Thursday, 28 October 2021

*চৰকাৰী চাউল যোগানত অনিয়ম : সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে গোচৰ ৰুজু*

জনসংযোগ গোলাঘাট  প্ৰেছ বিজ্ঞপ্তি নং : ১৮৮

*চৰকাৰী চাউল যোগানত অনিয়ম : সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে গোচৰ ৰুজু* 
গোলাঘাট, ২৮ অক্টোবৰ : গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটা অভিযানকাৰী দলে আজি ৰাজহুৱা অভিযোগৰ ভিত্তিত  জিলাখনৰ নলাপাৰৰ আলমীত থকা মেচাৰ্ছ উত্তৰ মৰঙি জি পি এছ এছৰ সুলভ মূল্যৰ ব্যৱসায়ী জানমনি হাজৰিকাৰ দোকানত চলোৱা অভিযানত ভালেমান অনিয়ম পোহৰলৈ আহে । সেই অনুসৰি ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে হিতাধিকাৰীৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত পাবলগীয়া চাউলৰ আঢ়ৈ কিলোগ্ৰামকৈ কৰ্তন কৰি ৰখা, খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যান অন্ন যোজনাৰ চাউল আৰু কেৰাচিন তেল মজুতকৰণৰ পঞ্জীয়ন বহী নৰখা, জিলা উপায়ুক্তৰ নিৰ্দেশ উলংঘা কৰি মূল্য আৰু মজুত সামগ্ৰীৰ তথ্যসম্বলিত ব'ৰ্ড ৰাজহুৱাকৈ আঁৰি নোথোৱা আৰু প্ৰশাসনে দোকান খোলা ৰাখিবলৈ নিৰ্ধাৰণ কৰি দিয়া সময়ত দোকান বন্ধ ৰখা আদি বিভিন্ন অভিযোগ সত্য হিচাপে প্ৰমাণিত হয় । ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে নতুনকৈ ছপা হোৱা ৰেচন কাৰ্ডসমূহ ৰাখি থোৱা আৰু এইসমূহ দিয়াৰ বাবদ গ্ৰাহকৰ পৰা ৫০ টকাকৈ ধন দাবী কৰাৰো অভিযোগ উঠিছে । অভিযানকালত দলটোৱে গ্ৰাহকৰ পৰা কৰ্তন কৰি ৰখা চাউল অন্য ঠাইলৈ প্ৰেৰণ কৰাৰ তথ্য লাভ কৰে । ইতিমধ্যে ঘটনা সংক্ৰান্তত গোচৰ ৰুজু কৰা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

Wednesday, 27 October 2021

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

*সুলভ মূল্যৰ দোকানীয়ে ৰাজহুৱাকৈ ব'ৰ্ডত আঁৰি থ'ব লাগিব মূল্য আৰু মজুতকৰণ সম্পৰ্কীয় তথ্য*

জনসংযোগ, গোলাঘাট   প্ৰেছ বিজ্ঞপ্তি নং : ১৮৬

*সুলভ মূল্যৰ দোকানীয়ে ৰাজহুৱাকৈ ব'ৰ্ডত আঁৰি থ'ব লাগিব মূল্য আৰু মজুতকৰণ সম্পৰ্কীয় তথ্য*

গোলাঘাট, ২৭ অক্টোবৰঃ গোলাঘাট জিলাৰ সুলভ মূল্যৰ একাংশ দোকানীয়ে মূল্য আৰু মজুতকৰণ সম্পৰ্কীয় তথ্য গ্ৰাহকে দেখাকৈ ৰাজহুৱাকৈ ব'ৰ্ডত আঁৰি নোথোৱা বুলি লাভ কৰা কেতবোৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এটা নিৰ্দেশনা জাৰি কৰিছে । জিলা উপায়ুক্তৰ স্বাক্ষৰসম্বলিত নিৰ্দেশনাটোত *লক্ষ্যনিৰ্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থা নিয়ন্ত্ৰণ নিৰ্দেশ, ২০১৫* (TPDS Control Order, 2015) ৰ ১০(৪)(ii) নং দফা অনুসৰি সামগ্ৰী যোগানৰ পৰিমাণ, সুলভ মূল্যৰ দোকান খোলা আৰু বন্ধ কৰাৰ সময়, মাহটোৰ বাবে লাভ কৰা মুঠ সামগ্ৰীৰ পৰিমাণ আৰু টোল ফ্ৰি হেল্পলাইন নম্বৰ উল্লেখ কৰা ব'ৰ্ড আঁৰি থ'বলৈ নিৰ্দেশ দিয়া হৈছে । এই নিৰ্দেশ উলংঘা কৰিলে অসম সামগ্ৰী ৰাজহুৱা বিতৰণ নিৰ্দেশ, ১৯৮২ (APDA Order,1982) আৰু লক্ষ্যনিৰ্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থা নিয়ন্ত্ৰণ নিৰ্দেশ, ২০১৫ (TPDS Control Order, 2015) ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । সুলভ মূল্যৰ দোকানসমূহ খোলাৰ সময় গ্ৰীষ্মকালৰ বাবে পুৱা চাৰে ৭ বজাৰ পৰা দিনৰ চাৰে ১১ বজালৈ আৰু বিয়লি আঢ়ৈ বজাৰ পৰা সন্ধিয়া চাৰে ছয় বজালৈ নিৰ্ধাৰণ কৰা হৈছে । আনহাতে শীতকালত পুৱা চাৰে ৮ বজাৰ পৰা দিনৰ চাৰে ১২ বজালৈ আৰু বিয়লি ডেৰ বজাৰ পৰা সন্ধিয়া চাৰে ৫ বজালৈ দোকান খোলা ৰাখিব লাগিব । অৱশ্যে দোকান খোলাৰ সময়ৰ কিছু সালসলনি কৰিব বিচাৰিলে অনুজ্ঞাপত্ৰ প্ৰদান কৰা কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাব পাৰিব । এই নিৰ্দেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...