Sunday, 31 July 2022

Welcome

ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰাৰ আহ্বান

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩০৯/২০২২

*ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰাৰ আহ্বান*

*নিৰ্বাচন সংক্ৰান্তীয় আইনৰ ব্যাপক সংশোধনী : ১৭ বছৰ বয়সৰ যিকোনো ভাৰতীয় যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ কৰিব পাৰিব আবেদন*

গোলাঘাট, ৩১ জুলাই : এতিয়াৰে পৰা ১৭ বছৰ বয়সৰ যিকোনো ভাৰতীয় যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰিব পাৰিব । আবেদনৰ বাবে পূৰ্বে ভিত্তি তাৰিখ এবছৰত এবাৰ অৰ্থাৎ ১ জানুৱাৰী নিৰ্ধাৰণ কৰা হৈছিল যদিও শেহতীয়াকৈ কেতবোৰ নিৰ্বাচন সংক্ৰান্তীয় আইনৰ ক্ষেত্ৰত ব্যাপক সংশোধনী ঘটোৱা হৈছে । সেই অনুসৰি এতিয়াৰে পৰা ১ জানুৱাৰীলৈ অপেক্ষা কৰিব নালাগে, ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰ তাৰিখকো ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদনৰ ক্ষেত্ৰত বয়সৰ ভিত্তি তাৰিখ হিচাপে লোৱা হৈছে । অৰ্থাৎ ১৭ বছৰ চলি থকা যিকোনো যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰি থ'ব পাৰিব । তেওঁলোকৰ যেতিয়াই ১৮ বছৰ হ'ব তেতিয়াই ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ব । গোলাঘাটৰ নিৰ্বাচনী বিষয়া সুলক্ষণা বৰপাত্ৰগোহাঁইয়ে আজি এক বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে । তেওঁ ১৭ বছৰ বয়সৰ যুৱক-যুৱতীসকলক অনলাইন ব্যৱস্থাৰে আগতীয়াকৈ আবেদন কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে নিৰ্বাচন আয়োগে প্ৰতিজন ভোটদাতাৰ ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰিবলৈ আহ্বান জনাইছে । তাৰ বাবে ৬ বি প্ৰ-পত্ৰ অনলাইন বা অফলাইনযোগে পূৰণ কৰি আধাৰ সংযোগ সম্পূৰ্ণ কৰিবলৈ তেওঁ আহ্বান জনায় । তেওঁ সকলো ভোটাৰকে গুগুল প্লে' ষ্ট'ৰৰ পৰা ভোটাৰ হেল্পলাইন এপ ইনষ্টল কৰি অনলাইন ব্যৱস্থাৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ আহ্বান জনায় । তেওঁ জানিবলৈ দিয়ে যে ভোটাৰ কাৰ্ডত সংশোধনী কৰাসকলেও এতিয়াৰে পৰা নিৰ্দিষ্ট কীটত নিজৰ ঘৰৰ ঠিকনাত ডাকযোগে নতুন কাৰ্ড লাভ কৰিব । যোৱা ৬ জানুৱাৰীৰ পিছত সংশোধনীৰ বাবে আবেদন কৰাসকলেও নতুন কাৰ্ড লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে । আনহাতে সংশোধনীৰ বাবে আবেদনৰ প্ৰ-পত্ৰৰ ক্ষেত্ৰতো কেতবোৰ সালসলনি কৰা হৈছে । সেই অনুসৰি এতিয়াৰে পৰা ৮ নং প্ৰ-পত্ৰতে সংশোধন, নতুন কাৰ্ডৰ বাবে আবেদন, স্থান পৰিবৰ্তন আদি কৰিব পাৰিব । আনহাতে বিভিন্ন বাহিনীত কৰ্মৰত (ছাৰ্ভিছ ভোটাৰ)ভোটাৰ আৰু বিশেষ ভোটাৰৰ ক্ষেত্ৰত লিংগ সমতা সুনিশ্চিত কৰি ভোটদানৰ ক্ষেত্ৰত আবেদন পত্ৰত 'ৱাইফ' শব্দৰ ঠাইত 'স্পাউচ্ ' বুলি উল্লেখ কৰা হৈছে । অৰ্থাৎ মহিলা ছাৰ্ভিছ ভোটাৰগৰাকীয়েও নিজৰ স্বামীৰ বাবে এই সুবিধা লাভ কৰিব পাৰিব । লগতে আবেদন পত্ৰত 'ট্ৰেঞ্চজেন্ডাৰ' অৰ্থাৎ তৃতীয় লিংগ শব্দটো অন্তৰ্ভুক্ত কৰা হৈছে । তেওঁ কয় যে অহা ১ আগষ্টৰ পৰা নতুন প্ৰ-পত্ৰসমূহ মুকলি কৰা হ'ব আৰু যোগ্যসকলে আবেদন কৰিব পাৰিব । ৯ নৱেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব আৰু তাৰ পিছতেই ১৭ বছৰ বয়সৰ যুৱক-যুৱতীসকলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰিব পাৰিব । তেওঁ ভোটাৰ হেল্পলাইন এপ অথবা www.nvsp.in অথবা www.voterportal.eci.gov.in ৱেবচাইট ভিজিট কৰি আবেদন অথবা সংশোধন কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Saturday, 30 July 2022

