Sunday, 12 September 2021

গোলাঘাটৰ মাজমজিয়াৰ চাউলবজাৰত শনিবাৰে নিশা প্ৰায় ৮-৩০ বজাত এক বিধৱংসী অগ্নিকাণ্ড সংঘটিত হয় ৷

 গোলাঘাটৰ মাজমজিয়াৰ চাউলবজাৰত শনিবাৰে নিশা প্ৰায় ৮-৩০  বজাত এক বিধৱংসী অগ্নিকাণ্ড সংঘটিত হয় ৷


অগ্নিৰ লেলিহান শিখাই মূহূৰ্ততে ৬ খনকৈ দোকান আৰু কেইবাটাও গুডাম ভস্মীভূত হয় ৷ অগ্নিকাণ্ডৰ খবৰ পাই লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহিল যদিও জুইৰ প্ৰকোপ বৃদ্ধিৰ বাবে জুই নুমুৱাবলৈ বহু সময়ৰ আবশ্যক হয় ৷ বৈদ্যুতিক শ্বৰ্ট স্বাৰ্কৃতৰ ফলত দুৰ্ঘটনাটো সংঘটিত হলবুলি

 ৰাইজে সন্দেহ কৰিছে ৷ এই অগ্নিকাণ্ডত কেইবাকোটি টকাৰ সামগ্ৰী জাহ যায় ৷ ::: 


 গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা NORTHEAST NEWS INDIA

*গোলাঘাট মহকুমাৰ চাহ বাগিচাৰ লাইন চকীদাৰসকলক চাইকেল বিতৰণ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৫৬

*গোলাঘাট মহকুমাৰ চাহ বাগিচাৰ লাইন চকীদাৰসকলক চাইকেল বিতৰণ*
গোলাঘাট, ১১ ছেপ্টেম্বৰ : গোলাঘাট মহকুমা কল্যান বিভাগৰ উদ্যোগত আজি গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত গোলাঘাট, দেৰগাঁও, খুমটাই আৰু সৰুপথাৰ সমষ্টিৰ চাহ বাগিচাৰ লাইন চকীদাৰসকলক চাইকেল বিতৰণৰ এটা কাৰ্যসূচী গ্ৰহণ কৰা হয় । অনুষ্ঠানত অংশ লৈ জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীয়ে কয় যে লাইন চকীদাৰসকলে নিজৰ কৰ্তব্যৰ বাবে বহুঠাইলৈ যাব লগীয়া হয় যদিও নিজা বাহন নথকা সকলে সদায় সমস্যাৰ সন্মূখীন হয় । চাইকেলসমূহ লাভ কৰিলে তেওঁলোকৰ যাতায়াতৰ সমস্যা ভালেখিনি লাঘৱ হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ কয় যে চৰকাৰে ৰাজ্যৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ কল্যানৰ বাবে ভালেমান আঁচনি গ্ৰহণ কৰিছে । প্ৰকৃত হিতাধিকাৰীসকলে যাতে এই আঁচনিসমূহৰ সুবিধা লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানত অসম চাহ মজদূৰ সংঘৰ সম্পাদক ঘনশ্যাম বাঢ়ৈ, চাহ জনগোষ্ঠী হিতাধিকাৰী বাচনি সমিতিৰ অধ্যক্ষ শ্ৰী নাৰায়ণ মাহাৰ, খুমটাই সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি হৰিপ্ৰসাদ দত্ত আৰু সৰুপথাৰ সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি সীমান্ত বৰাৰ লগতে চাৰিওটা সমষ্টিৰ হিতাধিকাৰীসকল উপস্থিত আছিল । পলাশ লয়িঙে আঁত ধৰা অনুষ্ঠানটোত মহকুমা কল্যান বিষয়া ময়ূৰাক্ষী দত্তই উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় । উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত গোলাঘাট, দেৰগাঁও, খুমটাই আৰু সৰুপথাৰ সমষ্টিৰ ১৭৮ জন হিতাধিকাৰীক চাইকেল বিতৰণ কৰা হয় ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*

Saturday, 11 September 2021

Azadi ka Amrit Mahotsav:

