Friday, 29 July 2022

গোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩০৬/২০২২

 *গোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন*
*নিৰ্ধাৰিত সীমাতকৈ উচ্চ গতিত গাড়ী চলোৱা চালকৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ উপায়ুক্তৰ*

গোলাঘাট, ২৯ জুলাই: গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় । উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত পথ দুৰ্ঘটনা ৰোধ কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় । সভাত জিলা পৰিবহণ বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাবে বৰ্ণনা কৰে । তেওঁ জানিবলৈ দিয়ে যে যোৱা সময়ছোৱাত জিলাখনত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তেওঁ কয় যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে জিলাখনত ৯৮ টা পথ দুৰ্ঘটনাত ৬০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬৭ জন লোক আহত হৈছে । বিগত বৰ্ষৰ একে সময়ছোৱাত ১১৭টা পথ দুৰ্ঘটনাত ৫৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬৪ জন লোক আহত হৈছিল । বৈঠকত ৰঙাজান তিনিআলি, মৰঙী চাৰিআলি, দৈগ্ৰুং তিনিআলি, পোৰাবাংলা তিনিআলি, তেলগৰম চাৰিআলি আৰু নুমলিগড় তিনিআলি আদি ক্ষেত্ৰ পৰিদৰ্শন কৰি জিলা পৰিবহণ বিষয়াগৰাকীয়ে এই স্থানসমূহত তথা কাষৰীয়া কেতবোৰ অঞ্চলত পথ সুৰক্ষাৰ বাবে উপযুক্ত দিশ নিৰ্দেশক(sign board), গতিৰ নিৰ্দিষ্ট সীমাসূচক(speed limit sign), ন' পাৰ্কিং আৰু ন' ষ্টপিং এলেকা নিৰ্ধাৰণ, পথচাৰীৰ পথ পাৰ হোৱাৰ ব্যৱস্থা (pedestrian crossing), গতি নিয়ন্ত্ৰণৰ বাবে ৰাম্বল ষ্ট্ৰীপ( rumble strip), দুৰ্ঘটনাপ্ৰৱণ এলেকাৰ নিৰ্দিষ্ট চিহ্ন, গ্ৰাম্য এলেকাত গতিৰোধক (speed breaker) ৰ ব্যৱস্থা কৰা আদিৰ বিষয়ে অৱগত কৰে । 

বৈঠকত উপায়ুক্তগৰাকীয়ে বিশেষভাবে ৰাষ্ট্ৰীয় ঘাইপথ এলেকাত সংঘটিত দুৰ্ঘটনাৰ প্ৰসংগত উচ্চ গতিৰ বাবেই অধিক সংখ্যক দুৰ্ঘটনা সংঘটিত হোৱা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰে । তেওঁ নিৰ্ধাৰিত গতিতকৈ উচ্চ মাত্ৰাত গাড়ী চলোৱা চালকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে । লগতে নুমলীগড়, দেৰগাঁও আদি ৰাষ্ট্ৰীয় ঘাইপথ এলেকাৰ বেয়া হৈ থকা পথসমূহ অতি সোনকালেই মেৰামতি কৰি দিশ নিৰ্দেশক আদিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে জীৱনৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ হোৱা উচিত । জিলাখনত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা পথ সুৰক্ষা বাহিনী প্ৰসংগত তেওঁ কয় যে দুৰ্ঘটনাগ্ৰস্ত লোক এজনৰ বাবে এক মিনিট সময়ো মূল্যবান হ'ব পাৰে । এইক্ষেত্ৰত যিসকল লোকে স্বেচ্ছাই পথ সুৰক্ষা বাহিনীত অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ এই কৰ্মৰ দ্বাৰা সমাজত সকলোৰে মনত সেৱাৰ মনোভাৱ জাগ্ৰত হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যাতে অবৈধ পাৰ্কিং হ'ব নোৱাৰে তাৰ বাবেও ব্যৱস্থা ল'বলৈ আৰক্ষীক আহ্বান জনায় । সুৰাপান কৰি গাড়ী চলোৱা প্ৰসংগত তেওঁ কোনো বাছচালকেও যাতে সুৰপান কৰি গাড়ী নচলায় সেয়া সুনিশ্চিত কৰাৰ বাবে অভিযান চলাবলৈ নিৰ্দেশ দিয়ে । তেওঁ পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে জনসাধাৰণক সামাজিকভাবে সচেতন হ'বলৈ আহ্বান জনায় । 

