Friday, 9 September 2022

*দুৰ্গা পূজাৰ সময়ত গোলাঘাট জিলাৰ ৭৭ খন চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ নিৰ্দেশ উপায়ুক্তৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৪০/২০২২

*দুৰ্গা পূজাৰ সময়ত গোলাঘাট জিলাৰ ৭৭ খন চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ নিৰ্দেশ উপায়ুক্তৰ*

গোলাঘাট, ৯ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ দ্বিতীয় দিনাৰ বৈঠকত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে দুটা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । উপায়ুক্তগৰাকীয়ে আবকাৰী বিভাগ আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ অধীনত হৈ থকা কাম-কাজ তথা আঁচনিৰ সবিশেষ বুজ লয় । তেওঁ আবকাৰী বিভাগক সমাগত দুৰ্গা পূজাৰ সময়ত গোলাঘাট জিলাৰ বিভিন্ন ঠাইত বিশেষকৈ জিলাখনৰ ৭৭ খন চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান চলাবলৈ নিৰ্দেশ দিয়ে । তেওঁ বিভাগটোক ৰাজহ সংগ্ৰহৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে এটা পৰিকল্পনা যুগুত কৰিবলৈও নিৰ্দেশ দিয়ে । 

আনহাতে তেওঁ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ অধীনত জিলাখনত ৰূপায়িত বিভিন্ন আঁচনিৰ বিষয়ে পৰ্যালোচনা কৰে । উপায়ুক্তগৰাকীয়ে ডাবিডুবিত নিৰ্মীয়মান আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰো কামৰ অগ্ৰগতিৰ বুজ লয় । লগতে গোলাঘাটৰ জোনাকী নগৰত থকা ঔদ্যোগিক অঞ্চলৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত তেওঁ বিতংভাবে বুজ লয় । বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক ৰাজু প্ৰসাদ বৰা আৰু আবকাৰী বিভাগৰ অধীক্ষক শিৱাশিষ পালৰ লগতে দুয়োটা বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানুহক মানুহ হিচাপে চাওক

জীয়াই থাকোঁতেই মানুহক মানুহ হিচাপে চাওক এজন মানুহ জীয়াই থাকে— নীৰৱে হাঁহে, নীৰৱে কান্দে। বুকুৰ ভিতৰত কিমান যে ধুমুহা বৈ থাকে, কিমান যে অপূ...