Tuesday, 4 January 2022

*নগৰ আন্তঃগাঁঠনি উন্নয়ন পুঁজিৰ অধীনত গোলাঘাট নগৰত ১০ খন আঁচনিৰ আধাৰশিলা স্থাপন বিত্তমন্ত্ৰীৰ**অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত গোলাঘাট নগৰৰ ৮৩২ গৰাকী ঋণগ্ৰস্ত মহিলাক চেক্ প্ৰদান*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৩২

*নগৰ আন্তঃগাঁঠনি উন্নয়ন পুঁজিৰ অধীনত গোলাঘাট নগৰত ১০ খন আঁচনিৰ আধাৰশিলা স্থাপন বিত্তমন্ত্ৰীৰ*

*অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত গোলাঘাট নগৰৰ ৮৩২ গৰাকী ঋণগ্ৰস্ত মহিলাক চেক্ প্ৰদান*

গোলাঘাট, ৪ জানুৱাৰী : অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট নগৰৰ সমন্বয় পথাৰ ( ৰাজহুৱা খেলপথাৰ ) ত আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয়ভাৱে নগৰ আন্তঃগাঁঠনি উন্নয়ন পুঁজি চমুকৈ চি আই ডি এফৰ অধীনত গোলাঘাট নগৰত ১০ খন আঁচনিৰ আধাৰশিলা স্থাপন কৰে । অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে চি আই ডি এফৰ অধীনত গোলাঘাট নগৰৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে ৭৭ কোটি টকা অনুমোদন দিয়া হৈছে । ইয়াৰে সৰ্বাধিক পুঁজি খোৱাপানী যোগান আঁচনিৰ বাবে ধার্য কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে যমুনাৰ পানী খোৱাৰ উপযোগী কৰি যোগান ধৰাৰ বাবে ১১ কোটি টকাৰ আঁচনিৰ পুঁজি মঞ্জুৰ হৈছে । আন এখন নগৰীয়া পানী যোগান আঁচনিৰ বাবে ৯ কোটি টকা অনুমোদন হৈছে । অৰ্থাৎ মুঠ ৩০ কোটি টকা কেৱল পানী যোগান আঁচনিৰ বাবে ধার্য কৰা হৈছে । ইয়াৰোপৰি গোলাঘাট নগৰৰ বাট-পথ আৰু নলা-নৰ্দমাসমূহ সঠিকভাৱে নিৰ্মান কৰি পানী ওলাই যাব পৰাকৈ উন্নীতকৰণৰ বাবে ২৩ কোটি টকা অনুমোদন দিয়া হৈছে । নগৰ এখনক এখন জিলাৰ দাপোন বুলি উল্লেখ কৰি তেওঁ কয় যে গোলাঘাট নগৰৰ পাৰ্কসমূহৰ সৌন্দৰ্যবৰ্ধন কৰা হ'ব । এই উদ্যানসমূহত গোলাঘাটৰ কলা-সংস্কৃতি প্ৰতিফলিত হ'ব । লগতে গোলাঘাটৰ কলা-সংস্কৃতি আৰু স্বকীয় দিশসমূহ সন্নিৱিষ্ট কৰি গোলাঘাট সমন্বয় পথাৰ (ৰাজহুৱা খেলপথাৰ )ত এখন তোৰণ নিৰ্মান কৰা হ'ব । ইয়াৰ উপৰি গোলাঘাট নগৰৰ মুক্তিধাম শ্মশানত মৃতদেহ সৎকাৰৰ বাবে ইলেক্ট্রিক ব্যৱস্থা কৰা হ'ব । আনহাতে প্ৰায় ২০০ কোটি টকা ব্যয়েৰে নিৰ্মান কৰিবলগীয়া দেৰগাঁৱৰ পৰা ৰঙাজানলৈ পথটো গোলাঘাটৰ জীৱনৰেখাসদৃশ হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে ইয়াৰে ৪ কিলোমিটাৰ গোলাঘাট নগৰত অন্তৰ্ভুক্ত হ'ব । সেই অনুসৰি গোলাঘাট নগৰৰ পথসমূহৰো উন্নতি সাধন কৰা হ'ব । তেওঁ কয় যে ষ্টেডিয়াম পথৰ এফালে প্ৰায় ১,৪০০ মিটাৰ চাইকেল চলোৱাৰ ব্যৱস্থা কৰা হ'ব । এৰেঙাপাৰা চাৰিআলিৰ পৰা ধনশিৰি দলঙলৈকে দুয়োফালে চাইকেল চলোৱাৰ ব্যৱস্থা হ'ব আৰু নদীৰ কাষেৰে প্ৰায় ৪০০ মিটাৰ খোজকাঢ়িব পৰাকৈ পদপথৰ ব্যৱস্থা হ'ব তথা দলঙৰো সৌন্দৰ্যবৰ্ধন কৰা হ'ব বুলি তেওঁ কয় ।

