Thursday, 15 July 2021

যোৰহাট জিলা প্ৰশাসনৰ নতুন নিৰ্দেশনা

15 July, 2021

যোৰহাট জিলা প্ৰশাসনৰ  নতুন নিৰ্দেশনা

👉যোৰহাটত পুৱা ৫ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আলু-পিয়াঁজৰ পাইকাৰী দোকান সমূহ খোলা থাকিব।

👉গ্ৰামাঞ্চলত পুৱা ৬ বজাৰ পৰা দিনৰ ২ বজালৈ খোলা থাকিব  গেলা মালৰ খুচুৰা দোকান সমূহ।

👉নগৰ অঞ্চলত গেলামালৰ সামগ্ৰীৰ হোম ডেলিভাৰীৰ ব্যৱস্থা চলি থাকিব ।

👉চৰকাৰে নতুন নিৰ্দেশ নিদিয়ালৈকে ২৪ ঘণ্টাই কাৰ্ফিউ জিলাখনত বাহাল থাকিব।

👉যোৰহাটত আগৰ দৰেই সকলো নীতি-নিয়ম অব্যাহত থাকিব।

👉প্ৰশাসন এইসমূহ বিষয়ত কঠোৰ হৈ থাকিব।

15 July, 2021Jurhat district List of farmers /vendors for home delivery of vegetables & fruits.

15 July, 2021

Jurhat district  List of farmers /vendors for home delivery of vegetables & fruits.

15 July, 2021Jurhat District List of retailers for home delivery of Essencial Commodities.

15 July, 2021

Jurhat District List of retailers for home delivery of Essencial Commodities.

15 July, 2021

15 July, 2021

গোলাঘাট জিলাত ক'ভিড সম্পৰ্কীয় নতুন নিৰ্দেশনা* *গেলামালৰ দোকান, ফল-মূল আৰু শাক-পাচলিৰ দোকান, পশু খাদ্য, হাঁহ-কুকুৰাৰ খাদ্য আৰু সাৰৰ দোকান দিনৰ ১ বজালৈকে খোলা ৰাখিব পাৰিব* *২৪ঘণ্টাই থাকিব সান্ধ্য আইন*

15 July, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১২৩ জনসংযোগ, গোলাঘাট

*গোলাঘাট জিলাত ক'ভিড সম্পৰ্কীয় নতুন নিৰ্দেশনা* 

*গেলামালৰ দোকান, ফল-মূল আৰু শাক-পাচলিৰ দোকান, পশু খাদ্য, হাঁহ-কুকুৰাৰ খাদ্য আৰু সাৰৰ দোকান দিনৰ ১ বজালৈকে খোলা ৰাখিব পাৰিব* 

*২৪ঘণ্টাই থাকিব সান্ধ্য আইন*
 
গোলাঘাট, ১৫ জুলাই : গোলাঘাট জিলাত ক'ভিড 19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে কেতবোৰ নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি জিলাখনত পূৰ্বৰ দৰেই ২৪ ঘণ্টাই সান্ধ্য আইন অব্যাহত থাকিব । গেলামালৰ দোকান, ফল-মূল আৰু শাক-পাচলিৰ দোকান, পশু খাদ্য, হাঁহ-কুকুৰাৰ খাদ্য আৰু সাৰৰ দোকান দিনৰ ১ বজালৈকে খোলা ৰাখিব পাৰিব । সকলো ধৰ্মীয় অনুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়/প্ৰতিষ্ঠান, ৰেষ্টুৰেণ্ট, ধাবা আৰু খাদ্য বিপনী, বিক্ৰী কেন্দ্ৰ, শ্ব' ৰুম, মল আদি বন্ধ থাকিব । শীতল ভঁৰালসমূহ কেৱল মেৰামতিৰ কামত দিনৰ ১ বজালৈকে খোলা ৰাখিব পাৰিব । ই-কমাৰ্চৰ গুদামসমূহ দিনৰ ৩বজালৈকে খুলিব পাৰিব । গেলামালৰ পাইকাৰী দোকান আৰু গুদামসমূহ দিনৰ ২বজালৈকে খুলিব পাৰিব । ফাৰ্মাচী আৰু গাখীৰ বিক্ৰী কেন্দ্ৰসমূহ ২৪ ঘণ্টাই খোলা ৰাখিব পাৰিব । এই নিৰ্দেশ ১৬ জুলাই পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ'ব । জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই জাৰি কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে এইসমূহৰ বাহিৰে অন্য নিৰ্দেশনাসমূহ যোৱা ৬জুলাইৰ নিৰ্দেশনামতেই বাহাল থাকিব ।  *এই সময়ছোৱাত পেট্ৰল পাম্প, গেছ এজেঞ্চি, বেংক, চাহ বাগিচা আৰু অন্য জৰুৰী সেৱাসমূহ পূৰ্বৰ দৰে খোলা থাকিব ।* পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই নিৰ্দেশনা বাহাল থাকিব ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...