Monday, 25 April 2022

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত অসম ভ্ৰমণৰ কাৰ্যসূচীৰ অংশৰূপে অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতীকিভাৱে গোলাঘাটত নিৰ্মাণ কৰিবলগীয়া কৰ্কট ৰোগৰ চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিব ।

গোলাঘাট ২৫ এপ্রিল ২০২২ 
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত অসম ভ্ৰমণৰ কাৰ্যসূচীৰ অংশৰূপে অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতীকিভাৱে গোলাঘাটত নিৰ্মাণ কৰিবলগীয়া কৰ্কট ৰোগৰ চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিব । এই উপলক্ষে সেইদিনা গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত বগৰিজেং পুলিচ প্লে-গ্ৰাউণ্ডত আয়োজন কৰা অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনাৰ বাবে আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকত অংশ লৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকনে প্ৰস্তুতিৰ সবিশেষ বুজ লৈ কয় যে ২৮ এপ্ৰিলৰ দিনটো সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাৰ বাবেও এটা বিশেষ দিন । কিয়নো আন কেইবাখনো জিলাৰ লগতে গোলাঘাট জিলাতো সেইদিনা ৰাইজৰ বহুদিনীয়া অভাৱ পূৰণ কৰি এখন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব । বৈঠকত ভাগ লৈ জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই এই কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট প্ৰতিটো বিভাগক নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিবলৈ নিৰ্দেশ দিয়ে । সভাত জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অর্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত শ্ৰীযুতা পল্লৱী গগৈ, শ্ৰী কুলদীপ হাজৰিকা, ডঃ সংগীতা বৰঠাকুৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী অঞ্জন পণ্ডিত, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুৰেন্দ্ৰ নাথ তামূলী আৰু ভালেসংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত আছিল ।

মাধৱ গগৈ
NORTHEAST NEWS INDIA

Sunday, 24 April 2022

Assam COVID-19🦠😷 Details 24/04/2022.

Assam COVID-19🦠😷 Details
 24/04/2022.

*গোলাঘাট জিলাতো আৰম্ভ "কিষাণ ভাগীদাৰি প্ৰাথমিকতা হামাৰী" অভিযান*

 জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৬৪


*গোলাঘাট জিলাতো আৰম্ভ "কিষাণ ভাগীদাৰি প্ৰাথমিকতা হামাৰী" অভিযান*



*১০২ খন গাওঁ পঞ্চায়তত বিশেষ গাঁওসভা সম্পন্ন*


*পিএম কিষাণৰ ১,২৩,৮১৭ জন হিতাধিকাৰীকে ধৰি সকলো যোগ্য খেতিয়কক কেচিচিৰ আওতালৈ অনাৰ লক্ষ্য*


