Friday, 27 May 2022

*গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ চাহ বাগিচা অঞ্চলৰ তিনিখন বিদ্যালয় উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ**অসমৰ চাহ বাগিচাত বিদ্যালয় আধাতে এৰা ল'ৰা-ছোৱালী নথকাটো সুনিশ্চিত কৰা হ'ব : হাজৰীকা**সন্তানক আনৰ ঘৰত বন কৰিবলৈ পঠিওৱাৰ পৰিৱৰ্তে বিদ্যালয়লৈ পঠিয়াওক : কামাখ্যা প্ৰসাদ তাছা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৭৬

*গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ চাহ বাগিচা অঞ্চলৰ তিনিখন বিদ্যালয় উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ*

*অসমৰ চাহ বাগিচাত বিদ্যালয় আধাতে এৰা ল'ৰা-ছোৱালী নথকাটো সুনিশ্চিত কৰা হ'ব : হাজৰীকা*

*সন্তানক আনৰ ঘৰত বন কৰিবলৈ পঠিওৱাৰ পৰিৱৰ্তে বিদ্যালয়লৈ পঠিয়াওক : কামাখ্যা প্ৰসাদ তাছা*

গোলাঘাট, ২৭ মে' : অসম চৰকাৰৰ মাননীয় জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ চাহ বাগিচা অঞ্চলত নিৰ্মাণ কৰা তিনিখন বিদ্যালয় ক্ৰমে দক্ষিণহেঙ্গেৰা, ভূলুকিটিং আৰু শালমৰা চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰে । দক্ষিণহেঙ্গেৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ পৰা প্ৰায় দুবছৰ আগতে বিজেপি চৰকাৰৰ দিনতে অসমৰ চাহ বাগিচা অঞ্চলত ১১৯ খন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল । ইয়াৰে ৯৬ খনৰ উদ্বোধন সম্পূৰ্ণ হ'ল আৰু ১৭ খন স্কুলৰ কাম সোনকালেই শেষ হ'ব । অৱশ্যে ৩ খনৰ ভূমিকেন্দ্ৰিক কিছু প্ৰক্ৰিয়া চলি আছে বুলি তেওঁ কয় । তেওঁ কয় যে আধাৰশিলা স্থাপন কৰিবলৈ ভাল লাগে, কিন্তু নিজে আধাৰশিলা স্থাপন কৰা অনুষ্ঠানটো যদি উদ্বোধন কৰাৰ সুযোগ পোৱা যায় তাতকৈ সুখৰ কথা আন একো নাই । মন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যালয় আধাতে এৰা ল'ৰা-ছোৱালী যিমান হ'ব সিমানেই সমাজখন অন্ধকাৰ হৈ গৈ থাকিব । এই বিদ্যালয়সমূহত বৃহৎসংখ্যক বিদ্যালয় আধাতে এৰা ল'ৰা-ছোৱালীয়ে নামভৰ্তি কৰিছে বুলি সন্তুষ্টি প্ৰকাশ কৰি তেওঁ কয় যে শিক্ষাৰ অবিহনে আমি একো কৰিব নোৱাৰোঁ, ছাইনবোৰ্ড এখন পঢ়িব নজনা মানুহে শুদ্ধ পথ কেনেকৈ উলিয়াব, পঢ়া-শুনা নাজানিলে খেতিয়ক এজনে কোনটো বীজ ভাল সেয়া কেনেকৈ নিৰ্ধাৰণ কৰিব, উপযুক্ত প্ৰশিক্ষণ নহ'লে দক্ষতাৰে কাম কেনেকৈ কৰিব । শিক্ষাই সন্মান কঢ়িয়াই আনে বুলি উল্লেখ কৰি তেওঁ কয় যে ঘৰ চলাবলৈ, সন্মান আৰ্জিবলৈ, সমাজত আগবাঢ়ি যাবলৈ শিক্ষা লাগে । বাগানৰ ল'ৰা-ছোৱালীয়ে সদায় পাত তুলিয়ে থাকিব নেকি বুলি মন্তব্য কৰি তেওঁ কয় যে চাহ বাগিচাৰ লোকে এনেভাবে শিক্ষা ল'ব লাগিব যাতে প্ৰতিখন বাগানৰ মেনেজাৰ, ডেপুটি মেনেজাৰ বাগানখনৰেই লোক হয় । তেওঁ কয় যে চৰকাৰে চাহ বাগিচা অঞ্চল আৰু চাহ জনগোষ্ঠীৰ লোকসকলক আগবঢ়াই নিয়াৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত বহু আঁচনি গ্ৰহণ কৰিছে । অসমৰ চাহ বাগিচাত বিদ্যালয় আধাতে এৰা ল'ৰা-ছোৱালী নথকাটো সুনিশ্চিত কৰা হ'ব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে অসমৰ বাগিচা অঞ্চলত আৰু ২০০ খন নতুন বিদ্যালয় স্থাপন কৰা হ'ব । 

