Friday, 18 February 2022

*গোলাঘাটৰ ১৩টা ৱাৰ্ডৰ বাবে ৩৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ, দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪৮

*গোলাঘাটৰ ১৩টা ৱাৰ্ডৰ বাবে ৩৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ, দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ*

গোলাঘাট, ১৮ ফেব্ৰুৱাৰীঃ অহা ৬ মাৰ্চত হ'বলগীয়া গোলাঘাট মহকুমাৰ অন্তৰ্গত গোলাঘাট পৌৰসভাৰ অধীনৰ ১৩টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ সম্পূৰ্ণ হয় । উল্লেখযোগ্য যে গোলাঘাট পৌৰসভাৰ ১৩টা ৱাৰ্ডৰ ভিতৰত কালি ১১টা ৱাৰ্ডৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ বিপৰীতে ৮ আৰু ১০ নং ৱাৰ্ডৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষাৰ সময় আজি পৰ্যন্ত বৃদ্ধি কৰা হৈছিল । গোলাঘাট পৌৰসভাৰ অধীনৰ আজি পৰীক্ষা কৰা ৮ আৰু ১০ নং ৱাৰ্ডত ৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ পোৱাৰ বিপৰীতে দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হয় । ৮ নং ৱাৰ্ডত বিজেপিৰ অজয় ভৰালী আৰু ১০ নং ৱাৰ্ডত বিজেপিৰ ৰবীন বৰুৱা, এ জে পিৰ জিতেন কাকতি আৰু আপৰ জুৰি সন্দিকৈৰ মনোনয়ন পত্ৰ বৈধ পোৱা গৈছে । ৮ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ ৰিছামণি গগৈ সিংহ আৰু ১০ নং ৱাৰ্ডত কংগ্ৰেছ দলৰ নবীন কাকতিৰ মনোনয়ন পত্ৰ নাকচ হয় । 

ইয়াৰ পূৰ্বে কালি ১১টা ৱাৰ্ডৰ মনোনয়ন পত্ৰসমূহৰ ভিতৰত আটাইকেইখন অৰ্থাৎ ৩০ জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ পোৱা গৈছিল । সেই অনুসৰি ১ নং ৱাৰ্ডত কংগ্ৰেছৰ চিমা গগৈ শৰ্মা, বিজেপিৰ নৱনীতা বৰা আৰু আপৰ জোনমনি হাজৰিকা, ২ নং ৱাৰ্ডত কংগ্ৰেছৰ জেনিফা বেগম আৰু অগপৰ হালিমা ছিদ্দিকা, ৩ নং ৱাৰ্ডত কংগ্ৰেছৰ মামণি ৰয়, অগপৰ টিলোত্তোমা শইকীয়া, আপৰ প্ৰিয়ংকা বৰা আৰু নিৰ্দলীয় কাবেৰী শইকীয়া হুছেইন  আৰু ৪ নং ৱাৰ্ডত কংগ্ৰেছৰ আলী আকবৰ, অগপৰ সতীশ চন্দ্ৰ বৰ্মন, আপৰ গোপাল ৰবি দাস, এ জে পিৰ তচলিমা বেগম আৰু নিৰ্দলীয় বিকাশ হৰিজনৰ নাম বৈধ পোৱা গৈছে । আনহাতে ৫ নং ৱাৰ্ডত কংগ্ৰেছৰ বিনীতা বৈশ্য সিকদাৰ আৰু বিজেপিৰ কৃষ্ণা ধৰ গুপ্তা, ৬ নং ৱাৰ্ডত কংগ্ৰেছৰ সুৰজিত গোহাঁই, বিজেপিৰ প্ৰনয়জ্যোতি চলিহা আৰু আপৰ সুৰেশ গুপ্তা, ৭ নং ৱাৰ্ডত কংগ্ৰেছৰ জয়ন্ত গগৈ আৰু বিজেপিৰ কৃষ্ণা কুমাৰ গুপ্তা, ৯ নং ৱাৰ্ডত কংগ্ৰেছৰ প্ৰশান্ত শইকীয়া, বিজেপিৰ সীমান্ত বৰা আৰু আপৰ বিশ্বদীপ দাস, ১১ নং ৱাৰ্ডত কংগ্ৰেছৰ দুলাল চন্দ্ৰ বৰা আৰু বিজেপিৰ দুলুমনি বৰবৰা, ১২ নং ৱাৰ্ডত কংগ্ৰেছৰ ৰিতুমনি বৰা আৰু বিজেপিৰ অৰ্চনা বৰা শইকীয়া আৰু ১৩ নং ৱাৰ্ডত কংগ্ৰেছৰ ৰুমি দত্ত পাল আৰু বিজেপিৰ ৰশ্মি দাসৰ মনোনয়ন পত্ৰ বৈধ পোৱা গৈছে । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Thursday, 17 February 2022

Assam COVID-19🦠😷 Details 17/02/2022.