বৈঠকত স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই সভাত অংশ লোৱা পথ সুৰক্ষা বাহিনীৰ সদস্যসকলক উদ্দেশ্যি কয় যে তেওঁলোকক পথ দুৰ্ঘটনাত পতিত হোৱা লোক এজনক উদ্ধাৰ কৰাৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক চিকিৎসা আৰু উপায়সমূহৰ বিষয়ে বিস্তৃতভাবে জ্ঞান দিয়া হ'ব । দেৰগাঁও, গোলাঘাট, সৰুপথাৰ আৰু বোকাখাত সমূহীয়া স্বাস্থ্য কেন্দ্ৰত পৰ্যায়ক্ৰমে ৭ৰ পৰা ১০ দিন প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে পথ দুৰ্ঘটনাত পতিত হোৱা লোকক উদ্ধাৰ তথা প্ৰাথমিক চিকিৎসা প্ৰদান সম্পৰ্কীয় হাতপুথিখনৰ বিষয়েও অৱগত কৰে । অহা ১৫ আগষ্টত হিন্দী আৰু অসমীয়াত এই হাতপুথিখন প্ৰকাশ কৰা হ'ব । 

আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তদ্বয় কুলদীপ হাজৰিকা আৰু ডঃ সংগীতা বৰঠাকুৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত, বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, ৰাষ্ট্ৰীয় ঘাইপথ, লোকনিৰ্মাণ (পথ), দুৰ্যোগ ব্যৱস্থাপনা, আবকাৰী, আৰক্ষী, যানবাহন আৰক্ষী আৰু কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।

সভাৰ পিছতেই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত পথ সুৰক্ষা বাহিনীৰ সদস্যসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় । উল্লখযোগ্য যে প্ৰতিখন থানা আৰু আৰক্ষী চকীৰ অধীনত ৫ জনকৈ লোকক পথ সুৰক্ষা বাহিনীত অন্তৰ্ভুক্ত কৰা হৈছে ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Thursday, 28 July 2022

গোলাঘাটত দেশভক্তি দিৱস পালন

‌জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩০৫/২০২২

 *গোলাঘাটত দেশভক্তি দিৱস পালন*

*ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আন্দোলনক শক্তিশালী কৰাৰ ক্ষেত্ৰত তৰুণৰাম ফুকন আছিল এগৰাকী অনন্য যোদ্ধা : ডাঃ অজিৎ বৰুৱা*

*কানিৰ প্ৰচলন, নাৰী-পুৰুষৰ মাজৰ বৈষম্য, অস্পৃশ্যতা দুৰ কৰাৰ বাবে তৰুণৰাম ফুকনে অহোপুৰুষাৰ্থ কৰিছিল : দীনেশ গগৈ*

গোলাঘাট, ২৮ জুলাই: গোলাঘাট জিলাতো আজি দেশভক্ত তৰুণৰাম ফুকনৰ ৮৩ সংখ্যক মৃত্যু দিৱস 'দেশ ভক্তি দিৱস' হিচাপে পালন কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত কাৰ্যসূচীৰ অংশৰূপে  'দেশভক্তিৰ প্ৰসংগ আৰু তৰুণৰাম ফুকন' শীৰ্ষক এখনি আলোচনা চক্ৰৰ আয়োজন কৰা হয় । অনুষ্ঠানত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক, বুদ্ধিজীৱি ডাঃ অজিৎ বৰুৱা আৰু বিশিষ্ট বুদ্ধিজীৱি তথা চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈয়ে । অনুষ্ঠানত দিয়া ভাষণত ডাঃ অজিৎ বৰুৱাই দেশভক্ত তৰুণৰাম ফুকনৰ দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰি কয় যে তৰুণৰাম ফুকন আছিল অসমৰ তৃতীয়গৰাকী বেৰিষ্টাৰ । স্বাধীনতা সংগ্ৰামত তৰুণৰাম ফুকনৰ অৱদানৰ বিষয়ে আলোকপাত কৰি তেওঁ গোলাঘাট জিলাৰ সৈতেও তেওঁ কেনেকৈ জড়িত হৈ পৰিছিল এই বিষয়ে বৰ্ণনা কৰে । তেওঁ কয় যে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আন্দোলনক শক্তিশালী কৰাৰ ক্ষেত্ৰত তৰুণৰাম ফুকন আছিল এগৰাকী অনন্য যোদ্ধা । তেওঁ আছিল একেধাৰে সাহিত্যিক, লেখক, সু-বক্তা আৰু স্বাধীনতা আন্দোলনৰ অন্যতম হোতা । তেওঁ যিদৰে সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানৰ সভাপতিৰ পদ অলঙ্কৃত কৰিছিল, ঠিক তেনেকৈয়ে যুৱচামক উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত গুৰুদায়িত্ব বহন কৰিছিল । প্ৰসংগক্ৰমে তেওঁ স্বাধীনতা আন্দোলনত গোলাঘাট জিলাৰ অৱদানৰ বিষয়েও উল্লেখ কৰে । তেওঁ কয় যে তৰুণৰাম ফুকন কেৱল ৰাজনৈতিকভাবেই নহয়, অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত ৰাজ্যখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁ আছিল অন্যতম সেনানী । 

