Friday, 12 November 2021
গোলাঘাট পৌৰ সভালৈ স্বচ্ছ সৰ্বেক্ষণ -২০২১ বঁটা**
Thursday, 11 November 2021
*গোলাঘাটত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ অংশৰূপে ১৩ আৰু ১৪ নৱেম্বৰত বিশেষ অভিযান, কুইজ প্ৰতিযোগিতা*
Wednesday, 10 November 2021
Tuesday, 9 November 2021
অবৈধ চুলাইমদৰ ফেক্টৰী হিচাপে চিহ্নিত হৈছিল এখন গাওঁ ৷ এতিয়া গাওখনত বিৰাজ কৰিছে অন্য এক পৰিবেশ ৷
অবৈধ চুলাইমদৰ ফেক্টৰী হিচাপে চিহ্নিত হৈছিল এখন গাওঁ ৷ এতিয়া গাওখনত বিৰাজ কৰিছে অন্য এক পৰিবেশ ৷
গোলাঘাটৰ চেলেঙী গাৱঁত এসময়ত প্ৰায়বোৰ লোকৰ ঘৰত গঢ়ি উঠিছিল অবৈধ চুলাই মদৰ ফেক্টৰী ৷ এই চুলাইৰ বাবেই বহুতৰ পৰিয়াল ধৱংস হোৱাৰ সামান্তৰালভাবে নৱপ্ৰজন্মৰ মাজতো চুলাই সেৱন কৰা অভ্যাস গঢ়ি উঠিছিল ৷২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত শালমৰাত বিষাক্ত চুলাই সেৱন কৰি বহু পুৰুষ মহিলাৰ অকাল মৃত্যু হৈছিল ৷ বহুকেইটা শিশু অনাথ হোৱাৰ লগতে বহু মহিলাই বিধবা সাজ পিন্ধিছিল ৷ সেই সময়ত শিৰোনামা দখল কৰিছিল চেলেঙী গাওখনে ৷ গাওখনক জনচক্ষুৰ সন্মুখত নতুনকৈ প্ৰতিষ্ঠা কৰাৰ চিন্তা চৰ্চাৰে আগবাঢ়ি আহিল এজন যুৱক বিজিত ফুকন ৷ তেওঁ ১৩ বছৰ ধৰি নগালেণ্ডত শিক্ষকতা কৰি থকা সময়ত নগালোকৰ সাংস্কৃতিক - সামাজিক পৰিবেশ দেখি অভিভূত হৈছিল আৰু চুলায়ে ধৱংসকৰা নিজ আপোন গাওঁত এনে পৰিবেশ ৰচনাৰ বাবে গাঁৱলৈ আহি সমাজকৰ্মী উমাকান্ত গগৈৰ সৈতে আলোচনা কৰিলে ৷ তেও আৰু কেইজনমান সমাজকৰ্মীৰ সহযোগত গাঁৱৰ ৰাইজক একগোট কৰি চেলেঙী নামঘৰৰ গইনালৈ সিদ্ধান্ত ললে যে চেলেঙী গাঁবত কোনোৱে চুলাই তৈয়াৰ কৰিব নোৱাৰিব ৷ বৰং নৱপ্ৰজন্মক নিতীশিক্ষা ;ধৰ্মজ্ঞান ; আৰু সাংস্কৃতিক শিক্ষাৰে শিক্ষিত কৰাৰ প্ৰচেষ্টা আৰম্ভ হ’ল ৷ প্ৰতিদিনে চেলেঙী নামঘৰত আৰম্ভ কৰিলে শংকৰী কলাকৃষ্টী নৃত্যগীতৰ অনুশীলন ৷ ৮নৱেম্বৰ বুধবাৰৰ দিনটোত উমাকান্ত গগৈৰ এই প্ৰচেষ্টাৰ এবছৰ হ’ল সেয়েহে চেলেঙী গাৱঁৰ নামঘৰত বিয়লিৰ পৰা অনুষ্ঠিত হ’ল শঙ্কৰী কলাকৃষ্টীৰ প্ৰদৰ্শনৰ লগতে গীত -নৃত্য ; নাটক আদিৰ অনুষঠান ৷ গাওখনৰ ৰাইজৰ লগতে কণ কণ শিশু সকলে সলাই পেলালে এসময়ৰ চুলাই গাওবুলি ৰাইজে ইতিকিং কৰা গাওখনৰ পৰিবেশ ৷ এতিয়া গাওখনৰ এঘৰতোনাই চুলাইৰ ফেক্টৰী ; বাটে ঘাটেও দেখাপোৱা নেযায় ধলং পলংকৈ খোজকাঢ়িঅহা মদাহী ৷ সন্ধিয়া হলে নামঘৰৰ পৰা বহু দূৰলৈ শুনাযায় ডবা
মৃদং খোল তাল ;শংখ ; বাহীঁৰ সুৰ ৷ এক সাংস্কৃতিক পৰিবেশেৰে নৱৰূপ পাইছে গাওখনে ৷ ::
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে।
লোভ, হিংসা আৰু স্বাৰ্থে মানুহক ক্ষতি কৰে। মৃত্যু মৃত্যু জীৱনৰ এটা অবিচ্ছেদ্য সত্য। পৃথিৱী...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...