Monday, 13 September 2021

*বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয় আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ে* যুতীয়াভাবে এটি *প্ৰশিক্ষনৰ* ব্যবস্হা কৰা হৈছে ।

*বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয় আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ে* যুতীয়াভাবে এটি *প্ৰশিক্ষনৰ* ব্যবস্হা কৰা হৈছে ।
১) এই যুতীয়াভাবে কৰা প্ৰশিক্ষনৰ দ্বাৰা বিভিন্ন অঞ্চলৰ নিবনুৱা যুবক-যুবতীসকলক *শাৰীৰিক প্ৰশিক্ষকৰ (Physical Instructor) দ্বাৰা বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষন দিয়া হব,* আগন্তুক দিনত আহিবলগীয়া *প্ৰতিযোগিতামূলক (Competitive Examination) পৰীক্ষাসমূহৰ*(অসম আৰক্ষী,অগ্নিনিৰ্বাপন সেৱা, সেনা বাহিনী আদি) বাবে *শাৰীৰিকভাবে প্ৰস্তুত* কৰোৱা হব কিয়নো এই পৰীক্ষাসমূহত যিহেতু *শাৰীৰিক পৰীক্ষা বাধ্যতামূলক হয় ।*
২) গোলাঘাট জিলাৰ *27 খন বিদ্যালয়ত* শাৰীৰিক প্ৰশিক্ষন দিয়া হব ।
৩) শাৰীৰিক প্ৰশিক্ষন সমাপ্ত হোৱাৰ পিছত ভিডিও যোগে *সাধাৰন জ্ঞান(General Knowledge) আৰু বৰ্তমানৰ ঘটনা বা তথ্য(Current Affairs)* সম্পৰ্কেও জ্ঞান দিয়া হব ।
৪) একে সময়তে *অভিজ্ঞ শিক্ষকৰদ্বাৰা(Expert Teachers)* বিভিন্ন বিষয়ত *জিলাভিত্তিক লাইভ ক্লাছ(District Live Class)* কৰা হব,  যত যোগদানকাৰী সকলৰ *লিখিত অংশৰ(Theory Part)* বাবে সুবিধা হব, *(যিহেতু চৰকাৰৰ তৰফৰ পৰা এক লাখ নিবনুৱাক সংস্হাপন দিয়াৰ পদক্ষেপ লৈছে)*  লাইভ ক্লাছৰ বাবে যোগদানৰ *কোনো সীমিত সংখ্যা নাই ।*
৫) *শাৰীৰিক প্ৰশিক্ষন অহা ১৪ ছেপ্তেম্বৰ,২০২১* তাৰিখপৰা আৰু *অনলাইন লাইভ ক্লাছসমূহ অহা ১৬ ছেপ্তম্বেৰ,২০২১* তাৰিখৰ পৰা আৰম্ভ কৰা হব ।

*গোলাঘাট জিলাত মাত্ৰু বন্দনা সপ্তাহৰ সামৰণি অনুষ্ঠান সম্পন্ন**উৎকৃষ্ট প্ৰদৰ্শন কৰা দুই আই চি ডি এছ প্ৰকল্পক সম্বৰ্ধনা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৫৮

