Friday, 22 July 2022

গোলাঘাট জিলাত গাহৰি মাংসৰ বিক্ৰীত নিষেধাজ্ঞা

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ৩০৪/২০২২

*গোলাঘাট জিলাত গাহৰি মাংসৰ বিক্ৰীত নিষেধাজ্ঞা

গোলাঘাট, ২২ জুলাই : গোলাঘাট জিলাৰ পূব উন্নয়ন খণ্ড, পদুমনিৰ অন্তৰ্গত বৰকছাৰী গাঁৱক অসম চৰকাৰে আফ্ৰিকান ছোৱাইন ফ্লুৰ অভিকেন্দ্ৰ হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত তথা জিলাখনৰ অন্য ঠাইলৈ এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰ আশঙ্কা কৰি অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । সেই অনুসৰি গোলাঘাট জিলাৰ দৈনিক/সাপ্তাহিক বজাৰসমূহকে ধৰি কোনো ঠাইত গাহৰি, গাহৰিৰ পোৱালী, গাহৰিৰ মাংস আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰা হৈছে । ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে গাহৰিৰ মাংস আৰু গাহৰিৰ পোৱালী জিলাখনৰ ভিতৰত অথবা আন্তঃজিলা সৰবৰাহ নিষিদ্ধ কৰা হৈছে । পথ, পথাৰ আৰু ব্যক্তিগত অথবা ৰাজহুৱা অন্য মুকলি ঠাইত গাহৰি আৰু গাহৰিৰ পোৱালী চৰি ফুৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । গাহৰিৰ মৃতদেহ মুকলি ঠাই, পথাৰ, নদী, হ্ৰদ আদিত পেলাব নোৱাৰিব । কোনো লোকে ৰোগত আক্ৰান্ত হৈ গাহৰিৰ মৃত্যু হোৱা অথবা গাহৰিৰ দেহত ছোৱাইন ফ্লুৰ লক্ষণ দেখা পালে সেই তথ্য জিলা প্ৰশাসন আৰু পশু চিকিৎসা বিভাগৰ পৰা গোপনে ৰাখিব নোৱাৰিব । আজিৰে পৰা ২২ আগষ্টলৈকে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Thursday, 21 July 2022

গোলাঘাট পৌৰসভাৰ অনলাইন কৰ ব্যৱস্থাৰ শুভাৰম্ভ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে**ছেপ্টেম্বৰ মাহৰ পৰা গোলাঘাটত আৰম্ভ হ'ব গেছ পাইপলাইনৰ কাম*

জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩০২/২০২২

*গোলাঘাট পৌৰসভাৰ অনলাইন কৰ ব্যৱস্থাৰ শুভাৰম্ভ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে*

