Sunday, 8 August 2021

গোলাঘাটত সপ্তম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ১৪১

 *গোলাঘাটত সপ্তম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন*

গোলাঘাট, ৮ আগষ্ট : গোলাঘাট জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত কালি সপ্তম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয় । এই উপলক্ষে জিলা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অধীক্ষক ম: ফকৰুদ্দিন  আহমেদৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় । সভাত গোলাঘাট (সদৰ)ৰ মহকুমাধিপতি শ্ৰীযুতা সংগীতা বৰঠাকুৰ আৰু জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহাপ্ৰৱন্ধক শ্ৰী উমেশ কুমাৰ উপস্থিত আছিল । নিজৰ ভাষণত মহকুমাধিপতি গৰাকীয়ে ভাৰতত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ ইতিহাস, প্ৰসাৰ আৰু সাম্প্ৰতিক সময়ত ইয়াৰ বিকাশৰ বিভিন্ন দিশ সন্দৰ্ভত বক্তব্য আগবঢ়ায় । সভাত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহাপ্ৰৱন্ধকগৰাকীয়ে বিভাগৰ তৰফৰ পৰা শিপিনীসকললৈ আগবঢ়োৱা বিভিন্ন আঁচনিৰ বিষয়ে আলোকপাত কৰে । উপ হস্ততাঁত বিষয়া শ্ৰী কিৰণ বৰুৱাই আঁত ধৰা সভাত সভাপতিগৰাকীয়ে শিপিনীসকলক আগবঢ়াই লৈ যোৱাৰ বাবে  হস্ততাঁত বিভাগে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে বিতংভাৱে ব্যাখ্যা আগবঢ়ায় । অনুষ্ঠানত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা আত্মসহায়ক গোট, সমন্বিত হস্ততাঁত প্ৰকল্প আৰু ব্যক্তিগত শিপিনীসকলে অংশগ্ৰহণ কৰে ।  

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Covid Update Assam Covid19 Assam and actions taken as on 07/08/2021.

Covid Update Assam  

Covid19 Assam and actions taken as on 07/08/2021.

Saturday, 7 August 2021

Daily COVID-19🦠😷 bulletin Majuli

Daily COVID-19🦠😷 bulletin Majuli

অহা ইংৰাজী ০৮/০৮/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ক'মৰ্বিদিতি ৰোগীসকলৰ বাবে টীকাকৰণ কেন্দ্ৰসমূহত সীমিত সংখ্যক ক'ভিড ১৯ ৰ টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব ।

অহা ইংৰাজী ০৮/০৮/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত , জিলাখনৰ ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ক'মৰ্বিদিতি ৰোগীসকলৰ বাবে টীকাকৰণ কেন্দ্ৰসমূহত সীমিত সংখ্যক ক'ভিড ১৯ ৰ  টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । থলীতে পঞ্জীয়ন পক্ৰিয়াৰ দ্বাৰাও এই সুবিধা গ্ৰহণ কৰিব পাৰিব । এইক্ষেত্ৰত জিলা প্ৰশাসনে  ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ০৮/০৮/২০২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । প্ৰথম পালি টীকা গ্ৰহণ কৰা ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ'ব ।

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ০৮/০৮/২০২১ তাৰিখে  উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  দ্বিতীয় পালি টীকা(Covaxin) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । প্ৰথম পালি টীকা গ্ৰহণ কৰা ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ'ব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 08/08/2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 08/08/2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ০৮/০৮/২০২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । থলীতে পঞ্জীয়ন কৰি প্ৰথম পালি টীকা গ্ৰহণ কৰিব পাৰিব।

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অহা ইংৰাজী ০৮/০৮/২০২১ তাৰিখে উল্লেখিত স্থান/কেন্দ্ৰত ১৮ বছৰ বয়সৰ  উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ  প্ৰথম পালি টীকা(covishield) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । থলীতে পঞ্জীয়ন কৰি প্ৰথম পালি টীকা গ্ৰহণ কৰিব পাৰিব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।