আজিৰ অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি (ক্ষীপ্ৰ আদায়কাৰী শিতান) ৰ অধীনত গোলাঘাট নগৰৰ ৮৩২ গৰাকী ঋণগ্ৰস্ত মহিলাক চেক্ প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । চেক্ লাভ কৰা মহিলাসকলৰ প্ৰায় ৬০০ গৰাকী হিতাধিকাৰীয়ে বন্ধন বেংকৰ পৰা ঋণ লৈছিল । তেওঁ ঋণ লোৱা মহিলাসকলক ভৱিষ্যৎ সময়ত ঋণ ল'লে সময়মতে ওভতাই দিবলৈ আহ্বান জনায় । লগতে যি কামৰ বাবে ঋণ লোৱা হয় সেই কামতে ঋণৰ ধন ব্যয় কৰিবলৈ মহিলাসকলৰ প্ৰতি তেওঁ আহ্বান জনায় । গোলাঘাটৰ লীড বেংকসমূহৰ সৈতে আলোচনা কৰি জিলা উপায়ুক্তক বিত্তীয় সাক্ষৰতা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈও তেওঁ পৰামৰ্শ আগবঢ়ায় । 

উল্লেখযোগ্য যে চি আই ডি এফৰ অধীনত গোলাঘাট নগৰত আজি আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহ হ'ল সমন্বয় পথাৰ ( ৰাজহুৱা খেলপথাৰ )ৰ পুনৰনিৰ্মাণ, ট্রেকাৰ আৰু ৪০৭ আস্থানৰ উন্নীতকৰণ, জ্যোতিৰ্ময়ী উদ্যান, শংকৰদেৱ উদ্যান আৰু প্ৰমোদাভিৰাম উদ্যানৰ সৌন্দৰ্যবৰ্ধন আৰু উন্নীতকৰণ, গোলাঘাট স্পৰ্টছ কম্প্লেক্সত দুমহলীয়া ইন্দোৰ ষ্টেডিয়াম নিৰ্মাণ আৰু জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ উন্নীতকৰণ, যমুনা খোৱাপানী যোগান পুখুৰীৰ পুনৰুজ্জীৱিতকৰণ, মুক্তিধাম শ্মশানৰ উন্নীতকৰণ, ২০২১-২২ বৰ্ষত চি আই ডি এফৰ অধীনত গোলাঘাটৰ কেইবাটাও ৱাৰ্ডৰ পথ আৰু নলা-নৰ্দমাৰ উন্নীতকৰণ আদি । 

আজিৰ অনুষ্ঠানত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, গোলাঘাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া মহকুমাধিপতি ডঃ সংগীতা বৰঠাকুৰ, চি আই ডি এফৰ মধ্য অসম সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ শৰ্মা, টাউন এণ্ড কাউন্ত্ৰী প্লেনিং, গোলাঘাটৰ উপ-সঞ্চালক বিপুল শইকীয়া, এল ডি এম সজীৱ কুমাৰ বৰা আৰু প্ৰশাসনৰ বিষয়া, বিভিন্ন বেংকৰ প্ৰতিনিধি, হিতাধিকাৰীসকল উপস্থিত আছিল ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*গোলাঘাট জিলাৰ শিক্ষানুষ্ঠান পৰিদৰ্শন কৰি প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু বিত্তমন্ত্ৰী অজন্তা নেওগে**ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৰাজ্যৰ ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলক দুপালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্দ্ধাৰণ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৩১