*ছেপ্টেম্বৰ মাহৰ পৰা গোলাঘাটত আৰম্ভ হ'ব গেছ পাইপলাইনৰ কাম*

গোলাঘাট, ২১ জুলাই : অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট পৌৰসভাৰ কাৰ্যালয়ৰ সভাকক্ষত অনলাইন ব্যৱস্থাৰে সম্পত্তি কৰ আদায় দিব পৰা এটা পৰ্টেল আৰু পৌৰ সভাৰ একাউণ্টিং পৰ্টেল এটা মুকলি কৰে । এই ব্যৱস্থাৰ দ্বাৰা এতিয়াৰে পৰা পৌৰসভা এলেকাৰ বাসিন্দাসকলে অনলাইন ব্যৱস্থাৰে সম্পত্তি কৰ, পানীৰ কৰ আদি আদায় দিয়াৰ লগতে বাণিজ্যৰ অনুজ্ঞাপত্ৰ (ট্ৰেড লাইচেন্স) লাভ কৰিব পাৰিব । পৌৰ সভা ই-প্ৰশাসন ব্যৱস্থাৰ অধীনত ছফ্ট থিংক নামৰ প্ৰতিষ্ঠানে এই পৰ্টেল বিকশিত কৰিছে । অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে কৰ ব্যৱস্থাটোত থকা আঁসোৱাহসমূহ দূৰ কৰাৰ উদ্দেশ্যে তথা ৰাইজে যাতে প্ৰকৃত সেৱা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে এই সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে । বিশেষকৈ বাণিজ্যৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ ক্ষেত্ৰত জনসাধাৰণে সন্মুখীন হোৱা সমস্যাসমূহ এতিয়া দূৰ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । অনলাইন ব্যৱস্থা এটা স্বচ্ছ ব্যৱস্থা বুলি উল্লেখ কৰি সকলোকে অনলাইন সেৱা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় । প্ৰসংগক্ৰমে তেওঁ ৰাজ্য চৰকাৰৰ মিছন বসুন্ধৰা-১ আৰু মিছন সদ্ভাৱনাৰ সাফল্যৰ কথা উল্লেখ কৰে । তেওঁ কয় যে ইয়াৰ দ্বাৰা চৰকাৰী ব্যৱস্থাসমূহৰ সৰলীকৰণ হ'ব আৰু ৰাইজ বহুলভাবে উপকৃত হ'ব । গোলাঘাট পৌৰ সভাখনক সমগ্ৰ জিলাখনৰ এক দাপোন বুলি উল্লেখ কৰি তেওঁ বাট-পথ, নলা-নৰ্দমা নিৰ্মাণ কৰোঁতে জনসাধাৰণক সংশ্লিষ্ট বিভাগ তথা পৌৰ সভাক সহযোগ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে অহা ছেপ্টেম্বৰ মাহৰ পৰা পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ কাম আৰম্ভ হ'ব । তেওঁ লগতে কয় যে ইতিমধ্যে অসম গেছ কোম্পানীৰ সৈতে তেওঁ কথা পাতিছে আৰু ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে অসম গেছ কোম্পানীৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব । তেওঁলোকে ছেপ্টেম্বৰ মাহৰ পৰাই গেছ পাইপলাইনৰ কাম আৰম্ভ কৰিব বুলি ইতিমধ্যে জনাইছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । তেওঁ পুনৰ কয় যে পৌৰ সভাসমূহলৈ পুঁজিৰ যোগান তথা পুঁজিৰ উৎস আগতীয়াকৈ নিৰ্ধাৰণ কৰি পৌৰ কৰ্মীসকলক অনিশ্চয়তাৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে এখন আইন অনা হ'ব । আনহাতে বাৰিষাৰ পিছতেই যমুনা পুখুৰী পৰিষ্কাৰ কৰি পানী যোগান ব্যৱস্থাৰ কাম আৰম্ভ কৰা হ'ব বুলিও তেওঁ কয় । 

আজিৰ অনুষ্ঠানত ছফ্ট থিংকৰ মুৰব্বী জয়ন্ত কুমাৰ সাহাই এই পৰ্টেলৰ দ্বাৰা জনসাধাৰণ কেনেকৈ উপকৃত হ'ব এই বিষয়ে বিতংভাবে বৰ্ণনা আগবঢ়ায় । তেওঁ কয় যে নিজৰ মোবাইল ফোনতেই জনসাধাৰণে পৌৰ সভাৰ কৰ আদায় দিব পাৰিব আৰু বাণিজ্য অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব । ই এটা অতি সৰল প্ৰক্ৰিয়া বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত গোলাঘাট পৌৰ সভাৰ কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰ পৌৰ সভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, উপ সভাপতি সীমান্ত বৰা, ৱাৰ্ড কমিছনাৰসকল আৰু পৌৰ সভাৰ কৰ্মচাৰীসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*গোলাঘাট জিলাত চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলক মজুৰি ক্ষতিপূৰণ আঁচনিৰ দ্বাৰা সামৰি লোৱাৰ উদ্দেশ্যে আৰম্ভ হ'ল 'প্ৰজেক্ট মাদল'**বাগিছাৰ মহিলাসকলক আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট খোলাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান উপায়ুক্তৰ*

জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩০২/২০২২

*গোলাঘাট জিলাত চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলক মজুৰি ক্ষতিপূৰণ আঁচনিৰ দ্বাৰা সামৰি লোৱাৰ উদ্দেশ্যে আৰম্ভ হ'ল 'প্ৰজেক্ট মাদল'*

*বাগিছাৰ মহিলাসকলক আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট খোলাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান উপায়ুক্তৰ*

