Wednesday, 3 August 2022
Tuesday, 2 August 2022
গোলাঘাটত স্বাধীনতা দিৱস উদ্যাপনৰ প্ৰস্তুতি সভা সম্পন্ন
জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ৩১২/২০২২
*ৰাষ্ট্ৰীয় পতাকা কোনো কাৰণতে যাতে ৰাস্তাত পৰি নাথাকে অথবা দুৰ্ব্যৱহাৰ নহয় তাৰ বাবে জনসাধাৰণক সতৰ্ক হ'বলৈ আহ্বান উপায়ুক্তৰ*
*ৰাষ্ট্ৰীয় পতাকা ক্ৰয় কৰিবলৈ অসমৰ্থ দুখীয়া লোকসকলক পতাকা উপহাৰ দিয়ক : উপায়ুক্ত*
গোলাঘাট, ২ আগষ্ট : গোলাঘাট জিলাৰ সদৰত সমাগত স্বাধীনতা দিৱস উদ্যাপনৰ প্ৰস্তুতি সম্পৰ্কত আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷ জিলা প্ৰশাসনৰ বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধি, বেচৰকাৰী সামাজিক দল-সংগঠন, নেতৃস্থানীয় ব্যক্তিৰ উপস্থিতিত আয়োজিত এই সভাত সমাগত স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় ৷ ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৱাবাৰ বহুখিনি সীমাবদ্ধতাৰ মাজত স্বাধীনতা দিৱস পালন কৰা হৈছিল যদিও এইবেলি স্বাধীনতা দিৱসটি পূৰ্বৰ বছৰবোৰৰ দৰেই বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আয়োজন কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে মত প্ৰকাশ কৰে । আনহাতে, স্বাধীনতা দিৱস উদযাপন সাফল্যমণ্ডিত কৰাৰ বাবে সময়মতে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ অৰ্থে বিভিন্ন বিভাগক নিজৰ নিজৰ দায়িত্বসমূহ আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ৷
সভাত উপায়ুক্তগৰাকীয়ে স্বাধীনতাৰ ৭৫ বছৰীয়া পুৰ্তি উপলক্ষে গ্ৰহণ কৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল কৰাৰ বাবে প্ৰতিটো বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জনসাধাৰণক ১৩ ৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় । পতাকা কেৱল প্ৰদৰ্শন কৰিলে অৰ্থাৎ আঁৰি বা ওলোমাই থ'লে ১৩ আৰু ১৪ আগষ্টত অৱনমন কৰিব নালাগে যদিও ১৫ আগষ্টৰ সূৰ্যাস্তৰ পূৰ্বে নমাই থ'ব লাগিব । আনহাতে পতাকা উত্তোলন কৰিলে আটাইকেইটা দিনতে সূৰ্যাস্তৰ আগেয়ে অৱনমন কৰিব লাগিব বুলি তেওঁ কয় । ৰাষ্ট্ৰীয় পতাকা কোনো কাৰণতে যাতে ৰাস্তাত পৰি নাথাকে অথবা দুৰ্ব্যৱহাৰ নহয় তাৰ বাবে জনসাধাৰণক সতৰ্ক হ'বলৈ আৰু তেনে অৱস্থাত পতাকা দেখা পালে পৌৰসভাৰ কাৰ্যালয় অথবা চক্ৰ বিষয়াৰ কাৰ্যালয়ত জমা দিবলৈ আহ্বান জনায় । তেওঁ লগতে যিসকল বিষয়া-কৰ্মচাৰী অথবা নাগৰিকৰ সামৰ্থ আছে তেওঁলোকক, পতাকা ক্ৰয় কৰিবলৈ অসমৰ্থ দুখীয়া লোকসকলক ৰাষ্ট্ৰীয় পতাকা উপহাৰ দিবলৈ আহ্বান জনায় । ই এটা মহৎ কৰ্ম হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে সমাজৰ প্ৰতিজন লোকে ইয়াত ভাগ ল'লেহে হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল হ'ব । আনহাতে চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলকো তেওঁ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে গোলাঘাট জিলাত আত্মসহায়ক গোটসমূহে প্ৰায় ডেৰ লাখ তিৰংগা পতাকা প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । ইতিমধ্যে এক লাখ পতাকা প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰে ৭০ শতাংশ বিক্ৰী হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে মহিলা সবলীকৰণৰ দিশত ই এটা ভাল খবৰ ।
উপায়ুক্তগৰাকীয়ে কয় যে এইবাৰো স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এন চি চি আৰু ছাত্ৰ-ছাত্ৰীৰ কুচকাৱাজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । লগতে বিভিন্ন বিভাগৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হ'ব । চিকিৎসালয়, কাৰাগাৰ, বৃদ্ধাশ্রম আদিত বিভিন্ন কাৰ্যসূচী লোৱাৰ লগতে স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত অনলাইন ৰচনা লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত আৰক্ষী অধীক্ষক সুমিত শৰ্মাই স্বাধীনতা দিৱসত যাতে আইন-শৃংখলা পৰিস্থিতি অটুট থাকে তাৰ বাবে ৰাইজক কোনো সন্দেহজনক বিষয় দৃষ্টিগোচৰ হ'লে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায় । তেওঁ হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল কৰাৰ বাবে সকলোকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় ।