*গোলাঘাট জিলাৰ শিক্ষানুষ্ঠান পৰিদৰ্শন কৰি প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু বিত্তমন্ত্ৰী অজন্তা নেওগে*

*ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৰাজ্যৰ ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলক দুপালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্দ্ধাৰণ*

গোলাঘাট, ৪ জানুৱাৰী : স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাট জিলাৰ ৰঙাজান ডনবস্ক' হাইস্কুল আৰু গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ ক'ভিড প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ বুজ লয় । গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে বিত্তমন্ত্ৰী অজন্তা নেওগো উপস্থিত আছিল ।  স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিষেধক প্ৰদান কৰোঁতে ছাত্ৰ-ছাত্ৰীসকলৰ সবিশেষ সন্নিৱিষ্ট কৰি তালিকা যুগুত কৰিবলৈও স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে, যাতে যিকোনো পৰিস্থিতিত ছাত্ৰ অথবা অভিভাৱকৰ সৈতে যোগাযোগ কৰিব পৰা যায় । পাছত সাংবাদিকৰ আগত তেওঁ কয় যে অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলক দুপালি প্ৰতিষেধক দি সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে দুয়োপালি প্ৰতিষেধক লৈ মাৰ্চ মাহৰ পৰীক্ষাত বহিব পাৰে । আনহাতে অসমত এতিয়ালৈকে এজনো লোকৰ দেহত অমিক্ৰণৰ সংক্ৰমণ ধৰা পৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে বিদেশৰ পৰা অহা লোকসকল ক'ভিড নিগেটিভ হ'লেও তেওঁলোকক এসপ্তাহৰ বাবে কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰা হৈছে । সাত দিনত তেওঁলোকক দুবাৰ ক'ভিড পৰীক্ষা কৰা হয় বুলি তেওঁ উল্লেখ কৰে । এইবাৰ শংকিত হোৱাতকৈ অধিক সতৰ্ক হোৱাৰহে প্ৰয়োজন আছে বুলি মন্তব্য কৰি তেওঁ ক'ভিডৰ এই উৎপৰিৱৰ্তিত ৰূপ অমিক্ৰণৰ সংক্ৰমণ এবাৰ হ'লে ইয়াৰ প্ৰাদুৰ্ভাৱ পূৰ্বতকৈ তীব্ৰ গতিত হ'ব বুলি তেওঁ আশংকা প্ৰকাশ কৰে । অৱশ্যে তেওঁ অমিক্ৰনক লৈ সৃষ্টি হ'ব পৰা পৰিস্থিতিৰ জোৰা মৰাৰ বাবে স্বাস্থ্য বিভাগ সাজু আছে বুলিও মত প্ৰকাশ কৰে । তেওঁ কয় যে ৰাজ্যখনত এনে পৰিস্থিতিৰ জোৰা মৰাৰ বাবে ২,৬০০ খন অক্সিজেনৰ সুবিধা থকা বিচনা আৰু ১০০০ খন আই চি ইউ বিচনাকে ধৰি মুঠ ৯,০০০ খন বিচনা সাজু কৰি ৰখা হৈছে । ইয়াৰ উপৰি এসপ্তাহৰ ভিতৰত ২৫,০০০ বিচনা সাজু কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয় । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Monday, 3 January 2022

