Thursday, 28 July 2022

গোলাঘাটত দেশভক্তি দিৱস পালন

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩০৫/২০২২

 *গোলাঘাটত দেশভক্তি দিৱস পালন*

*ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আন্দোলনক শক্তিশালী কৰাৰ ক্ষেত্ৰত তৰুণৰাম ফুকন আছিল এগৰাকী অনন্য যোদ্ধা : ডাঃ অজিৎ বৰুৱা*

*কানিৰ প্ৰচলন, নাৰী-পুৰুষৰ মাজৰ বৈষম্য, অস্পৃশ্যতা দুৰ কৰাৰ বাবে তৰুণৰাম ফুকনে অহোপুৰুষাৰ্থ কৰিছিল : দীনেশ গগৈ*

গোলাঘাট, ২৮ জুলাই: গোলাঘাট জিলাতো আজি দেশভক্ত তৰুণৰাম ফুকনৰ ৮৩ সংখ্যক মৃত্যু দিৱস 'দেশ ভক্তি দিৱস' হিচাপে পালন কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত কাৰ্যসূচীৰ অংশৰূপে  'দেশভক্তিৰ প্ৰসংগ আৰু তৰুণৰাম ফুকন' শীৰ্ষক এখনি আলোচনা চক্ৰৰ আয়োজন কৰা হয় । অনুষ্ঠানত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক, বুদ্ধিজীৱি ডাঃ অজিৎ বৰুৱা আৰু বিশিষ্ট বুদ্ধিজীৱি তথা চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈয়ে । অনুষ্ঠানত দিয়া ভাষণত ডাঃ অজিৎ বৰুৱাই দেশভক্ত তৰুণৰাম ফুকনৰ দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰি কয় যে তৰুণৰাম ফুকন আছিল অসমৰ তৃতীয়গৰাকী বেৰিষ্টাৰ । স্বাধীনতা সংগ্ৰামত তৰুণৰাম ফুকনৰ অৱদানৰ বিষয়ে আলোকপাত কৰি তেওঁ গোলাঘাট জিলাৰ সৈতেও তেওঁ কেনেকৈ জড়িত হৈ পৰিছিল এই বিষয়ে বৰ্ণনা কৰে । তেওঁ কয় যে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আন্দোলনক শক্তিশালী কৰাৰ ক্ষেত্ৰত তৰুণৰাম ফুকন আছিল এগৰাকী অনন্য যোদ্ধা । তেওঁ আছিল একেধাৰে সাহিত্যিক, লেখক, সু-বক্তা আৰু স্বাধীনতা আন্দোলনৰ অন্যতম হোতা । তেওঁ যিদৰে সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানৰ সভাপতিৰ পদ অলঙ্কৃত কৰিছিল, ঠিক তেনেকৈয়ে যুৱচামক উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত গুৰুদায়িত্ব বহন কৰিছিল । প্ৰসংগক্ৰমে তেওঁ স্বাধীনতা আন্দোলনত গোলাঘাট জিলাৰ অৱদানৰ বিষয়েও উল্লেখ কৰে । তেওঁ কয় যে তৰুণৰাম ফুকন কেৱল ৰাজনৈতিকভাবেই নহয়, অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত ৰাজ্যখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁ আছিল অন্যতম সেনানী । 

