জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫৫
*অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ চেক প্ৰদান বিত্তমন্ত্ৰী অজন্তা নেওগৰ*
গোলাঘাট, ৪ এপ্ৰিল : বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট নগৰৰ এৰেঙাপাৰাত থকা মন্ত্ৰীগৰাকীৰ বাসগৃহৰ চৌহদত যোৱা ১৬ আৰু ২৫ মাৰ্চত ক্ৰমে পাঁচ আলিৰ ১১ নং ৱাৰ্ড আৰু বেঙেনাখোৱা ধুবী চাৰিআলিৰ ৬ নং ৱাৰ্ডত সংঘটিত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণৰ চেক প্ৰদান কৰে । ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা ক্ষতিপূৰণৰ চেকসমূহ বিত্তমন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিকভাৱে বিতৰণ কৰে । তেওঁ চেক বিতৰণ কৰি যিকোনো ধৰনৰ সম্ভাব্য দুৰ্যোগ প্ৰতিহত কৰিব পৰাকৈ সকলোকে সজাগ তথা সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে যিকোনো ধৰণৰ দুৰ্যোগ অথবা সমস্যাৰ ক্ষেত্ৰত বৰ্তমানৰ ৰাজ্য চৰকাৰখন সদায় ভুক্তভোগী ৰাইজ তথা পৰিয়ালৰ সৈতে আছে । তেওঁ ভুক্তভোগী পৰিয়াল তথা ব্যৱসায়ী সকলৰ প্ৰতি সহমর্মিতা প্ৰকাশ কৰে । আজিৰ চেক বিতৰণ অনুষ্ঠানত বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যোৱা বেঙেনাখোৱা ধুবী চাৰিআলিৰ দুজন, পাঁচ আলিৰ এজন, আংশিকভাৱে ক্ষতিগ্ৰস্ত বেঙেনাখোৱা ধুবী চাৰিআলিৰ এজন আৰু দুয়োটা স্থানৰ অন্য ২০ টা পৰিয়াল তথা ব্যৱসায়ীক চেক প্ৰদান কৰা হয় । চেক বিতৰণ কাৰ্যসূচীত গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়া পাপৰি দাসৰ লগতে ভুক্তভোগী পৰিয়ালসমূহৰ সদস্যসকল উপস্থিত আছিল । উল্লেখযোগ্য যে ১৬ মাৰ্চৰ দুপৰীয়া পাঁচ আলিৰ ১১ নং ৱাৰ্ডত আৰু ২৬ মাৰ্চৰ নিশা বেঙেনাখোৱা ধুবী চাৰিআলিৰ ৬ নং ৱাৰ্ডত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA