Monday, 1 August 2022

গোলাঘাটত বি এল অ' সকলৰ প্ৰশিক্ষণ সম্পন্ন**১৭ বছৰ অতিক্ৰম কৰা যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে বছৰত পাব ৪টা সুযোগ*

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩১০/২০২২

*গোলাঘাটত বি এল অ' সকলৰ প্ৰশিক্ষণ সম্পন্ন*

*১৭ বছৰ অতিক্ৰম কৰা যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে বছৰত পাব ৪টা সুযোগ*

*ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰিবলৈ নতুন প্ৰ-পত্ৰ ৬-বি মুকলি*

গোলাঘাট, ১ আগষ্ট : গোলাঘাটৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি গোলাঘাট নিৰ্বাচন জিলাৰ ভোটদাতাসকলৰ বাবে বিশেষ সংক্ষিপ্ত সংশোধনী, ২০২৩ৰ অধীনত ভোটাৰ তালিকাত নতুন নাম অন্তৰ্ভুক্ত কৰা আৰু নিৰ্বাচন আয়োগৰ নিৰ্বাচন সংক্ৰান্তীয় আইনৰ শেহতীয়া সংশোধনীসমূহৰ বিষয়ে অৱগত কৰাৰ বাবে এটা প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হয় । এই প্ৰশিক্ষণত নিৰ্বাচন পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়া, বুথ পৰ্যায়ৰ বিষয়া- ছুপাৰভাইজৰ আৰু বুথ পৰ্যায়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰে । একেটা অনুষ্ঠানতে নিৰ্বাচন আয়োগে নতুনকৈ আৰম্ভ কৰা প্ৰ-পত্ৰ ৬-বি উন্মোচন কৰা হয় । অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ডঃ সংগীতা বৰঠাকুৰে নতুন প্র-পত্ৰসমূহৰ লগতে নিৰ্বাচন আয়োগৰ শেহতীয়া সংশোধনীসমূহৰ বিষয়ে বৰ্ণনা কৰি ৬-বি প্ৰ-পত্ৰৰ জৰিয়তে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰিবলৈ ভোটদাতাসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ লগতে কয় যে এতিয়াৰে পৰা ১৭ বছৰ অতিক্ৰম কৰা যুৱক-যুৱতীয়ে বছৰত চাৰিবাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ সুযোগ লাভ কৰিব । তেওঁ বি এল অ' সকলক নিজৰ নিজৰ স্থানত গৈ ৬-বি প্র-পত্ৰ আৰু নিৰ্বাচন আয়োগৰ সংশোধনীসমূহৰ বিষয়ে জনসাধাৰণক বিশেষকৈ ১৭ বছৰ অতিক্ৰম কৰা যুৱক-যুৱতীসকলক সজাগ কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত জিলা পৰ্যায়ৰ মাষ্টাৰ ট্ৰেইনাৰ ভাস্কৰ কাকতি আৰু আক্ৰাম হুছেইনে নতুন আবেদন পত্ৰ আৰু সংশোধনীসমূহৰ বিষয়ে বিতংভাবে ব্যাখ্যা আগবঢ়ায় । এইক্ষেত্ৰত কাৰিকৰী সহযোগিতা আগবঢ়ায় নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ সুৰজ চন্দাই । অনুষ্ঠানত গোলাঘাটৰ চক্ৰ বিষয়া পাপৰি দাস, খুমটাইৰ চক্ৰ বিষয়া তনবিৰ ইউছুফ আহমেদ, বুথ পৰ্যায়ৰ বিষয়া-ছুপাৰভাইজৰ আৰু বুথ পৰ্যায়ৰ বিষয়াসকল উপস্থিত আছিল । 

উল্লেখযোগ্য যে এতিয়াৰে পৰা ১৭ বছৰ বয়স অতিক্ৰম কৰা যিকোনো ভাৰতীয় যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰিব পাৰিব । আবেদনৰ বাবে পূৰ্বে ভিত্তি তাৰিখ এবছৰত এবাৰ অৰ্থাৎ ১ জানুৱাৰী নিৰ্ধাৰণ কৰা হৈছিল যদিও শেহতীয়াকৈ কেতবোৰ নিৰ্বাচন সংক্ৰান্তীয় আইনৰ ক্ষেত্ৰত ব্যাপক সংশোধনী ঘটোৱা হৈছে । সেই অনুসৰি এতিয়াৰে পৰা ১ জানুৱাৰীলৈ অপেক্ষা কৰিব নালাগে, ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰ তাৰিখকো ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদনৰ ক্ষেত্ৰত বয়সৰ ভিত্তি তাৰিখ হিচাপে লোৱা হৈছে । অৰ্থাৎ ১৭ বছৰ চলি থকা যিকোনো যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰি থ'ব পাৰিব । তেওঁলোকৰ যেতিয়াই ১৮ বছৰ হ'ব তেতিয়াই ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ব ।  সকলো ভোটাৰে গুগুল প্লে' ষ্ট'ৰৰ পৰা ভোটাৰ হেল্পলাইন এপ ইনষ্টল কৰি অনলাইন ব্যৱস্থাৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব । ভোটাৰ কাৰ্ডত সংশোধনী কৰাসকলেও এতিয়াৰে পৰা নিৰ্দিষ্ট কীটত নিজৰ ঘৰৰ ঠিকনাত ডাকযোগে নতুন কাৰ্ড লাভ কৰিব । যোৱা ৬ জানুৱাৰীৰ পিছত সংশোধনীৰ বাবে আবেদন কৰাসকলেও নতুন কাৰ্ড লাভ কৰিব । আনহাতে সংশোধনীৰ বাবে আবেদনৰ প্ৰ-পত্ৰৰ ক্ষেত্ৰতো কেতবোৰ সালসলনি কৰা হৈছে । সেই অনুসৰি এতিয়াৰে পৰা ৮ নং প্ৰ-পত্ৰতে সংশোধন, নতুন কাৰ্ডৰ বাবে আবেদন, স্থান পৰিবৰ্তন আদি কৰিব পাৰিব । অহা ৯ নৱেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব আৰু তাৰ পিছতেই ১৭ বছৰ অতিক্ৰম কৰা যুৱক-যুৱতীসকলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰিব পাৰিব । জনসাধাৰণে ভোটাৰ হেল্পলাইন এপ অথবা www.nvsp.in অথবা www.voterportal.eci.gov.in ৱেবচাইট ভিজিট কৰি আবেদন অথবা সংশোধন কৰিব পাৰিব । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...