মা আৰু প্ৰকৃতি

মা আৰু প্ৰকৃতি

বিশ্ব বাসিলৈ আহ্বান। আহক আমি সকলো পাহৰি এক মানৱ জাতি হিচাপে সমাজ পাতি বাস কৰো। মা আৰু প্ৰকৃতি ৰ কোনো ধৰ্ম আৰু জাতি নাই। মা আৰু প্ৰকৃতি য়ে আমাক সকলোকে সমান চকুৰে চাই। আমাক সমানে সকলো প্ৰদান কৰিছে, জীয়াই থকাৰ সকলো সম্বল মা আৰু প্ৰকৃতি পৰা আমি লাভ কৰিছো। অথচ আমি লুভ মোহ কাম ক্ৰোধত বন্দী হৈ মা আৰু প্ৰকৃতি ক ধংস কৰিছো। আমি ধৰ্ম,ভাষা,জাত, পাতৰ নামত ভাগ ভাগ হৈছো। অথছ আমি সকলো মানুহ। আমি সকলো মানৱ জাতি একটিত হৈ মা আৰু প্ৰকৃতি ৰ কথা নাভাবো , মা আৰু প্ৰকৃতি ক ৰক্ষা নকৰো। তেন্তে এই পৃথিবীত এদিন মানৱ জাতিৰ লগতে সকলো জীৱ কোল চিৰদিনৰ বাবে লুপ্ত হৱ।

আহক আমি সকলো মানৱ জাতি সময় থাকোতেই মা আৰু প্ৰকৃতি চৰনত সেৱা লওঁ। আমি সকলো বিশ্বত এক মানৱ জাতি হিচাপে চিনাকি দিওঁ।। 

আহঁক আমি সকলো ইজনে সিজনৰ হাতে হাত ধৰি এখন সুন্দৰ সব্বাঙ্গীন সমাজ গঠন কৰো। 

সেৱাৰে।। 

*মাধৱ গগৈ*
*মা আৰু প্ৰকৃতি*
*প্ৰতিষ্ঠাপক*
Email- mother.and.nature2021@gmail.com -  
*WhatsApp - 9859593814*

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 04/01/2022

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 04/01/2022

*ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে গোলাঘাট জিলাৰ ৫টা সমষ্টিত চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ, ১৩ গৰাকী প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দিতা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২৩০

*ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে গোলাঘাট জিলাৰ ৫টা সমষ্টিত চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ, ১৩ গৰাকী প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দিতা*

গোলাঘাট, ৩ জানুৱাৰী : অহা ২০ জানুৱাৰীত হ'বলগীয়া ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে পৰিষদৰ অধীনৰ গোলাঘাট জিলাৰ গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টি আৰু ধনশিৰি মহকুমাৰ এটা সমষ্টিৰ বাবে আজি প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছে । আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনালৈকে এজনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নকৰাত মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত হয় । ইয়াৰে গোলাঘাট মহকুমাৰ ১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী হৰপ্ৰভা ঠেঙাল আৰু কংগ্ৰেছৰ বিপিন বৰা, মহিলাৰ বাবে সংৰক্ষিত ১৩ নং কাছমাৰী সমষ্টিত কংগ্ৰেছৰ জাহ্নৱী শইকীয়া, অসম গণ পৰিষদৰ শিখামনি ঠেঙাল বৰুৱা আৰু নিৰ্দলীয় প্ৰাৰ্থী পৰীস্মিতা ঠেঙালে প্ৰতিদ্বন্দিতা আগবঢ়াব ।    আনহাতে ১৪ নং চাউদাং পথাৰ সমষ্টিত বিজেপিৰ স্মৃতিৰেখা ঠেঙাল, কংগ্ৰেছ দলৰ ছায়া ঠেঙাল আৰু চি পি আইৰ ভাস্কৰ ঠেঙাল আৰু ১৫ নং চাউদাং পথাৰ দৈয়াং সমষ্টিত বিজেপি প্ৰাৰ্থী পদ্মেশ্বৰ শইকীয়া আৰু কংগ্ৰেছ প্ৰাৰ্থী উৎপল ঠেঙালৰ নাম চূড়ান্ত হয় । 

আনহাতে ধনশিৰি মহকুমাৰ অধীনৰ ১২ নং গেলাবিল সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিৰণ্য বৰা, বিজেপিৰ মিনালী হাজৰিকা শইকীয়া আৰু আম আদমী পাৰ্টিৰ প্ৰাৰ্থী নাৰায়ণ বৰাই প্ৰতিদ্বন্দিতা কৰিব ।

