Monday, 5 September 2022

*গোলাঘাটত শিক্ষক দিৱস উদযাপন**হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৰ্তমানৰ ৬০ শতাংশৰ পৰা ৮০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য ল'বলৈ আহ্বান উপায়ুক্তৰ**স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দৃষ্টিশক্তি হ্ৰাস পোৱা বিষয়টোক 'নীৰৱ মহামাৰী' আখ্যা*

জনসংযোগ, গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং - ৩৩৩/২০২২

*গোলাঘাটত শিক্ষক দিৱস উদযাপন*

*হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৰ্তমানৰ ৬০ শতাংশৰ পৰা ৮০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য ল'বলৈ আহ্বান উপায়ুক্তৰ*

*স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দৃষ্টিশক্তি হ্ৰাস পোৱা বিষয়টোক 'নীৰৱ মহামাৰী' আখ্যা*
গোলাঘাট, ৫ ছেপ্টেম্বৰ:  গোলাঘাট জিলা প্ৰশাসন, শিক্ষা বিভাগ আৰু শিক্ষক সংগঠনসমূহৰ উদ্যোগত আজি গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৬১ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয় । এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে । ডঃ এ পি জে আব্দুল কালামৰ উক্তিৰে নিজৰ ভাষণ আৰম্ভ কৰি তেওঁ কয় যে শিক্ষকতা এনে এটা মহৎ বৃত্তি যি এজন ব্যক্তিৰ চৰিত্ৰ, যোগ্যতা আৰু ভৱিষ্যত গঢ় দিয়ে । তেওঁ কয় যে শিক্ষকসকলে কেৱল ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ় দিয়াই নহয়, তেওঁলোক দেশ নিৰ্মাণৰো অংশীদাৰ । তেওঁ ক'ভিডকালত ছাত্ৰ-ছাত্ৰীসকলৰ জিজ্ঞাসা আৰু আগ্ৰহক জীয়াই ৰাখিবলৈ শিক্ষকসকলে কৰা প্ৰয়াসৰ শলাগ লয় । তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ উত্তীৰ্ণৰ হাৰ বৰ্তমানৰ ৬০ শতাংশৰ পৰা ৮০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য ল'বলৈ শিক্ষকসকলৰ আহ্বান জনায় । তেওঁ আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়টোক লৈ উদ্বিগ্নতা ব্যক্ত কৰি তেওঁলোকক বিদ্যালয়লৈ পুনৰ ওভতাই অনাৰ বাবে প্ৰয়াস চলাবলৈও আহ্বান জনায় । আনহাতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দৃষ্টিশক্তি হ্ৰাস পোৱা বিষয়টোক এটা 'নীৰৱ মহামাৰী' আখ্যা দি তেওঁ অহা ৮ ৰ পৰা ১২ ছেপ্টেম্বৰলৈ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ চকু পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়ায় যাতে কোনো ছাত্ৰ-ছাত্ৰীয়ে কম দৃষ্টি শক্তিৰ বাবে শিক্ষা গ্ৰহণত অসুবিধা নাপায় । 

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি গোলাঘাট শিক্ষক শিকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অণু খনিকৰে কয় যে শিক্ষকসকল সমাজৰ সেইটো বৃত্তিৰ সৈতে জড়িত যি মানৱ সম্পদ গঢ় দিয়ে । জিলাখনত উত্তীৰ্ণৰ হাৰ বৃদ্ধি কৰিবলৈ সকলোৱে ঐক্যবদ্ধভাবে প্ৰয়াস কৰিব লাগিব বুলি তেওঁ কয় । 

অনুষ্ঠানত অংশ লৈ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোতে প্ৰতিজন শিক্ষকক সমাজৰ হিতৰ বাবে কাম কৰি যাবলৈ সংকল্পবদ্ধ হোৱাৰ বাবে আহ্বান জনায় । নিজে জ্বলি আনক পোহৰ বিলোৱা শিক্ষকসকলৰ বাবে আজিৰ দিনটো এটা মহান আৰু গৌৰৱৰ দিন বুলি তেওঁ উল্লেখ কৰে । এই অনুষ্ঠানতে জিলাখনৰ ১১ গৰাকী কৃতী শিক্ষক- শিক্ষয়িত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয়। আজিৰ অনুষ্ঠানত গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত ডাঃ সংগীতা বৰঠাকুৰ, শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীসকল, অধ্যক্ষ আৰু প্ৰধান শিক্ষক আৰু শিক্ষকসকল উপস্থিত আছিল।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Welcome

