Friday, 5 August 2022

গোলাঘাটত অসম গেছ কোম্পানীৰ ঘৰে ঘৰে পাইপযোগে গেছ যোগান আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী অজন্তা নেওগৰ

জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩১৬/২০২২

*গোলাঘাটত অসম গেছ কোম্পানীৰ ঘৰে ঘৰে পাইপযোগে গেছ যোগান আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী অজন্তা নেওগৰ*
 
*১৫ ছেপ্টেম্বৰৰ ভিতৰত গোলাঘাট নগৰবাসীয়ে পাইপযোগে লাভ কৰিব ৰন্ধন গেছ*

গোলাঘাট, ৫ আগষ্ট : অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু কল্যান মন্ত্ৰী অজন্তা নেওগে আজি অসম গেছ কোম্পানী লিমিটেডৰ উদ্যোগত গোলাঘাট নগৰত ঘৰে ঘৰে পাইপযোগে গেছ যোগান ধৰা আঁচনিৰ শুভাৰম্ভ কৰে । এই উপলক্ষে গোলাঘাট এমেচাৰ থিয়েটাৰ হলত আয়োজিত অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে প্ৰথমেই অসম গেছ কোম্পানীক এই আঁচনিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ গোলাঘাট পৌৰসভাক এসপ্তাহৰ ভিতৰত ইয়াৰ বাবে প্ৰয়োজন হোৱা অনুমতি আৰু অন্যান্য অনুমোদনৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । অৱশ্যে আঁচনিখনৰ সফল ৰূপায়নৰ বাবে নগৰখনত থকা প্ৰায় ১০,০০০ গ্ৰাহকৰ সহযোগিতা লাগিব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে গোলাঘাট নগৰত বাট-পথ, পানী যোগান আৰু পাইপযোগে গেছৰ যোগান এই তিনিওটা সুনিশ্চিত কৰাৰ বাবে প্ৰয়াস চলাই থকা হৈছে । এটা কামতো যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে আৰু সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যায়, তাৰ বাবে তিনিওটা বিভাগৰ বিষয়াসকলৰ সৈতে একেলগে বৈঠক অনুষ্ঠিত কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে । তেওঁ গোলাঘাটবাসী ৰাইজক এই আঁচনিৰ সফল ৰূপায়নৰ বাবে পাইপলাইন বহাওঁতে সৃষ্টি হ'ব পৰা সমস্যাসমূহৰ ক্ষেত্ৰত বিভাগ আৰু গেছ কোম্পানীৰ বিষয়া-কৰ্মচাৰীসকলক সহযোগ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে পাইপ গেছৰ ব্যৱহাৰৰ দ্বাৰা একোটা পৰিয়ালৰ বহু ধন ৰাহি হ'ব, কিন্তু তাৰ বাবে জন সচেতনতাৰ প্ৰয়োজন আছে । গোলাঘাটৰ ১৩ টা ৱাৰ্ডৰ ৰাইজে দায়িত্ব ল'লেহে পাইপলাইন বহুওৱা কাম সময়মতে হৈ উঠিব বুলি তেওঁ মত প্ৰকাশ কৰে । এই কামখিনি কৰোঁতে ৰাস্তা নিৰ্মাণ আৰু পানীৰ পাইপলাইনত যাতে কোনো ক্ষয়-ক্ষতি নহয়, তাৰ বাবে বিষয়টোৰ ওপৰত উপায়ুক্তক নজৰ দিবলৈ তেওঁ আহ্বান জনায় । তাৰ বাবে প্ৰতিটো ৱাৰ্ডত নিৰীক্ষণ সমিতি গঠনৰো তেওঁ পৰামৰ্শ আগবঢ়ায় । তেওঁ কয় যে পৌৰসভাৰ দুখন পানী যোগান আঁচনিৰ কাম চলি আছে আৰু যমুনা পুনৰুজ্জীৱিতকৰণৰ কাম হাতত লোৱা হৈছে । কিছুমান ৱাৰ্ডত কৃত্ৰিম বানপানীৰ সমস্যা নোহোৱা কৰাৰ বাবেও কাম চলি আছে । অহা ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চেলেঙীত চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব বুলি তেওঁ উল্লেখ কৰে । লগতে পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ আৰু ধোদৰ আলিৰ উন্নীতকৰণ কৰা হ'ব বুলি তেওঁ কয় । 

