Friday, 17 June 2022

যি কৰিছে প্ৰকৃতি য়ে ভালেই কৰিছে। মানৱ জাতি প্ৰকৃতিৰ উপৰত যাৱ বিচাৰে। মানৱ জাতিৰ অংহকাৰ বেছি হৈছে। টকাৰ পিছত সকলো প্ৰকৃতিৰ ধংস কৰিবলৈ নামি গৈছে। প্ৰকৃতিক ধন্যবাদ জ্ঞাপন জনাইছো। মানৱ জাতিয়ে শিক্ষা লওঁক যে মা আৰু প্ৰকৃতিত কে ডাঙৰ একো হব নোৱাৰে।

যি কৰিছে প্ৰকৃতি য়ে ভালেই কৰিছে। মানৱ জাতি প্ৰকৃতিৰ উপৰত যাৱ বিচাৰে। মানৱ জাতিৰ অংহকাৰ বেছি হৈছে। টকাৰ পিছত সকলো প্ৰকৃতিৰ ধংস কৰিবলৈ নামি গৈছে। 

প্ৰকৃতিক ধন্যবাদ জ্ঞাপন জনাইছো। মানৱ জাতিয়ে শিক্ষা লওঁক যে মা আৰু প্ৰকৃতিত কে ডাঙৰ একো হব নোৱাৰে। 

Thursday, 16 June 2022

Assam COVID-19🦠😷 Details 15/06/2022.

Assam COVID-19🦠😷 Details
 15/06/2022.

NOTIFICATIONS

জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ন বৰুৱা দেৱৰ সভাপতিত্বত জিলা স্বাস্থ্য সমিতিৰ এখনি পৰ্যালোচনা সভা জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত

১৬ জুন, ২০২২

আজি জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ন বৰুৱা দেৱৰ সভাপতিত্বত জিলা স্বাস্থ্য সমিতিৰ এখনি পৰ্যালোচনা সভা জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

এই পৰ্যালোচনা সভাত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপযুক্ত শ্ৰীমতী পল্লবি গগৈ, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ড০ সুৰেন্দ্ৰ নাথ তামূলী, শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ড০ অপূৰ্ব কুমাৰ শৰ্মা, প্ৰধান চিকিৎসা আৰু স্বাস্থ্য বিষয়া ড০ জাহিদ হুছেইন উপস্থিত থাকে। 

উক্ত সভা খনত প্ৰত্যেক খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰতিনিধিত্ব কৰি  মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ লগত খণ্ড কাৰ্যক্ৰম বিভাগৰ বিষয়া, সামূহিক স্বাস্থ্য বিষয়াকে আদি কৰি বহুসকল কৰ্মচাৰী উপস্থিত থাকে। 


বোকাখাট, চাৰিঙীয়া, কমাৰবন্ধা আলি, মিচামৰা, মৰঙি আৰু সৰুপথাৰ খণ্ডৰ মাতৃ আৰু শিশু স্বাস্থ্য লগত জৰিত প্ৰত্যেক বিষয়ৰ উপৰত বিশ্লেষণ কৰা হয়।

এই সভাত অন্য আলোচনাৰ লগতে প্ৰত্যেক প্ৰসৱ কক্ষক LaQshya কাৰ্যক্ৰমৰ অন্তৰ্গত প্ৰত্যয়িত কৰাৰ সিদ্ধান্ত লোৱা হয়। লগতে প্ৰত্যেক গৰ্ভৱতী মাতৃ বিশেষকৈ যিসকল চাহ বাগান অঞ্চলৰ বাসিন্দা তেখেতসকলৰ  বেংক একাউণ্ট নম্বৰ খোলাৰ বাবে  বেংকৰ লগত আলোচনা কৰাৰ সিদ্ধান্ত লোৱা হয়। 

জিলা উপায়ুক্ত গৰাকীয়ে এই সভাত উপস্থিত প্ৰত্যেক সদস্যক স্বাস্থ্যৰ প্ৰত্যেকটো সূচকক আগবঢ়াই নিয়াৰ বাবে কৰণীয় খিনিৰ উপৰত দৃঢ়তা প্ৰদান কৰি অন্তাৰিকভাবে নিজৰ কৰ্ম কৰি যোৱাৰ বাবে অনুৰোধ জনায় ।

মাধৱ গগৈ
NORTHEAST NEWS INDIA

Welcome

Wednesday, 15 June 2022

*বোকাখাত আৰু খুমটাইৰ ৯০ খন গাঁৱত ক'ভিড-১৯ৰ বিৰুদ্ধে সজাগতা আৰু বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতা সম্পৰ্কে ঘৰে ঘৰে অভিযান*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ২৮৮/২০২২

*বোকাখাত আৰু খুমটাইৰ ৯০ খন গাঁৱত ক'ভিড-১৯ৰ বিৰুদ্ধে সজাগতা আৰু বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতা সম্পৰ্কে ঘৰে ঘৰে অভিযান*