*গোলাঘাট জিলাত মাত্ৰু বন্দনা সপ্তাহৰ সামৰণি অনুষ্ঠান সম্পন্ন*

*উৎকৃষ্ট প্ৰদৰ্শন কৰা দুই আই চি ডি এছ প্ৰকল্পক সম্বৰ্ধনা*
গোলাঘাট, ১৩ ছেপ্টেম্বৰ : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো যোৱা ১ ছেপ্টেম্বৰৰ পৰা গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ মাজত পৰিপুষ্টি তথা প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা আঁচনি সম্পৰ্কে তৃণমূল পৰ্যায়তে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰম্ভ হোৱা মাত্ৰু বন্দনা সপ্তাহৰ যোৱা ৭ ছেপ্টেম্বৰত সামৰণি পৰে । এই উপলক্ষে আজি গোলাঘাট নগৰত থকা জিলা পৰিষদৰ কাৰ্য্যালয়ৰ সভাকক্ষত সামৰণি অনুষ্ঠান আৰু মাত্ৰু বন্দনা সপ্তাহত উৎকৃষ্ট প্ৰদৰ্শন কৰা সংহত শিশু উন্নয়ন প্ৰকল্পক সম্বৰ্ধনা জনোৱা হয় । জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত শিশু উন্নয়ন প্ৰকল্প বিষয়া, খণ্ড উন্নয়ন বিষয়াসকল, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া, আই চি ডি এছৰ ছুপাৰভাইজৰ আৰু বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে । সপ্তাহযোৰা কাৰ্যসূচীৰ অংশৰূপে জিলাখনৰ সংহত শিশু উন্নয়ন প্ৰকল্পসমূহৰ অধীনৰ প্ৰতিটো অংগনবাড়ী কেন্দ্ৰত চেলফি কৰ্ণাৰ স্থাপন, গাঁও পৰ্যায় আৰু প্ৰকল্প পৰ্যায়ত গাঁও সভা, সজাগতা সভা আদি অনুষ্ঠিত কৰা হয় । আনহাতে ঘৰে ঘৰে গৈ ৰাইজক সজাগ কৰাৰ প্ৰয়াস চলোৱাৰ লগতে পত্ৰিকা বিতৰণ, অস্থায়ী তথ্য কেন্দ্ৰ স্থাপন, জিলা পৰ্যায়ত স্বাস্থ্য আৰু অনাময় সন্দৰ্ভত আলোচনাচক্ৰ আদি অনুষ্ঠিত হয় । ইফালে আজিৰ অনুষ্ঠানতে এইবাৰ মাত্ৰু বন্দনা সপ্তাহত উৎকৃষ্ট প্ৰদৰ্শন কৰা কাকডোঙা আৰু গোলাঘাট (উত্তৰ) সংহত শিশু উন্নয়ন প্ৰকল্পক সম্বৰ্ধনা জনোৱা হয় ।উল্লেখযোগ্য যে এইবাৰ  'সুৰক্ষিত জননী, বিকশিত ধৰণী'ক বিষয়বস্তু হিচাপে লৈ প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত প্ৰথমবাৰলৈ গৰ্ভৱতী হোৱা মাতৃসকলক পঞ্জীয়নৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে মাত্ৰু বন্দনা সপ্তাহ উদযাপন কৰা হৈছে । এই সপ্তাহৰ উদ্দেশ্য হৈছে আচঁনিখনৰ বিষয়ে জনসজাগতা সৃষ্টি কৰা । এই আঁচনিৰ অধীনত প্ৰথমবাৰলৈ গৰ্ভৱতী হোৱা মাতৃসকলক পঞ্জীয়ন কৰি তিনিটা কিস্তিত ৫০০০টকা প্ৰদান কৰা হয় । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

Sunday, 12 September 2021

অসম চৰকাৰৰ দৰিদ্ৰ লোকৰ বাবে ঘোষণা কৰা বিভিন্ন কল্যাণকামী আঁচনি আছে যদিও গোলাঘাটৰ এটা পৰিয়াল আজিও বঞ্চিত

 অসম চৰকাৰৰ দৰিদ্ৰ লোকৰ বাবে ঘোষণা কৰা বিভিন্ন কল্যাণকামী আঁচনি আছে যদিও গোলাঘাটৰ এটা পৰিয়াল আজিও বঞ্চিত



চাওক আমাৰ এই প্ৰতিবেদন

 চৰকাৰে ৰাজ্যৰ দৰিদ্ৰ জনতাত কল্যাণৰ বাবে আচঁনিৰ ঢ়ল বোৱাই দিয়াৰ সময়তে উন্মোচিত হৈছে আঁচনি ৰূপায়ণৰ ফুপোলা স্বৰূপ ৷ ইয়াৰ এক স্পষ্ট উদাহৰণ দুলাল বৰা নামৰ লোকজনৰ গড়াল সদৃশ বাসভৱনটো ৷ পদুমনী উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰফুকনখাটৰ দুলাল বৰা নামৰ লোকজনে দিনহাজিৰা কৰি পত্নী ববিতা দাস আৰু জিয়াৰী হেমাবৰাৰ সৈতে এই ঘৰটোতেই বাস কৰি আহিছে ৷হাউলিবধৰা

 দুটা কোঠালীৰ   ঘৰটো নপৰাকৈ ৰাখিবলৈ ঢ়োকা দিবলগা হৈছে ৷ টেলৰ টিং কাতি সজা দোৱাৰত মামৰ ধৰিছে ঘৰটোৰ ভিতৰত ৰচিটানি লোবা আলনাত কাপোৰ থয় আছবাব বুলিবলৈ আছে মাত্ৰ কেইটামান বাচন বৰ্তন ; এখন চকী আৰু এখন বিছনা ৷ চৰকাৰি লেট্ৰিন এটা পালে যদিও পিছফালে বাহঁগছৰ তলত থকা  পলিথিনেৰে

 সাজিলোৱা গাধোৱা ঘৰটোত  পানীহোৱাত দুচপৰা ইটা দি লবলগা হৈছে ৷ এনে এটা কদয্যময় পৰিবেশ আৰু বিপদজনকভাবে বসবাস কৰা পৰিয়ালটোক সহায় কৰাৰৰ বাবে আগবাঢ়ি অহানাই জনপ্ৰতিনিধি ৷


