জনসংযোগ, গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং - ৩৩৩/২০২২
*গোলাঘাটত শিক্ষক দিৱস উদযাপন*
*হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৰ্তমানৰ ৬০ শতাংশৰ পৰা ৮০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য ল'বলৈ আহ্বান উপায়ুক্তৰ*
গোলাঘাট, ৫ ছেপ্টেম্বৰ: গোলাঘাট জিলা প্ৰশাসন, শিক্ষা বিভাগ আৰু শিক্ষক সংগঠনসমূহৰ উদ্যোগত আজি গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৬১ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয় । এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে । ডঃ এ পি জে আব্দুল কালামৰ উক্তিৰে নিজৰ ভাষণ আৰম্ভ কৰি তেওঁ কয় যে শিক্ষকতা এনে এটা মহৎ বৃত্তি যি এজন ব্যক্তিৰ চৰিত্ৰ, যোগ্যতা আৰু ভৱিষ্যত গঢ় দিয়ে । তেওঁ কয় যে শিক্ষকসকলে কেৱল ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ় দিয়াই নহয়, তেওঁলোক দেশ নিৰ্মাণৰো অংশীদাৰ । তেওঁ ক'ভিডকালত ছাত্ৰ-ছাত্ৰীসকলৰ জিজ্ঞাসা আৰু আগ্ৰহক জীয়াই ৰাখিবলৈ শিক্ষকসকলে কৰা প্ৰয়াসৰ শলাগ লয় । তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ উত্তীৰ্ণৰ হাৰ বৰ্তমানৰ ৬০ শতাংশৰ পৰা ৮০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য ল'বলৈ শিক্ষকসকলৰ আহ্বান জনায় । তেওঁ আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়টোক লৈ উদ্বিগ্নতা ব্যক্ত কৰি তেওঁলোকক বিদ্যালয়লৈ পুনৰ ওভতাই অনাৰ বাবে প্ৰয়াস চলাবলৈও আহ্বান জনায় । আনহাতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দৃষ্টিশক্তি হ্ৰাস পোৱা বিষয়টোক এটা 'নীৰৱ মহামাৰী' আখ্যা দি তেওঁ অহা ৮ ৰ পৰা ১২ ছেপ্টেম্বৰলৈ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ চকু পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়ায় যাতে কোনো ছাত্ৰ-ছাত্ৰীয়ে কম দৃষ্টি শক্তিৰ বাবে শিক্ষা গ্ৰহণত অসুবিধা নাপায় ।
সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি গোলাঘাট শিক্ষক শিকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অণু খনিকৰে কয় যে শিক্ষকসকল সমাজৰ সেইটো বৃত্তিৰ সৈতে জড়িত যি মানৱ সম্পদ গঢ় দিয়ে । জিলাখনত উত্তীৰ্ণৰ হাৰ বৃদ্ধি কৰিবলৈ সকলোৱে ঐক্যবদ্ধভাবে প্ৰয়াস কৰিব লাগিব বুলি তেওঁ কয় ।
অনুষ্ঠানত অংশ লৈ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোতে প্ৰতিজন শিক্ষকক সমাজৰ হিতৰ বাবে কাম কৰি যাবলৈ সংকল্পবদ্ধ হোৱাৰ বাবে আহ্বান জনায় । নিজে জ্বলি আনক পোহৰ বিলোৱা শিক্ষকসকলৰ বাবে আজিৰ দিনটো এটা মহান আৰু গৌৰৱৰ দিন বুলি তেওঁ উল্লেখ কৰে । এই অনুষ্ঠানতে জিলাখনৰ ১১ গৰাকী কৃতী শিক্ষক- শিক্ষয়িত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয়। আজিৰ অনুষ্ঠানত গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত ডাঃ সংগীতা বৰঠাকুৰ, শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীসকল, অধ্যক্ষ আৰু প্ৰধান শিক্ষক আৰু শিক্ষকসকল উপস্থিত আছিল।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India