অনুষ্ঠানত অসম গেছ কোম্পানীৰ অধ্যক্ষ তথা শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াই কয় যে
কেৱল ৫০০ টকা দি পঞ্জীয়ন কৰিয়েই ৰাইজে পাইপযোগে গেছ লাভ কৰিব । মাহৰ মূৰত মোবাইলৰ যোগেদিয়ে বিল আদায় দিব পাৰিব । পাইপ গেছৰ ব্যৱহাৰৰ ফলত দুৰ্ঘটনা হ্ৰাস পাব তেওঁ উল্লেখ কৰে । অসমত ১ লাখ লোকক পাইপেৰে গেছৰ সংযোগ দিয়াৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া গেছৰ কোনো অভাৱ নাই আৰু বোকাখাতলৈকে পাইপেৰে গেছ যোগান ধৰাৰ বাবেও পৰিকল্পনা কৰা হৈছে । গোলাঘাটৰ কাষৰীয়া চাহ বাগিচা সমূহতো গেছ যোগানৰ বাবে চিন্তা কৰা হৈছে বুলি তেওঁ কয় । পঞ্জীয়নৰ বাবে দুই-এদিনতে এটা প'ৰ্টেল মুকলি কৰা হ'ব আৰু সকলোকে এই প'ৰ্টেল বা অফলাইনযোগে পঞ্জীয়ন কৰিবলৈ তেওঁ আহ্বান জনায় ।  

অনুষ্ঠানত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই আজি বহুদিনীয়া অপেক্ষাৰ অন্ত পৰিল বুলি উল্লেখ কৰি জিলা প্ৰশাসনৰ হৈ অসম গেছ কোম্পানীক আদৰণি জনায় । তেওঁ এই আঁচনিৰ সফল ৰূপায়নৰ বাবে প্ৰশাসনে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে । অনুষ্ঠানত অসম গেছ কোম্পানীৰ তৰফৰ পৰা গোলাঘাট নগৰত অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত পাইপযোগে গেছ যোগানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰা হয় ।

অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ কুমাৰ গগৈ, পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী, মহাপ্ৰবন্ধক মনোজ কুমাৰ বৰুৱা, বিজেপিৰ জিলা সভাপতি দেৱপ্ৰদীপ বৰা
আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

গোলাঘাটত অৰুণোদয় আঁচনিৰ জৰীপৰ বাবে পৰ্যবেক্ষণ আৰু পৰীক্ষণ দলৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশ ল'লে মন্ত্ৰী অজন্তা নেওগে

জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩১৫/২০২২

*গোলাঘাটত অৰুণোদয় আঁচনিৰ জৰীপৰ বাবে পৰ্যবেক্ষণ আৰু পৰীক্ষণ দলৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশ ল'লে মন্ত্ৰী অজন্তা নেওগে*

*অৰুণোদয় আঁচনিৰ অযোগ্য হিতাধিকাৰীসকলক স্বেচ্ছাই ইয়াৰ সুবিধা ত্যাগ কৰিবলৈ আহ্বান*
 
গোলাঘাট, ৫ আগষ্ট : অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু কল্যান মন্ত্ৰী অজন্তা নেওগে অহা ২০ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া 'অৰুণোদয় মাহ' উপলক্ষে আজি গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত অৰুণোদয় আঁচনিৰ জৰীপৰ বাবে পৰ্যবেক্ষণ আৰু পৰীক্ষণ দলৰ এটা প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে অসমৰ ২০ লাখ দৰিদ্ৰ মহিলাক উপকৃত কৰাৰ উদ্দেশ্যে ২০২০ চনৰ বাজেটত অৰুণোদয় আঁচনি গ্ৰহণ কৰা হৈছিল । মহিলাসকলৰ পৰিপুষ্টি সুনিশ্চিত কৰি আৰ্থিকভাৱে তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ বাবে এই আঁচনিখনক ভেঁটি হিচাপে গ্ৰহণ কৰা হৈছিল । তেওঁ কয় যে দেশৰ ভিতৰতে সৰ্ববৃহৎ মহিলা সবলীকৰণ আঁচনি অৰুণোদয় ৰূপায়ন হোৱা তিনিবছৰ পাৰ হ'ল, সেয়ে চৰকাৰে তিনি বছৰত কোনো লোকৰ আৰ্থিক অৱস্থা উন্নত হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আঁচনিখনৰ নবীকৰণৰ প্ৰয়োজন অনুভৱ কৰিছে । যোগ্য লোকসকলে এই আঁচনিৰ সুবিধাৰ পৰা যাতে বঞ্চিত নহয় তাৰ বাবে অযোগ্য লোকসকলক স্বেচ্ছাই এই সুবিধা ত্যাগ কৰিবলৈ তেওঁ আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে কয় যে এই পৰীক্ষণ ব্যৱস্থাৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীৰ বাসগৃহত গৈ পৰীক্ষা কৰা হ'ব । ইয়াত জড়িত হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ কয় যে এই কাৰ্যসূচী তেওঁলোকৰ বাবে এটা ডাঙৰ অভিজ্ঞতা হ'ব আৰু সমাজৰ প্ৰতি শিক্ষাৰ্থীসকলৰ ই এক দায়বদ্ধতা । পৰীক্ষা কৰিবলৈ যাওঁতে পৰিয়ালটোৰ সৈতে যোগাত্মক মনোভাবেৰে ভাল আচৰণ কৰিবলৈও তেওঁ পৰীক্ষণ দলসমূহৰ প্ৰতি আহ্বান জনায় ।  তেওঁ কয় যে চৰকাৰে সামাজিক সুৰক্ষা আঁচনিসমূহৰ বাবে ব্যয় কৰা প্ৰতিটো টকাৰ সদব্যৱহাৰ হ'ব লাগিব । তেতিয়াহে এই আঁচনিসমূহৰ ৰূপায়ন সফল হ'ব বুলি তেওঁ কয় । 

