Friday, 5 November 2021

হে মানৱ জাতি, আহক সময় থাকোতে আমি নিজক সুপথে পৰিচালনা কৰো।

হে মানৱ জাতি, আহক সময় থাকোতে আমি নিজক সুপথে পৰিচালনা কৰো। আমি নিজকে কিয় অংহকাৰ কৰিছো। আমাৰ নিজৰ বুলি একো নাই। আমাৰ মৃত্যু হলে লগত একো নিব নোৱাৰো। আমাৰ নিজৰ শৰীৰ টোও লগত নিব নোৱাৰো। আমি মিচাতে লুভ, মোহ, কাম, ক্ৰধ, অংহকাৰ, কৰিছো। নিজৰ দেহাটোয়ে লগত নিদিয়ে মৃত্যু সময়ত, তেন্তে বাকী ধন টকা পইচা  মাটি সম্পতি বিল্ডিং অট্টালিকা কি কাম আছে। আনক ঠগি লুন্ঠন কৰি। আহক সময় থাকোতে আমি সকলো সকলো লুভ মোহ কাম ক্ৰধ অংহকাৰ ত্যাগ কৰি মা আৰু প্ৰকৃতি ৰ সন্তান হিচাপে সুদ্ধ মনৰ সু মানৱ জাতি হিচাপে নিজক সুপথে পৰিচালনা কৰো।। 

ধন্যবাদেৰে আপোনালোকৰ সকলোৰে সুচিন্তক
মাধৱ গগৈ।।

Thursday, 4 November 2021

হে মানৱ জাতি আহক আমি সকলো পাহৰি এক মানৱ জাতি হিচাপে

হে মানৱ জাতি আহক আমি সকলো পাহৰি এক মানৱ জাতি হিচাপে এই পৃথিবীত প্ৰতিষ্ঠা হওঁ আৰু নিজকে মা আৰু প্ৰকৃতি ৰ সন্তান বুলি আমি নিজকে চিনাকি দিওঁ। মা আৰু প্ৰকৃতি য়ে যেনকৈ আমাক সকলো দিছে, থিক তেনেকৈ আমি মা আৰু প্ৰকৃতিৰ কথা চিন্তা কৰো। সকলো লুভ মোহ কাম ক্ৰধ অংহকাৰ ত্যাগ দি জীয়াই থকা দিন বোৰত এককবদ্ধ ভাবে ভাল কৰ্মৰ যোগেদি আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰো। সকলো জাতি ধৰ্ম  ভাষা ভাষি নধৰি এক মানৱ জাতি হৈ পৃথিবীত বাস কৰো আহঁক।। 

ধন্যবাদেৰে আপোনালোকৰ সকলোৰে সুচিন্তক।। 
মাধৱ গগৈ।।

Wednesday, 3 November 2021

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

Notice

*দীপাৱলীত ফটকা আৰু আটচবাজীৰ বিক্ৰী সন্দৰ্ভত গোলাঘাট জিলা প্ৰশাসনৰ নিৰ্দেশনা জাৰি*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ১৯৩

*দীপাৱলীত ফটকা আৰু আটচবাজীৰ বিক্ৰী সন্দৰ্ভত গোলাঘাট জিলা প্ৰশাসনৰ নিৰ্দেশনা জাৰি*

গোলাঘাট, ৩ নৱেম্বৰঃ দীপাৱলী উপলক্ষে আজিৰে পৰা ৫ নৱেম্বৰলৈ গোলাঘাট আৰু দেৰগাঁও পৌৰ সভা এলেকাত ফটকা আৰু আটচবাজীৰ বিক্ৰীৰ ক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি ফটকা আৰু আটচবাজী বিক্ৰীৰ অনুজ্ঞা লাভ কৰা বিক্রেতাই ইয়াৰ সৈতে জড়িত সুৰক্ষাৰ দিশসমূহ সুনিশ্চিত কৰিব লাগিব । লগতে শ্বৰ্ট-চাৰ্কিটৰ দৰে সম্ভাব্য বৈদ্যুতিক বিজুতিৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । জিলা প্ৰশাসন আৰু আৰক্ষীক ফটকা আৰু আটচবাজীৰ পৰিবহন আৰু মজুতকৰণ সন্দৰ্ভত বিক্রেতাই অৱগত কৰিব লাগিব । পদপথ, পেট্ৰল পাম্প, ৰন্ধন গেছৰ ছিলিণ্ডাৰ মজুত ৰখা ষ্ট'ৰ বা স্থানৰ সমীপৰ জনসমাগম হোৱা ঠাই আদিত ফটকা আৰু আটচবাজী(উচ্চ প্রাৱল্যৰ বোমা, ৰকেট আদি) মজুতকৰণ আৰু বিক্ৰী কৰিব নোৱাৰিব । অনুজ্ঞাপ্ৰাপকসকলক সৰু ফটকা আৰু আটচবাজীহে বিক্ৰীৰ অনুমতি দিয়া হৈছে । দণ্ডাধীশ আৰু আৰক্ষীৰ লোকে ফটকা আৰু আটচবাজীৰ বিক্ৰী কেন্দ্ৰ আৰু মজুতকৰণৰ স্থান যিকোনো সময়তে প্ৰয়োজন অনুসৰি পৰিদৰ্শন কৰিব পাৰিব । অনুজ্ঞা লাভ কৰা ব্যৱসায়ীয়ে গোলাঘাটৰ পৌৰ বজাৰ কম্প্লেক্স নং-০১, গোলাঘাট নগৰৰ মেইন ৰোড (ধোদৰ আলী) আৰু দেৰগাঁও পৌৰ এলেকাতহে ফটকা আৰু আটচবাজী বিক্ৰী কৰিব পাৰিব । জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ জাৰি কৰা হৈছে ।

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Order

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...