Friday, 2 September 2022

*গোলাঘাট জিলাত অহা ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বিশেষ পলিঅ' প্ৰতিষেধক অভিযান**৫ বছৰৰ তলৰ ১ লক্ষাধিক শিশুক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ৩৩২/২০২২

*গোলাঘাট জিলাত অহা ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বিশেষ পলিঅ' প্ৰতিষেধক অভিযান*

*৫ বছৰৰ তলৰ ১ লক্ষাধিক শিশুক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য*

গোলাঘাট, ২ ছেপ্টেম্বৰ : গোলাঘাট জিলাত অহা ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বিশেষ পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান । আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) পল্লৱী গগৈৰ সভাপতিত্বত অনুষ্ঠিত জিলা টাস্ক ফ'ৰ্চৰ এখন সভাত জিলা টীকাকৰণ বিষয়া ডাঃ জ্যোতি দেউৰীয়ে এই বিষয়ে প্ৰকাশ কৰে । পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ সহায়ত তেওঁ এই অভিযানৰ বিতং ব্যাখ্যা আগবঢ়াই কয় যে বিশ্বৰ কেতবোৰ ঠাইত পলিঅ' ৰোগী পুনৰ চিনাক্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে গোলাঘাটকে ধৰি অসমৰ ১৯ খন জিলাত অহা ১৮ ছেপ্টেম্বৰৰ পৰা উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস (Sub-National Immunization Day) ৰূপায়ন কৰাৰ নিৰ্দেশ দিছে । সেই অনুসৰি সমাজ কল্যাণ, শিক্ষা, শক্তি, ৰেল, পৰিবহণ আৰু বিভিন্ন বিভাগৰ সহযোগত গোলাঘাট জিলাৰো প্ৰতিটো স্বাস্থ্যখণ্ডৰ অধীনত পলিঅ' প্ৰতিষেধক অভিযান চলোৱাৰ লক্ষ্য লোৱা হৈছে । এই অভিযানৰ অধীনত জিলাখনৰ এক লাখৰো অধিক শূন্যৰ পৰা ৫ বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক সেৱন কৰোৱা হ'ব । তেওঁ কয় যে ভাৰতত ২০১১ চনৰ জানুৱাৰী মাহৰ পৰা আৰু অসমত ২০০৮ চনৰ জুন মাহৰ পিছত এটিও শিশু পলিঅ'ত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হোৱা নাই । ভাৰতক এখন সম্পূৰ্ণৰূপে পলিঅ'মুক্ত দেশৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে এটিও শিশু যাতে প্ৰতিষেধকৰ পৰা বাদ নপৰে তাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ অধীনত ঘৰে ঘৰে গৈ আৰু বিদ্যালয় তথা বিভিন্ন ৰাজহুৱা স্থানত শিশুসকলক পলিঅ'ৰ প্ৰতিষেধক সেৱন কৰোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে এই অভিযান সফল কৰি তোলাৰ বাবে ইয়াৰ সৈতে জড়িত প্ৰতিটো বিভাগক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । তেওঁ অভিভাৱকসকলক বিনাদ্বিধাই নিজৰ সন্তানক পলিঅ' প্ৰতিষেধক সেৱন কৰোৱাবলৈ আহ্বান জনায় । অনুষ্ঠানত অংশ লৈ গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই কয় যে গোলাঘাট জিলাখনক পলিঅ'মুক্ত কৰাৰ বাবে নিৰিক্ষণ আৰু চিনাক্তকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব । তেওঁ এই অভিযানৰ সময়ত যাতে এটাও শিশু বাদ নপৰে সেয়া সুনিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী, নাৰ্চ আৰু স্বাস্থ্য কৰ্মীসকলৰ প্ৰতি আহ্বান জনায় । সভাত চিকিৎসা আৰু স্বাস্থ্য বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু প্ৰতিনিধি আৰু স্বাস্থ্য বিভাগৰ বিষয়া- কৰ্মচাৰী, চিকিৎসক আৰু নাৰ্ছসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Welcome

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...