অনুষ্ঠানত ভাষণ দি বিশিষ্ট বুদ্ধিজীৱি দীনেশ গগৈয়ে কয় যে তৰুণৰাম ফুকন আছিল অসমৰ স্বাধীনতা সংগ্ৰামৰ এনে এজন নেতা যি নিজৰ গুণৰ বাবে সকলোৰে মনত বাস কৰিবলৈ সক্ষম হৈছিল । তেওঁ ব্ৰিটিছবিৰোধী যুঁজখনত অংশ লৈ কাৰাবাস খাটিবলগীয়াও হৈছিল । তেওঁ যুৱশক্তিক উদ্বুদ্ধ কৰিছিল বুলি উল্লেখ কৰি শ্ৰীগগৈয়ে কয় যে সেই সময়ত অসমত কানিৰ পয়োভৰ আছিল । তেওঁ কয় যে তৰুণৰাম ফুকনে অসমৰ মানুহক কানিৰ কৰালগ্ৰাসৰ পৰা মুক্ত কৰা, নাৰী পুৰুষৰ মাজৰ বৈষম্য, অস্পৃশ্যতা আদি দুৰ কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল । গোপীনাথ বৰদলৈদেৱৰ উদ্ধৃতিৰে তেওঁ কয় "য'ত তৰুণৰাম ফুকন থাকিব ত'ত নিৰানন্দ নাথাকে, নৈৰাস্যই বিৰাজ নকৰে, অলাগতিয়াল কথাৰ আলোচনা নহয় ।"
 
অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক দ্বীপেন দত্তই দেশসেৱাকেই জীৱনৰ ব্ৰতৰূপে গ্ৰহণ কৰা মহান নেতাগৰাকীক স্মৰণ কৰাৰ উদ্দেশ্যে চৰকাৰে এই দিৱস পালনৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় । আন এগৰাকী জ্যেষ্ঠ সাংবাদিক, পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে তৰুণৰাম ফুকনৰ বিভিন্ন প্ৰতিভাৰ বিষয়ে উল্লেখ কৰাৰ লগতে বিদেশী বস্ত্ৰ বৰ্জনৰ সময়ছোৱাত তেওঁ গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে আলোকপাত কৰে । 

সভাপতিৰ আসনৰ পৰা উপায়ুক্তগৰাকীয়ে কয় যে তৰুণৰাম ফুকনৰ বিষয়ে ব্যাপকভাবে চৰ্চাৰ প্ৰয়োজন আছে । তৰুণৰাম ফুকনৰ দৰে নেতাই স্বাধীনতা আন্দোলনত কি ভূমিকা পালন কৰিছিল, অসম আৰু অসমীয়াৰ বাবে তেখেতে কৰা অহোপুৰুষাৰ্থৰ বিষয়ে প্ৰতিজন লোকেই জনা উচিত ।দেশভক্তি দেশৰ সংকটৰ সময়তহে প্ৰকৃত ৰূপত অনুধাৱন কৰিব পাৰি বুলি উল্লেখ কৰি তেওঁ তৰুণৰাম ফুকনৰ কৰ্মৰাজীৰ বিষয়ে আলোকপাত কৰে । 

অনুষ্ঠানৰ আৰম্ভণিতেই তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰা হয় । অনুষ্ঠানত অংশ লোৱা প্ৰতিগৰাকী ব্যক্তিকে একোটা গছপুলি উপহাৰ দিয়া হয় ।

অনুষ্ঠানত চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী মৃদুস্মিতা তালুকদাৰ আৰু জাহ্নৱী গগৈয়ে দেশপ্ৰেমমূলক গীত, দিয়া দেৱী আৰু জিমি গগৈয়ে দেশপ্ৰেমমূলক কবিতা আবৃত্তি কৰাৰ লগতে অনুপল দত্তই দেশপ্ৰেমমূলক গীতত বাঁহীবাদন কৰে । 

আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অর্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে কুলদীপ হাজৰিকা আৰু ডঃ সংগীতা বৰঠাকুৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস,জিলা প্ৰশাসনৰ বিষয়াসকল, জ্যেষ্ঠ সাংবাদিক সমীৰণ দিগন্ত বৰা, দিগন্ত বৰা, দীপমনি খাটনিয়াৰ, জয়দ্বীপ গুপ্তা, জিলা সদৰৰ সাংবাদিকসকল, উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল, ছাত্ৰ-ছাত্ৰী, জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সমূহ কৰ্মচাৰী আৰু ভালেসংখ্যক লোক উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...