Sunday, 27 March 2022

*ন্যায়ৰ ৰঙত কেতিয়াও ভিন্নতা নাথাকে, ন্যায়ৰ ৰং সদায় একেঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলীয়া**গোলাঘাট জিলাৰ নতুন ন্যায়িক আদালত ভৱন মুকলি*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫৩

*ন্যায়ৰ ৰঙত কেতিয়াও ভিন্নতা নাথাকে, ন্যায়ৰ ৰং সদায় একেঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলীয়া*

*গোলাঘাট জিলাৰ নতুন ন্যায়িক আদালত ভৱন মুকলি*

গোলাঘাট, ২৭ মাৰ্চ : গোলাঘাট নগৰত নিৰ্মাণ কৰা গোলাঘাট জিলাৰ নতুন ন্যায়িক আদালত ভৱনটো আজি মুকলি কৰা হয় । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলীয়াই ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰে । এই উপলক্ষে ভৱনৰ প্ৰথম মহলাত আজি আয়োজিত শুভাৰম্ভ অনুষ্ঠানত অংশ লৈ মুখ্য ন্যায়াধীশ গৰাকীয়ে গোলাঘাটৰ চহকী ইতিহাসৰ বিষয়ে উল্লেখ কৰি ন্যায় ব্যৱস্থাৰ সৈতে জড়িত জিলাখনৰ দুগৰাকী পুৰোধা ব্যক্তি ৰায় বাহাদুৰ ঘনশ্যাম বৰুৱা আৰু কৃষ্ণ প্ৰসাদ দুৱৰাক স্মৰণ কৰে । তেওঁ কয় যে এনে এটা উৎকৃষ্ট ভৱন নিৰ্মাণ কৰা মানেই যে ন্যায় ব্যৱস্থাও উৎকৃষ্ট হ'ব তেনে নহয় । ন্যায় ব্যৱস্থা সুলভ, উৎকৃষ্ট তথা যথাৰ্থ হ'লেহে এনে এটা মহৎ তথা আটকধুনীয়া ভৱনৰ গৰিমা অটুট থাকিব বুলি তেওঁ কয় । উচিত ন্যায় প্ৰদানৰ বাবে সুস্থ মগজু আৰু সুস্থ হৃদয়ৰ নিতান্তই প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ কয় যে ন্যায়ৰ ৰঙত কেতিয়াও ভিন্নতা নাথাকে, ন্যায়ৰ ৰং সদায় একে, ইয়াত কোনো ধৰণৰ বিভেদ থকা উচিত নহয় । ন্যায়ৰ এই আটকধুনীয়া ভৱনটোলৈ অহা কোনো ব্যক্তিয়ে যাতে কেতিয়াও তেঁওৰ সৈতে অন্যায় হোৱা বুলি অনুভৱ নকৰে সেইয়া সুনিশ্চিত কৰাটো জৰুৰী বুলিও তেওঁ মত প্ৰকাশ কৰে । আব্ৰাহাম লিংকনৰ উদ্ধৃতি দি তেওঁ কয় যে দৃঢ়তা, পৰিশ্ৰম আৰু অধ্যয়নেহে ন্যায় ব্যৱস্থাৰ সৈতে জড়িত এজন ব্যক্তিক সফল হোৱাত সহায় কৰিব পাৰে । তেওঁ আদালত চৌহদত পুথিভঁৰাল স্থাপনৰ পোষকতা কৰি প্ৰতিগৰাকী অধিবক্তাক নিয়মীয়াকৈ পঢ়া-শুনা কৰিবলৈ আহ্বান জনায় । ন্যায়াধীশসকলক উদ্দেশ্যি তেওঁ কয় যে অভিযুক্ত অথবা গোচৰীয়া যিয়েই নহওক সকলোৱে যেন ন্যায় ব্যৱস্থাটোৰ প্ৰতি এটা ইতিবাচক ধাৰণা লৈহে এই ভৱনৰ পৰা ওলাই যায় তাৰ প্ৰতি সদায় সতৰ্ক হ'ব লাগিব । তেওঁ লগতে ন্যায়াধীশসকলক অধিবক্তা, গোচৰীয়া আৰু বিভিন্ন পক্ষৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায় । এটা উৰ্দু শ্বায়েৰিৰে তেওঁ ন্যায় ব্যৱস্থাৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিকে অন্য মানুহৰ প্ৰতি উচিত আচৰণ কৰিবলৈ আহ্বান জনায় ।

অনুষ্ঠানত ভাষণ দি জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই ইতিহাস প্ৰসিদ্ধ দৈয়াং-ধনশিৰি উপত্যকা আৰু গোলাঘাট জিলাৰ সমৃদ্ধিশালী বুৰঞ্জীৰ বিৱৰণ দাঙি ধৰে । গোলাঘাটৰ ভিতৰতে আটাইতকৈ ওখ এই আদালত ভৱনটো অতি আটকধুনীয়া ৰূপত নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ প্ৰতিখন জিলাতেই এনে ভৱন নিৰ্মাণৰ পোষকতা কৰে । 

অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামেও ভাষণ দিয়ে । তেওঁ কয় যে আন্তগাঁথনি উন্নয়ন এটা ধাৰাবাহিক প্ৰক্ৰিয়া । এটা উন্নত ভৱনে ন্যায় ব্যৱস্থা এটা যথাৰ্থ হোৱাটো নুবুজায়, কিন্তু এনে এটা ভৱনে ন্যায় ব্যৱস্থাটোত এটা সুস্থিৰ পৰিৱেশ অনাৰ দিশত কাম কৰাৰ বাবে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰাত নিশ্চিতভাৱে সহায় কৰে । এই ক্ষেত্ৰত তেওঁ ইয়াৰ সৈতে জড়িত প্ৰতিজন ব্যক্তি তথা গোলাঘাট উকীল সন্থাক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰে । উকীল আৰু বিচাৰপীঠৰ মাজৰ সহযোগিতাই ন্যায় ব্যৱস্থাটোক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও তেওঁ কয় । 

অনুষ্ঠানত আদৰণি ভাষণ দি জিলা আৰু সত্ৰ ন্যায়াধীশ বিনোদ কুমাৰ চন্দকে ভৱনটো নিৰ্মাণৰ সৈতে জড়িত সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে এই ভৱন নিৰ্মাণ হোৱাৰ পাছত এতিয়াৰে পৰা অসামৰিক, বাণিজ্যিক, জুভেনাইল, পক্স', জিলা আইন সেৱা প্ৰধিকাৰী আৰু অন্যান্য আদালতসমূহ একেটা চৌহদতে থাকিব । 

অনুষ্ঠানত গোলাঘাট উকীল সন্থাৰ সভাপতি দিপম ৰঞ্জন সন্দিকৈ, আৰক্ষী অধীক্ষক সুমিত শৰ্মা, ন্যায়াধীশ, অধিবক্তা আৰু ন্যায় ব্যৱস্থাৰে জড়িত ভালেসংখ্যক লোক উপস্থিত আছিল । 

উল্লেখযোগ্য যে লোকনিৰ্মাণ (গৃহ) বিভাগে নিৰ্মাণ কৰা ২৯,৫৬,৪৯,৮১২ টকা ব্যয়সাপেক্ষ এই অত্যাধুনিক ভৱনটোত মুঠ ছটা মহলা আছে । মুঠ এবিঘা, ৪ কঠা, ১৪ লেচা ভূমিত নিৰ্মাণ কৰা প্ৰতিটো মহলাৰ ব্যাসাৰ্ধ ১,৬২৭বৰ্গমিটাৰ । ২০১৪ চনৰ আগষ্ট মাহত এই ভৱনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Saturday, 26 March 2022

भारत सरकार ने प्रधानमंत्री गरीब कल्याण अन्न योजना को छह महीने और बढ़ाकर सितंबर 2022 तक जारी रखने का निर्णय लिया है। देश के 80 करोड़ से अधिक लोग पहले की तरह इसका लाभ उठा सकेंगे। NORTHEAST NEWS INDIA

भारत सरकार ने प्रधानमंत्री गरीब कल्याण अन्न योजना को छह महीने और बढ़ाकर सितंबर 2022 तक जारी रखने का निर्णय लिया है। देश के 80 करोड़ से अधिक लोग पहले की तरह इसका लाभ उठा सकेंगे। 

NORTHEAST NEWS INDIA

Assam COVID-19🦠😷 Details 26/03/2022.

Assam COVID-19🦠😷 Details
 26/03/2022.

APDCL requests the people of Assam

APDCL requests the people of Assam
to observe the “Earth Hour” on 26th March, 2022, Saturday by switching off the lights (except most essential lights) from 8-30 PM to 9-30 PM as a support to WWF - INDIA.

NORTHEAST NEWS INDIA

Friday, 25 March 2022

Assam COVID-19🦠😷 Details 25/03/2022.

গোলাঘাটত আশা অভিৱৰ্তন-২০২২ সম্পন্ন

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৫২

*গোলাঘাটত আশা অভিৱৰ্তন-২০২২ সম্পন্ন*

*আশা কৰ্মীসকল প্ৰচলিত চিকিৎসা ব্যৱস্থা আৰু ৰাইজৰ মাজত যোগসুত্ৰ স্থাপনৰ মূল চালিকাশক্তিঃ উপায়ুক্ত*

