Monday, 4 April 2022

*কাইলৈ নৱগঠিত গোলাঘাট পৌৰসভাৰ প্ৰথমখন বৈঠক*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫৬

*কাইলৈ নৱগঠিত গোলাঘাট পৌৰসভাৰ প্ৰথমখন বৈঠক*

গোলাঘাট, ৪ এপ্ৰিল : অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ নিৰ্দেশক্ৰমে নৱগঠিত গোলাঘাট পৌৰসভাৰ প্ৰথমখন বৈঠক কাইলৈ ৫ এপ্ৰিলত গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হ'ব । বৈঠকত গোলাঘাট পৌৰসভাৰ নৱনিৰ্বাচিত ১৩ গৰাকী নিৰ্বাচিত ৱাৰ্ড কমিছনাৰে শপতগ্ৰহন কৰিব । এই বৈঠকতে পৌৰসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষও নিৰ্বাচন কৰা হ'ব । উল্লেখযোগ্য যে ১৩ টা ৱাৰ্ডৰ গোলাঘাট পৌৰসভাৰ নিৰ্বাচনত ১০ খন আসন বিজেপিয়ে আৰু ৩ খন অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে লাভ কৰিছে । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

জৱাহৰ নৱোদয় বিদ্যালয়ৰ নৱম শ্ৰেণীত প্ৰৱেশৰ বাবে অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া বাছনি পৰীক্ষা-২০২২ ৰ প্ৰৱেশ পত্ৰ

প্ৰেছ বাৰ্তা
জৱাহৰ নৱোদয় বিদ্যালয়ৰ নৱম শ্ৰেণীত প্ৰৱেশৰ বাবে অহা ৯ এপ্ৰিলত  অনুষ্ঠিত হ'বলগীয়া বাছনি পৰীক্ষা-২০২২ ৰ প্ৰৱেশ পত্ৰ www.navodaya.gov.in ৱেবছাইটত উপলব্ধ কৰা হৈছে। প্ৰাৰ্থীসকলে এই ৱেবছাইটৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব বা জৱাহৰ নৱোদয় বিদ্যালয়, কামৰূপৰ অধ্যক্ষৰ কাৰ্যালয়তো যোগাযোগ কৰিব পাৰিব।
জনসংযোগ, কামৰূপ
NORTHEAST NEWS INDIA

*অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ চেক প্ৰদান বিত্তমন্ত্ৰী অজন্তা নেওগৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫৫

*অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ চেক প্ৰদান বিত্তমন্ত্ৰী অজন্তা নেওগৰ*

গোলাঘাট, ৪ এপ্ৰিল : বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট নগৰৰ এৰেঙাপাৰাত থকা মন্ত্ৰীগৰাকীৰ বাসগৃহৰ চৌহদত যোৱা ১৬ আৰু ২৫ মাৰ্চত ক্ৰমে পাঁচ আলিৰ ১১ নং ৱাৰ্ড আৰু বেঙেনাখোৱা ধুবী চাৰিআলিৰ ৬ নং ৱাৰ্ডত সংঘটিত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণৰ চেক প্ৰদান কৰে । ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা ক্ষতিপূৰণৰ চেকসমূহ বিত্তমন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিকভাৱে বিতৰণ কৰে । তেওঁ চেক বিতৰণ কৰি যিকোনো ধৰনৰ সম্ভাব্য দুৰ্যোগ প্ৰতিহত কৰিব পৰাকৈ সকলোকে সজাগ তথা সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে যিকোনো ধৰণৰ দুৰ্যোগ অথবা সমস্যাৰ ক্ষেত্ৰত বৰ্তমানৰ ৰাজ্য চৰকাৰখন সদায় ভুক্তভোগী ৰাইজ তথা পৰিয়ালৰ সৈতে আছে । তেওঁ ভুক্তভোগী পৰিয়াল তথা ব্যৱসায়ী সকলৰ প্ৰতি সহমর্মিতা প্ৰকাশ কৰে । আজিৰ চেক বিতৰণ অনুষ্ঠানত বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যোৱা বেঙেনাখোৱা ধুবী চাৰিআলিৰ দুজন, পাঁচ আলিৰ এজন, আংশিকভাৱে ক্ষতিগ্ৰস্ত বেঙেনাখোৱা ধুবী চাৰিআলিৰ এজন আৰু দুয়োটা স্থানৰ অন্য ২০ টা পৰিয়াল তথা ব্যৱসায়ীক চেক প্ৰদান কৰা হয় । চেক বিতৰণ কাৰ্যসূচীত গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়া পাপৰি দাসৰ লগতে ভুক্তভোগী পৰিয়ালসমূহৰ সদস্যসকল উপস্থিত আছিল । উল্লেখযোগ্য যে ১৬ মাৰ্চৰ দুপৰীয়া পাঁচ আলিৰ ১১ নং ৱাৰ্ডত আৰু ২৬ মাৰ্চৰ নিশা বেঙেনাখোৱা ধুবী চাৰিআলিৰ ৬ নং ৱাৰ্ডত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...