তিনিওটা অনুষ্ঠানতে মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থকা সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে এইসমূহ বিদ্যালয় কেৱল চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ বাবেই নহয়, সকলো ল'ৰা-ছোৱালীৰ বাবেই মুকলি আছে । ব্ৰিটিছৰ সময়ৰ পৰাই চাহ বাগিচা অঞ্চলত
কোনো হাইস্কুল নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এইসমূহ বিদ্যালয়ে অঞ্চলটোৰ ল'ৰা-ছোৱালীক মানুহ কৰাৰ গুৰুদায়িত্ব পালন কৰিব । চাহ বাগিচা অঞ্চলত প্ৰাথমিক বিদ্যালয়লৈ যোৱাৰ পিছতে ল'ৰা-ছোৱালীয়ে স্কুল বাদ দিয়ে বুলি খেদ প্ৰকাশ কৰি তেওঁ কয় যে চৰকাৰে এই সমস্যা সম্পূৰ্ণৰূপে নোহোৱা কৰাৰ বাবে প্ৰয়াস চলাইছে । তেওঁ কয় যে চাহ বাগিছাৰ মানুহে কেৱল চাহপাত তুলিব নালাগে, চাহ বাগিছাৰ পৰা ভাল ল'ৰা-ছোৱালী ওলাব লাগে । তেওঁ অভিভাৱকসকলক নিজৰ ল'ৰা-ছোৱালীক নিয়মীয়াকৈ বিদ্যালয়লৈ পঠিয়াবলৈ আহ্বান জনায় । তেওঁ লগতে চাহ বাগিচা অঞ্চলৰ কাষৰীয়া প্ৰাথমিক বিদ্যালয়সমূহ যাতে ভালকৈ চলে সেয়া সুনিশ্চিত কৰাৰ বাবে ৰাইজক চকু দিবলৈ আহ্বান জনায় । তেওঁ লগতে পূজা, বিহু আদিত যাতে ল'ৰা-ছোৱালীয়ে স্কুল ক্ষতি নকৰে অভিভাৱকসকলক সেয়াও সুনিশ্চিত কৰিবলৈ কয় । সাংসদগৰাকীয়ে সন্তানক আনৰ ঘৰত বন কৰিবলৈ পঠিওৱাৰ পৰিৱৰ্তে বিদ্যালয়লৈ পঠিয়াবলৈ আহ্বান জনায় । তেওঁ কয় যে সমাজত ভাল মানুহ আৰু ডাঙৰ মানুহ হৈ বৰ্তি থাকিবলৈ বিদ্যালয়লৈ যাবই লাগিব । 