গোলাঘাট, ২১ জুলাই : গোলাঘাট জিলাৰ কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত  চকীটিং চাহ বাগিছাৰ চৌহদত আজি জিলা প্ৰশাসন, জিলা স্বাস্থ্য সমিতি আৰু সক্ষম, পিৰামল স্বাস্থ্যৰ উদ্যোগত চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে 'প্ৰজেক্ট মাদল' শীৰ্ষক এটা কাৰ্যসূচী মুকলি কৰা হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । নিজৰ উদ্বোধনী ভাষণত তেওঁ কয় যে চাহ বাগিছাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰে বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছে । কিন্তু সজাগতাৰ অভাৱত এইসকল মহিলা বিভিন্ন কল্যাণকামী আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ আধাৰ কাৰ্ডকে ধৰি প্ৰয়োজনীয় নথি আৰু বেংক একাউণ্ট নথকাৰ ফলত তেওঁলোকে চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ দ্বাৰা উপকৃত হ'ব নোৱাৰাটো অতি দুখৰ বিষয় বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে সজাগতাৰ অভাৱত যাতে কোনো মহিলা বঞ্চিত হ'বলগীয়া নহয় সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা প্ৰশাসনে এই মাদল প্ৰকল্প গ্ৰহণ কৰিছে । উপায়ুক্তগৰাকীয়ে কয় যে ইয়াৰ উদ্দেশ্য হ'ল চাহ বাগিছাৰ গৰ্ভৱতী মাতৃসকলে যাতে গৰ্ভাৱস্থাৰ সময়ছোৱাত চৰকাৰৰ মজুৰি ক্ষতিপূৰণ আঁচনিৰ দ্বাৰা উপকৃত হ'ব পাৰে তাৰ বাবে তেওঁলোকৰ আধাৰ কাৰ্ডকে ধৰি প্ৰয়োজনীয় নথি-পত্ৰসমূহ প্ৰস্তুত কৰোৱা আৰু বেংক একাউণ্টৰ ব্যৱস্থা কৰা । বৰ্তমান চকীটিং চাহ বাগিছাত আৰম্ভ কৰা এই মাদল প্ৰকল্প পৰৱৰ্তী সময়ত সমগ্ৰ জিলাতে ৰূপায়ন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । জুলাই মাহৰ ভিতৰতে দক্ষিণহেঙেৰা, বৰজান আৰু উষা চাহ বাগিচাতো এই প্ৰকল্প ৰূপায়ন কৰা হ'ব বুলি তেওঁ কয় । বাগানৰ মহিলা সকলে বাগানৰ পৰা ওলাই যাবলৈ বহু সময়ত পোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বাগিছাখনতে আধাৰ কেন্দ্ৰ স্থাপন কৰাৰ লগতে বেংক একাউণ্ট খোলাৰ বাবে বেংক মিত্ৰসকল আহি উপস্থিত হৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে নথি-পত্ৰ আৰু বেংক একাউণ্ট হ'লে কেৱল মজুৰি ক্ষতিপুৰণ আঁচনিয়ে নহয়, তেওঁলোকৰ বাবে থকা চৰকাৰৰ প্ৰতিখন আঁচনিৰ দ্বাৰাই উপকৃত হব পাৰিব । তেওঁ লগতে ক'ভিডৰ বিৰুদ্ধে শক্তিশালীভাবে যুঁজ দিব পৰাকৈ  সকলোকে ইয়াৰ প্ৰতিষেধকৰ সুৰক্ষাসূচক পালি ল'বলৈ আহ্বান জনায় ।

উল্লেখযোগ্য যে অসমৰ চাহ বাগিছাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনিৰ অধীনত চাৰিটা কিস্তিত মুঠ ১২,০০০ টকা আগবঢ়োৱা হয় । এই আঁচনিৰ অধীনত জননী সুৰক্ষা যোজনাৰ সুবিধাসমূহো অন্তৰ্ভুক্ত কৰা হয় । গৰ্ভাৱস্থাৰ আগতীয়া পঞ্জীয়ন আৰু প্ৰথম ত্ৰিমাসিকৰ ভিতৰত এ এন চি কৰালে প্ৰথম কিস্তিৰ ধন লাভ কৰিব পাৰিব । আজি বাগিছাখনৰ ৩০ গৰাকী গৰ্ভৱতী আৰু নৱবিবাহিত দম্পতীৰ পঞ্জীয়ন নোহোৱা মহিলাৰ পঞ্জীয়নৰ ব্যৱস্থা কৰা হয় । আজিৰ অনুষ্ঠানত স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, সহকাৰী শ্ৰম আয়ুক্ত তিলোত্তমা দেউৰী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প প্ৰবন্ধক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প প্ৰবন্ধক, চকীটিং চাহ বাগিছাৰ প্ৰবন্ধক, চিকিৎসক, স্বাস্থ্য বিষয়া, বেংকৰ প্ৰতিনিধি, পঞ্চায়ত প্ৰতিনিধি, সক্ষম, পীৰামল স্বাস্থ্যৰ সদস্যসকল, আটছা আৰু অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধি, আশা, অংগনৱাড়ী কৰ্মী, জীৱিকা সখী আৰু স্থানীয় ভালেসংখ্যক লোক উপস্থিত আছিল । কাৰ্যসূচীৰ অংশৰূপে এখন বাটৰ নাটো প্ৰদৰ্শন কৰা হয় ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 20/07/2022.

