গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা ।
১১ চেপ্তেম্বৰ
ৰাজ্য খনৰ বিভিন্ন স্থানত বেংক প্ৰৱঞ্চনা চলাই বিভিন্ন জনৰ বেংক একাউণ্টৰ ধন হৰলুকি কৰা তিনিটা দুধৰ্ষ প্ৰৱঞ্চকক শনিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হল গোলাঘাট আৰক্ষীয়ে । ধৃত প্ৰৱঞ্চক তিনিটা হ'ল চায়িদ আহমেদ লস্কৰ ,নুৰ আহমেদ বৰভূঞা আৰু মতিবুৰ ৰহমান চৌধুৰী । ইয়াৰে দুটাক গুৱাহাটী আৰু এটাক হোজাই পৰা গ্ৰেপ্তাৰ কৰে । উল্লেখযোগ্য যে
গোলাঘাটৰ এখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বেংক একাউণ্টৰ পৰা ১৩ লাখ টকা হেক কৰিছিল এই তিনি অপৰাধীয়ে । এ.টি. এমত ধন উলিওৱাৰ সময়ত কৌশলেৰে এ.টি.এম কাৰ্ডৰ জৰিয়তে প্ৰৱঞ্চনা আৰম্ভ কৰিছিল প্ৰৱঞ্চকৰ দলটোৱে । অধ্যক্ষ জনৰ একাউন্ট পৰা অনলাইন যোগে বেংকৰ পৰা ১৩ লাখ টকা হৰলুকী কৰি বিভিন্ন অনলাইন চাইটত অনলাইন শ্বপিং কৰিছিল প্ৰৱঞ্চক কেইটাই । অধ্যক্ষ গৰাকীৰ ধন হৰলুকী হোৱাৰ গোচৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে তদন্ত চলাই এই দুধৰ্ষ প্ৰৱঞ্চক কেইটাক গ্ৰেপ্তাৰ কৰিব সক্ষম হয় । প্ৰৱঞ্চক কেইটা ঘৰ হোজাই জিলাত বুলি আৰক্ষীয়ে নিশ্চিত কৰে । এই প্ৰৱঞ্চক কেইটাৰ লগত বহিৰাজ্যৰ প্ৰৱঞ্চকৰ যোগসূত্ৰ থকা বুলি জানিব দিছে আৰক্ষীয়ে । প্ৰৱঞ্চক কেইটাৰ পৰা এখন FORD কোম্পানীৰ বিলাসী গাড়ী , বহুতো মোবাইন ফোন, বেংক পাছবুক ,লেপটপ, ৫৯ খন ডেবিট কাৰ্ড, ছিমকাৰ্ডৰ লগতে বহুতো আপত্তিজনক নথি পত্ৰ জব্দ কৰে আৰক্ষীয়ে । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ -পোচ কৰিছে প্ৰৱঞ্চক কেইটাক ।
প্ৰৱঞ্চক কেইটাৰ পৰা আৰক্ষীয়ে বৰ্ত্তমান পৰ্যন্ত ৩ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
No comments:
Post a Comment
Welcome Northeast News India