গোলাঘাটত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩০৮/২০২২

*গোলাঘাটত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই*

*পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সমাজ কল্যাণ বিভাগ আৰু জল জীৱন অভিযানৰ কাম কাজৰ পৰ্যালোচনা*

*সু-প্ৰশাসন আৰু স্মাৰ্ট প্ৰশাসন বৰ্তমানৰ চৰকাৰখনৰ প্ৰধান লক্ষ্য : মহন্ত*

*অহা আগষ্ট মাহত ৰাজ্যৰ প্ৰস্তাৱিত ৫ খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব পৰাকৈ প্ৰয়োজনীয় কাম-কাজ সম্পূৰ্ণ : স্বাস্থ্যমন্ত্ৰী*

গোলাঘাট, ৩০ জুলাই: স্বাস্থ্য আৰু পৰিয়াল কল্যান, তথ্য প্ৰযুক্তি ইত্যাদি বিভাগৰ মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি অসম চৰকাৰৰ অধীনৰ চৰকাৰী পেঞ্চনাৰসকলৰ সুবিধাৰ্থে পেঞ্চনৰ কামসমূহ নিয়াৰিকৈ আৰু সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ 'কৃতজ্ঞতা' আঁচনিৰ অধীনত গোলাঘাটৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত স্থাপন কৰা এটা পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অতি সূক্ষ্ম দৃষ্টিৰে ৰাজ্যৰ প্ৰতিজন নাগৰিকে যাতে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত পোৱা অসুবিধাসমূহ দুৰ কৰিব পাৰি তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । জনসেৱাসমূহ সূচল কৰাৰ উদ্দেশ্যে প্ৰতিটো বিভাগতে সংস্কাৰ সাধনৰ বাবে চৰকাৰখনে ব্যাপক প্ৰচেষ্টা হাতত লৈছে বুলি তেওঁ কয় । তেওঁ কয় যে পেঞ্চনৰ বাবে পূৰ্বে বহু লোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল । কিন্তু পেঞ্চন ব্যৱস্থাৰ অনলাইন তথা সৰলীকৰণৰ ফলত এই অসুবিধাসমূহ দুৰ হোৱাৰ লগতে দুৰ্নীতিও বহু পৰিমাণে নোহোৱা হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । এই পৰিৱৰ্তন অসমৰ ৰাইজে প্ৰথমবাৰৰ বাবে লাভ কৰিছে বুলি তেওঁ কয় । আনহাতে অহা ২ অক্টোবৰৰ পৰা অসম সচিবালয়ত কাগজৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নোহোৱা কৰাৰ বাবে প্ৰয়াস চলোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে অহা বছৰৰ পৰা উপায়ুক্তৰ কাৰ্যালয়সমূহটো এনে ব্যৱস্থা কৰা হ'ব । মন্ত্ৰীগৰাকীয়ে কয় যে সু-প্ৰশাসন আৰু স্মাৰ্ট প্ৰশাসন বৰ্তমানৰ চৰকাৰখনৰ প্ৰধান লক্ষ্য । অহা আগষ্ট মাহত প্ৰস্তাৱিত ৫ খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব পৰাকৈ প্ৰয়োজনীয় কাম-কাজ সম্পূৰ্ণ কৰি তোলা হৈছে অৰ্থাৎ বাৰিষাৰ পিছত অক্টোবৰ মাহৰ পৰাই পূৰ্ণ গতিত কাম আৰম্ভ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে বাৰিষাৰ পূৰ্বে বাট-পথ আৰু আন্তঃগাঁথনি উন্নয়নৰ কাম সম্পূৰ্ণ কৰাৰ বাবে নিবিদাকে ধৰি প্ৰয়োজনীয় সকলো কাম-কাজ সম্পূৰ্ণ কৰা হৈছে আৰু ছেপ্টেম্বৰ মাহৰ পৰাই ঠিকাদাৰে কাম আৰম্ভ কৰিব পাৰিব । তেওঁ বৰ্তমানৰ চৰকাৰখনক নাগৰিককেন্দ্ৰিক চৰকাৰ বুলি উল্লেখ কৰি কয় যে অৱসৰৰ দিনাই পেঞ্চন লাভ কৰিব পৰা যি ব্যৱস্থা কৰা হৈছে ই হৈছে জীৱনজুৰি সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী সকলৰ প্ৰতি চৰকাৰৰ এক কৃতজ্ঞতা । প্ৰতিমাহৰ ১০ তাৰিখে বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, বিভিন্ন বিভাগৰ অধীনত হিতাধিকাৰীয়ে লাভ কৰিবলগীয়া ধন লাভ কৰাটো চৰকাৰে সুনিশ্চিত কৰিছে বুলিও তেওঁ প্ৰসংগক্ৰমে কয় । 

