Wednesday, 27 April 2022

*গোলাঘাটৰ ১০২ টা স্থানত অনুষ্ঠিত হ'ল ফচল বীমা পাঠশালা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৬৮

*গোলাঘাটৰ ১০২ টা স্থানত অনুষ্ঠিত হ'ল ফচল বীমা পাঠশালা*

গোলাঘাট, ২৭ এপ্ৰিল : আজাদি কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে অব্যাহত ৰখা কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰি অভিযানৰ অংশৰূপে আজি গোলাঘাট জিলাতো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ১০২ টা স্থানত ফচল বীমা পাঠশালা শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰা হয় । কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে নতুন দিল্লীৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে অসমকে ধৰি ২০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সমূহীয়া সেৱা কেন্দ্ৰসমূহৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । কৃষিমন্ত্ৰী অতুল বৰাই ডিব্ৰুগড়ৰ পৰা এই কাৰ্যসূচীত ভাগ লৈ ৰাজ্যখনৰ খেতিয়কসকলক উদ্দেশ্যি ভাষণ দিয়ে । জিলা কৃষি কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী, এল ডি এম, বেংকৰ প্ৰতিনিধি, খণ্ড উন্নয়ন বিষয়া, গাঁও পঞ্চায়তৰ প্ৰতিনিধি, সমূহীয়া সেৱা কেন্দ্ৰ আৰু শস্য বীমা কোম্পানীৰ প্ৰতিনিধিসকলে আজিৰ কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে । জিলাখনৰ ৫ হাজাৰৰো অধিক খেতিয়কে আজিৰ ফচল বীমা পাঠশালাত অংশ লয় । আজিৰ কাৰ্যসূচীত ভাগ লৈ কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়ক আৰু ৰিলায়েন্স জেনেৰেল ক্ৰপ ইন্সুৰেঞ্চ এজেঞ্চিৰ প্ৰতিনিধিয়ে খেতিয়কসকলক কৃষি বীমাৰ গুৰুত্ব আৰু ফচল বীমা যোজনাৰ দ্বাৰা কেনেকৈ উপকৃত হ'ব পাৰি এই বিষয়ে বিতংভাৱে ব্যাখ্যা আগবঢ়ায় । জিলাখনৰ অন্যান্য ঠাইৰ লগতে আজি বোকাখাত পশ্চিম উন্নয়ন খণ্ড কাৰ্যালয়তো ফচল বীমা পাঠশালা অনুষ্ঠিত হয় । কৃষি বিভাগৰ বোকাখাত চক্ৰৰ কৃষি উন্নয়ন বিষয়া বৈচিত্ৰা হাকমাওচাই কাৰ্যসূচীত ভাগ লোৱা ১০০ জন খেতিয়কক কে চি চিৰ বাবে আবেদন পত্ৰ প্ৰদান কৰে আৰু ২৯ তাৰিখৰ ভিতৰত আবেদন পত্ৰসমূহ জমা দিবলৈ কয় । অনুষ্ঠানত এল ডি এম সজীৱ কুমাৰ বৰা আৰু কেইবাগৰাকীও বিষয়া উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Tuesday, 26 April 2022

Assam COVID-19🦠😷 Details 26/04/2022.

Assam COVID-19🦠😷 Details
 26/04/2022.

*টাইৱানৰ বিশ্ব শাক-পাচলি কেন্দ্ৰৰ বিজ্ঞানীৰ দলে পৰিদৰ্শন কৰিলে গোলাঘাটৰ কৃষি পথাৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৬৭

*টাইৱানৰ বিশ্ব শাক-পাচলি কেন্দ্ৰৰ বিজ্ঞানীৰ দলে পৰিদৰ্শন কৰিলে গোলাঘাটৰ কৃষি পথাৰ*
গোলাঘাট, ২৬ এপ্ৰিল : টাইৱানত থকা বিশ্ব শাক-পাচলি কেন্দ্ৰৰ এটা প্ৰতিনিধি দলে যোৱা ২৪ এপ্ৰিলত গোলাঘাট জিলা ভ্ৰমন কৰি ২০২১-২২ বৰ্ষৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কৰা বিলাহী আৰু ৰঙালাওৰ খেতি পৰিদৰ্শন কৰে । কেন্দ্ৰটোৰ জ্যেষ্ঠ উদ্যান শস্যবিদ ডঃ পাওলা ছটেলো কাৰ্দনাৰ নেতৃত্বত অহা দলটোত আছে কীটতত্ববিদ ডঃ ছপানা য়ুলে । কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা, গোলাঘাট চমুকৈ আত্মাৰ প্ৰকল্প সঞ্চালকৰ প্ৰতিনিধিয়ে দুয়োগৰাকী বিজ্ঞানী আৰু কেন্দ্ৰটোৰ অসমৰ আৱাসিক বিষয়া ডঃ অৰবিন্দ উপাধ্যায়ক আদৰণি জনায় । বিজ্ঞানী দুগৰাকীয়ে বৰষুণ নপৰাৰ সু-ব্যৱস্থা কৰি এপাৰ্টৰ অধীনত অবতৰত কৰা খেতিৰ উচ্চ প্ৰশংসা কৰে । প্ৰতিনিধি দলটোৱে এপাৰ্ট প্ৰকল্পৰ অধীনত ৰূপায়িত বিভিন্ন কৃষি আঁচনিৰো অগ্ৰগতিৰ পৰ্যালোচনা কৰে । দুয়োগৰাকী বিজ্ঞানীয়ে জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰিব পৰাকৈ বিশ্ব শাক-পাচলি কেন্দ্ৰৰ বিভিন্ন উদ্ভাৱনীমূলক নতুন প্ৰযুক্তিৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়ায় । উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কৃষি উৎপাদন বৃদ্ধি কৰি গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে এপাৰ্ট প্ৰকল্পৰ অধীনত বিশ্ব বেংকৰ বিশেষ সাহায্যৰে ৰাজ্যখনত কেতবোৰ আঁচনি ৰূপায়ন কৰিছে । 
বিশ্ব শাক-পাচলি কেন্দ্ৰ এপাৰ্ট প্ৰকল্পৰ অন্যতম কাৰিকৰী সহযোগী ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Breaking News

