Tuesday, 2 November 2021

*ক'ভিড প্ৰট'কল মানি দীপাৱলী উদযাপন কৰাৰ আহ্বান গোলাঘাট জিলাৰ উপায়ুক্তৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ১৯২

*ক'ভিড প্ৰট'কল মানি দীপাৱলী উদযাপন কৰাৰ আহ্বান গোলাঘাট জিলাৰ উপায়ুক্তৰ*

গোলাঘাট, ২ নৱেম্বৰঃ গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা উপলক্ষে জিলাবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে । এটা বাৰ্তাত উপায়ুক্তগৰাকীয়ে এইবাৰ দীপাৱলী ক'ভিড প্ৰট'কল মানি পালন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । তেওঁ উৎসৱৰ বতৰত পৰিৱেশ নিকা আৰু স্বচ্ছ কৰাৰ সংকল্প ল'বলৈ আহ্বান জনাই কয় যে তেতিয়াহে আমি আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰদূষণমুক্ত এটা পৰিষ্কাৰ পৰিৱেশ গঢ়ি দিয়াটো সুনিশ্চিত কৰিব পাৰিম । তেওঁ কয় যে ক'ভিড-19ৰ ভয়াৱহতা এতিয়াও মাৰ যোৱা নাই । জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে গোলাঘাট জিলাখনক ক'ভিডমুক্ত কৰাৰ বাবে এতিয়াও প্ৰয়াস অব্যাহত ৰাখিছে । তেওঁ কয় যে ক'ভিডৰ বিৰুদ্ধে আমাৰ প্ৰধান অস্ত্ৰ প্ৰতিষেধক গ্ৰহণ, মাস্ক পৰিধান আৰু ভিৰ পৰিহাৰ কৰা । প্ৰতিষেধক গ্ৰহণ কৰিলেও এজন লোক নিজৰ অজ্ঞাতে এই ৰোগৰ বাহক হ'ব পাৰে বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে নিজৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত আৰু আপোনজনৰ স্বাৰ্থত নাক আৰু মুখ ভালদৰে ঢাকি সঠিকভাৱে মাস্ক পৰিধান কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে পোহৰৰ উৎসৱ দীপাৱলী ৰোগৰ প্ৰাদুৰ্ভাৱ বঢ়োৱাৰ পৰিৱৰ্তে ৰোগৰ বীজাণু বিনাশৰ মাধ্যম হওক । তেওঁ কয় যে দীপাৱলীত উচ্চ প্ৰাৱল্যৰ ফটকা বা আটচবাজি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক । ক'ভিডৰ নীতি-নিৰ্দেশনা মানি অভিভাৱকসকলক তেওঁলোকৰ সন্তান বা আপোনজনৰ হাতত ফটকাৰ পৰিৱৰ্তে মাস্ক তুলি দিবলৈও তেওঁ আহ্বান জনায় ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Monday, 1 November 2021

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

কালী পূজা আৰু দিপাৱলী উপলক্ষে অহা ৫ নৱেম্বৰত গোলাঘাট জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে । সেইদিনা ৰাজ্য চৰকাৰৰ অধীনৰ জিলাখনৰ সকলো কাৰ্যালয়, শিক্ষানুষ্ঠান আদিৰ লগতে ৰাজহ আৰু দণ্ডাধীশ (কাৰ্যবাহী) কাৰ্যালয়ো বন্ধ থাকিব ।NORTHEAST NEWS INDIA

কালী পূজা আৰু দিপাৱলী উপলক্ষে অহা ৫ নৱেম্বৰত গোলাঘাট জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে । সেইদিনা ৰাজ্য চৰকাৰৰ অধীনৰ জিলাখনৰ সকলো কাৰ্যালয়, শিক্ষানুষ্ঠান আদিৰ লগতে ৰাজহ আৰু দণ্ডাধীশ (কাৰ্যবাহী) কাৰ্যালয়ো বন্ধ থাকিব ।
NORTHEAST NEWS INDIA