অনুষ্ঠানত দিয়া ভাষণত দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰনাথ ভৰালীয়ে কয় যে বৰ্তমানৰ চৰকাৰখনে শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিটো স্তৰৰ লোকে যাতে এটা ভাল পৰিৱেশত সুস্থিৰ জীৱন যাপন কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । পেঞ্চন সেৱা কেন্দ্ৰসমূহে অৱসৰপ্ৰাপ্ত চাকৰিয়ালসকলক ভালেখিনি সকাহ দিব বুলি তেওঁ কয় । 

আজিৰ অনুষ্ঠানতে দুগৰাকী অৱসৰ গ্ৰহণ কৰা শিক্ষক বিপুল চন্দ্ৰ গগৈ আৰু বীৰেন বৰাক মন্ত্ৰীগৰাকীয়ে পেঞ্চনৰ অনুমোদন পত্ৰ প্ৰদান কৰে । লগতে সমগ্ৰ শিক্ষা, গোলাঘাটৰ সমূহ কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়োৱা ৮৮,০০০ টকাৰ এখন চেক মন্ত্ৰীগৰাকীৰ হাতত অৰ্পন কৰা হয় । 

অনুষ্ঠানত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত অর্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া ডঃ সমীৰণ বৰা, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, অৱসৰপ্ৰাপ্ত অধ্যাপক নৃপেন বৰুৱা আৰু শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু শিক্ষকসকল উপস্থিত আছিল । 

এই অনুষ্ঠানৰ পিছতেই মন্ত্ৰীগৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, সমাজ কল্যাণ বিভাগ আৰু জল জীৱন অভিযানৰ কাম-কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে । তেওঁ চৰকাৰী ধনৰ সদব্যৱহাৰৰ লগতে অমৃত সৰোবৰ প্ৰকল্প আৰু জল জীৱন অভিযান আঁচনিৰ সফল ৰূপায়নত গুৰুত্ব আৰোপ কৰে । আনহাতে গছপুলি ৰোপনৰ প্ৰসংগত তেওঁ কয় যে গছপুলি ৰোপন কৰিলেই নহ'ব ইয়াৰ প্ৰতিপালনৰ দায়িত্ব কোনে ল'ব সেইয়া সুনিশ্চিত কৰিব লাগিব । আনহাতে সমাজ কল্যান বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি তেওঁ একোটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ কোনো শিক্ষানুষ্ঠানে গ্ৰহণ কৰিলে কেন্দ্ৰৰ শিশুহঁত বহু পৰিমাণে উপকৃত হ'ব বুলি মত প্ৰকাশ কৰে । 

