জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৬৫
*সম্ভাব্য বানপানীৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠক সম্পন্ন*
*গোলাঘাট জিলাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ত কাৰ্যক্ষম অগ্নি নিৰ্বাপক যন্ত্ৰ মজুত ৰখাৰ নিৰ্দেশ উপায়ুক্তৰ*
গোলাঘাট, ২৫ এপ্ৰিল : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সন্দৰ্ভত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন বৈঠক অনুষ্ঠিত হয় । প্ৰাধিকৰণৰ অধ্যক্ষ তথা জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি তথা বিভিন্ন বিভাগৰ দায়িত্ব আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন দিশ আলোচনা কৰা হয় । উপায়ুক্ত গৰাকীয়ে বানপানী আৰু যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে ততালিকে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক অৱগত কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে । তেওঁ লগতে জিলাখনত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা 'সখী' প্ৰকল্প দেৰগাঁও, খুমটাই, বোকাখাত আদি অঞ্চলতো ৰূপায়ণ কৰাত গুৰুত্ব আৰোপ কৰে । তেওঁ বান সাহায্য শিবিৰসমূহতো স্থানীয় মহিলাক লৈ সখী গোট গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । তেওঁ জিলা উপায়ুক্তৰ কাৰ্যালয়কে ধৰি জিলাখনৰ প্ৰতিটো কাৰ্যালয়ত কাৰ্যক্ষম অগ্নি নিৰ্বাপক যন্ত্ৰ মজুত ৰখাৰ বাবে নিৰ্দেশ দিয়ে । আনহাতে সৰু-সুৰা অগ্নিকাণ্ডৰ ঘটনা ৰোধ কৰিব পৰাকৈ ঘৰে-ঘৰে অগ্নি নিৰ্বাপক যন্ত্ৰ ৰখাৰ তেওঁ পোষকতা কৰে । উপায়ুক্তগৰাকীয়ে বানপানীৰ সময়ত যাতে পোহনীয়া জীৱ-জন্তুৱে কোনোধৰণৰ খাদ্যৰ অভাৱত ভুগিবলগীয়া নহয় তাৰ বাবে পৰ্যাপ্ত পশুখাদ্য মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে । আনহাতে তিনিদিনীয়া ভ্ৰমনসূচীৰে জিলাখন ভ্ৰমন কৰা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া ডঃ কৃপালজ্যোতি মজুমদাৰে যোৱা দুটা দিনত জিলাখনৰ বান পৰিস্থিতিৰ উদ্ভৱ হ'ব পৰা বিভিন্ন স্থান পৰিদৰ্শন কৰি লাভ কৰা অভিজ্ঞতা সন্দৰ্ভত অৱগত কৰে । তেওঁ পাৱাৰপইন্ট প্ৰেজেন্টেচনৰ সহায়ত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বানপানীৰ সময়ত লোৱা ব্যৱস্থাসমূহৰ বিষয়ে বিতংভাৱে ব্যাখ্যা আগবঢ়ায় । তেওঁ অনলাইন ব্যৱস্থাৰে বানপানীৰ ক্ষয়-ক্ষতি তথা বিতং তথ্য সময়মতে দিব পৰাকৈ সংশ্লিষ্ট সকলোকে অনলাইন যোগে তথ্য যোগান ধৰিবলৈ আহ্বান জনায় । তেওঁ লগতে আশ্ৰয় শিবিৰসমূহত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰীৰ পৰ্যাপ্ত যোগান, বিজ্ঞানসন্মত অনাময় ব্যৱস্থা আৰু শিশুৰ বাবে অনুকূল স্থানৰ ব্যৱস্থা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । সভাত অতিৰিক্ত উপায়ুক্ত চুলতানা আখটাৰা আহমেদ, পল্লৱী গগৈ, কুলদীপ হাজৰিকা, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰ, ৰাজহ চক্ৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India