*শিক্ষকৰ ৰূপত এগৰাকী প্ৰশাসনিক বিষয়া*

*শিক্ষকৰ ৰূপত এগৰাকী প্ৰশাসনিক বিষয়া*

গোলাঘাট ২৬ এপ্রিল ২০২২
শিক্ষকৰ ৰূপত এগৰাকী প্ৰশাসনিক বিষয়া ! গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই  আজি কেন্দ্ৰীয় শিক্ষা খণ্ড ঢেকীয়ালৰ অন্তৰ্গত চিনাতলী বালিকা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষাদান ব্যৱস্থাৰ বুজ লোৱাৰ লগতে ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে । তেওঁ চিনাতলী ৰাজ্যিক চিকিৎসালয়ো পৰিদৰ্শন কৰে ।

Madhob Gogoi
NORTHEAST NEWS INDIA

*স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাটৰ বগৰিজেং পুলিচ প্লে-গ্ৰাউণ্ডত উপস্থিত*

*স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাটৰ বগৰিজেং পুলিচ প্লে-গ্ৰাউণ্ডত উপস্থিত*

 গোলাঘাট ২৬ এপ্রিল ২০২২
স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাটৰ বগৰিজেং পুলিচ প্লে-গ্ৰাউণ্ডত উপস্থিত হৈ অহা ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ডিব্ৰুগড়ৰ পৰাই গোলাঘাটৰ প্ৰস্তাৱিত কৰ্কট ৰোগৰ চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন উপলক্ষে আয়োজন কৰা অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় । তেওঁ এই কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট প্ৰতিটো বিভাগক নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিবলৈ নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত আৰু জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত আছিল । উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে সেইদিনা ডিব্ৰুগড়ৰ পৰাই প্ৰতীকিভাৱে ৭ খন কৰ্কট ৰোগৰ চিকিৎসালয় উদ্বোধন কৰাৰ লগতে গোলাঘাটসহ আন ছখন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব ।

মাধৱ গগৈ
NORTHEAST NEWS INDIA

*কৃষি বিজ্ঞান কেন্দ্ৰ, গোলাঘাটত কৃষক মেলা আৰু কৃষি প্ৰযুক্তি প্ৰদৰ্শনী*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৬৬

*কৃষি বিজ্ঞান কেন্দ্ৰ, গোলাঘাটত কৃষক মেলা আৰু কৃষি প্ৰযুক্তি প্ৰদৰ্শনী*
গোলাঘাট, ২৬ এপ্ৰিল : আজাদি কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে অব্যাহত ৰখা কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰি অভিযানৰ অংশৰূপে আজি কৃষি বিজ্ঞান কেন্দ্ৰ, গোলাঘাটত এখন কৃষক মেলা তথা কৃষি প্ৰযুক্তি প্ৰদৰ্শনী অনুষ্ঠিত হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশ লৈ বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে । ইয়াৰ সৈতে সংগতি ৰাখি উপায়ুক্তগৰাকীয়ে এখনি কৃষি তথা কৃষক মেলাও উদ্বোধন কৰে । কাৰ্যসূচীৰ অংশৰূপে কৃষি বিজ্ঞানীৰ সৈতে কৃষকৰ মত বিনিময় অনুষ্ঠানৰ লগতে প্ৰাকৃতিক কৃষি, কৃষি যান্ত্ৰিকীকৰণ, কণী ধানৰ কৃষি পদ্ধতি আৰু জৈৱ উৎকৰ্ষিত শস্য সম্পৰ্কীয় এলানি বক্তৃতানুষ্ঠানো অনুষ্ঠিত হয় । অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডঃ মনোৰঞ্জন নেওগ, বুঢ়ালিকচন কুঁহিয়াৰ গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ তুলসী প্ৰসাদ শইকীয়া, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, এল ডি এম সজীৱ কুমাৰ বৰা, জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, জিলা পশুপালন বিষয়া ডাঃ সত্যব্রত দত্ত চৌধুৰী, জিলা মীন বিষয়া সীমান্ত কোঁৱৰ, অসম গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক প্ৰৱন্ধক মহেশ বৰুৱা, নুমলিগড় শোধনাগাৰৰ মহাপ্ৰৱন্ধক মিন্টু সন্দিকৈৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ সমূহ বিজ্ঞানী আৰু বিষয়া-কৰ্মচাৰী উপস্থিত আছিল । উল্লেখযোগ্য যে কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰি অভিযানৰ অংশৰূপে আজি ৭৩৪টা কৃষি বিজ্ঞান কেন্দ্ৰত অনুৰূপ অনুষ্ঠানৰ আয়োজন কৰা হয় । এই কাৰ্যসূচীৰ উদ্দেশ্য হ'ল স্বাধীনতাৰ বিগত ৭৫ বছৰত কৃষি ক্ষেত্ৰখনত অৰ্জন কৰা মাইলৰ খুঁটিসমূহৰ বিষয়ে কৃষকক অৱগত কৰা । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...