বৈঠকত বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত অর্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া গৌৰীপ্ৰিয়া দেউৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী বিষয়া মাধৱ নাথ আৰু ভালেসংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Friday, 29 July 2022

হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট নগৰত আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকাৰ বিক্ৰী কেন্দ্ৰ মুকলি

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩০৭/২০২২

*হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট নগৰত আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকাৰ বিক্ৰী কেন্দ্ৰ মুকলি*
গোলাঘাট, ২৯ জুলাই: আজাদী কা অমৃত মহোৎসৱ আৰু হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশৰূপে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ অধীনৰ  অংকুৰ মণ্ডল পৰ্যায়ৰ সংগঠনৰ উদ্যোগত আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা বিক্ৰীৰ বাবে আজি গোলাঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপত এটা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয় । উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই কেন্দ্ৰটো আনুষ্ঠানিকভাবে মুকলি কৰাৰ লগতে নিজেও ভালেসংখ্যক পতাকা ক্ৰয় কৰে । তেওঁ কেন্দ্ৰটো মুকলি কৰি পিছত সাংবাদিকৰ আগত কয় যে আমি সগৌৰৱে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছোঁ । তেওঁ এই অমৃত মহোৎসৱৰ অংশৰূপে সকলোকে ১৩ৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে ৰাষ্ট্ৰীয় গৌৰৱ আৰু গৰিমাৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন অথবা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায় । এইক্ষেত্ৰত স্থানীয় মহিলাসকলে প্ৰস্তুত কৰা পতাকা ক্ৰয় কৰি তেওঁলোকক উৎসাহিত কৰিবলৈও তেওঁ আহ্বান জনায় । তেওঁ কয় যে জনসাধাৰনে অতি কম মূল্যত এই পতাকাসমূহ ক্ৰয় কৰিব পাৰিব । উল্লেখযোগ্য যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত গোলাঘাট জিলাত আত্মসহায়ক গোটসমূহে ডেৰ লাখ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাৰ বাবে লক্ষ্য স্থিৰ কৰিছে আৰু প্ৰতিটো উন্নয়ন খণ্ড আৰু নগৰ এলেকাত বিক্ৰী কেন্দ্ৰ স্থাপন কৰা হৈছে । 

আজিৰ অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্তদ্বয় কুলদীপ হাজৰিকা আৰু ডঃ সংগীতা বৰঠাকুৰ, চক্ৰ বিষয়া পাপৰি দাস, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, এল ডি এম ডি কে পাণ্ডে, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প প্ৰবন্ধক মাধুৰ্য প্ৰসাদ বৰা, আৰচেটিৰ সঞ্চালক চিন্ময়জ্যোতি গোহাঁইৰ লগতে আত্মসহায়ক গোটৰ মহিলাসকল উপস্থিত আছিল ।  

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

গোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩০৬/২০২২

 *গোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন*
*নিৰ্ধাৰিত সীমাতকৈ উচ্চ গতিত গাড়ী চলোৱা চালকৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ উপায়ুক্তৰ*

গোলাঘাট, ২৯ জুলাই: গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় । উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত পথ দুৰ্ঘটনা ৰোধ কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় । সভাত জিলা পৰিবহণ বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাবে বৰ্ণনা কৰে । তেওঁ জানিবলৈ দিয়ে যে যোৱা সময়ছোৱাত জিলাখনত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তেওঁ কয় যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে জিলাখনত ৯৮ টা পথ দুৰ্ঘটনাত ৬০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬৭ জন লোক আহত হৈছে । বিগত বৰ্ষৰ একে সময়ছোৱাত ১১৭টা পথ দুৰ্ঘটনাত ৫৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬৪ জন লোক আহত হৈছিল । বৈঠকত ৰঙাজান তিনিআলি, মৰঙী চাৰিআলি, দৈগ্ৰুং তিনিআলি, পোৰাবাংলা তিনিআলি, তেলগৰম চাৰিআলি আৰু নুমলিগড় তিনিআলি আদি ক্ষেত্ৰ পৰিদৰ্শন কৰি জিলা পৰিবহণ বিষয়াগৰাকীয়ে এই স্থানসমূহত তথা কাষৰীয়া কেতবোৰ অঞ্চলত পথ সুৰক্ষাৰ বাবে উপযুক্ত দিশ নিৰ্দেশক(sign board), গতিৰ নিৰ্দিষ্ট সীমাসূচক(speed limit sign), ন' পাৰ্কিং আৰু ন' ষ্টপিং এলেকা নিৰ্ধাৰণ, পথচাৰীৰ পথ পাৰ হোৱাৰ ব্যৱস্থা (pedestrian crossing), গতি নিয়ন্ত্ৰণৰ বাবে ৰাম্বল ষ্ট্ৰীপ( rumble strip), দুৰ্ঘটনাপ্ৰৱণ এলেকাৰ নিৰ্দিষ্ট চিহ্ন, গ্ৰাম্য এলেকাত গতিৰোধক (speed breaker) ৰ ব্যৱস্থা কৰা আদিৰ বিষয়ে অৱগত কৰে । 

