Monday, 18 July 2022

*এককালীন সাহায্য আৰু ক্ৰীড়া পেঞ্চনৰ বাবে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত পদক প্ৰাপকসকলৰ পৰা আবেদন আহ্বান*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ২৯৮/২০২২

*এককালীন সাহায্য আৰু ক্ৰীড়া পেঞ্চনৰ বাবে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত পদক প্ৰাপকসকলৰ পৰা আবেদন আহ্বান*

গোলাঘাট, ১৮ জুলাই : ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যান সঞ্চালকালয়ে অসমৰ স্থায়ী বাসিন্দা তথা অলিম্পিক গেমছ, এছিয়ান গেমছ, কমনৱেলথ গেমছ, বিশ্ব চেম্পিয়নশ্বিপ (অলিম্পিকৰ স্বীকৃতিপ্ৰাপ্ত খেলসমূহ ) আৰু নেচনেল গেমছত পদক লাভ কৰা খেলুৱৈসকলক ক্ৰীড়া পেঞ্চন (এককালীন বিত্তীয় সাহায্য আৰু নিয়মীয়া ক্ৰীড়া পেঞ্চন) প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । সেই অনুসৰি গোলাঘাট জিলাতো জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ত এনে খেলুৱৈসকলৰ তালিকা প্ৰস্তুত কৰি থকা হৈছে । পদক প্ৰাপকসকলক অহা ২৪ জুলাইৰ ভিতৰত পদক লাভৰ প্ৰমাণপত্ৰ, নিয়োগৰ স্থিতি উল্লেখ কৰি শপতনামা, বেংক পাচবুক, নিয়োগকৰ্তাই জাৰি কৰা পৰিচয় পত্ৰ(চৰকাৰী, অৰ্ধ চৰকাৰী, ব্যক্তিগত, অন্যান্যৰ ক্ষেত্ৰত প্ৰযোজ্য), ভোটাৰ পৰিচয় পত্ৰ আৰু স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰসহ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ ক্ৰীড়া বিষয়াগৰাকীয়ে আহ্বান জনাইছে । ২০২১-২২ বৰ্ষত ক্ৰীড়া পেঞ্চন আঁচনিৰ বাবে বাচনিভুক্ত হোৱা ক্ৰীড়াবিদসকলে আকৌ এবাৰ ইয়াৰ বাবে আবেদন কৰিব নালাগে ।  

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 17/07/2022.

Friday, 15 July 2022

স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উদ্যপানক কেন্দ্ৰ কৰি আজিৰে পৰা সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাত কোভিড - ১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অমৃত মহোৎসৱৰ আৰম্ভণি হয়।

*কোভিড-১৯ প্ৰতিষেধক অমৃত মহোৎসৱৰ আৰম্ভনি*

১৫ জুলাই, ২০২২; গোলাঘাট

স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উদ্যপানক কেন্দ্ৰ কৰি আজিৰে পৰা সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাত কোভিড - ১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অমৃত মহোৎসৱৰ আৰম্ভণি হয়। 

শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা এই কাৰ্যসূচী আনুষ্ঠানিক ভাৱে  শুভাৰম্ভ কৰে জিলা উপাযুক্ত শ্ৰীযুত মৃগেশ নাৰায়ন বৰুৱা দেৱে।

১৫ জুলাই, ২০২২ তাৰিখৰ পৰা ৭৫ দিনলৈ চলিব লগা এই কাৰ্যসূচীৰ দ্বাৰা ১৮- ৫৯ বয়সৰ সকলো লোকে চৰকাৰী কোভিদ প্ৰতিষেধক কেন্দ্ৰ সমূহত বিনামূলীয়াকৈ তৃতীয় পালি ভেকচিন (বুষ্টাৰ দোজ) গ্ৰহণ কৰিব পাৰিব।

আজি অনুষ্ঠিত কৰা উদ্বোধন অনুষ্ঠানত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত শ্ৰীমতী পল্লবি গগৈ, কোভিদ প্ৰতিষেধক কাৰ্যসূচীৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদিপ হাজৰিকা, উপ - অধীক্ষক ড০ কাবেৰী দত্ত, 
 জিলা প্ৰতিষেধক বিষয়া ড০ জ্যোতি দেউৰী, এন. এইহ. এমৰ বিষয়া সকল, স্বাস্থ্য কৰ্মীক আদি কৰি প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে অহা ৰাইজ উপস্থিত থাকে।

NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 14/07/2022.

ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...