Tuesday, 26 April 2022
*কৃষি বিজ্ঞান কেন্দ্ৰ, গোলাঘাটত কৃষক মেলা আৰু কৃষি প্ৰযুক্তি প্ৰদৰ্শনী*
Monday, 25 April 2022
*সম্ভাব্য বানপানীৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠক সম্পন্ন**গোলাঘাট জিলাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ত কাৰ্যক্ষম অগ্নি নিৰ্বাপক যন্ত্ৰ মজুত ৰখাৰ নিৰ্দেশ উপায়ুক্তৰ*
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত অসম ভ্ৰমণৰ কাৰ্যসূচীৰ অংশৰূপে অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতীকিভাৱে গোলাঘাটত নিৰ্মাণ কৰিবলগীয়া কৰ্কট ৰোগৰ চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিব ।
Sunday, 24 April 2022
*গোলাঘাট জিলাতো আৰম্ভ "কিষাণ ভাগীদাৰি প্ৰাথমিকতা হামাৰী" অভিযান*
জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৬৪
*গোলাঘাট জিলাতো আৰম্ভ "কিষাণ ভাগীদাৰি প্ৰাথমিকতা হামাৰী" অভিযান*
*১০২ খন গাওঁ পঞ্চায়তত বিশেষ গাঁওসভা সম্পন্ন*
*পিএম কিষাণৰ ১,২৩,৮১৭ জন হিতাধিকাৰীকে ধৰি সকলো যোগ্য খেতিয়কক কেচিচিৰ আওতালৈ অনাৰ লক্ষ্য*
গোলাঘাট, ২৪ এপ্ৰিল : আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আজিৰে পৰা দেশৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো কেন্দ্ৰীয় চৰকাৰৰ "কিষাণ ভাগীদাৰি প্ৰাথমিকতা হামাৰী" শীৰ্ষক অভিযান আৰম্ভ হৈছে । জিলাখনৰ ১০২ খন গাওঁ পঞ্চায়তত আজি অনুষ্ঠিত বিশেষ গাঁওসভাত এই অভিযানৰ শুভাৰম্ভ কৰা হয় । কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ কৃষি আৰু কৃষক কল্যাণ বিভাগে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চল, বেংক আদিৰ সহযোগত এই অভিযান হাতত লৈছে । এই অভিযানৰ প্ৰধান উদ্দেশ্য হ'ল কিষাণ ক্ৰেডিট কাৰ্ড অৰ্থাৎ কে চি চি নথকা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি চমুকৈ পি এম কিষাণ আঁচনিৰ যোগ্য হিতাধিকাৰীসকলক কেচিচি আঁচনিৰ আওতালৈ আনি বিভিন্ন সা-সুবিধা তথা কৃষি ঋণ প্ৰদানৰ ব্যৱস্থা কৰা । লগতে সকলো যোগ্য খেতিয়কক প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ বিভিন্ন সামাজিক সুৰক্ষা আঁচনি যেনে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, অটল পেঞ্চন যোজনা আদিৰ আওতালৈ আনি সা সুবিধাসমূহ প্ৰদান কৰা আৰু বিশেষ গাঁওসভা অনুষ্ঠিত কৰি শস্য, পশুপালন, আৰু মীনপালন আদিৰ সৈতে জড়িত আঁচনিসমূহৰ বাবে অধিক কৃষকক কে চি চিৰ অধীনত পঞ্জীয়ন কৰাও এই অভিযানৰ অন্যতম উদ্দেশ্য । বিভিন্ন বেংক, জিলা প্ৰশাসন, নাবাৰ্ড, গাঁও পঞ্চায়ত, আৰু বিভিন্ন বিভাগে ঐক্যবদ্ধভাৱে ৰূপায়ণ কৰিবলগীয়া এই সপ্তাহজোৰা বিশেষ অভিযানত পি এম কিষাণৰ সকলো যোগ্য হিতাধিকাৰীক কে চি চি প্ৰদানৰ বাবে প্ৰয়াস চলোৱা হ'ব । গোলাঘাট জিলাত বৰ্তমান পি এম কিষাণৰ মুঠ হিতাধিকাৰীৰ সংখ্যা হ'ল ১,২৩,৮১৭ । জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাই কয় যে কৃষি খণ্ডৰে জড়িত লোকসকলে কে চি চি ঋণ লাভ কৰিব পাৰে । তেওঁ খেতিয়কসকলক কৃষি ঋণ লোৱাৰ লগতে নিজৰ ফচলৰ বীমা কৰোৱাবলৈ আহ্বান জনায় । আনহাতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জিলা নডেল বিষয়া ৰঞ্জন বৰুৱাই কয় যে ২৪ এপ্ৰিল বা এসপ্তাহৰ ভিতৰত পি এম কিষাণৰ যিকোনো হিতাধিকাৰীয়ে নিজৰ বেংকৰ শাখাত যোগাযোগ কৰি কে চি চি লাভ কৰিব পাৰে । এই অভিযানৰ অধীনত কৃষি, দুগ্ধ উৎপাদন-পশুপালন, মীনপালন আদি সকলো ধৰণৰ উৎপাদন তথা কৃষি কাৰ্যৰে জড়িত লোকে কে চি চি লাভ কৰিব পাৰিব বুলি তেওঁ কয় ।
উল্লেখযোগ্য যে অভিযানৰ অংশৰূপে ২৫ এপ্ৰিলৰ পৰা ১ মে'লৈ 'ফচল বীমা পাঠশালা' শীৰ্ষক কাৰ্যসূচীও গ্ৰহণ কৰা হ'ব । এই কাৰ্যসূচীৰ উদ্দেশ্য হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা সন্দৰ্ভত খেতিয়কসকলক অৱগত কৰোৱা আৰু অধিক খেতিয়কক এই বীমা আঁচনিৰ দ্বাৰা সামৰি লোৱা ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Saturday, 23 April 2022
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...