বৈঠকত উপায়ুক্তগৰাকীয়ে বিশেষভাবে ৰাষ্ট্ৰীয় ঘাইপথ এলেকাত সংঘটিত দুৰ্ঘটনাৰ প্ৰসংগত উচ্চ গতিৰ বাবেই অধিক সংখ্যক দুৰ্ঘটনা সংঘটিত হোৱা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰে । তেওঁ নিৰ্ধাৰিত গতিতকৈ উচ্চ মাত্ৰাত গাড়ী চলোৱা চালকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে । লগতে নুমলীগড়, দেৰগাঁও আদি ৰাষ্ট্ৰীয় ঘাইপথ এলেকাৰ বেয়া হৈ থকা পথসমূহ অতি সোনকালেই মেৰামতি কৰি দিশ নিৰ্দেশক আদিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে জীৱনৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ হোৱা উচিত । জিলাখনত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা পথ সুৰক্ষা বাহিনী প্ৰসংগত তেওঁ কয় যে দুৰ্ঘটনাগ্ৰস্ত লোক এজনৰ বাবে এক মিনিট সময়ো মূল্যবান হ'ব পাৰে । এইক্ষেত্ৰত যিসকল লোকে স্বেচ্ছাই পথ সুৰক্ষা বাহিনীত অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ এই কৰ্মৰ দ্বাৰা সমাজত সকলোৰে মনত সেৱাৰ মনোভাৱ জাগ্ৰত হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যাতে অবৈধ পাৰ্কিং হ'ব নোৱাৰে তাৰ বাবেও ব্যৱস্থা ল'বলৈ আৰক্ষীক আহ্বান জনায় । সুৰাপান কৰি গাড়ী চলোৱা প্ৰসংগত তেওঁ কোনো বাছচালকেও যাতে সুৰপান কৰি গাড়ী নচলায় সেয়া সুনিশ্চিত কৰাৰ বাবে অভিযান চলাবলৈ নিৰ্দেশ দিয়ে । তেওঁ পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে জনসাধাৰণক সামাজিকভাবে সচেতন হ'বলৈ আহ্বান জনায় । 

বৈঠকত স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই সভাত অংশ লোৱা পথ সুৰক্ষা বাহিনীৰ সদস্যসকলক উদ্দেশ্যি কয় যে তেওঁলোকক পথ দুৰ্ঘটনাত পতিত হোৱা লোক এজনক উদ্ধাৰ কৰাৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক চিকিৎসা আৰু উপায়সমূহৰ বিষয়ে বিস্তৃতভাবে জ্ঞান দিয়া হ'ব । দেৰগাঁও, গোলাঘাট, সৰুপথাৰ আৰু বোকাখাত সমূহীয়া স্বাস্থ্য কেন্দ্ৰত পৰ্যায়ক্ৰমে ৭ৰ পৰা ১০ দিন প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে পথ দুৰ্ঘটনাত পতিত হোৱা লোকক উদ্ধাৰ তথা প্ৰাথমিক চিকিৎসা প্ৰদান সম্পৰ্কীয় হাতপুথিখনৰ বিষয়েও অৱগত কৰে । অহা ১৫ আগষ্টত হিন্দী আৰু অসমীয়াত এই হাতপুথিখন প্ৰকাশ কৰা হ'ব । 

আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তদ্বয় কুলদীপ হাজৰিকা আৰু ডঃ সংগীতা বৰঠাকুৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত, বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, ৰাষ্ট্ৰীয় ঘাইপথ, লোকনিৰ্মাণ (পথ), দুৰ্যোগ ব্যৱস্থাপনা, আবকাৰী, আৰক্ষী, যানবাহন আৰক্ষী আৰু কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।

সভাৰ পিছতেই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত পথ সুৰক্ষা বাহিনীৰ সদস্যসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় । উল্লখযোগ্য যে প্ৰতিখন থানা আৰু আৰক্ষী চকীৰ অধীনত ৫ জনকৈ লোকক পথ সুৰক্ষা বাহিনীত অন্তৰ্ভুক্ত কৰা হৈছে ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Thursday, 28 July 2022

গোলাঘাটত দেশভক্তি দিৱস পালন

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩০৫/২০২২

 *গোলাঘাটত দেশভক্তি দিৱস পালন*

*ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আন্দোলনক শক্তিশালী কৰাৰ ক্ষেত্ৰত তৰুণৰাম ফুকন আছিল এগৰাকী অনন্য যোদ্ধা : ডাঃ অজিৎ বৰুৱা*

*কানিৰ প্ৰচলন, নাৰী-পুৰুষৰ মাজৰ বৈষম্য, অস্পৃশ্যতা দুৰ কৰাৰ বাবে তৰুণৰাম ফুকনে অহোপুৰুষাৰ্থ কৰিছিল : দীনেশ গগৈ*

গোলাঘাট, ২৮ জুলাই: গোলাঘাট জিলাতো আজি দেশভক্ত তৰুণৰাম ফুকনৰ ৮৩ সংখ্যক মৃত্যু দিৱস 'দেশ ভক্তি দিৱস' হিচাপে পালন কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত কাৰ্যসূচীৰ অংশৰূপে  'দেশভক্তিৰ প্ৰসংগ আৰু তৰুণৰাম ফুকন' শীৰ্ষক এখনি আলোচনা চক্ৰৰ আয়োজন কৰা হয় । অনুষ্ঠানত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক, বুদ্ধিজীৱি ডাঃ অজিৎ বৰুৱা আৰু বিশিষ্ট বুদ্ধিজীৱি তথা চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈয়ে । অনুষ্ঠানত দিয়া ভাষণত ডাঃ অজিৎ বৰুৱাই দেশভক্ত তৰুণৰাম ফুকনৰ দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰি কয় যে তৰুণৰাম ফুকন আছিল অসমৰ তৃতীয়গৰাকী বেৰিষ্টাৰ । স্বাধীনতা সংগ্ৰামত তৰুণৰাম ফুকনৰ অৱদানৰ বিষয়ে আলোকপাত কৰি তেওঁ গোলাঘাট জিলাৰ সৈতেও তেওঁ কেনেকৈ জড়িত হৈ পৰিছিল এই বিষয়ে বৰ্ণনা কৰে । তেওঁ কয় যে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আন্দোলনক শক্তিশালী কৰাৰ ক্ষেত্ৰত তৰুণৰাম ফুকন আছিল এগৰাকী অনন্য যোদ্ধা । তেওঁ আছিল একেধাৰে সাহিত্যিক, লেখক, সু-বক্তা আৰু স্বাধীনতা আন্দোলনৰ অন্যতম হোতা । তেওঁ যিদৰে সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানৰ সভাপতিৰ পদ অলঙ্কৃত কৰিছিল, ঠিক তেনেকৈয়ে যুৱচামক উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত গুৰুদায়িত্ব বহন কৰিছিল । প্ৰসংগক্ৰমে তেওঁ স্বাধীনতা আন্দোলনত গোলাঘাট জিলাৰ অৱদানৰ বিষয়েও উল্লেখ কৰে । তেওঁ কয় যে তৰুণৰাম ফুকন কেৱল ৰাজনৈতিকভাবেই নহয়, অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত ৰাজ্যখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁ আছিল অন্যতম সেনানী । 