অনুষ্ঠানত ভাষণ দি উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কয় যে এই পৰীক্ষণ নিৰপেক্ষ হ'ব লাগিব । ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পৰীক্ষণ প্ৰক্ৰিয়া এটা ডাঙৰ শিক্ষা হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ সততা আৰু নিৰপেক্ষতাৰ ওপৰত বিশ্বাস ৰাখিছে । চিৰাচৰিত শিক্ষা ব্যৱস্থাৰ বাহিৰত শিক্ষা গ্ৰহণৰ ই এক মাধ্যম হ'ব বুলি তেওঁ উল্লেখ কৰে । ইয়াক শৈক্ষিক কাৰ্যসূচীৰে অন্যতম বুলি ধৰি লৈ আগবাঢ়িবলৈ তেওঁ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি আহ্বান জনায় । ইয়াৰদ্বাৰা লাভ কৰিবলগীয়া ন্যূনতম বৰঙণিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ মনত আত্মনিৰ্ভৰ হোৱাৰ এটা মানসিকতাৰো জন্ম হ'ব বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত আদৰণি ভাষণ দিয়ে অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰে । 

আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, মহাবিদ্যালয়খনৰ অধ্যক্ষ, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, মাষ্টাৰ ট্ৰেইনাৰসকল আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

গোপীনাথ বৰদলৈয়ে অতি কম সময়ৰ ভিতৰতে ৰাজনৈতিক বিচক্ষণতা আৰু পৰিপক্কতা প্ৰদৰ্শন কৰিছিল : গোলাঘাটত লোক কল্যাণ দিৱসত মন্ত্ৰী অজন্তা নেওগ

জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩১৪/২০২২

*গোপীনাথ বৰদলৈয়ে অতি কম সময়ৰ ভিতৰতে ৰাজনৈতিক বিচক্ষণতা আৰু পৰিপক্কতা প্ৰদৰ্শন কৰিছিল : গোলাঘাটত লোক কল্যাণ দিৱসত মন্ত্ৰী অজন্তা নেওগ*

*ৰাজ্যৰ কৰ্মচাৰীসকলক সততা, নিষ্ঠা, কৰ্মদক্ষতা আৰু সমৰ্পিত মনোভাবেৰে কাম কৰিবলৈ আহ্বান*

