মানুহৰ সংঘাত, ক্ষতিগ্ৰস্ত লোকলৈ ক্ষতিপুৰণ আদিৰ বুজ লোৱাৰ লগতে ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চলৰ বাহিৰে অন্য ঠাইত বনানীকৰণৰ বাবে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে । তেওঁ আঁচনিসমূহৰ সফল ৰূপায়ন সুনিশ্চিত কৰিবলৈ ৰাইজক জড়িত কৰোৱাবলৈ প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়াসকলক নিৰ্দেশ দিয়ে । জটিলতাসমূহক সুযোগলৈ ৰূপান্তৰ কৰাৰ বাবে সন্মিলিত প্ৰচেষ্টাৰে আগবাঢ়িবলৈ তেওঁ বিভাগসমূহৰ প্ৰতি আহ্বান জনায়। আজিৰ বৈঠকত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনছেংফা বৰুৱা আৰু প্ৰতিটো বিভাগৰ জিলা মুৰব্বী বিষয়াসকল উপস্থিত আছিল । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Welcome

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...