তিনিওটা অনুষ্ঠানতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই আদৰণি ভাষণ দিয়ে । তেওঁ কয় যে আজিৰ দিনটো খুমটাই সমষ্টিবাসী ৰাইজৰ বাবে অতি গুৰুত্বপূৰ্ণ । তিনিওখন বিদ্যালয়তে অতি উচ্চ মানৰ শিক্ষা দিব পৰা শিক্ষকক ইয়াত নিযুক্তি দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এইয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ বিদ্যালয় । বহু ছাত্ৰ-ছাত্ৰীয়ে ক'ভিডৰ সময়তেই বিদ্যালয় ত্যাগ কৰিছিল । কিন্তু এই বিদ্যালয়সমূহ হোৱাৰ পৰা বিদ্যালয় আধাতে এৰি যোৱা ছাত্ৰ-ছাত্ৰী এতিয়া আকৌ উভতি আহিছে । চাহ বাগিচাৰ লোকসকলক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰখনে সকলো ধৰণে প্ৰয়াস চলাইছে বুলি তেওঁ কয় । 

আটাইকেইটা অনুষ্ঠানতে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, বিভিন্ন বিভাগৰ মুৰব্বী, বাগিচা পৰিচালক, বিদ্যালয় প্ৰধান, স্থানীয় ৰাইজ আৰু শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 26/05/2022.

Assam COVID-19🦠😷 Details
 26/05/2022.

Thursday, 26 May 2022

গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ পাভজান আৰু বকীয়াল আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন স্বাস্থ্য মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী কেশৱ মহন্তৰ ।

✅গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ পাভজান আৰু বকীয়াল আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন স্বাস্থ্য মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী কেশৱ মহন্তৰ ।
✅স্বাধীনতাৰ ৭৫ বছৰত আমি যেতিয়া স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছোঁ এতিয়াহে চৰকাৰী শিক্ষাৰ পোহৰ চাহ বাগিচাসমূহত পৰিছে । মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপত এই বাগিচাসমূহক আমি চৰকাৰী শিক্ষাৰ আওঁতালৈ আনিবলৈ সক্ষম হৈছোঁ : স্বাস্থ্যমন্ত্ৰী ।
✅এই বিদ্যালয়ত অগ্ৰাধিকাৰ ভিত্তিত বাগিচাৰ লোকক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত মকৰল কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা ।
✅বিদ্যালয়খনত আৰু দুটা শ্ৰেণীকোঠাৰ সম্প্ৰসাৰণ অথবা ৰান্ধনীঘৰৰ নিৰ্মাণৰ কাম যদি সম্পূৰ্ণ হোৱা নাই সেয়া কৰাৰ বাবে আৰু ৫০ লাখ টকা আগবঢ়োৱা হৈছে : শ্ৰী মহন্ত ।
✅এই বিদ্যালয়সমূহক পৰৱৰ্তী সময়ত উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হ'ব বুলি মন্ত্ৰীগৰাকীৰ প্ৰকাশ । 
✅কেৱল নামত আদৰ্শ হলেই নহ'ব, প্ৰকৃত অৰ্থতেই ইয়াত গুণগত শিক্ষাৰ পৰা আৰম্ভ কৰি সকলো দিশত আদৰ্শ বিদ্যালয় হ'ব লাগিব : শ্ৰী মহন্ত ।
✅বকীয়ালৰ নাহৰচলা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ উন্নীতকৰণ বাবে প্ৰয়াস চলোৱাৰ আশ্বাস ।