 Azadi ka Amrit Mahotsav: 


Freedom Run Organised in by Nehru Yuva Kendra, Golaghat incollaberation with HARDS (NGO) 

Golaghat, 11th September:-: As part of the celebrations by the Ministry of Youth Affiars and Youth, Government of India, the Azadi Ka Amrit Mahotsav- 75 years of the country’s Independence, Nehru Yuva Kendra, Golaghat incollaberation with HARDS (NGO) organized a Freedom Walk in Satisadhani Kala Khetra, Golaghat  today. Volunteers of the Nehru Yuva Kendra and NSS Units ,college students,Youth leaders, joined in enthusiastically in the walk along Satisadhani Kala Khetra, Jugibari , Golaghat. Chief Guest ,Sri Amlan Phukan, Asst.Commissioner ,

Golaghat &  Sri Bijoy Panday ,Chief Guest flagged off the walk in the presence of NSS, College students, Youth leaders, Member of  Golaghat United Cycle Club ,members of Golaghat Boxing AcademyNYK Coordinators from Golaghat district. Speaking on the occasion,   Shri Prasanta Bhuyan , Lecture of Golaghat Law College and President of HARDS (NGO)  ,Sri Bijoy Panday (Prabhari) Golaghat Nagar  BJP, Sri Arun Chakraborty ,APA,NYK ,

Golaghat  said that the objective of the freedom Run is to make aware of the citizens the importance of ‘Azadi Ka Amrit Mahotsav’being celebrated across the nation on the occasion of 75 years of India’s Independence. The ‘Iconic Week’ involves activities of to highlight the contributions of the regional freedom fighters in the freedom movement of the nation, said Shri Sunil Regon (Secretary) HARDS NGO  & Sri Suvansu Bora , Organizing Secretary,HARDS (NGO) said that the activities are aimed at instilling a sense of pride in our youth about our country and re-dedicate ourselves to the service of the nation. The Volunteers from NYK and NSS , Invited Guests,Youth leaders,  Members of  Golaghat United Cycle Club, members of  Golaghat Boxing Academy & a large numbers along with citizens participated in the walk with tricolour with the quotes of the prominent freedom fighters.


Sanjib Kumar Prajapati Report NORTHEAST NEWS INDIA Golaghat

Golaghat COVID-19🦠😷 Details

Golaghat COVID-19🦠😷 Details

ৰাষ্ট্ৰীয় পৰ্যায়ত কিক বক্সিঙত অসমৰ হৈ প্ৰতিনিধিত কৰি গোলাঘাট জিলাৰ আঠগৰাকী খেলুৱৈৰ সোনৰ পদক লাভ

 ৰাষ্ট্ৰীয় পৰ্যায়ত কিক বক্সিঙত   অসমৰ হৈ প্ৰতিনিধিত কৰি গোলাঘাট জিলাৰ আঠগৰাকী খেলুৱৈৰ সোনৰ পদক লাভ



গোৱাৰ মাপছাৰ পেড'ম ষ্টেডিয়ামত যোৱা ৪,৫ আৰু ৬ ছেপ্টেম্বৰত অনুষ্ঠিত কিক বক্সিং খেলত অসমৰ হৈ গোলাঘাট জিলাৰ এটি দলে আঠটাকৈ সোনৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা দলটো আজি পুৱতি নিশা ফৰকাটিং জংচনত ৰে'ল উপস্থিত হোৱাৰ লগে লগে খেলুৱৈ দলটোক স্থানীয় লোক সকলে  শনিবাৰে  আদৰণি  জনায়।সেই অনুসৰি      ৪১ বছৰ অনুৰ্ধ্বৰ পৰুষৰ শাখাত গোলাঘাট লক্ষীবাৰীৰ  উত্তম বল্লভ গোস্বামী,২৫ বছৰ অনুৰ্ধ্বৰ গোলাঘাটৰ মিলন বৰতামুলী,২৪ বছৰৰ অনুৰ্ধ্বৰ গোলাঘাট কাছৰীহাটৰ দেৱাংগ পল্লৱ শইকীয়া,১৬ বছৰ অনুৰ্ধ্বৰ বিশাল গুপ্তা,১৫ বছৰ অনুৰ্ধ্বৰ ফৰকাটিঙৰ ৰঞ্জন নাথে সোনৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে মহিলা শাখাত ১৯ বছৰ অনুৰ্ধ্বৰ গোলাঘাট মানচী পাল ,একে শাখাত ওজন ভিত্তিত ফৰকাটিঙৰ ৰিতুমনি নাথ আৰু লক্ষীবাৰী বৰজানৰ চয়নিকা দত্তই ১৮ বছৰ অনুৰ্ধ্বৰ সোনৰ পদক লাভ কৰিবলৈ সক্ষম হয়।ইফালে সোনৰ পদক লাভ কৰা প্ৰতিজন খেলুৱৈ লৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্ন দল ,সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে।আনহাতে কিক বক্সিঙৰ দলটোৰ নেতৃত্ব দিছিল ৰাজেশ গুপ্তাই । 