সভাত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ চেকেণ্ড ইন কমাণ্ড এছ চি ভৰদ্বাজ, পৌৰসভাৰ অধ্যক্ষ দুলুমণি বৰবৰা, বিশিষ্ট লেখক ডাঃ অজিৎ বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ নৃপেন বৰুৱা, শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ পিতৃ অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়া ঠগীৰাম গগৈ, জ্যেষ্ঠ সাংবাদিক দ্বীপেন দত্ত, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ভালেমান বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ নাগৰিক আৰু মুক্তিযুঁজাৰু পৰিয়ালৰ ব্যক্তি উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Monday, 1 August 2022
হৰ ঘৰ তিৰংগা : গোলাঘাটৰ ফৰকাটিং, ওৱাটিং আৰু কমাৰবন্ধাত আত্মসহায়ক গোটৰ মহিলাসকলৰ সজাগতা সমদল
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩১১/২০২২
গোলাঘাট, ১ আগষ্ট : আজাদী কা অমৃত মহোৎসৱ আৰু হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশৰূপে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ অধীনৰ গোলাঘাট পূব উন্নয়ন খণ্ডৰ খণ্ড অভিযান পৰিচালনা গোটৰ অন্তৰ্গত তিনিটা মণ্ডল পৰ্যায়ৰ সংগঠন অংকুৰ চি এল এফ ফৰকাটিং, সংগ্ৰামী চি এল এফ ওৱাটিং আৰু নৱধাৰা চি এল এফ কমাৰবন্ধাৰ উদ্যোগত আজি আত্মসহায়ক গোটৰ মহিলাসকলে হাতে হাতে নিজে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা লৈ এটা সজাগতা সমদল উলিয়ায় । আত্মসহায়ক গোটৰ মহিলাসকলে গাড়ী, মটৰ চাইকেল আৰু স্কুটিৰে এই সমদলত অংশ লয় । অংশগ্ৰহণকাৰী সকলে ফৰকাটিং, ওৱাটিং, কমাৰবন্ধা আদি অঞ্চল ভ্ৰমন কৰি হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস চলায় । কাৰ্যসূচীত গোলাঘাট পূব উন্নয়ন খণ্ড, পদুমনিৰ উন্নয়ন খণ্ড বিষয়া ৰাম চন্দ্ৰ দেউৰী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পূব উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধক বন্দনা লাক্ৰা, খণ্ড সমন্বয়ক ক্ষীৰোদ বৰা, ধীৰাজ গগৈ আৰু তচলিম আৰিফৰ লগতে মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে অংশ লয় । মহিলাসকলে সজাগতামূলক শ্লোগান দিয়াৰ লগতে মাইকযোগেও প্ৰচাৰ চলায় । উল্লেখযোগ্য যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশৰূপে অহা ১৩ৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে ৰাষ্ট্ৰীয় গৌৰৱ আৰু গৰিমাৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন অথবা প্ৰদৰ্শন কৰাৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত গোলাঘাট জিলাত আত্মসহায়ক গোটসমূহে ডেৰ লাখ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাৰ বাবে লক্ষ্য স্থিৰ কৰিছে আৰু প্ৰতিটো উন্নয়ন খণ্ড আৰু নগৰ এলেকাত বিক্ৰী কেন্দ্ৰ স্থাপন কৰা হৈছে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
গোলাঘাটত বি এল অ' সকলৰ প্ৰশিক্ষণ সম্পন্ন**১৭ বছৰ অতিক্ৰম কৰা যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে বছৰত পাব ৪টা সুযোগ*
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩১০/২০২২
*গোলাঘাটত বি এল অ' সকলৰ প্ৰশিক্ষণ সম্পন্ন*
*ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰিবলৈ নতুন প্ৰ-পত্ৰ ৬-বি মুকলি*