Wednesday, 20 July 2022

Golaghat Breaking

GOLAGHAT 20 July, 2022: Two days training from 19th July to 20th July 2022 for SAKHI Volunteers on Snake bite and medical emergency has been successfully completed today at Kuruka MES, Kuruka village under Morongi Circle. Dr. Arun Ch. Mahanta, Jt. Director of health services, Golaghat had taken session on medical emergency including CPR in the training programe. Dr. Robin Tamuly, Sr. M&HO, SKKCH on snake bite and First Aid, Dr. Rakesh Baa, M & HO-I, SKKCH on medical emergency Management and Sri Bikash Saikia, Asst. Deputy Controller, Jr. Civil Defence, Golaghat also took sessions on first aid and triangular bandage uses. Total 21 nos SAKHI participants including Field Officers, Disaster Management attended the training programme. Dr. Ananta Kr. Baruah, SDM&HO, SKKCH, Officials from Fire Safety Department, NRL, DPO, DDMA, Golaghat were also present in the training.

NORTHEAST NEWS INDIA

হৰ ঘৰ ত্ৰিৰংগা : গোলাঘাটত আত্মসহায়ক গোটৰ ডেৰ লাখ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুতকৰণৰ লক্ষ্য নিৰ্ধাৰণ, ঘৰে-ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ আহ্বান উপায়ুক্তৰ

জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩০১/২০২২

*হৰ ঘৰ ত্ৰিৰংগা : গোলাঘাটত আত্মসহায়ক গোটৰ ডেৰ লাখ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুতকৰণৰ লক্ষ্য নিৰ্ধাৰণ, ঘৰে-ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ আহ্বান উপায়ুক্তৰ*

গোলাঘাট, ২০ জুলাই : গোলাঘাট জিলাতো অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে-ঘৰে ৰাষ্ট্ৰীয় গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কাৰ্যসূচী 'হৰ ঘৰ ত্ৰিৰংগা' সফল কৰি তোলাৰ উদ্দেশ্যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ অধীনত আত্মসহায়ক গোটসমূহে ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুতকৰণৰ কাম অব্যাহত ৰাখিছে । জিলাখনত বিভিন্ন আত্মসহায়ক গোটে ডেৰ লাখ পতাকা প্ৰস্তুতকৰণৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে । বিভিন্ন উন্নয়ন খণ্ডৰ অধীনত ঠায়ে ঠায়ে ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ স্থাপন কৰা হৈছে । উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প প্ৰবন্ধকৰ পৰা কেইবাখনো পতাকা ক্ৰয় কৰি এই কাৰ্যসূচীৰ সফল ৰূপায়নৰ উদ্দেশ্যে ৰাইজক ব্যাপক ৰূপত অংশগ্ৰহনৰ বাবে আহ্বান জনায় । জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাসেও কেইবাখনো পতাকা ক্ৰয় কৰি এই কাৰ্যসূচীত অংশ লয় । উল্লেখযোগ্য যে এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ডতে আত্মসহায়ক গোটৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰি থকা হৈছে । আনহাতে জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়াই আজি কেইবাটাও স্থানত এনে বিপনী মুকলি কৰে । গোলাঘাট পশ্চিম উন্নয়ন খণ্ড, বোকাখাতৰ অধীনত উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আৰু গোলাঘাট উত্তৰ উন্নয়ন খণ্ড, দেৰগাঁৱৰ অধীনত কুৰালগুৰি চাৰিআলিত স্থাপন কৰা বিপনীৰ পৰা জনসাধাৰণে অতি কম মূল্যত ৰাষ্ট্ৰীয় পতাকা ক্ৰয় কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Welcome

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...