Assam COVID-19🦠😷 Details
 17/02/2022.

*গোলাঘাটৰ ১১টা ৱাৰ্ডৰ বাবে ৩০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ, দুটা ৱাৰ্ডৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষাৰ সময় কাইলৈ পৰ্যন্ত বৃদ্ধি*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪৭

*গোলাঘাটৰ ১১টা ৱাৰ্ডৰ বাবে ৩০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ, দুটা ৱাৰ্ডৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষাৰ সময় কাইলৈ পৰ্যন্ত বৃদ্ধি*

*দেৰগাঁও পৌৰসভাৰ নিৰ্বাচনৰ বাবে ২৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ*

গোলাঘাট, ১৭ ফেব্ৰুৱাৰীঃ অহা ৬ মাৰ্চত হ'বলগীয়া গোলাঘাট মহকুমাৰ অন্তৰ্গত গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ অধীনৰ ২৩টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয় । গোলাঘাট পৌৰসভাৰ ১৩টা ৱাৰ্ডৰ ভিতৰত ১১টা ৱাৰ্ডৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ বিপৰীতে ৮ আৰু ১০ নং ৱাৰ্ডৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষাৰ সময় কাইলৈ পৰ্যন্ত বৃদ্ধি কৰা হয় । গোলাঘাট পৌৰসভাৰ অধীনৰ আজি পৰীক্ষা কৰা ১১টা ৱাৰ্ডৰ মনোনয়ন পত্ৰসমূহৰ ভিতৰত আটাইকেইখন অৰ্থাৎ ৩০ জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ পোৱা গৈছে । সেই অনুসৰি ১ নং ৱাৰ্ডত কংগ্ৰেছৰ চিমা গগৈ শৰ্মা, বিজেপিৰ নৱনীতা বৰা আৰু আপৰ জোনমনি হাজৰিকা, ২ নং ৱাৰ্ডত কংগ্ৰেছৰ জেনিফা বেগম আৰু অগপৰ হালিমা ছিদ্দিকা, ৩ নং ৱাৰ্ডত কংগ্ৰেছৰ মামণি ৰয়, অগপৰ টিলোত্তোমা শইকীয়া, আপৰ প্ৰিয়ংকা বৰা আৰু নিৰ্দলীয় কাবেৰী শইকীয়া হুছেইন  আৰু ৪ নং ৱাৰ্ডত কংগ্ৰেছৰ আলী আকবৰ, অগপৰ সতীশ চন্দ্ৰ বৰ্মন, আপৰ গোপাল ৰবি দাস, এ জে পিৰ তচলিমা বেগম আৰু নিৰ্দলীয় বিকাশ হৰিজনৰ নাম বৈধ পোৱা গৈছে । আনহাতে ৫ নং ৱাৰ্ডত কংগ্ৰেছৰ বিনীতা বৈশ্য সিকদাৰ আৰু বিজেপিৰ কৃষ্ণা ধৰ গুপ্তা, ৬ নং ৱাৰ্ডত কংগ্ৰেছৰ সুৰজিত গোহাঁই, বিজেপিৰ প্ৰনয়জ্যোতি চলিহা আৰু আপৰ সুৰেশ গুপ্তা, ৭ নং ৱাৰ্ডত কংগ্ৰেছৰ জয়ন্ত গগৈ আৰু বিজেপিৰ কৃষ্ণা কুমাৰ গুপ্তা, ৯ নং ৱাৰ্ডত কংগ্ৰেছৰ প্ৰশান্ত শইকীয়া, বিজেপিৰ সীমান্ত বৰা আৰু আপৰ বিশ্বদীপ দাস, ১১ নং ৱাৰ্ডত কংগ্ৰেছৰ দুলাল চন্দ্ৰ বৰা আৰু বিজেপিৰ দুলুমনি বৰবৰা, ১২ নং ৱাৰ্ডত কংগ্ৰেছৰ ৰিতুমনি বৰা আৰু বিজেপিৰ অৰ্চনা বৰা শইকীয়া আৰু ১৩ নং ৱাৰ্ডত কংগ্ৰেছৰ ৰুমি দত্ত পাল আৰু বিজেপিৰ ৰশ্মি দাসৰ মনোনয়ন পত্ৰ বৈধ পোৱা গৈছে । 