গোলাঘাট, ২৪ এপ্ৰিল : আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আজিৰে পৰা দেশৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো কেন্দ্ৰীয় চৰকাৰৰ "কিষাণ ভাগীদাৰি প্ৰাথমিকতা হামাৰী" শীৰ্ষক অভিযান আৰম্ভ হৈছে । জিলাখনৰ ১০২ খন গাওঁ পঞ্চায়তত আজি অনুষ্ঠিত বিশেষ গাঁওসভাত এই অভিযানৰ শুভাৰম্ভ কৰা হয় । কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ কৃষি আৰু কৃষক কল্যাণ বিভাগে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চল, বেংক আদিৰ সহযোগত এই অভিযান হাতত লৈছে । এই অভিযানৰ প্ৰধান উদ্দেশ্য হ'ল কিষাণ ক্ৰেডিট কাৰ্ড অৰ্থাৎ কে চি চি নথকা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি চমুকৈ পি এম কিষাণ আঁচনিৰ যোগ্য হিতাধিকাৰীসকলক কেচিচি আঁচনিৰ আওতালৈ আনি বিভিন্ন সা-সুবিধা তথা কৃষি ঋণ প্ৰদানৰ ব্যৱস্থা কৰা । লগতে সকলো যোগ্য খেতিয়কক প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ বিভিন্ন সামাজিক সুৰক্ষা আঁচনি যেনে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, অটল পেঞ্চন যোজনা আদিৰ আওতালৈ আনি সা সুবিধাসমূহ প্ৰদান কৰা আৰু বিশেষ গাঁওসভা অনুষ্ঠিত কৰি শস্য, পশুপালন, আৰু মীনপালন আদিৰ সৈতে জড়িত আঁচনিসমূহৰ বাবে অধিক কৃষকক কে চি চিৰ অধীনত পঞ্জীয়ন কৰাও এই অভিযানৰ অন্যতম উদ্দেশ্য । বিভিন্ন বেংক, জিলা প্ৰশাসন, নাবাৰ্ড, গাঁও পঞ্চায়ত, আৰু বিভিন্ন বিভাগে ঐক্যবদ্ধভাৱে ৰূপায়ণ কৰিবলগীয়া এই সপ্তাহজোৰা বিশেষ অভিযানত পি এম কিষাণৰ সকলো যোগ্য হিতাধিকাৰীক কে চি চি প্ৰদানৰ বাবে প্ৰয়াস চলোৱা হ'ব । গোলাঘাট জিলাত বৰ্তমান পি এম কিষাণৰ মুঠ হিতাধিকাৰীৰ সংখ্যা হ'ল ১,২৩,৮১৭ । জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাই কয় যে কৃষি খণ্ডৰে জড়িত লোকসকলে কে চি চি ঋণ লাভ কৰিব পাৰে । তেওঁ খেতিয়কসকলক কৃষি ঋণ লোৱাৰ লগতে নিজৰ ফচলৰ বীমা কৰোৱাবলৈ আহ্বান জনায় । আনহাতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জিলা নডেল বিষয়া ৰঞ্জন বৰুৱাই কয় যে ২৪ এপ্ৰিল বা এসপ্তাহৰ ভিতৰত পি এম কিষাণৰ যিকোনো হিতাধিকাৰীয়ে নিজৰ বেংকৰ শাখাত যোগাযোগ কৰি কে চি চি লাভ কৰিব পাৰে । এই অভিযানৰ অধীনত কৃষি, দুগ্ধ উৎপাদন-পশুপালন, মীনপালন আদি সকলো ধৰণৰ উৎপাদন তথা কৃষি কাৰ্যৰে জড়িত লোকে কে চি চি লাভ কৰিব পাৰিব বুলি তেওঁ কয় ।  


উল্লেখযোগ্য যে অভিযানৰ অংশৰূপে ২৫ এপ্ৰিলৰ পৰা ১ মে'লৈ 'ফচল বীমা পাঠশালা' শীৰ্ষক কাৰ্যসূচীও গ্ৰহণ কৰা হ'ব । এই কাৰ্যসূচীৰ উদ্দেশ্য হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা সন্দৰ্ভত খেতিয়কসকলক অৱগত কৰোৱা আৰু অধিক খেতিয়কক এই বীমা আঁচনিৰ দ্বাৰা সামৰি লোৱা । 

 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

Saturday, 23 April 2022

Assam COVID-19🦠😷 Details 23/04/2022.

Assam COVID-19🦠😷 Details
 23/04/2022.