☑️চাহ জনগোষ্ঠীৰ লোকসকলকো সমাজৰ অন্য জাতি-জনগোষ্ঠীৰ লোকসকলৰ দৰে আগবঢ়াই নিয়াৰ বাবে চৰকাৰে পদক্ষেপ লৈছে : সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন ।
☑️ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনৰ এবছৰ সম্পূৰ্ণ হ'ল, এই সময়খিনি অসমৰ সমৃদ্ধি, বিকাশ আৰু উন্নয়নৰ সময় : শ্ৰী ফুকন ।
☑️জিলাখনৰ ভিতৰতে এতিয়াও পিছপৰি থকা সৰুপথাৰ সমষ্টিত এতিয়া বিকাশৰ এটা নতুন যুগ আৰম্ভ হৈছে বুলি বিধায়কগৰাকীৰ মন্তব্য ।
☑️চিকিৎসাৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ । বাট-পথৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ প্ৰত্যাহ্বান আছে, কিন্তু আমি এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ । 
☑️২০২৪ চনৰ ভিতৰত প্ৰতিটো পৰিয়ালে বিশুদ্ধ পানী লাভ কৰাটো সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে লক্ষ্য স্থিৰ কৰিছে যদিও আমি সৰুপথাৰ সমষ্টিত অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰতে এই লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস চলাইছোঁ । ডেৰশ কোটিৰো অধিক টকা কেৱল খোৱাপানীৰ বাবে সৰুপথাৰ সমষ্টিয়ে লাভ কৰিছে : শ্ৰী ফুকন । 
☑️৩০০ ৰো অধিক পথৰ নিৰ্মাণৰ কাম হাতত লৈছোঁ আৰু ভালেখিনি পথৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে বুলি বিধায়ক গৰাকীৰ প্ৰকাশ ।
☑️অনুষ্ঠানত উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, বিদ্যালয় সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা ৰাইজৰ অংশগ্ৰহন ।

গোলাঘাটৰ পৰা মাধৱ গগৈ প্ৰতিবেদন NORTHEAST NEWS INDIA

*মন্ত্ৰী অজন্তা নেওগৰ গোলাঘাট সমষ্টিৰ ধুমুহা আৰু শিল-বৰষুণত ক্ষতিগ্ৰস্ত ২,৩৪১ টা পৰিয়াললৈ ক্ষতিপুৰণৰ চেক প্ৰদানৰ শুভাৰম্ভ**চৰকাৰে দুখীয়া ৰাইজৰ বাবে গ্ৰহণ কৰা আঁচনিৰ সুবিধা দুখীয়া মানুহেই পাব লাগিব : বিত্তমন্ত্ৰী*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৭৫

*মন্ত্ৰী অজন্তা নেওগৰ গোলাঘাট সমষ্টিৰ ধুমুহা আৰু শিল-বৰষুণত ক্ষতিগ্ৰস্ত ২,৩৪১ টা পৰিয়াললৈ ক্ষতিপুৰণৰ চেক প্ৰদানৰ শুভাৰম্ভ*

*চৰকাৰে দুখীয়া ৰাইজৰ বাবে গ্ৰহণ কৰা আঁচনিৰ সুবিধা দুখীয়া মানুহেই পাব লাগিব : বিত্তমন্ত্ৰী*

গোলাঘাট, ২৬ মে' : অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট সমষ্টিৰ ধুমুহা আৰু শিল-বৰষুণত ক্ষতিগ্ৰস্ত ২,৩৪১ টা পৰিয়াললৈ ক্ষতিপুৰণৰ চেক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । এই উপলক্ষে ফৰকাটিঙৰ ৰাজীৱ গান্ধী ইনড'ৰ ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে দুখীয়া ৰাইজৰ কল্যানৰ বাবে বহু আঁচনি গ্ৰহণ কৰিছে । তেওঁ কয় যে এইসমূহ আঁচনিৰ দ্বাৰা যাতে প্ৰকৃত দুখীয়া লোকসকল উপকৃত হয় তাৰ বাবে ৰাইজে নিজেই সষ্টম ভূমিকা পালন কৰিব লাগিব । কোনো প্ৰকৃত দৰিদ্ৰ লোক যাতে এনে আঁচনিৰ পৰা বঞ্চিত নহয় সেয়া ৰাইজেই সুনিশ্চিত কৰিব লাগিব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহ ৰূপায়নত যাতে অনিয়ম নহয়, তাৰ ওপৰতো জনসাধাৰণে দৃষ্টি ৰাখিব লাগিব । তেওঁ কয় যে গণতন্ত্ৰত ৰাইজেই ৰজা । সেয়ে প্ৰকৃত দুখীয়া লোকসকল যাতে বঞ্চিত নহয়, সেয়া ৰাইজেই সুনিশ্চিত কৰিব লাগিব । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে গোলাঘাট জিলাখনৰ বাট-পথ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে বহুখিনি পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অচিৰেই গোলাঘাটত নিৰ্মাণ হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা মুখ্যমন্ত্ৰীয়ে স্থাপন কৰিব । 