অনুষ্ঠানত ভাষণ দি বিশিষ্ট বুদ্ধিজীৱি দীনেশ গগৈয়ে কয় যে তৰুণৰাম ফুকন আছিল অসমৰ স্বাধীনতা সংগ্ৰামৰ এনে এজন নেতা যি নিজৰ গুণৰ বাবে সকলোৰে মনত বাস কৰিবলৈ সক্ষম হৈছিল । তেওঁ ব্ৰিটিছবিৰোধী যুঁজখনত অংশ লৈ কাৰাবাস খাটিবলগীয়াও হৈছিল । তেওঁ যুৱশক্তিক উদ্বুদ্ধ কৰিছিল বুলি উল্লেখ কৰি শ্ৰীগগৈয়ে কয় যে সেই সময়ত অসমত কানিৰ পয়োভৰ আছিল । তেওঁ কয় যে তৰুণৰাম ফুকনে অসমৰ মানুহক কানিৰ কৰালগ্ৰাসৰ পৰা মুক্ত কৰা, নাৰী পুৰুষৰ মাজৰ বৈষম্য, অস্পৃশ্যতা আদি দুৰ কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল । গোপীনাথ বৰদলৈদেৱৰ উদ্ধৃতিৰে তেওঁ কয় "য'ত তৰুণৰাম ফুকন থাকিব ত'ত নিৰানন্দ নাথাকে, নৈৰাস্যই বিৰাজ নকৰে, অলাগতিয়াল কথাৰ আলোচনা নহয় ।"
 
অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক দ্বীপেন দত্তই দেশসেৱাকেই জীৱনৰ ব্ৰতৰূপে গ্ৰহণ কৰা মহান নেতাগৰাকীক স্মৰণ কৰাৰ উদ্দেশ্যে চৰকাৰে এই দিৱস পালনৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় । আন এগৰাকী জ্যেষ্ঠ সাংবাদিক, পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে তৰুণৰাম ফুকনৰ বিভিন্ন প্ৰতিভাৰ বিষয়ে উল্লেখ কৰাৰ লগতে বিদেশী বস্ত্ৰ বৰ্জনৰ সময়ছোৱাত তেওঁ গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে আলোকপাত কৰে । 

সভাপতিৰ আসনৰ পৰা উপায়ুক্তগৰাকীয়ে কয় যে তৰুণৰাম ফুকনৰ বিষয়ে ব্যাপকভাবে চৰ্চাৰ প্ৰয়োজন আছে । তৰুণৰাম ফুকনৰ দৰে নেতাই স্বাধীনতা আন্দোলনত কি ভূমিকা পালন কৰিছিল, অসম আৰু অসমীয়াৰ বাবে তেখেতে কৰা অহোপুৰুষাৰ্থৰ বিষয়ে প্ৰতিজন লোকেই জনা উচিত ।দেশভক্তি দেশৰ সংকটৰ সময়তহে প্ৰকৃত ৰূপত অনুধাৱন কৰিব পাৰি বুলি উল্লেখ কৰি তেওঁ তৰুণৰাম ফুকনৰ কৰ্মৰাজীৰ বিষয়ে আলোকপাত কৰে । 

অনুষ্ঠানৰ আৰম্ভণিতেই তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰা হয় । অনুষ্ঠানত অংশ লোৱা প্ৰতিগৰাকী ব্যক্তিকে একোটা গছপুলি উপহাৰ দিয়া হয় ।

অনুষ্ঠানত চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী মৃদুস্মিতা তালুকদাৰ আৰু জাহ্নৱী গগৈয়ে দেশপ্ৰেমমূলক গীত, দিয়া দেৱী আৰু জিমি গগৈয়ে দেশপ্ৰেমমূলক কবিতা আবৃত্তি কৰাৰ লগতে অনুপল দত্তই দেশপ্ৰেমমূলক গীতত বাঁহীবাদন কৰে । 

আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অর্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে কুলদীপ হাজৰিকা আৰু ডঃ সংগীতা বৰঠাকুৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস,জিলা প্ৰশাসনৰ বিষয়াসকল, জ্যেষ্ঠ সাংবাদিক সমীৰণ দিগন্ত বৰা, দিগন্ত বৰা, দীপমনি খাটনিয়াৰ, জয়দ্বীপ গুপ্তা, জিলা সদৰৰ সাংবাদিকসকল, উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল, ছাত্ৰ-ছাত্ৰী, জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সমূহ কৰ্মচাৰী আৰু ভালেসংখ্যক লোক উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 27/07/2022.

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...