*গোলাঘাট জিলাৰ ৫ গৰাকী কৰ্মচাৰীলৈ লোক সেৱা পুৰস্কাৰ*

গোলাঘাট, ৫ আগষ্ট : গোলাঘাটতো আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস লোক কল্যাণ দিৱস হিচাপে পালন কৰা হয় । এই উপলক্ষে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু কল্যান মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰে । অনুষ্ঠানত দিয়া ভাষণত তেওঁ আজিৰ পৱিত্ৰ দিনটোত স্বাধীনতা সংগ্ৰামী তথা স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈক শ্ৰদ্ধাৰে স্মৰণ কৰে ।  নিজৰ কৰ্মদক্ষতাৰে গোপীনাথ বৰদলৈয়ে অতি কম সময়ৰ ভিতৰতে ৰাজনৈতিক বিচক্ষণতা আৰু পৰিপক্কতা প্ৰদৰ্শন কৰিছিল বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে তেখেতৰ কৰ্মৰাজী আৰু অৱদানক জীয়াই ৰখাৰ বাবে অসম চৰকাৰে এই দিৱস পালনৰ সিদ্ধান্ত লৈছে । আনহাতে কৰ্মচাৰীসকলৰ কৰ্মদক্ষতা বৃদ্ধি পালেহে উন্নয়নী প্ৰক্ৰিয়াটো খৰতকীয়া হ'ব বুলি উল্লেখ কৰি তেওঁ ৰাজ্যৰ কৰ্মচাৰীসকলক সততা, নিষ্ঠা, কৰ্মদক্ষতা আৰু সমৰ্পিত মনোভাবেৰে কাম কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে ২ অক্টোবৰৰ ভিতৰত চৰকাৰে ফাইলৰ বোজা নোহোৱা কৰি অসম সচিবালয়ক সম্পূৰ্ণ ডিজিটাইজ কৰাৰ বাবে মিছন সদ্ভাৱনা আৰম্ভ কৰিছিল । একেদৰে উপায়ুক্তৰ কাৰ্যালয়সমূহো ডিজিটাইজ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি তেওঁ কয় । মিছন বসুন্ধৰা, মিছন ভূমিপুত্ৰ, পেঞ্চন সেৱা কেন্দ্ৰ আদিৰ কথা উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে ৰাজ্যৰ প্ৰতিজন লোকে যাতে সহজে আৰু কোনো অসুবিধা নোহোৱাকৈ সেৱাসমূহ লাভ কৰিব পাৰে তাৰ বাবে প্ৰয়াস চলাইছে । মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ শীৰ্ষৰ ৫ খন ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে গঢ় দিব বিচাৰিছে । এই লক্ষ্যত উপনীত হ'বলৈ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী আৰু ৰাইজে নিজৰ অৱদান আগবঢ়াব লাগিব বুলি তেওঁ উল্লেখ কৰে।      

অনুষ্ঠানত আদৰণি ভাষণ দি উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই লোকপ্ৰিয় গোপীনাথ বৰদলৈক স্মৰণ কৰি কয় যে স্বাধীনতাৰ পিছত কেৱল তিনিটা বছৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিয়েই তেওঁ নিজৰ ৰাজনৈতিক দূৰদৰ্শীতাৰে অসমৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল । তেওঁ কয় যে নেতাগৰাকীৰ কৰ্মদক্ষতাক স্মৰণ কৰিয়েই অসম চৰকাৰে কৰ্মচাৰীসকলে অধিক নিষ্ঠা আৰু উদ্যমেৰে যাতে কাম কৰি যাব পাৰে তাৰ বাবে আজিৰ এই পৱিত্ৰ দিনটোত লোক সেৱা পুৰস্কাৰ প্ৰদান আৰম্ভ কৰিছে । তেওঁ গোলাঘাট জিলাৰ পুৰস্কাৰ প্ৰাপকসকলক অভিনন্দন জ্ঞাপন কৰে ।

অনুষ্ঠানত পুৰস্কাৰ প্ৰাপকসকলে নিজৰ নিজৰ অভিজ্ঞতা আৰু অনুভৱ ব্যক্ত কৰে । অনুষ্ঠানৰ আৰম্ভণিতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্জলন আৰু পুষ্পাঞ্জলী অৰ্পন কৰা হয় । অনুষ্ঠানত প্ৰবীণ শিল্পী মঞ্চ, গোলাঘাটৰ শিল্পীসকলে এটি দেশভক্তিমূলক গীত পৰিৱেশন কৰে । আজিৰ অনুষ্ঠানতে গোলাঘাট জিলাৰ লোক সেৱা পুৰস্কাৰ, ২০২২ লাভ কৰা ৫ গৰাকী কৰ্মচাৰীক পুৰস্কাৰ প্ৰদান কৰা হয় । তেওঁলোক হ'ল স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, গোলাঘাটৰ কাৰ্যালয়ৰ হেল্থ এডুকেটৰ সুনীল পূজাৰী, ছাৰ্ভেলেঞ্চ ৱৰ্কাৰ প্ৰণৱ কুমাৰ হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট শাখাৰ কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ৰ মুখ্য সহকাৰী মহম্মদ ৰফিকুদ্দিন আহমেদ, ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী ডিম্বেশ্বৰ শইকীয়া আৰু গোলাঘাট উপায়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী ৰিপুন দত্ত ।  

আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, জ্যেষ্ঠ নাগৰিক, মুক্তিযোদ্ধাৰ পৰিয়ালৰ লোক আৰু ভালেসংখ্যক ৰাইজ উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

জাপানীজ এনকেফেলাইটিছৰ পৰা সুৰক্ষিত থাকিবলৈ প্ৰতিৰোধমূলক ব্যৱস্থাবোৰ অনুসৰণ কৰক।বাৰিষাৰ আৰম্ভণিৰ ফলত মহৰ প্ৰজননৰ অনুকূল সম্ভাৱনা আৰম্ভ হয়। সতৰ্ক হৈ থকা আৰু মহৰ কামোৰৰ পৰা নিজকে সুৰক্ষিত কৰাটো গুৰুত্বপূৰ্ণ।NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 04/08/2022.

Welcome

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...