উল্লেখযোগ্য যে গোলাঘাট সমষ্টিত চলিত বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত হোৱা ধুমুহা আৰু শিল-বৰষুণত যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকৰ বাবে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৩,২০০ টকাকৈ সাহাৰ্য আগবঢ়োৱা হৈছে । গোলাঘাট সমষ্টিৰ ৮ খন গাওঁ পঞ্চায়তৰ ৩৪ জন লোকক আজি এককালীন সাহায্যৰ চেক প্ৰদান কৰা হয় । বাকী থকা কিছুসংখ্যক লোকক চেকযোগে আৰু কিছুসংখ্যকক বেংক একাউণ্টত হস্তান্তৰ কৰা হ'ব । সেই অনুসৰি আঠগাঁও পঞ্চায়তৰ ১০১৩ গৰাকী, আঠখেলীয়াৰ ১২৬, বেঙেনাখোৱাৰ ৭৮, ফৰকাটিঙৰ ১১১, ঘিলাধাৰীৰ ৯৩, গোলাঘাটৰ ৭৫, কলিয়াপানীৰ ৫২৪ আৰু ওৱাটিং গাঁও পঞ্চায়তৰ ৩২০ আৰু গোলাঘাট পৌৰসভা এলেকাৰ এগৰাকী, মুঠ ২,৩৪১ গৰাকী ব্যক্তিলৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে । 

অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈয়ে আদৰণি ভাষণ দিয়া অনুষ্ঠানটোত জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু সমষ্টিটোৰ বিভিন্ন ঠাইৰ ভালেসংখ্যক ক্ষতিগ্ৰস্ত লোক উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 25/05/2022.

Assam COVID-19🦠😷 Details
 25/05/2022.

Wednesday, 25 May 2022

গোলাঘাট ২৫ মে ২০২২ঃ গুণোৎসৱৰ আজি তৃতীয় দিনা গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই বাতিপৰীয়া উচ্চ বুনিয়াদী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত অংশ লয় ।গোলাঘাটৰ পৰা মাধৱ গগৈ প্ৰতিবেদন NORTHEAST NEWS INDIA

গোলাঘাট ২৫ মে ২০২২ঃ গুণোৎসৱৰ আজি তৃতীয় দিনা গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই বাতিপৰীয়া উচ্চ বুনিয়াদী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত অংশ লয় ।

গোলাঘাটৰ পৰা মাধৱ গগৈ প্ৰতিবেদন NORTHEAST NEWS INDIA

গুণোৎসৱৰ আজি তৃতীয় দিনা গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক শ্ৰী মৃণাল শইকীয়াই ঢেকীয়াল আদৰ্শ নিম্ন প্ৰাথমিক বুনিয়াদী বিদ্যালয়ত

গোলাঘাট ২৫ মে ২০২২ঃ গুণোৎসৱৰ আজি তৃতীয় দিনা গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিধায়ক শ্ৰী মৃণাল শইকীয়াই ঢেকীয়াল আদৰ্শ নিম্ন প্ৰাথমিক বুনিয়াদী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত বৰ্হি মূল্যায়ক হিচাপে অংশ লয় । উল্লেখযোগ্য যে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে গোলাঘাট জিলাৰ শিক্ষানুষ্ঠানসমূহতো কালিৰে পৰা গুণোৎসৱ-২০২২ অনুষ্ঠিত হৈছে । জিলাখনৰ মুঠ ১৪৭৮ খন নিম্ন প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ আয়োজন কৰা হৈছে । গুণোৎসৱৰ মূল্যায়নত প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে সামৰি লোৱা হৈছে ।

গোলাঘাটৰ পৰা মাধৱ গগৈ প্ৰতিবেদন NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...