Tuesday, 29 June 2021

*গোলাঘাটত জাপানীজ এনকেফেলাইটিছ আৰু এইএছৰ জিলা কৰ্ম বাহিনীৰ সভা* *চাহ বাগিচা, খেতি পথাৰ আৰু গাহৰি পোহা অঞ্চলসমূহত জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে সজাগতা বৃদ্ধিত গুৰুত্ব আৰোপ উপায়ুক্তৰ* *নগৰ অঞ্চলত পানী জমা হৈ থকা উৎসসমূহ নোহোৱা কৰাৰ লগতে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰাৰ নির্দেশ*

29 Jun, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১১০ জনসংযোগ, গোলাঘাট

 *গোলাঘাটত জাপানীজ এনকেফেলাইটিছ আৰু এইএছৰ জিলা কৰ্ম বাহিনীৰ সভা* 

 *চাহ বাগিচা, খেতি পথাৰ আৰু গাহৰি পোহা অঞ্চলসমূহত জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে সজাগতা বৃদ্ধিত গুৰুত্ব আৰোপ উপায়ুক্তৰ* 

 *নগৰ অঞ্চলত পানী জমা হৈ থকা উৎসসমূহ নোহোৱা কৰাৰ লগতে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰাৰ নির্দেশ* 

গোলাঘাট, ২৯ জুন : গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে জুলাই মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে এই সময়ছোৱাত জাপানীজ এনকেফেলাইটিছ আৰু একিউট এনকেফেলাইটিছ ছিনড্ৰম চমুকৈ এ ই এছৰ সম্ভাব্য প্ৰাদূৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক বিশেষভাৱে সতৰ্ক হ'বলৈ আহ্বান জনাইছে । বিশেষকৈ চাহ বাগিচা অঞ্চল, খেতি পথাৰ আৰু গাহৰি পোহা অঞ্চলসমূহত এই ৰোগৰ প্ৰতি সজাগতা বৃদ্ধিৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে । আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী, গোলাঘাটৰ উদ্যোগত অনুষ্ঠিত জাপানীজ এনকেফেলাইটিছ আৰু এইএছৰ জিলা কৰ্মবাহিনীৰ বৈঠকত উপায়ুক্তগৰাকীয়ে এই আহ্বান জনায় । উল্লিখিত সময়ছোৱাত গাহৰিৰ পৰা যিমান পাৰি আঁতৰি থাকিবলৈ আহ্বান জনাই তেওঁ কয় যে ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰনলৈ অহাৰ লগে লগেই তেজৰ নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিব লাগিব । তেওঁ নগৰ অঞ্চলত মহে বংশবৃদ্ধি কৰিব নোৱাৰাকৈ পানী জমা হৈ থকা থাৰ্মকল, পুৰণা টায়াৰ আদি উৎসসমূহ নোহোৱা কৰাৰ লগতে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে নগৰ অঞ্চলসমূহৰ জাপানীজ এনকেফেলাইটিছ আৰু এইএছৰ প্ৰাদূৰ্ভাৱৰ আশংকা থকা এলেকাসমূহ মেলেৰিয়া আৰু পৌৰ সভাৰ দলে নিয়মীয়াকৈ পৰিদৰ্শন কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে ।  প্ৰতিটো বিভাগৰ সহযোগিতা আৰু সজাগতাইহে এই ৰোগ নিৰ্মূল কৰিব পাৰিব বুলি তেওঁ মত প্ৰকাশ কৰে । অনুষ্ঠানত অংশ লৈ স্বাস্থ্য সেৱা,গোলাঘাটৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই জ্বৰ হ'লে অৱহেলা নকৰি যিমান পাৰি সোনকালে চিকিৎসালয়লৈ আহিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় । জ্বৰ উঠি ঘৰতে সংজ্ঞাহীন হৈ পৰা মানুহক কোনো কাৰণতে চিকিৎসালয়লৈ ব্যক্তিগত বাহনেৰে নানি এম্বুলেন্সতহে আনিবলৈ তেওঁ সতৰ্ক কৰি দিয়ে । তেওঁ লগতে পৰৱৰ্তী ৩ মাহৰ বাবে গাহৰি গড়ালত আঁঠুৱা ব্যৱহাৰ কৰিবলৈ গাহৰি পালকসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ বৰ্তমান খেতিৰ সময়ছোৱাত পথাৰত জমা হৈ থকা পানীত বংশবৃদ্ধি কৰা মহে যাতে কামুৰিব নোৱাৰে তাৰ বাবে খেতিয়কসকলক দীঘল হাতৰ চোলা পিন্ধিবলৈ আহ্বান জনায় । অনুষ্ঠানত জিলা মেলেৰিয়া বিষয়া নৱনীতা দাসে পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ সহায়ত গোলাঘাট জিলাত জাপানীজ এনকেফেলাইটিছ আৰু এইএছৰ বৰ্তমান স্থিতি আৰু ইয়াৰ সম্ভাব্য প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ দায়িত্বসমূহৰ বিষয়ে অৱগত কৰায় । তেওঁ হঠাতে জ্বৰ উঠা, মানসিক ভ্ৰম, সংজ্ঞাহীনতা আদি লক্ষণ দেখা দিলে অতি সোনকালেই চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান জনায় । ইয়াৰ পূৰ্বে গোলাঘাট জিলাৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (চি ডি) ডাঃ নীলিমা ফুকনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । বৈঠকত স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।  