গোলাঘাট, ১৫ জুন : অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ৰাইজৰ মাজত ক'ভিড-১৯ৰ বিৰুদ্ধে সজাগতা সৃষ্টি আৰু বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতা সম্পৰ্কে ঘৰে ঘৰে গৈ জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলাৰ বোকাখাত আৰু খুমটাইত পৰীক্ষামূলকভাবে এটা অভিযান আৰম্ভ কৰা হৈছে । ১৪ জুনৰ পৰা ২৭ জুনলৈ খুমটাই ৰাজহ চক্ৰৰ অধীনৰ ৩০খন আৰু বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ ৬০ খন বানপানীপ্ৰৱণ গাঁৱত 'আপোনাৰ জীৱন, আমাৰ সম্পদ' শীৰ্ষক আঁচনিখন ৰূপায়ন কৰা হৈছে । ১৪ জুনত বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয় চৌহদৰ পৰা উলিওৱা সজাগতা কাৰ্যসূচী অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই পতাকা জোকাৰি শুভাৰম্ভ কৰে । অনুষ্ঠানত মহকুমাধিপতি ডাঃ নেহা যাদৱ, চক্ৰ বিষয়া সৌভিক দত্ত, সহকাৰী আয়ুক্ত  পাপু গগৈ, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণী ৰাজকুমাৰ আৰু মহকুমাধিপতিৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী, দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ক্ষেত্ৰ বিষয়া আৰু স্বেচ্ছাসেৱীসকল উপস্থিত আছিল । একেদিনাই খুমটাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা অনুৰূপ সজাগতা অভিযানৰ শুভাৰম্ভ কৰা হয় । এই কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত (ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা) পল্লৱী গগৈ, স্থানীয় বিধায়কৰ প্ৰতিনিধি মুনিন্দ্ৰ মোহন গগৈ, খুমটাইৰ ৰাজহ চক্ৰ বিষয়া তনভিৰ ইউচুফ আহমেদ, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া আৰু কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*দুৰ্যোগ প্ৰশমনৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি মুখ্যমন্ত্ৰীৰ দ্বাৰা সন্মানিত গোলাঘাট জিলা*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ২৮৭/২০২২

*দুৰ্যোগ প্ৰশমনৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি মুখ্যমন্ত্ৰীৰ দ্বাৰা সন্মানিত গোলাঘাট জিলা*

গোলাঘাট, ১৫ জুন : প্ৰশাসনক ৰাইজৰ অধিক কাষলৈ নিয়া তথা চৰকাৰী আঁচনিসমূহৰ দ্ৰুত ৰূপায়ণেৰে ৰাজ্যৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে তেজপুৰত অলপতে অনুষ্ঠিত জিলা উপায়ুক্তসকলৰ দুদিনীয়া সন্মিলনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা সন্মানিত হ'ল গোলাঘাট জিলা । সন্মিলনত প্ৰাকৃতিক দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত জিলা উপায়ুক্তসকলে লোৱা প্ৰস্তুতি মূল্যাংকন কৰি গোলাঘাট, মাজুলী আৰু কাছাৰ জিলাৰ উপায়ুক্তক একোটাকৈ স্মাৰক প্ৰদান কৰা হয় ৷ এইক্ষেত্ৰত গোলাঘাট আৰু মাজুলী জিলাই যুটীয়াভাবে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে কাছাৰ জিলাই দ্বিতীয় স্থান আৰু শিৱসাগৰ জিলাই তৃতীয় স্থান অধিকাৰ কৰে । গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই মুখ্যমন্ত্ৰীগৰাকীৰ পৰা এই স্মাৰক গ্ৰহণ কৰে । উল্লেখযোগ্য যে বানপানীৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিৰ ক্ষেত্ৰত গোলাঘাট জিলাই কেইবাটাও শিতানত প্ৰথম স্থান অধিকাৰ কৰে । আশংকাৰ মূল্যায়ন আৰু নীৰিক্ষণ, প্ৰস্তুতি আৰু সঁহাৰিৰ ক্ষেত্ৰত যুগুত কৰা পৰিকল্পনা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰশিক্ষণ, পুনৰসংস্থাপন আৰু বিত্তীয় সাহায্য, দুৰ্যোগৰ বিষয়ে ততালিকে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা আৰু ক্ষয়-ক্ষতিৰ মূল্যায়ন, আশংকাৰ বিষয়ে অৱগত কৰা আৰু সমূহীয়া অন্তৰ্ভুক্তি, দায়বদ্ধতা আৰু ওজৰ-আপত্তিৰ মীমাংসা এই আটাইকেইটা শিতানত ৰাজ্যৰ ভিতৰতে গোলাঘাট জিলাই প্ৰথম স্থান লাভ কৰে । জিলাখনে মুঠ ১০ পইণ্টৰ ভিতৰত সৰ্বাধিক ৯.৫৮ পইন্ট লাভ কৰে । গোলাঘাট জিলাৰ উপায়ুক্তগৰাকীয়ে জিলাখনৰ এই সাফল্যৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়া, কৰ্মচাৰী, ক্ষেত্ৰ বিষয়া আৰু স্বেচ্ছাসেৱীক ধন্যবাদ জ্ঞাপন কৰিছে । তেওঁ লগতে প্ৰস্তুতিৰ দৰেই বানপানীৰ জোৰা মৰাৰ ক্ষেত্ৰতো জিলাখনে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব বুলি আশা প্ৰকাশ কৰে ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...