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

*গোলাঘাটত ১১৯৭ টা গড়ৰ খড়্গৰ পুনৰীক্ষণ সম্পন্ন*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং - ১৫৭

 *গোলাঘাটত ১১৯৭ টা গড়ৰ খড়্গৰ পুনৰীক্ষণ সম্পন্ন* 

গোলাঘাট, ১২ ছেপ্টেম্বৰ : গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে যোৱা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা গঁড়ৰ খড়্গৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ আজি সামৰণি পৰে । ১৯ জনীয়া এখন কাৰিকৰী সমিতিয়ে খড়্গসমূহৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অংশ লয় । এই প্ৰক্ৰিয়াত মুঠ ১,১৯৭ টা খড়্গ পৰীক্ষা কৰা হয় ।  বন সংৰক্ষক তথা ভাৰতীয় বন সেৱা বিষয়া এম হুছেইনৰ অধ্যক্ষতাত আৰু উপ বন সংৰক্ষক খনিন্দ্ৰ দাস সদস্য সচিব হিচাপে থকা সমিতিখনত শীৰ্ষ বন বিষয়া, প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰতিনিধি, পৰিৱেশবিদ, সাংবাদিক আৰু কেইবাগৰাকীও বিশেষজ্ঞ আছে । কাৰিকৰী সমিতিৰ উপৰি কেন্দ্ৰীয় সমিতি আৰু স্থানীয় পৰ্যায়ত মাণ্ডলিক সমিতিও আছে । এই প্ৰক্ৰিয়াত গঁড়ৰ খড়্গসমূহ পৰীক্ষা কৰাৰ লগতে ডি এন এ নমুনা সংগ্ৰহ কৰা হয় । উল্লেখ্য যে সমগ্ৰ ৰাজ্যতে জমা কৰি ৰখা গঁড়ৰ খড়্গসমূহৰ পুনৰীক্ষণৰ বাবে ৭টা জ'নত ভাগ কৰি দিয়া হৈছিল । ইতিমধ্যে আটাইবোৰ জ'নৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ সামৰণি পৰিছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 03/09/2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 03/09/2021

*গোলাঘাট মহকুমাৰ চাহ বাগিচাৰ লাইন চকীদাৰসকলক চাইকেল বিতৰণ*

 *গোলাঘাট মহকুমাৰ চাহ বাগিচাৰ লাইন চকীদাৰসকলক চাইকেল বিতৰণ*



গোলাঘাট, ১১ ছেপ্টেম্বৰ : গোলাঘাট মহকুমা কল্যান বিভাগৰ উদ্যোগত আজি গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত গোলাঘাট, দেৰগাঁও, খুমটাই আৰু সৰুপথাৰ সমষ্টিৰ চাহ বাগিচাৰ লাইন চকীদাৰসকলক চাইকেল বিতৰণৰ এটা কাৰ্যসূচী গ্ৰহণ কৰা হয় । অনুষ্ঠানত অংশ লৈ জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীয়ে কয় যে লাইন চকীদাৰসকলে নিজৰ কৰ্তব্যৰ বাবে বহুঠাইলৈ যাব লগীয়া হয় যদিও নিজা বাহন নথকা সকলে সদায় সমস্যাৰ সন্মূখীন হয় । চাইকেলসমূহ লাভ কৰিলে তেওঁলোকৰ যাতায়াতৰ সমস্যা ভালেখিনি লাঘৱ হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ কয় যে চৰকাৰে ৰাজ্যৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ কল্যানৰ বাবে ভালেমান আঁচনি গ্ৰহণ কৰিছে । প্ৰকৃত হিতাধিকাৰীসকলে যাতে এই আঁচনিসমূহৰ সুবিধা লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানত অসম চাহ মজদূৰ সংঘৰ সম্পাদক ঘনশ্যাম বাঢ়ৈ, চাহ জনগোষ্ঠী হিতাধিকাৰী বাচনি সমিতিৰ অধ্যক্ষ শ্ৰী নাৰায়ণ মাহাৰ, খুমটাই সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি হৰিপ্ৰসাদ দত্ত আৰু সৰুপথাৰ সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি সীমান্ত বৰাৰ লগতে চাৰিওটা সমষ্টিৰ হিতাধিকাৰীসকল উপস্থিত আছিল । পলাশ লয়িঙে আঁত ধৰা অনুষ্ঠানটোত মহকুমা কল্যান বিষয়া ময়ূৰাক্ষী দত্তই উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় । উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত গোলাঘাট, দেৰগাঁও, খুমটাই আৰু সৰুপথাৰ সমষ্টিৰ ১৭৮ জন হিতাধিকাৰীক চাইকেল বিতৰণ কৰা হয় ।


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।