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা ।

 গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা ।


 ১১ চেপ্তেম্বৰ

 ৰাজ্য খনৰ বিভিন্ন স্থানত বেংক  প্ৰৱঞ্চনা চলাই বিভিন্ন জনৰ বেংক একাউণ্টৰ ধন হৰলুকি কৰা‌  তিনিটা দুধৰ্ষ  প্ৰৱঞ্চকক শনিবাৰে  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হল  গোলাঘাট আৰক্ষীয়ে  । ধৃত প্ৰৱঞ্চক তিনিটা  হ'ল  চায়িদ আহমেদ লস্কৰ ,নুৰ আহমেদ বৰভূঞা আৰু মতিবুৰ ৰহমান চৌধুৰী । ইয়াৰে দুটাক গুৱাহাটী আৰু এটাক হোজাই পৰা গ্ৰেপ্তাৰ কৰে  । উল্লেখযোগ্য যে 

গোলাঘাটৰ এখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বেংক একাউণ্টৰ  পৰা ১৩ লাখ টকা  হেক  কৰিছিল  এই তিনি অপৰাধীয়ে । এ.টি. এমত ধন উলিওৱাৰ সময়ত কৌশলেৰে এ.টি.এম কাৰ্ডৰ জৰিয়তে প্ৰৱঞ্চনা আৰম্ভ কৰিছিল  প্ৰৱঞ্চকৰ দলটোৱে । অধ্যক্ষ জনৰ একাউন্ট পৰা অনলাইন যোগে বেংকৰ পৰা ১৩ লাখ টকা হৰলুকী কৰি বিভিন্ন অনলাইন চাইটত অনলাইন শ্বপিং কৰিছিল প্ৰৱঞ্চক কেইটাই । অধ্যক্ষ গৰাকীৰ ধন হৰলুকী হোৱাৰ  গোচৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে তদন্ত চলাই এই দুধৰ্ষ প্ৰৱঞ্চক কেইটাক গ্ৰেপ্তাৰ কৰিব সক্ষম হয় । প্ৰৱঞ্চক কেইটা ঘৰ হোজাই জিলাত বুলি আৰক্ষীয়ে নিশ্চিত কৰে । এই প্ৰৱঞ্চক কেইটাৰ লগত বহিৰাজ্যৰ প্ৰৱঞ্চকৰ যোগসূত্ৰ থকা বুলি জানিব দিছে  আৰক্ষীয়ে । প্ৰৱঞ্চক কেইটাৰ  পৰা এখন FORD কোম্পানীৰ বিলাসী গাড়ী , বহুতো মোবাইন ফোন, বেংক পাছবুক ,লেপটপ, ৫৯ খন ডেবিট কাৰ্ড, ছিমকাৰ্ডৰ লগতে বহুতো আপত্তিজনক নথি পত্ৰ জব্দ কৰে আৰক্ষীয়ে । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ  বাবে সোধ -পোচ কৰিছে প্ৰৱঞ্চক কেইটাক । 

প্ৰৱঞ্চক কেইটাৰ পৰা আৰক্ষীয়ে বৰ্ত্তমান পৰ্যন্ত ৩ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । 


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।