অনুষ্ঠানত ভাষণ দি বিশিষ্ট বুদ্ধিজীৱি দীনেশ গগৈয়ে কয় যে তৰুণৰাম ফুকন আছিল অসমৰ স্বাধীনতা সংগ্ৰামৰ এনে এজন নেতা যি নিজৰ গুণৰ বাবে সকলোৰে মনত বাস কৰিবলৈ সক্ষম হৈছিল । তেওঁ ব্ৰিটিছবিৰোধী যুঁজখনত অংশ লৈ কাৰাবাস খাটিবলগীয়াও হৈছিল । তেওঁ যুৱশক্তিক উদ্বুদ্ধ কৰিছিল বুলি উল্লেখ কৰি শ্ৰীগগৈয়ে কয় যে সেই সময়ত অসমত কানিৰ পয়োভৰ আছিল । তেওঁ কয় যে তৰুণৰাম ফুকনে অসমৰ মানুহক কানিৰ কৰালগ্ৰাসৰ পৰা মুক্ত কৰা, নাৰী পুৰুষৰ মাজৰ বৈষম্য, অস্পৃশ্যতা আদি দুৰ কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল । গোপীনাথ বৰদলৈদেৱৰ উদ্ধৃতিৰে তেওঁ কয় "য'ত তৰুণৰাম ফুকন থাকিব ত'ত নিৰানন্দ নাথাকে, নৈৰাস্যই বিৰাজ নকৰে, অলাগতিয়াল কথাৰ আলোচনা নহয় ।"
 
অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক দ্বীপেন দত্তই দেশসেৱাকেই জীৱনৰ ব্ৰতৰূপে গ্ৰহণ কৰা মহান নেতাগৰাকীক স্মৰণ কৰাৰ উদ্দেশ্যে চৰকাৰে এই দিৱস পালনৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় । আন এগৰাকী জ্যেষ্ঠ সাংবাদিক, পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে তৰুণৰাম ফুকনৰ বিভিন্ন প্ৰতিভাৰ বিষয়ে উল্লেখ কৰাৰ লগতে বিদেশী বস্ত্ৰ বৰ্জনৰ সময়ছোৱাত তেওঁ গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে আলোকপাত কৰে । 

সভাপতিৰ আসনৰ পৰা উপায়ুক্তগৰাকীয়ে কয় যে তৰুণৰাম ফুকনৰ বিষয়ে ব্যাপকভাবে চৰ্চাৰ প্ৰয়োজন আছে । তৰুণৰাম ফুকনৰ দৰে নেতাই স্বাধীনতা আন্দোলনত কি ভূমিকা পালন কৰিছিল, অসম আৰু অসমীয়াৰ বাবে তেখেতে কৰা অহোপুৰুষাৰ্থৰ বিষয়ে প্ৰতিজন লোকেই জনা উচিত ।দেশভক্তি দেশৰ সংকটৰ সময়তহে প্ৰকৃত ৰূপত অনুধাৱন কৰিব পাৰি বুলি উল্লেখ কৰি তেওঁ তৰুণৰাম ফুকনৰ কৰ্মৰাজীৰ বিষয়ে আলোকপাত কৰে । 

অনুষ্ঠানৰ আৰম্ভণিতেই তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰা হয় । অনুষ্ঠানত অংশ লোৱা প্ৰতিগৰাকী ব্যক্তিকে একোটা গছপুলি উপহাৰ দিয়া হয় ।

অনুষ্ঠানত চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী মৃদুস্মিতা তালুকদাৰ আৰু জাহ্নৱী গগৈয়ে দেশপ্ৰেমমূলক গীত, দিয়া দেৱী আৰু জিমি গগৈয়ে দেশপ্ৰেমমূলক কবিতা আবৃত্তি কৰাৰ লগতে অনুপল দত্তই দেশপ্ৰেমমূলক গীতত বাঁহীবাদন কৰে । 

আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অর্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে কুলদীপ হাজৰিকা আৰু ডঃ সংগীতা বৰঠাকুৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস,জিলা প্ৰশাসনৰ বিষয়াসকল, জ্যেষ্ঠ সাংবাদিক সমীৰণ দিগন্ত বৰা, দিগন্ত বৰা, দীপমনি খাটনিয়াৰ, জয়দ্বীপ গুপ্তা, জিলা সদৰৰ সাংবাদিকসকল, উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল, ছাত্ৰ-ছাত্ৰী, জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সমূহ কৰ্মচাৰী আৰু ভালেসংখ্যক লোক উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 27/07/2022.

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...