Friday, 2 July 2021

*গোলাঘাট জিলাত ক'ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ উপায়ুক্তৰ* *১০ জন বা তাতকৈ অধিক লোকৰ দেহত সংক্ৰমণ ধৰা পৰিলে অঞ্চলটোক শীঘ্ৰে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰ নিৰ্দেশ*

02 July, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১১২ জনসংযোগ, গোলাঘাট

*গোলাঘাট জিলাত ক'ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ উপায়ুক্তৰ* 

 *১০ জন বা তাতকৈ অধিক লোকৰ দেহত সংক্ৰমণ ধৰা পৰিলে অঞ্চলটোক শীঘ্ৰে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰ নিৰ্দেশ* 

গোলাঘাট, ২ জুলাই : গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে সমগ্ৰ জিলাখনতে ক'ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈ জিলা স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে । এজনৰ দেহত সংক্ৰমণ ধৰা পৰিলে তেওঁৰ সংস্পৰ্শলৈ অহা ২০ ৰ পৰা ২৫ জন লোকৰ পৰীক্ষা কৰিবলৈ তেওঁ নিৰ্দেশ দিছে । আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত উপায়ুক্তগৰাকীয়ে এই নিৰ্দেশ দিয়ে । তেওঁ পৰীক্ষা, চিনাক্তকৰণ আৰু চিকিৎসা এই তিনিটা উপায়েৰেহে ক'ভিডবিৰোধী যুঁজখনত জয়লাভ কৰিব পৰা যাব বুলি মতপ্ৰকাশ কৰে । তেওঁ কোনো অঞ্চলত ১০ জন বা তাতকৈ অধিক লোকৰ দেহত সংক্ৰমণ ধৰা পৰিলে অতি সোনকালেই অঞ্চলটোক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ মৃত্যুৰ হাৰ ৰোধ কৰাৰ বাবে ৰোগীক ঘৰতে আছুটীয়াকৈ থকাৰ অনুমতি দিয়াৰ ক্ষেত্ৰত সতৰ্ক হ'বলৈ ৰাজহ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে । লগতে ৰোগীয়ে ঔষধ পোৱাটো সুনিশ্চিত কৰিবলৈও উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । আনহাতে একাংশ লোকে ক'ভিডৰ নীতি-নিৰ্দেশনা নামানি ঘূৰি ফুৰা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ এই ক্ষেত্ৰত অধিক কঠোৰ হ'বলৈ নিৰ্দেশ দিয়ে । বৈঠকত বোকাখাত মহকুমাৰ মহকুমাধিপতি বিপুল দাস, অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত আছিল । 

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

02 July, 2021COVID-19🦠 update in Dima Hasao District date 01-07-2021

02 July, 2021

COVID-19🦠  update in
 Dima Hasao District date 01-07-2021

02 July, 2021

02 July, 2021Covid Update Assam Covid19 Assam and actions taken as on 01/07/2021.

02 July, 2021

Covid Update Assam  

Covid19 Assam and actions taken as on 01/07/2021.

Thursday, 1 July 2021

সকলো বিশ্ববাসিৰ মানৱ জাতিলৈ আহ্বান।।

01 July, 2021

সকলো বিশ্ববাসিৰ মানৱ জাতিলৈ আহ্বান।। 

হে বিশ্ববাসি আমাক এই পৃথিবীলৈ মানৱ জাতি ৰূপে পথিয়াইছে। কোনো জাতিৰ নামত আমাক এই পৃথিবীলৈ পথোৱা নাই। আমি এই পৃথিবীত মানৱ জাতি ৰূপে জীৱন নিৰ্বাহ কৰিৱ লাগিৱ। আমাক ধৰ্মৰ নামত ভাগ ভাগ কে পথোৱা নাই এই পৃথিবীত। আমি সকলো একে শৰীৰেৰে গঢ়া মানৱ জাতি। আমাৰ একে খনেই পৃথিবী, একে জল বায়ু, একে সূৰ্য়্য, একে চন্দ্ৰ। কিন্তু আমাৰ ভগৱান বেলেগ বেলেগ। এয়া কেনেকৈ হব পাৰে। কোনো কাৰণতেই হব নোৱাৰে। আমাৰ এয়া ভূল ধাৰণা। আহক এই সকলো ভূল ধাৰণা দূৰ কৰি, আমি সকলো ধৰ্ম প্ৰৰিত্যাগ কৰো। আহক আমি সকলো মানৱ জাতি ৰূপে প্ৰতিষ্ঠিত হওঁ। সত্যৰ আধাৰত আমাৰ ধৰ্ম হওঁক মানৱ ধৰ্ম ।। এই পৃথিবীৰ সকলো প্ৰকৃতিৰ সৃষ্টিক আমি সন্মান প্রদর্শন কৰো।। 

ধন্যবাদ।। 

শ্ৰদ্ধাৰে

মাধৱ গগৈ।।

01 July, 2021CHIEF MINISTER'S COVID-19 WIDOWS SUPPORT SCHEME

01 July, 2021

CHIEF MINISTER'S COVID-19 WIDOWS SUPPORT SCHEME

01 July, 2021Tomorrow's (02/07/2021) Covid Vaccination Centres (CVCs) in Biswanath district. All are humbly requested to chose the nearest one and go and get vaccinated by following all Covid protocols.Directorate of Information and Public Relations, Assam

01 July, 2021

Tomorrow's (02/07/2021) Covid Vaccination Centres (CVCs) in Biswanath district. All are humbly requested to chose the nearest one and go and get vaccinated by following all Covid protocols.

Directorate of Information and Public Relations, Assam

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...