Tuesday, 9 August 2022
Monday, 8 August 2022
গোলাঘাট জিলাত দুচকীয়া বাহনত দুজন উঠাত নিষেধাজ্ঞা
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩১৮/২০২২
গোলাঘাট, ৮ আগষ্ট : সমাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি যানবাহন আইন ১৯৮৮ ৰ ১২৮ ধাৰাৰ অধীনত সমগ্ৰ গোলাঘাট জিলাত দুচকীয়া বাহনত দুজন উঠাটো নিষিদ্ধ কৰা হৈছে । অৱশ্যে ৬০ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি, মহিলা আৰু ১৫ বছৰ বয়সৰ তলৰ শিশুক এই ক্ষেত্ৰত ৰেহাই দিয়া হৈছে । ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই এই নিষেধাজ্ঞা জাৰি কৰিছে । ৯ আগষ্টৰ পৰা ১৮ আগষ্টলৈ এই নিৰ্দেশ বাহাল থাকিব । এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
গোলাঘাটত অষ্টম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন, শ্ৰেষ্ঠ শিপিনীক সম্বৰ্ধনা
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩১৭/২০২২
গোলাঘাট, ৮ আগষ্ট : গোলাঘাট জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত ৭ আগষ্টত অষ্টম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয় । এই উপলক্ষে জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অধীক্ষক মঃ ফকৰুদ্দিন আহমেদৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় । সভাত গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই মুখ্য অতিথি হিচাপে অংশ লৈ শিপিনীসকলক অনুপ্ৰাণিত কৰি ভাষণ দিয়ে । তেওঁ শিপিনীসকলক এনেকৈয়ে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ মানক লৈ আপোচ নকৰাকৈ কাম কৰি যাবলৈ আহ্বান জনায় । হস্ততাঁত বস্ত্ৰ শিল্পই ৰাজ্যখনত মহিলা সবলীকৰণৰ দিশত বিশেষভাবে বৰঙণি আগবঢ়াই আহিছে বুলিও তেওঁ কয় । শিপিনীসকলে নিজৰ উৎপাদিত সামগ্ৰী যাতে উচিত মূল্যত বিক্ৰী কৰিব পাৰে তাৰ বাবে তেওঁ 'স্বনিৰ্ভৰ নাৰী' পৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ শিপিনীসকলৰ প্ৰতি আহ্বান জনায় ।
অনুষ্ঠানত জিলাখনৰ শ্ৰেষ্ঠ শিপিনীৰ সন্মান লাভ কৰা প্ৰতিমা শইকীয়াক উপায়ুক্তগৰাকীয়ে সম্বৰ্ধনা জনোৱাৰ লগতে পুৰস্কাৰ প্ৰদান কৰে । একেটা অনুষ্ঠানতে শিপিনী সম্প্ৰসাৰণ সেৱা গোট, গোলাঘাটৰ কমলা শইকীয়া, বোকাখাতৰ ৰূপামণি চেতিয়া, সৰুপথাৰৰ বৃন্দাৱতি বড়ো লাহন আৰু দেৰগাঁৱৰ জুৰি দাসক শ্ৰেষ্ঠ শিপিনী হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অধীক্ষক মঃ ফকৰুদ্দিন আহমেদে শিপিনীসকলক আগবঢ়াই লৈ যোৱাৰ বাবে হস্ততাঁত বিভাগে জিলাখনত গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে বিতংভাৱে ব্যাখ্যা আগবঢ়ায় । অনুষ্ঠানত ৰেচম বিভাগৰ সহকাৰী প্ৰবন্ধক পুতুল শৰ্মা, উপ হস্ততাঁত বিষয়া কিৰণ বৰুৱা আৰু জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা আত্মসহায়ক গোট, সমন্বিত হস্ততাঁত প্ৰকল্প আৰু ব্যক্তিগত শিপিনীসকলে অংশগ্ৰহণ কৰে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Sunday, 7 August 2022
Subscribe to:
Comments (Atom)
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...