Sunday, 11 July 2021

যোৰহাটত অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ জিলা প্ৰশাসনৰযোৱা ২৫ জুনৰ পৰা একেলেঠাৰীয়ে জিলাৰ চুকে কোনে চলিছে আবকাৰী অভিযান

11 July, 2021

জনসংযোগ, যোৰহাট
প্ৰেছ বাৰ্তা নং: ৮৪/ ২০২১

যোৰহাটত অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ জিলা প্ৰশাসনৰ
যোৱা ২৫ জুনৰ পৰা একেলেঠাৰীয়ে জিলাৰ চুকে কোনে চলিছে আবকাৰী অভিযান
যোৰহাট,জুলাই ১১: যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা আবকাৰী অধীক্ষকৰ কাৰ্যালয়ৰ সহযোগত জিলাখনৰ ৪ টা ৰাজহ চক্ৰতে যোৱা ২৫ জুন তাৰিখৰ পৰা একেলেঠাৰীয়ে অধিক তৎপৰতাৰে চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই থকা হৈছে৷ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ নিৰ্দেশত আৰু আবকাৰী বিভাগৰ অধীক্ষক বনানী হোজাইৰ নেতৃত্বত আবকাৰী দলসমূহে মৰিয়নিৰ বিজয়পুৰ নিউ সোনোৱাল, দুকলঙিয়া,কাঠনিবাৰী চাহ বাগিছা, তিতাবৰৰ কেঁচাইখাতি, শিলিখা গ্ৰান্ত,কছাৰী গাঁও, যোৰহাট ৰাজচক্ৰৰ অধীনৰ নাঁওচলীয়া গাঁও,চকলাটিং বাগান, নপমুৱা গাঁও, বাঘমৰা, ২৮ নং মুৰমুৰীয়া,বৰভেটা , টীয়কৰ গড়চুক, বলমা চাওদাং গাঁও, গাভৰু, মুদৈজান, ফেঁচুৱাল  আদি  অঞ্চল সমূহত প্ৰায় ৪৩ টা চুলাই ঘাটি উৎখাত কৰাৰ লগতে গোচৰ ৰুজো কৰে৷

যোৱা ২৫ জুনৰ পৰা চলি থকা অভিযান কালত আজি ১১ জুলাইলৈকে মুঠ ৮৫ লিটাৰ চুলাই মদ,৭৭৩০ লিটাৰ মদ বনোৱা কেঁচা সামগ্ৰী, ২৪ টা মদ বনোৱা যন্ত্ৰ নষ্ট কৰা হয় ৷ আনহাতে বিদেশী সুৰা ৫৯.০৪৫  L.P.L. , বীয়েৰ ৭.৫ B.L. আৰু দেশীয় সুৰা ৯.৬৬ L.P.L. জব্দ কৰা হয় বুলি আবকাৰী বিভাগৰ অতিৰিক্ত উপায়ুক্ত  অনুজ ব্ৰহ্মই জানিবলৈ দিয়ে৷

যোৰহাট, টীয়ক, মৰিয়নি  আৰু তিতাবৰত হোৱা এই অভিযানকালত আবকাৰী বিষয়া কৰ্মচাৰীসকলৰ লগত আৰক্ষী প্ৰশাসন, চি আৰ পি এফৰ বিষয়া কৰ্মচাৰী আৰু ভি. ডি. পি.ৰ দলেও অতি তৎপৰতাৰে সহযোগিতা আগবঢ়ায়৷
স্বা: 
জিলা তথ্য আৰু জনসংযোগ বিষয়া, যোৰহাট

11 July, 2021Jurhat Breakingযোৰহাট জিলা উপায়ুক্তই অহা ১২ আৰু ১৩ জুলাইত জিলাখনত সকলো গেলামালৰ দোকান, পাঁচলি আৰু ফলমূল বিক্ৰীৰ বন্ধৰ নিৰ্দেশ জাৰি কৰিছে৷ জিলাখনত ক'ভিড সংক্ৰংমন ৰোধ কৰাৰ উদ্দেশ্যে জিলা উপায়ুক্তই জাৰি কৰা এই নিৰ্দেশ সমগ্ৰ যোৰহাট জিলাতে প্ৰযোজ্য হ'ব৷Directorate of Information and Public Relations, Assam

11 July, 2021

Jurhat Breaking

যোৰহাট জিলা উপায়ুক্তই অহা ১২ আৰু ১৩ জুলাইত জিলাখনত সকলো গেলামালৰ দোকান, পাঁচলি আৰু ফলমূল বিক্ৰীৰ বন্ধৰ নিৰ্দেশ জাৰি কৰিছে৷ জিলাখনত ক'ভিড সংক্ৰংমন ৰোধ কৰাৰ উদ্দেশ্যে জিলা উপায়ুক্তই জাৰি কৰা এই নিৰ্দেশ সমগ্ৰ যোৰহাট জিলাতে প্ৰযোজ্য হ'ব৷

Directorate of Information and Public Relations, Assam

11 July, 2021

11 July, 2021Golaghat Covid🦠 Details

11 July, 2021

Golaghat Covid🦠 Details

গোলাঘাটত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ ফ্লেগমাৰ্চ

 11 July, 2021


গোলাঘাট ব্ৰেকিং --- 


"ঘৰতে থাকক, সুৰক্ষিত থাকক, ক'ভিডক পৰাজিত কৰক"


গোলাঘাটত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ ফ্লেগমাৰ্চ



অসমৰ ভিতৰতে ক’ভীড-১৯ গণ সংক্ৰমণৰ সাৰ বৃদ্ধি পোৱা লগতে দিনকদিনে পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত। দেওবাৰে গোলাঘাট চহৰত  ফ্লেগমাৰ্চ কৰিলে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে আৰু আৰক্ষীয়ে। কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ সজাগতা কায্যসূচীৰ অংশ হিচাপে  আজি গোলাঘাটৰ আৰক্ষী থানাৰ পৰা আৰম্ভকৰা এই কায্যসূচীত উপস্থিত থাকে নৱনিযুক্ত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা ,আৰক্ষী অধীক্ষক ড° ৰবীন কুমাৰ কে ধৰি  উচপদস্হ আৰক্ষী বিষয়া আৰু আৰক্ষীৰ জোৱান সকল ৷ এই সন্দৰ্ভত উপায়ুক্তই এনেদৰে মন্তব্য কৰিলে৷

গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া  ৷

Session schedule of Covid Vaccination Centres for Mega Campaign under Majuli district.

11 July, 2021

Session schedule of Covid Vaccination Centres for Mega Campaign under Majuli district.
  
Date   - 12/7/2021 
Time -  9am- 5pm

(Age Group- 18 + )
Vaccine Type - COVAXIN
1st Dose & 2nd Dose

1) Alimur Bakura MV School, Auniati-140

2) 5No. Kolakhowa LP School, Sonaribari-140

3) 222No. Pomuwa LP School, Kargil, Kordoiguri - 140

4) Auniati Hemchandra MV School, Baghgaon -130

5) Amguri Rongdoi LP School, Laimonika-140

6) Hatimuria Mising Janajati LP School, Phuloni - 140

7) Kumarbari ME School, Jengraimukh -140

8) Nagachuk LP School, Ratanpur Miri -140

11 July, 2021Covid🦠Vaccination Session plan on 12th July in Dima Hasao

11 July, 2021

Covid🦠Vaccination Session plan on 12th July in Dima Hasao

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...