Saturday, 30 July 2022

গোলাঘাটত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩০৮/২০২২

*গোলাঘাটত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই*

*পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সমাজ কল্যাণ বিভাগ আৰু জল জীৱন অভিযানৰ কাম কাজৰ পৰ্যালোচনা*

*সু-প্ৰশাসন আৰু স্মাৰ্ট প্ৰশাসন বৰ্তমানৰ চৰকাৰখনৰ প্ৰধান লক্ষ্য : মহন্ত*

*অহা আগষ্ট মাহত ৰাজ্যৰ প্ৰস্তাৱিত ৫ খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব পৰাকৈ প্ৰয়োজনীয় কাম-কাজ সম্পূৰ্ণ : স্বাস্থ্যমন্ত্ৰী*

গোলাঘাট, ৩০ জুলাই: স্বাস্থ্য আৰু পৰিয়াল কল্যান, তথ্য প্ৰযুক্তি ইত্যাদি বিভাগৰ মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি অসম চৰকাৰৰ অধীনৰ চৰকাৰী পেঞ্চনাৰসকলৰ সুবিধাৰ্থে পেঞ্চনৰ কামসমূহ নিয়াৰিকৈ আৰু সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ 'কৃতজ্ঞতা' আঁচনিৰ অধীনত গোলাঘাটৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত স্থাপন কৰা এটা পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অতি সূক্ষ্ম দৃষ্টিৰে ৰাজ্যৰ প্ৰতিজন নাগৰিকে যাতে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত পোৱা অসুবিধাসমূহ দুৰ কৰিব পাৰি তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । জনসেৱাসমূহ সূচল কৰাৰ উদ্দেশ্যে প্ৰতিটো বিভাগতে সংস্কাৰ সাধনৰ বাবে চৰকাৰখনে ব্যাপক প্ৰচেষ্টা হাতত লৈছে বুলি তেওঁ কয় । তেওঁ কয় যে পেঞ্চনৰ বাবে পূৰ্বে বহু লোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল । কিন্তু পেঞ্চন ব্যৱস্থাৰ অনলাইন তথা সৰলীকৰণৰ ফলত এই অসুবিধাসমূহ দুৰ হোৱাৰ লগতে দুৰ্নীতিও বহু পৰিমাণে নোহোৱা হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । এই পৰিৱৰ্তন অসমৰ ৰাইজে প্ৰথমবাৰৰ বাবে লাভ কৰিছে বুলি তেওঁ কয় । আনহাতে অহা ২ অক্টোবৰৰ পৰা অসম সচিবালয়ত কাগজৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নোহোৱা কৰাৰ বাবে প্ৰয়াস চলোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে অহা বছৰৰ পৰা উপায়ুক্তৰ কাৰ্যালয়সমূহটো এনে ব্যৱস্থা কৰা হ'ব । মন্ত্ৰীগৰাকীয়ে কয় যে সু-প্ৰশাসন আৰু স্মাৰ্ট প্ৰশাসন বৰ্তমানৰ চৰকাৰখনৰ প্ৰধান লক্ষ্য । অহা আগষ্ট মাহত প্ৰস্তাৱিত ৫ খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব পৰাকৈ প্ৰয়োজনীয় কাম-কাজ সম্পূৰ্ণ কৰি তোলা হৈছে অৰ্থাৎ বাৰিষাৰ পিছত অক্টোবৰ মাহৰ পৰাই পূৰ্ণ গতিত কাম আৰম্ভ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে বাৰিষাৰ পূৰ্বে বাট-পথ আৰু আন্তঃগাঁথনি উন্নয়নৰ কাম সম্পূৰ্ণ কৰাৰ বাবে নিবিদাকে ধৰি প্ৰয়োজনীয় সকলো কাম-কাজ সম্পূৰ্ণ কৰা হৈছে আৰু ছেপ্টেম্বৰ মাহৰ পৰাই ঠিকাদাৰে কাম আৰম্ভ কৰিব পাৰিব । তেওঁ বৰ্তমানৰ চৰকাৰখনক নাগৰিককেন্দ্ৰিক চৰকাৰ বুলি উল্লেখ কৰি কয় যে অৱসৰৰ দিনাই পেঞ্চন লাভ কৰিব পৰা যি ব্যৱস্থা কৰা হৈছে ই হৈছে জীৱনজুৰি সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী সকলৰ প্ৰতি চৰকাৰৰ এক কৃতজ্ঞতা । প্ৰতিমাহৰ ১০ তাৰিখে বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, বিভিন্ন বিভাগৰ অধীনত হিতাধিকাৰীয়ে লাভ কৰিবলগীয়া ধন লাভ কৰাটো চৰকাৰে সুনিশ্চিত কৰিছে বুলিও তেওঁ প্ৰসংগক্ৰমে কয় । 

অনুষ্ঠানত দিয়া ভাষণত দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰনাথ ভৰালীয়ে কয় যে বৰ্তমানৰ চৰকাৰখনে শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিটো স্তৰৰ লোকে যাতে এটা ভাল পৰিৱেশত সুস্থিৰ জীৱন যাপন কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । পেঞ্চন সেৱা কেন্দ্ৰসমূহে অৱসৰপ্ৰাপ্ত চাকৰিয়ালসকলক ভালেখিনি সকাহ দিব বুলি তেওঁ কয় । 

আজিৰ অনুষ্ঠানতে দুগৰাকী অৱসৰ গ্ৰহণ কৰা শিক্ষক বিপুল চন্দ্ৰ গগৈ আৰু বীৰেন বৰাক মন্ত্ৰীগৰাকীয়ে পেঞ্চনৰ অনুমোদন পত্ৰ প্ৰদান কৰে । লগতে সমগ্ৰ শিক্ষা, গোলাঘাটৰ সমূহ কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়োৱা ৮৮,০০০ টকাৰ এখন চেক মন্ত্ৰীগৰাকীৰ হাতত অৰ্পন কৰা হয় । 

অনুষ্ঠানত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত অর্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া ডঃ সমীৰণ বৰা, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, অৱসৰপ্ৰাপ্ত অধ্যাপক নৃপেন বৰুৱা আৰু শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু শিক্ষকসকল উপস্থিত আছিল । 

এই অনুষ্ঠানৰ পিছতেই মন্ত্ৰীগৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, সমাজ কল্যাণ বিভাগ আৰু জল জীৱন অভিযানৰ কাম-কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে । তেওঁ চৰকাৰী ধনৰ সদব্যৱহাৰৰ লগতে অমৃত সৰোবৰ প্ৰকল্প আৰু জল জীৱন অভিযান আঁচনিৰ সফল ৰূপায়নত গুৰুত্ব আৰোপ কৰে । আনহাতে গছপুলি ৰোপনৰ প্ৰসংগত তেওঁ কয় যে গছপুলি ৰোপন কৰিলেই নহ'ব ইয়াৰ প্ৰতিপালনৰ দায়িত্ব কোনে ল'ব সেইয়া সুনিশ্চিত কৰিব লাগিব । আনহাতে সমাজ কল্যান বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি তেওঁ একোটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ কোনো শিক্ষানুষ্ঠানে গ্ৰহণ কৰিলে কেন্দ্ৰৰ শিশুহঁত বহু পৰিমাণে উপকৃত হ'ব বুলি মত প্ৰকাশ কৰে । 

বৈঠকত বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত অর্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া গৌৰীপ্ৰিয়া দেউৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী বিষয়া মাধৱ নাথ আৰু ভালেসংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...