ইফালে দেৰগাঁও পৌৰসভাৰ মনোনয়ন দাখিল কৰা মুঠ ২৯ গৰাকী প্ৰাৰ্থীৰ আটাইকেইগৰাকীৰে মনোনয়ন পত্ৰ বৈধ পোৱা গৈছে । সেই অনুসৰি ১ নং ৱাৰ্ডত কংগ্ৰেছৰ বিমল বৰবৰুৱা, বিজেপিৰ স্নেহলতা নাথ আৰু নিৰ্দলীয় সুৰুজ বৰঠাকুৰ, ২ নং ৱাৰ্ডত বিজেপিৰ উজ্জল কুমাৰ কাশ্যপ, কংগ্ৰেছৰ হুছেইন আলী আৰু নিৰ্দলীয় দিব্যজ্যোতি বৰা(বাবা) আৰু বীৰেন দাস, ৩ নং ৱাৰ্ডত বিজেপিৰ মিতালী ফুকন বৰুৱা, কংগ্ৰেছৰ লখিমী নেওগ আৰু নিৰ্দলীয় গায়ত্ৰী দত্ত বৰুৱা আৰু ভাৰতী বৰঠাকুৰ, ৪ নং ৱাৰ্ডত কংগ্ৰেছৰ জয়কৃষ্ণ বৰুৱা আৰু বিজেপিৰ শুভাঙ্কৰ ঘোষ, ৫ নং ৱাৰ্ডত বিজেপিৰ মধুমিতা বৰা আৰু কংগ্ৰেছৰ ৰিতামনি পাত্ৰৰ মনোনয়ন বৈধ পোৱা গৈছে । ৬ নং ৱাৰ্ডত বিজেপিৰ নিশা লিম্বু আৰু কংগ্ৰেছৰ বন্দনা চেতিয়া, ৭ নং ৱাৰ্ডত কংগ্ৰেছৰ প্ৰহেলিকা শৰ্মা, অগপৰ মনালিছা শৰ্মা আৰু নিৰ্দলীয় অপৰাজিতা দাস আৰু দীপা সোমানি, ৮ নং ৱাৰ্ডত কংগ্ৰেছৰ বিনোদ দাস, অগপৰ দীপাঞ্জন হাজৰিকা আৰু নিৰ্দলীয় অন্তৰা দাস (টুমনি), ৯ নং ৱাৰ্ডত কংগ্ৰেছৰ চামিম চুলতানা উল্লা, বিজেপিৰ ৰূপাঞ্জলী বৰা আৰু নিৰ্দলীয় অনিস্মীতা খাউণ্ড বৰুৱা, ১০ নং ৱাৰ্ডত কংগ্ৰেছৰ শীতল সোমানি আৰু অগপৰ বুবুল চন্দ্ৰ বৰাৰ মনোনয়ন বৈধ পোৱা গৈছে । 

মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন অহা ২০ ফেব্ৰুৱাৰী । ৬ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহন কৰা হ'ব আৰু ৯ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Wednesday, 16 February 2022

Assam COVID-19🦠😷 Details 16/02/2022.

Assam COVID-19🦠😷 Details
 16/02/2022.

*ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন নিগমৰ উদ্যোগত শিপিনীসকলৰ বাবে সজাগতা কাৰ্যসূচী সম্পন্ন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪৭

*ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন নিগমৰ উদ্যোগত শিপিনীসকলৰ বাবে সজাগতা কাৰ্যসূচী সম্পন্ন* 
গোলাঘাট, ১৬ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অন্তৰ্গত ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন নিগমৰ উদ্যোগত আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ হস্ততাঁত উন্নয়ন আয়ুক্তৰ সহযোগত গোলাঘাটৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন আলোচনাচক্ৰ অনুষ্ঠিত হয় । গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভালেসংখ্যক শিপিনীয়ে অংশগ্ৰহণ কৰা আলোচনাচক্ৰখনিত 
বস্ত্ৰ মন্ত্ৰালয়ে গ্ৰহণ কৰা কেঁচা সামগ্ৰী যোগান আঁচনিখনৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় । অনুষ্ঠানত অংশ লৈ জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন নিগমৰ দ্বাৰা আয়োজন কৰা এনে অনুষ্ঠানৰ শলাগ লয় আৰু শিপিনীসকলক ব্যৱসায় ভিত্তিত তথা প্ৰতিযোগিতাৰ মনোভাৱেৰে এই খণ্ডত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে অসমৰ শিপিনীৰ মাজত প্ৰতিভা আৰু সৃজনীশীলতাৰ অভাৱ নাই । কিন্তু বৰ্তমানৰ পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ সৈতে মিলাই এই খণ্ডটোত আগবাঢ়িবলৈ হ'লে বোৱা কাপোৰৰ মানৰ সৈতে কোনো ধৰণৰ আপোচ কৰিব নালাগিব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ শিপিনীসকলক হস্ততাঁত আৰু বস্ত্ৰ খণ্ডত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ সহায় ল'বলৈ আহ্বান জনায় । ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন নিগমৰ জ্যেষ্ঠ বিষয়া (বাণিজ্যিক) এম ইছলামে আদৰণি ভাষণ দিয়াৰ লগতে বস্ত্ৰ মন্ত্ৰালয়ে গ্ৰহণ কৰা কেঁচা সামগ্ৰী যোগান আঁচনিখনৰ দ্বাৰা শিপিনীসকল কেনেকৈ লাভান্বিত হ'ব পাৰিব এই বিষয়ে বিষদভাৱে ব্যাখ্যা আগবঢ়ায় । তেওঁ কয় যে এই আচঁনিখনৰ অধীনত ৰাজসাহায্যযুক্ত মূল্যত যোগ্য শিপিনীয়ে উন্নত মানৰ সূতা লাভ কৰিব পাৰিব । অনুষ্ঠানত হস্ততাঁত আৰু বস্ত্ৰ বিভাগ, গোলাঘাটৰ অধীক্ষক ফকৰুদ্দিন আহমেদে শিপিনীসকলৰ বাবে চৰকাৰে অনলাইন ব্যৱস্থাৰে সামগ্ৰী বিক্ৰী কৰিব পৰাকৈ গ্ৰহণ কৰা এখন নতুন আঁচনিৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰে । আজিৰ আলোচনাচক্ৰত এল ডি এম সজীৱ কুমাৰ বৰা, জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী, কেন্দ্ৰীয় চৰকাৰৰ শিপিনী সেৱা কেন্দ্ৰৰ কাৰিকৰী সঞ্চালক জয়ন্ত ঠাকুৰীয়া, গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, গোলাঘাটৰ সঞ্চালক চিন্ময় গোহাঁই আৰু ৰেচম বিভাগৰ সহকাৰী প্ৰৱন্ধক পুতুল শৰ্মায়ো ভাষণ দিয়ে । অনুষ্ঠানটোৰ আঁত ধৰে কিৰণ বৰুৱাই । অনুষ্ঠানৰ অংশৰূপে শিপিনীসকলৰ সৈতে এটা মত-বিনিময় কাৰ্যসূচীও গ্ৰহণ কৰা হয় । ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন নিগমৰ জ্যেষ্ঠ বিষয়া (বাণিজ্যিক) এম ইছলামে শিপিনীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Tuesday, 15 February 2022

Assam COVID-19🦠😷 Details 15/02/2022.

Assam COVID-19🦠😷 Details
 15/02/2022.

*গোলাঘাট মহকুমাৰ দুখন পৌৰসভাৰ অধীনৰ ২৩টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে ৬৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৪৬

*গোলাঘাট মহকুমাৰ দুখন পৌৰসভাৰ অধীনৰ ২৩টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে ৬৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল*

গোলাঘাট, ১৫ ফেব্ৰুৱাৰীঃ অহা ৬ মাৰ্চত হ'বলগীয়া গোলাঘাট মহকুমাৰ অন্তৰ্গত গোলাঘাট আৰু দেৰগাঁও পৌৰসভাৰ অধীনৰ ২৩টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনালৈকে ৬৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । গোলাঘাট পৌৰসভাত বিভিন্ন দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৩৬ খন আৰু দেৰগাঁও পৌৰসভাত ২৯ খন মনোনয়ন পত্ৰ দাখিল কৰে । গোলাঘাট পৌৰসভাৰ ১৩টা ৱাৰ্ডত মনোনয়ন পত্ৰ দাখিল কৰা ৩৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৭গৰাকী পুৰুষ আৰু ১৯ গৰাকী মহিলা । পৌৰসভাখনত অসম গণ পৰিষদ দলৰ ৩গৰাকী, ভাৰতীয় জনতা পাৰ্টীৰ ১০ গৰাকী, কংগ্ৰেছ দলৰ ১৩ গৰাকী, আম আদমী পাৰ্টীৰ ছগৰাকী, অসম জাতীয় পৰিষদৰ দুগৰাকী আৰু নিৰ্দলীয় দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । আনহাতে দেৰগাঁও পৌৰসভাৰ ১০টা ৱাৰ্ডৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা ২৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১২ গৰাকী পুৰুষ আৰু ১৭ গৰাকী মহিলা । পৌৰসভাখনত অসম গণ পৰিষদ দলৰ তিনিগৰাকী, ভাৰতীয় জনতা পাৰ্টীৰ ৭ গৰাকী, কংগ্ৰেছ দলৰ ১০ গৰাকী আৰু ৯ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । অহা ১৭ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন অহা ২০ ফেব্ৰুৱাৰী । ৬ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহন কৰা হ'ব আৰু ৯ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...