গোলাঘাট, ১ আগষ্ট : গোলাঘাটৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি গোলাঘাট নিৰ্বাচন জিলাৰ ভোটদাতাসকলৰ বাবে বিশেষ সংক্ষিপ্ত সংশোধনী, ২০২৩ৰ অধীনত ভোটাৰ তালিকাত নতুন নাম অন্তৰ্ভুক্ত কৰা আৰু নিৰ্বাচন আয়োগৰ নিৰ্বাচন সংক্ৰান্তীয় আইনৰ শেহতীয়া সংশোধনীসমূহৰ বিষয়ে অৱগত কৰাৰ বাবে এটা প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হয় । এই প্ৰশিক্ষণত নিৰ্বাচন পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়া, বুথ পৰ্যায়ৰ বিষয়া- ছুপাৰভাইজৰ আৰু বুথ পৰ্যায়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰে । একেটা অনুষ্ঠানতে নিৰ্বাচন আয়োগে নতুনকৈ আৰম্ভ কৰা প্ৰ-পত্ৰ ৬-বি উন্মোচন কৰা হয় । অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ডঃ সংগীতা বৰঠাকুৰে নতুন প্র-পত্ৰসমূহৰ লগতে নিৰ্বাচন আয়োগৰ শেহতীয়া সংশোধনীসমূহৰ বিষয়ে বৰ্ণনা কৰি ৬-বি প্ৰ-পত্ৰৰ জৰিয়তে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰিবলৈ ভোটদাতাসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ লগতে কয় যে এতিয়াৰে পৰা ১৭ বছৰ অতিক্ৰম কৰা যুৱক-যুৱতীয়ে বছৰত চাৰিবাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ সুযোগ লাভ কৰিব । তেওঁ বি এল অ' সকলক নিজৰ নিজৰ স্থানত গৈ ৬-বি প্র-পত্ৰ আৰু নিৰ্বাচন আয়োগৰ সংশোধনীসমূহৰ বিষয়ে জনসাধাৰণক বিশেষকৈ ১৭ বছৰ অতিক্ৰম কৰা যুৱক-যুৱতীসকলক সজাগ কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত জিলা পৰ্যায়ৰ মাষ্টাৰ ট্ৰেইনাৰ ভাস্কৰ কাকতি আৰু আক্ৰাম হুছেইনে নতুন আবেদন পত্ৰ আৰু সংশোধনীসমূহৰ বিষয়ে বিতংভাবে ব্যাখ্যা আগবঢ়ায় । এইক্ষেত্ৰত কাৰিকৰী সহযোগিতা আগবঢ়ায় নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ সুৰজ চন্দাই । অনুষ্ঠানত গোলাঘাটৰ চক্ৰ বিষয়া পাপৰি দাস, খুমটাইৰ চক্ৰ বিষয়া তনবিৰ ইউছুফ আহমেদ, বুথ পৰ্যায়ৰ বিষয়া-ছুপাৰভাইজৰ আৰু বুথ পৰ্যায়ৰ বিষয়াসকল উপস্থিত আছিল ।
উল্লেখযোগ্য যে এতিয়াৰে পৰা ১৭ বছৰ বয়স অতিক্ৰম কৰা যিকোনো ভাৰতীয় যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰিব পাৰিব । আবেদনৰ বাবে পূৰ্বে ভিত্তি তাৰিখ এবছৰত এবাৰ অৰ্থাৎ ১ জানুৱাৰী নিৰ্ধাৰণ কৰা হৈছিল যদিও শেহতীয়াকৈ কেতবোৰ নিৰ্বাচন সংক্ৰান্তীয় আইনৰ ক্ষেত্ৰত ব্যাপক সংশোধনী ঘটোৱা হৈছে । সেই অনুসৰি এতিয়াৰে পৰা ১ জানুৱাৰীলৈ অপেক্ষা কৰিব নালাগে, ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰ তাৰিখকো ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদনৰ ক্ষেত্ৰত বয়সৰ ভিত্তি তাৰিখ হিচাপে লোৱা হৈছে । অৰ্থাৎ ১৭ বছৰ চলি থকা যিকোনো যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰি থ'ব পাৰিব । তেওঁলোকৰ যেতিয়াই ১৮ বছৰ হ'ব তেতিয়াই ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ব । সকলো ভোটাৰে গুগুল প্লে' ষ্ট'ৰৰ পৰা ভোটাৰ হেল্পলাইন এপ ইনষ্টল কৰি অনলাইন ব্যৱস্থাৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব । ভোটাৰ কাৰ্ডত সংশোধনী কৰাসকলেও এতিয়াৰে পৰা নিৰ্দিষ্ট কীটত নিজৰ ঘৰৰ ঠিকনাত ডাকযোগে নতুন কাৰ্ড লাভ কৰিব । যোৱা ৬ জানুৱাৰীৰ পিছত সংশোধনীৰ বাবে আবেদন কৰাসকলেও নতুন কাৰ্ড লাভ কৰিব । আনহাতে সংশোধনীৰ বাবে আবেদনৰ প্ৰ-পত্ৰৰ ক্ষেত্ৰতো কেতবোৰ সালসলনি কৰা হৈছে । সেই অনুসৰি এতিয়াৰে পৰা ৮ নং প্ৰ-পত্ৰতে সংশোধন, নতুন কাৰ্ডৰ বাবে আবেদন, স্থান পৰিবৰ্তন আদি কৰিব পাৰিব । অহা ৯ নৱেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব আৰু তাৰ পিছতেই ১৭ বছৰ অতিক্ৰম কৰা যুৱক-যুৱতীসকলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰিব পাৰিব । জনসাধাৰণে ভোটাৰ হেল্পলাইন এপ অথবা www.nvsp.in অথবা www.voterportal.eci.gov.in ৱেবচাইট ভিজিট কৰি আবেদন অথবা সংশোধন কৰিব পাৰিব ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...