গোলাঘাট জিলাক যক্ষ্মামুক্ত কৰাৰ প্ৰয়াস এন আৰ এলৰ

গোলাঘাট জিলাক যক্ষ্মামুক্ত কৰাৰ প্ৰয়াস এন আৰ এলৰ

গোলাঘাট, ২৩ এপ্ৰিল : সমগ্ৰ ভাৰতবৰ্ষকে ২০২৫ চনৰ ভিতৰত যক্ষ্মামুক্ত কৰাৰ অভিযান সফল কৰাৰ উদ্দেশ্যে সকলো ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগৰ অংশগ্ৰহণৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে ৷ উদ্যোগ খণ্ডৰে জড়িত শ্ৰমিক আৰু কৰ্মচাৰীৰ মাজত যক্ষ্মা ৰোগৰ আশংকা অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত উদ্যোগসমূহে যক্ষ্মামুক্ত অভিযানত বিশেষ ভূমিকা গ্ৰহণৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ তাৰেই পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাখনক যক্ষ্মামূক্ত কৰাৰ ক্ষেত্ৰত নুমলীগড় শোধনাগাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিছে ।  ইতিমধ্যে যোৱা ১৮ ছেপ্টেম্বৰত এন আৰ এল, ভি কে এন আৰ এল আৰু জিলা যক্ষ্মা কাৰ্যালয়ৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল ৷ তাৰে অংশৰূপে এন আৰ এল কৰ্তৃপক্ষই যোৱা ২০ এপ্ৰিলত গোলাঘাট জিলাক যক্ষ্মামুক্ত কৰাৰ লক্ষ্যৰে প্লাটিনাম শাখাত আনুষ্ঠানিকভাৱে সংকল্প গ্ৰহণ কৰে ৷ এই উপলক্ষে উক্ত দিনা এখন সভা অনুষ্ঠিত হয় । সভাত এন আৰ এলৰ মুখ্য পৰিচালক কাজল শইকীয়া, নতুন দিল্লীৰ দিপাঙ্কৰ ভট্টাচাৰ্য, গুলচন বৰা আৰু ৰাজ্যিক কাৰিকৰী সমৰ্থন গোটৰ প্ৰতিনিধি ড° অৰূপ জ্যোতি কলিতা, জিলা টিবি বিষয়া ডা° সুনিতা এক্কা, এন আৰ এলৰ বিবেকানন্দ চিকিৎসালয়ৰ ডা°প্ৰাঞ্জল শইকীয়া, ডা° সমীৰজ্যোতি শইকীয়া, কংকনা পাঠক, দেৱজ্যোতি বৰা, মীনাক্ষী বৰ্মন, তুলুমণি বাৰুকীয়াল, চিকিৎসা কৰ্মী অৰিন্দম কটকী, অপূৰ্ব বৰা আদি উপস্থিত আছিল ৷ অনুষ্ঠানত যক্ষ্মা নিবাৰণৰ যুটীয়া কৰ্মসূচীও যুগুত কৰা হয় ৷ 

মাধৱ গগৈ 
NORTHEAST NEWS INDIA

*মৰঙীৰ কুৰুকা গাঁৱত 'সখী' স্বেচ্ছাসেৱীসকলক অগ্নি নিৰ্বাপনৰ প্ৰশিক্ষণ প্ৰদান*

 জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৬৩


*মৰঙীৰ কুৰুকা গাঁৱত 'সখী' স্বেচ্ছাসেৱীসকলক অগ্নি নিৰ্বাপনৰ প্ৰশিক্ষণ প্ৰদান*



গোলাঘাট, ২৩ এপ্ৰিল : গোলাঘাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু নুমলিগড় শোধনাগাৰ লিমিটেডৰ সহযোগত আজি মৰঙী ৰাজহ চক্ৰৰ অধীনৰ কুৰুকা গাঁৱত 'সখী' স্বেচ্ছাসেৱীসকলৰ প্ৰশিক্ষণ সম্পন্ন হয় । জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । তেওঁ সখী স্বেচ্ছাসেৱীসকলক উদ্দেশ্যি কয় যে সাধাৰণতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'লে মানুহ আতংকিত হৈ পৰে আৰু প্ৰায়ে অগ্নি নিৰ্বাপন যন্ত্ৰ মজুত নথকাৰ ফলত অথবা থাকিলেও ব্যৱহাৰ কৰিবলৈ ভয় কৰে । এই প্ৰশিক্ষণে অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত মহিলাসকলক যথেষ্ট সাহস দিব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে পৰৱৰ্তী সময়ত অন্য গাঁৱতো এনে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব । নুমলিগড় শোধনাগাৰ লিমিটেডৰ অগ্নি নিৰ্বাপন বিভাগৰ এটা দলে সখী স্বেচ্ছাসেৱীসকলক অগ্নি নিৰ্বাপন যন্ত্ৰৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে । উল্লেখযোগ্য যে সখী স্বেচ্ছাসেৱীসকলক অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত কেনেকৈ জুই নুমুৱাব লাগে আৰু এনে ঘটনা যাতে সংঘটিত নহয় তাৰবাবে সজাগ কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছিল । আজিৰ প্ৰশিক্ষণতে সখী স্বেচ্ছাসেৱীসকলক গাঁৱত সৰু-সুৰা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'লে প্ৰথম সঁহাৰি হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ অগ্নি নিৰ্বাপন যন্ত্ৰ প্ৰদান কৰা হয় । প্ৰশিক্ষণত ২০ গৰাকী মহিলাই অংশগ্ৰহণ কৰে । প্ৰশিক্ষণকালত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ  জিলা প্ৰকল্প বিষয়া ৰণী ৰাজকুমাৰ, প্ৰাধিকৰণৰ কেইবাগৰাকীও ক্ষেত্ৰ বিষয়া আৰু এন আৰ এলৰ প্ৰতিনিধি উপস্থিত আছিল । 

   

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...