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

29 Jun, 2021COVID-19🦠😷 Vaccination Session site list Golaghat District. On 30/06/2021

29 Jun, 2021

COVID-19🦠😷 Vaccination Session site list Golaghat District. On 30/06/2021

29 Jun, 2021COVID-19🦠 update in Dima Hasao District date 28-06-2021

29 Jun, 2021

COVID-19🦠  update in
 Dima Hasao District date 28-06-2021

29 Jun, 2021আপোনাৰ সপোনৰ বাজেটখন বাস্তৱায়িত কৰাৰ দিশত আপুনিও লওঁক আগভাগ। ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটখন সর্বাংগ সুন্দৰ ৰূপত প্ৰস্তুত কৰিবলৈ অসমৰ জনসাধাৰণৰ পৰা বিভিন্ন বিষয়ত উদ্ভাৱনীমূলক তথা বহুমূলীয়া পৰামৰ্শ বিচাৰি আহ্বান মাননীয়া বিত্তমন্ত্ৰী শ্ৰী অজন্তা নেওগৰ। পৰামৰ্শ প্ৰদানৰ অন্তিম দিন ৩ জুলাই, ২০২১।

29 Jun, 2021

আপোনাৰ সপোনৰ বাজেটখন বাস্তৱায়িত কৰাৰ দিশত আপুনিও লওঁক আগভাগ। ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটখন সর্বাংগ সুন্দৰ ৰূপত প্ৰস্তুত কৰিবলৈ অসমৰ জনসাধাৰণৰ পৰা বিভিন্ন বিষয়ত উদ্ভাৱনীমূলক তথা বহুমূলীয়া পৰামৰ্শ বিচাৰি আহ্বান মাননীয়া বিত্তমন্ত্ৰী শ্ৰী অজন্তা নেওগৰ। পৰামৰ্শ প্ৰদানৰ অন্তিম দিন ৩ জুলাই, ২০২১।

29 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 28/06/2021.

29 Jun, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 28/06/2021.

Monday, 28 June 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত অহা ইংৰাজী ২৯/০৬/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কৰ্মস্থান সমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকল, যি ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা গ্ৰহণৰ ৮৪ দিন অতিক্ৰম কৰিলে, তেনে ব্যক্তিসকলক (COVISHIELD) ৰ দ্বিতীয় পালি টীকা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

28 Jun, 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত অহা ইংৰাজী ২৯/০৬/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কৰ্মস্থান সমূহত ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকল, যি ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা গ্ৰহণৰ ৮৪ দিন অতিক্ৰম কৰিলে, তেনে ব্যক্তিসকলক (COVISHIELD) ৰ দ্বিতীয় পালি টীকা প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে । উল্লেখ্য যে, ক'ভিড ১৯ৰ অতিমাত্ৰা সংক্ৰমিত অঞ্চলত অৱস্থিত আৰু ক'মৰ্বিদিতি (CO-MORBIDITY) ৰোগত আক্ৰান্ত হোৱা কেৱল ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলেও উল্লেখ কৰা কেন্দ্ৰসমূহত Spot Registration কৰি প্ৰথম পালি টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত অহা ইংৰাজী ২৯/০৬/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত গাওঁ পঞ্চায়তৰ এলেকাধীন ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা (COVISHIELD) প্ৰদানৰ ব্যৱস্থা কৰা হৈছে

28 Jun, 2021

ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত অহা ইংৰাজী ২৯/০৬/২০২১ তাৰিখে জিলাখনৰ উল্লেখিত স্থান/কেন্দ্ৰসমূহত গাওঁ পঞ্চায়তৰ এলেকাধীন ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড ১৯ ৰ প্ৰথম পালি টীকা (COVISHIELD) প্ৰদানৰ ব্যৱস্থা  কৰা হৈছে ।  Spot Registration কৰি কেৱল নিৰ্দিষ্ট পঞ্চায়তৰ অন্তৰ্গত ব্যক্তিসকলেহে এই টীকা গ্ৰহণৰ সুবিধা লাভ কৰিব । জিলা প্ৰশাসনে এইক্ষেত্ৰত ৰাইজক টীকাকৰণ কেন্দ্ৰসমূহত সামাজিক দূৰত্ব  আৰু  ক'ভিডৰ নীতি নিয়মসমূহ পালন কৰি যাবলৈ আহ্বান জনাইছে ।

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।