Monday, 12 September 2022

প্ৰতিবছৰৰ দৰে এইবেলিও ১০ ছেপ্টেম্বৰত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত নাম প্ৰসংগ আৰু "গান্ধাৰীৰ কৃষ্ণ দৰ্শন" শীৰ্ষক এখনি ভাওনা পৰিৱেশন

গোলাঘাট ১২ ছেপ্টেম্বৰ ২০২২ঃ গোলাঘাট ৰাজহ চক্ৰ আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰীৰ উদ্যোগত প্ৰতিবছৰৰ দৰে এইবেলিও ১০ ছেপ্টেম্বৰত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত নাম প্ৰসংগ আৰু "গান্ধাৰীৰ কৃষ্ণ দৰ্শন" শীৰ্ষক এখনি ভাওনা পৰিৱেশন কৰা হয় । উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে এই ভাওনাভাগী উদ্বোধন কৰে । সমূহ কাৰ্যসূচীত গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়া শ্ৰীযুতা পাপৰি দাস, সহকাৰী আয়ুক্ত শ্ৰী অম্লান ফুকন আৰু গোলাঘাট ৰাজহ চক্ৰ আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ ভালেসংখ্যক বিষয়া-কৰ্মচাৰীয়ে ভাগ লয় ।
 NORTHEAST NEWS INDIA

আজি অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ এই মাহৰ তৃতীয় দিনাৰ বৈঠকত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনৰ দুগ্ধ উন্নয়ন খণ্ডৰ কাম-কাজৰ পৰ্যালোচনা

গোলাঘাট ১২ ছেপ্টেম্বৰ ২০২২ঃ গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ এই মাহৰ তৃতীয় দিনাৰ বৈঠকত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে  জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনৰ দুগ্ধ উন্নয়ন খণ্ডৰ কাম-কাজৰ পৰ্যালোচনা কৰে । উপায়ুক্তগৰাকীয়ে দুগ্ধ উন্নয়ন খণ্ডৰ কাম-কাজ আৰু জিলাখনত দুগ্ধ উৎপাদন তথা বিক্ৰী কেন্দ্ৰসমূহৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত বিতংভাবে বুজ লয় । বৈঠকত সহকাৰী দুগ্ধ উন্নয়ন বিষয়া শ্ৰী কিশোৰ বৰ্মনে উপায়ুক্তগৰাকীৰ সন্মুখত জিলাখনৰ দুগ্ধ উন্নয়ন খণ্ডৰ এটা ৰূপৰেখা দাঙি ধৰে । তেওঁ উপায়ুক্তগৰাকীক জানিবলৈ দিয়ে যে জিলাখনত বৰ্তমান বোকাখাতত এটা দুগ্ধ সংশাধন কেন্দ্ৰ থকাৰ বিপৰীতে গোলাঘাট, বোকাখাত আৰু দেৰগাঁৱত বিভাগটোৰ অধীনত তিনিটা দুগ্ধ বিক্ৰী কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে । লগতে জিলাখনত ১২ খন দুগ্ধ সমবায় সমিতি আছে । জিলাখনত দৈনিক ৩০০ৰ পৰা ৩৫০ লিটাৰ গাখীৰ সংগ্ৰহ কৰা হয় বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে গৰুৰ দানাৰ ক্ৰয়ৰ ক্ষেত্ৰত ৰাজসাহায্য প্ৰদান কৰিলে গাখীৰৰ উৎপাদন বৃদ্ধি কৰিব পৰা যাব বুলি মতপ্ৰকাশ কৰে । বৈঠকত জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীও উপস্থিত আছিল ।

NORTHEAST NEWS INDIA

*কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন উপায়ুক্তৰ**উচ্চ আশংকা থকা গৰ্ভৱতী মহিলা আৰু ৰোগীৰ ক্ষেত্ৰত চিকিৎসা বিষয়াক নিয়মীয়া ক্ষেত্ৰ পৰিদৰ্শনৰ নিৰ্দেশ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৪১/২০২২

*কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন উপায়ুক্তৰ*

*উচ্চ আশংকা থকা গৰ্ভৱতী মহিলা আৰু ৰোগীৰ ক্ষেত্ৰত চিকিৎসা বিষয়াক নিয়মীয়া ক্ষেত্ৰ পৰিদৰ্শনৰ নিৰ্দেশ*
গোলাঘাট, ১২ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ কাম-কাজৰ বুজ লয় । এই ভ্ৰমণকালত উপায়ুক্তগৰাকীয়ে চিকিৎসালয়খনৰ বহিঃ ৰোগী বিভাগ, প্ৰসৱ কক্ষ আৰু প্ৰতিষেধক মজুত ৰখা ক'ল্ড চেইন পইণ্ট পৰিদৰ্শন কৰি চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ সৈতে স্বাস্থ্য আৰু চিকিৎসা সেৱা তথা জনসাধাৰণক প্ৰদান কৰা সুবিধাসমূহৰ বিষয়ে বিতংভাবে আলোচনা কৰে ।  চিকিৎসালয়খনৰ মাতৃ স্বাস্থ্য বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰি তেওঁ চিকিৎসালয় কৰ্তৃপক্ষক প্ৰসৱ কক্ষৰ বাহিৰত পাৰ্ট’গ্ৰাফ চাৰ্ট সঠিকভাৱে প্ৰদৰ্শন কৰিবলৈ আৰু নৱজাতকসকলক জন্মৰ সময়ত পাবলগীয়া প্ৰতিষেধক প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।  বিশেষকৈ উচ্চ আশংকা থকা গৰ্ভৱতী মহিলা আৰু ৰোগীৰ ক্ষেত্ৰত চিকিৎসা বিষয়াগৰাকীক নিয়মীয়াকৈ ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈও উপায়ুক্তই নিৰ্দেশ দিয়ে । ৰোগীসকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু কৰ্মচাৰীসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়েও আলোচনাত স্থান পায় ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Friday, 9 September 2022

*দুৰ্গা পূজাৰ সময়ত গোলাঘাট জিলাৰ ৭৭ খন চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ নিৰ্দেশ উপায়ুক্তৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৪০/২০২২

*দুৰ্গা পূজাৰ সময়ত গোলাঘাট জিলাৰ ৭৭ খন চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ নিৰ্দেশ উপায়ুক্তৰ*

গোলাঘাট, ৯ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ দ্বিতীয় দিনাৰ বৈঠকত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে দুটা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । উপায়ুক্তগৰাকীয়ে আবকাৰী বিভাগ আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ অধীনত হৈ থকা কাম-কাজ তথা আঁচনিৰ সবিশেষ বুজ লয় । তেওঁ আবকাৰী বিভাগক সমাগত দুৰ্গা পূজাৰ সময়ত গোলাঘাট জিলাৰ বিভিন্ন ঠাইত বিশেষকৈ জিলাখনৰ ৭৭ খন চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান চলাবলৈ নিৰ্দেশ দিয়ে । তেওঁ বিভাগটোক ৰাজহ সংগ্ৰহৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে এটা পৰিকল্পনা যুগুত কৰিবলৈও নিৰ্দেশ দিয়ে । 

আনহাতে তেওঁ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ অধীনত জিলাখনত ৰূপায়িত বিভিন্ন আঁচনিৰ বিষয়ে পৰ্যালোচনা কৰে । উপায়ুক্তগৰাকীয়ে ডাবিডুবিত নিৰ্মীয়মান আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰো কামৰ অগ্ৰগতিৰ বুজ লয় । লগতে গোলাঘাটৰ জোনাকী নগৰত থকা ঔদ্যোগিক অঞ্চলৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত তেওঁ বিতংভাবে বুজ লয় । বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক ৰাজু প্ৰসাদ বৰা আৰু আবকাৰী বিভাগৰ অধীক্ষক শিৱাশিষ পালৰ লগতে দুয়োটা বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...