Tuesday, 3 August 2021
অহা ইংৰাজী ০৪/০৮/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ব্যাপক ভাবে ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচী
অহা ইংৰাজী ০৪/০৮/২০২১ তাৰিখে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ব্যাপক ভাবে ক'ভিড ১৯ ৰ টীকাকৰণৰ কাৰ্য্যসূচীৰ অন্তৰ্গত উল্লেখ কৰা কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সীমিত সংখ্যক ক'ভিড ১৯ ৰ কেৱল দ্বিতীয় পালি টীকা(Covishield) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে, এই টীকা প্ৰদানৰ ক্ষেত্ৰত উক্ত কেন্দ্ৰসমূহত প্ৰথম পালি টীকা গ্ৰহণ কৰাৰ ৮৪ দিন অতিক্ৰম কৰা ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব আৰু ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।
জিলা উপায়ুক্তই অহা ৪ আগষ্টৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰিছে নতুন নিৰ্দেশনা৷
জিলা উপায়ুক্তই অহা ৪ আগষ্টৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰিছে নতুন নিৰ্দেশনা৷
*গোলাঘাটৰ সুলভ মূল্যৰ দোকানীৰ অনুজ্ঞাপত্ৰ নিলম্বন*
জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ১৩৭
*গোলাঘাটৰ সুলভ মূল্যৰ দোকানীৰ অনুজ্ঞাপত্ৰ নিলম্বন*
*হিতাধিকাৰীৰ নামত অহা সামগ্ৰী হৰলুকী কৰি ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ*
গোলাঘাট, ৩ আগষ্ট : গোলাঘাটৰ চন্দন নগৰৰ ১১ নং ৱাৰ্ডৰ সুলভ মূল্যৰ দোকানী মিমণি গোস্বামীৰ খুচুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰ নিলম্বন (Suspended) কৰা হৈছে । তেওঁৰ বিৰুদ্ধে উত্থাপিত কেইবাটাও অভিযোগৰ ভিত্তিত জিলা উপায়ুক্তই এই সিদ্ধান্ত গ্ৰহণ কৰে । ক'ভিডকালীন পৰিস্থিতিত যাতে ৰাইজ কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে দোকানখনৰ গ্ৰাহকসকলক ১০ নং ৱাৰ্ডৰ দুলাল শৰ্মাৰ সুলভ মূল্যৰ দোকানৰ সৈতে সংলগ্ন কৰা হৈছে । ৰেচন কাৰ্ড থকা কেইবাজনো লোকৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে চলোৱা এটা অভিযানত ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে কেইবাটাও অনিয়ম পোহৰলৈ আহে । ব্যৱসায়ীগৰাকীয়ে এজন গ্ৰাহকৰ বিপৰীতে লাভ কৰিবলগীয়া সামগ্ৰীৰ পৰিমানকে ধৰি মূল্য সূচী আৰু মজুতকৰণৰ পৰিমাণ আদি গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ নকৰাকৈয়ে ব্যৱসায় চলাই আছিল । লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰিব কল্যান অন্ন যোজনাৰ চাউল মজুতকৰণৰ কোনো পঞ্জীয়ন বহীও তেওঁ অভিযানকাৰী দলটোক দেখুৱাব পৰা নাছিল । তদুপৰি কেৰাচিন তেলৰ যোগানৰ কোনো নথিও তেওঁ ৰখা নাছিল । ব্যৱসায়ীগৰাকীয়ে অন্তোদ্যয়া অন্ন যোজনাৰ অধীনত গ্ৰাহকে পাবলগীয়া ৩৫ কিলোগ্ৰাম চাউলৰ বিপৰীতে ৩২ কিলোগ্ৰামহে প্ৰদান কৰিছিল । অন্য শিতানত তেওঁ গ্ৰাহকে পাবলগীয়া চাউলৰ একৰ পৰা ২ কিলোগ্ৰাম চাউল কৰ্তন কৰি ৰাখিছিল । ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰিব কল্যান অন্ন যোজনাৰ চাউলৰ ক্ষেত্ৰতো তেওঁ বহু হিতাধিকাৰীক বঞ্চিত কৰিছিল । অভিযানকাৰী দলটোৱে ব্যৱসায়ীগৰাকীৰ পৰা ৪৬ খন ৰেচন কাৰ্ড জব্দ কৰে । দলটোৱে প্ৰতিখন কাৰ্ডৰ নামতেই সামগ্ৰী হৰলুকী কৰি ক'লা বজাৰত বিক্ৰী কৰাৰ প্ৰমাণ লাভ কৰে । তেওঁ নীতিবহিৰ্ভূত ভাৱে এই কাৰ্ডসমূহ নিজৰ ওচৰত ৰাখিছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
*গোলাঘাটত স্বাধীনতা দিৱস উদ্যাপনৰ প্ৰস্তুতি সভা সম্পন্ন*
জনসংযোগ গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং : ১৩৫
*গোলাঘাটত স্বাধীনতা দিৱস উদ্যাপনৰ প্ৰস্তুতি সভা সম্পন্ন*
গোলাঘাট, ৩ আগষ্ট : গোলাঘাট জিলাৰ সদৰত সমাগত ৭৫ সংখ্যক স্বাধীনতা দিৱস উদ্যাপনৰ প্ৰস্তুতি সম্পৰ্কত আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷ জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধি, বেচৰকাৰী সামাজিক দল-সংগঠন, নেতৃস্থানীয় ব্যক্তিৰ উপস্থিতিত আয়োজিত এই সভাত সমাগত স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় ৷ বৰ্তমানৰ ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবেলিও স্বাধীনতা দিৱসটি ক'ভিডৰ নীতি-নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি আয়োজন কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে মত প্ৰকাশ কৰে । আনহাতে, স্বাধীনতা দিৱস উদযাপন সাফল্যমণ্ডিত কৰাৰ বাবে সময়মতে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ অৰ্থে বিভিন্ন বিভাগক নিজৰ নিজৰ দায়িত্বসমূহ আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ৷ সভাত উপায়ুক্তগৰাকীয়ে কয় যে ক'ভিডৰ দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰা ৬০ বছৰ বয়সৰ উৰ্ধৰ ব্যক্তিয়ে দিৱস উদযাপন স্থলীলৈ আহিব পাৰিব । সভাত জিলাখনৰ ৪ গৰাকী স্বাধীনতা সংগ্ৰামীক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱাৰ বাবেও সিদ্ধান্ত লোৱা হয় । লগতে স্বাধীনতা দিৱস উপলক্ষে অনলাইন ৰচনা লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় । এইবেলিও ক'ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নকৰাৰ বাবে সিদ্ধান্ত লোৱা হয় । সভাত জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত ধীৰাজ দাস, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ চেকেণ্ড ইন কমাণ্ড শ্ৰীযুত নীৰজ কুমাৰ সিং আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...