*গোলাঘাট নিৰ্বাচন জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ**৩০ নৱেম্বৰৰ ভিতৰত শুধৰণি, নাম অন্তৰ্ভূক্তি, নাম কৰ্তন আদিৰ বাবে দাখিল কৰিব পাৰিব দাবী আৰু ওজৰ-আপত্তি*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ১৯১

*গোলাঘাট নিৰ্বাচন জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ*

*৩০ নৱেম্বৰৰ ভিতৰত শুধৰণি, নাম অন্তৰ্ভূক্তি, নাম কৰ্তন আদিৰ বাবে দাখিল কৰিব পাৰিব দাবী আৰু ওজৰ-আপত্তি*

গোলাঘাট, ১ নৱেম্বৰঃ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি আৰু ০১-০১-২০২২ ক ভিত্তি তাৰিখ হিচাপে লৈ গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত দুয়োটা সমষ্টি ৯৫ নং গোলাঘাট আৰু ৯৬ নং খুমটাই বিধানসভা সমষ্টিৰ ২০২২ বৰ্ষৰ খচৰা ভোটাৰ তালিকাখন আজি প্ৰকাশ কৰা হয় । নিৰ্বাচন বিষয়াৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি নতুন খচৰা ভোটাৰ তালিকা মতে গোলাঘাট নিৰ্বাচন জিলাত মুঠ ভোটদাতাৰ সংখ্যা ৩,৪৬,৩৫০ জন । ইয়াৰে ১,৭২,৯০৩ জন পুৰুষ আৰু ১,৭৩,৪৪৭ গৰাকী মহিলা ভোটদাতা । নতুন ভোটাৰ তালিকা অনুসৰি ৯৫ নং গোলাঘাট সমষ্টিত  মুঠ ভোটাৰৰ সংখ্যা ২,০৫,৩৫৮ জন । ইয়াৰে ১,০২,৫৫১জন পুৰুষ আৰু ১,০২,৮০৭গৰাকী মহিলা ভোটদাতা । একেদৰে ৯৬নং খুমটাই সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৪০,৯৯২জন । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৭০,৩৫২জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৭০,৬৪০গৰাকী । এই খচৰা ভোটাৰ তালিকাত নতুন ভোটদাতাৰ সংখ্যা ১,৪০৫ জন বৃদ্ধি পাইছে ।

আজি প্ৰকাশিত খচৰা ভোটাৰ তালিকাত যদি কোনো যোগ্য ব্যক্তিৰ নাম অন্তৰ্ভূক্ত হোৱা নাই আৰু অন্তৰ্ভুক্ত কৰিব বিচাৰে, অন্তৰ্ভুক্ত হোৱা নাম কৰ্তন, শুধৰণি আদি সন্দৰ্ভত দাবী আৰু আপত্তি আদি অহা ৩০ নৱেম্বৰলৈকে দাখিল কৰিব পাৰিব । আবেদনকাৰীসকলে www.nvsp.in অথবা ভোটাৰ হেল্পলাইন এপৰ জৰিয়তেও আবেদন কৰিব পাৰিব । এনে আবেদন সংশ্লিষ্ট সমষ্টিৰ নিৰ্বাচন পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় বা কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব । ৩০ নৱেম্বৰৰ ভিতৰত পোৱাকৈ ডাকযোগও আৱেদন দাখিল কৰিব পাৰিব । ২০ ডিচেম্বৰৰ ভিতৰত সকলোধৰণৰ ওজৰ-আপত্তি নিষ্পত্তি কৰি অহা বছৰৰ ৫ জানুৱাৰীত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব । 

উল্লেখযোগ্য যে আজি প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা উপায়ুক্তৰ কাৰ্যালয়, দুয়োটা সমষ্টিৰ নিৰ্বাচন পঞ্জীয়ন বিষয়া আৰু সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় আৰু প্ৰতিটো ভোটগ্ৰহন কেন্দ্ৰতে প্ৰকাশ কৰা হয় । গোলাঘাট সমষ্টিৰ বাবে গোলাঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, পদুমনি আৰু গমাৰিগুৰি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো ৰখা হয় । একেদৰে খুমটাই সমষ্টিৰ বাবে খুমটাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, কঠালগুৰি আৰু দেৰগাঁও খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয় । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...