২০ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ জিলাখনৰ পাঁচোটা সমষ্টিৰ বাবে ভোটগ্ৰহন কৰা হ'ব । কোনো কেন্দ্ৰত প্ৰয়োজন হ'লে ২২ জানুৱাৰীত পুনৰ ভোটগ্ৰহন কৰা হ'ব । ২৪ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ'ব । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

*গোলাঘাটত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে**গোলাঘাট জিলাৰ প্ৰায় ৭০ হাজাৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক দিয়া হ'ব প্ৰতিষেধক*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ২২৯

*গোলাঘাটত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান অভিযানৰ শুভাৰম্ভ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে*

*গোলাঘাট জিলাৰ প্ৰায় ৭০ হাজাৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক দিয়া হ'ব প্ৰতিষেধক*

গোলাঘাট, ৩ জানুৱাৰীঃ গোলাঘাট জিলাতো আজিৰে পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীসকলক ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হৈছে । বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট নগৰৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত এই অভিযানৰ শুভাৰম্ভ কৰে । অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰে পৰা ৯ জানুৱাৰীলৈ জিলাখনৰ মুঠ ৪০ হাজাৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে । পৰৱৰ্তী সময়ত ব্যক্তিগত শিক্ষানুষ্ঠানকে ধৰি জিলাখনৰ প্ৰায় ৭০ হাজাৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব । তেওঁ কয় যে প্ৰতিটো শিক্ষানুষ্ঠানত একোটা কোঠা প্ৰতিষেধক প্ৰদানৰ বাবে সুকীয়াকৈ ৰখা হ'ব । তেওঁ সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰি সকলোকে বিনা দ্বিধাই প্ৰতিষেধক ল'বলৈ আহ্বান জনাই কয় যে যিকোনো সময়তে ক'ভিডৰ উৎপৰিৱৰ্তিত ৰূপৰ প্ৰাদুৰ্ভাৱ ঘটিব পাৰে । সেয়ে সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক ব্যৱধানৰ নীতি-নিৰ্দেশনাসমূহ মানি চলা দৰকাৰ । 

অনুষ্ঠানত অংশ লৈ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কয় যে জিলাখনত এতিয়ালৈকে ১০২ শতাংশ লোকে ক'ভিডৰ প্ৰথম পালি আৰু ৭৩ শতাংশ লোকে দ্বিতীয় পালি গ্ৰহণ কৰিছে । তেওঁ প্ৰতিষেধক গ্ৰহণৰ বাহিৰে গত্যন্তৰ নাই বুলি উল্লেখ কৰি এই অভিযান সফল কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনক সহযোগ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় । 

উল্লেখযোগ্য যে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগ আৰু মাধ্যমিক শিক্ষা বিভাগৰ নিৰ্দেশক্ৰমে গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ সহযোগত জিলাখনৰ ২৭টা শিক্ষানুষ্ঠান আৰু শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ লগতে গোলাঘাট নগৰৰ বিভিন্ন শিক্ষানুষ্ঠানত এটা ভ্ৰাম্যমান দলে আজিৰে পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীক ক'ভাক্সিন প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰিছে । ২০০৭ চনৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে জন্মলাভ কৰা সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুষ্ঠানৰ বাহিৰৰ কিশোৰ-কিশোৰীয়েও এই প্ৰতিষেধক ল'ব পাৰিব । 

আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ পুতুল চন্দ্ৰ শইকীয়া, কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক, স্বাস্থ্য বিভাগ তথা শিক্ষা বিভাগৰ বিষয়া-কৰ্মী আৰু ছাত্ৰ-ছাত্রীসকল উপস্থিত আছিল । 

আজিৰ অনুষ্ঠানতে ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত গোলাঘাট জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা দেৱৰাজ ৰয় মহাবিদ্যালয়ক ধপাতমুক্ত মহাবিদ্যালয়ৰ প্ৰমানপত্ৰ প্ৰদান কৰা হয় । উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা আৰু ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ কাৰ্যসূচী, গোলাঘাটৰ নডেল বিষয়া ডাঃ সুনীতা এক্কাই মহাবিদ্যালয়খনৰ অধ্যক্ষৰ হাতত এই প্ৰমানপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে । 
 
 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...