জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩১৫/২০২২
*গোলাঘাটত অৰুণোদয় আঁচনিৰ জৰীপৰ বাবে পৰ্যবেক্ষণ আৰু পৰীক্ষণ দলৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশ ল'লে মন্ত্ৰী অজন্তা নেওগে*
*অৰুণোদয় আঁচনিৰ অযোগ্য হিতাধিকাৰীসকলক স্বেচ্ছাই ইয়াৰ সুবিধা ত্যাগ কৰিবলৈ আহ্বান*
গোলাঘাট, ৫ আগষ্ট : অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু কল্যান মন্ত্ৰী অজন্তা নেওগে অহা ২০ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া 'অৰুণোদয় মাহ' উপলক্ষে আজি গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত অৰুণোদয় আঁচনিৰ জৰীপৰ বাবে পৰ্যবেক্ষণ আৰু পৰীক্ষণ দলৰ এটা প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে অসমৰ ২০ লাখ দৰিদ্ৰ মহিলাক উপকৃত কৰাৰ উদ্দেশ্যে ২০২০ চনৰ বাজেটত অৰুণোদয় আঁচনি গ্ৰহণ কৰা হৈছিল । মহিলাসকলৰ পৰিপুষ্টি সুনিশ্চিত কৰি আৰ্থিকভাৱে তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ বাবে এই আঁচনিখনক ভেঁটি হিচাপে গ্ৰহণ কৰা হৈছিল । তেওঁ কয় যে দেশৰ ভিতৰতে সৰ্ববৃহৎ মহিলা সবলীকৰণ আঁচনি অৰুণোদয় ৰূপায়ন হোৱা তিনিবছৰ পাৰ হ'ল, সেয়ে চৰকাৰে তিনি বছৰত কোনো লোকৰ আৰ্থিক অৱস্থা উন্নত হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আঁচনিখনৰ নবীকৰণৰ প্ৰয়োজন অনুভৱ কৰিছে । যোগ্য লোকসকলে এই আঁচনিৰ সুবিধাৰ পৰা যাতে বঞ্চিত নহয় তাৰ বাবে অযোগ্য লোকসকলক স্বেচ্ছাই এই সুবিধা ত্যাগ কৰিবলৈ তেওঁ আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে কয় যে এই পৰীক্ষণ ব্যৱস্থাৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীৰ বাসগৃহত গৈ পৰীক্ষা কৰা হ'ব । ইয়াত জড়িত হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ কয় যে এই কাৰ্যসূচী তেওঁলোকৰ বাবে এটা ডাঙৰ অভিজ্ঞতা হ'ব আৰু সমাজৰ প্ৰতি শিক্ষাৰ্থীসকলৰ ই এক দায়বদ্ধতা । পৰীক্ষা কৰিবলৈ যাওঁতে পৰিয়ালটোৰ সৈতে যোগাত্মক মনোভাবেৰে ভাল আচৰণ কৰিবলৈও তেওঁ পৰীক্ষণ দলসমূহৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে চৰকাৰে সামাজিক সুৰক্ষা আঁচনিসমূহৰ বাবে ব্যয় কৰা প্ৰতিটো টকাৰ সদব্যৱহাৰ হ'ব লাগিব । তেতিয়াহে এই আঁচনিসমূহৰ ৰূপায়ন সফল হ'ব বুলি তেওঁ কয় ।
অনুষ্ঠানত ভাষণ দি উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কয় যে এই পৰীক্ষণ নিৰপেক্ষ হ'ব লাগিব । ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পৰীক্ষণ প্ৰক্ৰিয়া এটা ডাঙৰ শিক্ষা হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ সততা আৰু নিৰপেক্ষতাৰ ওপৰত বিশ্বাস ৰাখিছে । চিৰাচৰিত শিক্ষা ব্যৱস্থাৰ বাহিৰত শিক্ষা গ্ৰহণৰ ই এক মাধ্যম হ'ব বুলি তেওঁ উল্লেখ কৰে । ইয়াক শৈক্ষিক কাৰ্যসূচীৰে অন্যতম বুলি ধৰি লৈ আগবাঢ়িবলৈ তেওঁ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি আহ্বান জনায় । ইয়াৰদ্বাৰা লাভ কৰিবলগীয়া ন্যূনতম বৰঙণিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ মনত আত্মনিৰ্ভৰ হোৱাৰ এটা মানসিকতাৰো জন্ম হ'ব বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত আদৰণি ভাষণ দিয়ে অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰে ।
আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, মহাবিদ্যালয়খনৰ অধ্যক্ষ, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, মাষ্টাৰ ট্ৰেইনাৰসকল আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India