গোলাঘাট, ২৫ মাৰ্চ : গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আজি গোলাঘাট জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আশা অভিৱৰ্তন-২০২২ অনুষ্ঠিত হয় । এই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত জিলা উপায়ুক্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা আশা কৰ্মী আৰু আশা ছুপাৰভাইজৰসকল, চিকিৎসক, স্বাস্থ্যকৰ্মী আদিয়ে অংশগ্ৰহন কৰে । অনুষ্ঠানত দিয়া ভাষণত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কয় যে আশা কৰ্মীসকল ক'ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজখনৰ আটাইতকৈ সন্মুখৰ শাৰীৰ যুঁজাৰু আছিল । তেওঁলোকৰ অকুণ্ঠ প্ৰচেষ্টাতে স্বাস্থ্যৰক্ষাৰে এখন সবল সমাজে ঠন ধৰি উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আশা কৰ্মীসকল প্ৰচলিত চিকিৎসা ব্যৱস্থা আৰু জনসাধাৰণৰ মাজত যোগসুত্ৰ স্থাপনৰ মূল চালিকাশক্তি । আজি আশা কৰ্মীসকলে সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানসমূহক উদযাপন কৰাৰ এটা বিশেষ দিন বুলি তেওঁ কয় । তেওঁ লগতে কয় যে আশা কৰ্মীসকলৰো বিভিন্ন সমস্যা আছে । নিশ্চয় পৰৱৰ্তী সময়ত চৰকাৰে তেওঁলোকৰ সমস্যাসমূহ সহানুভূতিৰে চাব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

অনুষ্ঠানত আদৰণি ভাষণ দি গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই কয় যে স্বাস্থ্য খণ্ডলৈ অহা বিভিন্ন প্ৰত্যাহ্বানৰ সময়ত আশা কৰ্মীসকলে প্ৰদৰ্শন কৰা নিষ্ঠা আৰু একাগ্ৰতা প্ৰশংসাৰ উৰ্ধত । গোলাঘাট জিলাৰ প্ৰতিগৰাকী স্বাস্থ্যকৰ্মীয়ে অতি নিষ্ঠা আৰু দায়বদ্ধতাৰে কৰ্তব্য পালন কৰিছে বুলি তেওঁ উল্লেখ কৰে । চিকিৎসকগৰাকীয়ে আশা কৰ্মীসকলে চিকিৎসক আৰু ৰোগীৰ মাজত তৃণমূল পৰ্য্যায়ত যোগসুত্ৰ স্থাপনত লোৱা ভূমিকাৰ শলাগ লয় । অনুষ্ঠানত বিশিষ্ট সমাজসেৱিকা ডঃ লুকুমণি গোস্বামীয়ে নিজৰ ভাষণত আশা কৰ্মীসকলে যি নিষ্ঠাৰে সমাজৰ প্ৰতি সেৱা আগবঢ়াই আছে তাৰ ভূঁয়সী প্ৰশংসা কৰে । 

আজিৰ কাৰ্যসূচীৰ অংশৰূপে জিলাখনৰ আশা কৰ্মী আৰু ছুপাৰভাইজৰসকলক তেওঁলোকে আগবঢ়াই থকা সেৱাৰ বাবে আনুষ্ঠানিকভাৱে মানপত্ৰ প্ৰদান কৰা হয় । লগতে বোকাখাত, মৰঙী, মিছামৰা, সৰুপথাৰ, চাৰিঙীয়া, কমাৰবন্ধা আলী আৰু গোলাঘাট নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ ১৯ গৰাকী শ্ৰেষ্ঠ আশা কৰ্মী আৰু ছগৰাকী শ্ৰেষ্ঠ আশা ছুপাৰভাইজৰক পুৰস্কৃত কৰা হয় । অনুষ্ঠানৰ আৰম্ভণিতে বিগত বর্ষত অকালতে প্ৰাণ হেৰুওৱা আশা কৰ্মীসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় । কাৰ্যসূচীৰ অংশৰূপে বিশিষ্ট শিল্পী অণুধৃতি মহন্তই বেহেলা বাদনেৰে সকলোকে আপ্লুত কৰে । বিভিন্ন ঠাইৰ পৰা অহা আশা কৰ্মীসকলে সমবেত সংগীত, নেগেৰা নাম, ঝুমুৰ, বিহু, গীত-মাত আদি পৰিৱেশন কৰে । 

অনুষ্ঠানত তিনিচুকীয়া জিলাৰ স্বাস্থ্য সেৱাৰ প্ৰাক্তন যুটীয়া সঞ্চালক ডাঃ জ্যোতি ভূঞা, জ্যেষ্ঠ চিকিৎসক ডাঃ ৰঞ্জিত হাজৰিকা, ডাঃ হীৰেন শইকীয়া, ডাঃ জ্যোতি দেউৰী, ডাঃ সুনিতা এক্কা, বিশিষ্ট সমাজ সেৱিকা অপৰাজিতা বৰুৱা, ৰূপা শইকীয়া, ডি চি এম জেচমিন বেগম, ডি পি এম অনুষ্কা বৰা আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...